Skip to main content

Posts

Showing posts from November, 2017

পৰিচয়

  আগফালৰ বাৰান্দাত থকা একমাত্ৰ আৰামী চকীখনত বহি যেতিয়া আবেলি সময়ৰ মানুহৰ ব্যস্ততাখিনি ৰাস্তাইদি পাৰ হৈ যোৱা উপভোগ কৰি থাকোঁ ,  তেতিয়াই হঠাতে সন্মুখত আবিৰ্ভাৱ হৈ মোৰ চিন্তাত যতি পেলোৱা ল ’ ৰাটোৱেই হ ’ ল নিপু ।  তাৰ সদায়েই একেটাই সাজ ,  একেযোৰেই তাৰ কাপোৰ ।  মই বহি থকা দেখিলেই সি মোৰ ওচৰলৈ আহে ,  মই কিবা ভাবিম ,  গালি পাৰিম ,  টানকৈ কম --- সেইবোৰ একোৱেই নভবা নিপু ,  আমাৰ ভাড়াঘৰৰ এটা ডাঙৰ কোঠালীত ঢাৰিৰ বেৰা দি দুভাগ কৰি দুটা কোঠা কৰি লোৱা পৰিয়ালটোৰ একমাত্ৰ সন্তান ।  অৱশ্যে প্ৰথমদিনা যেতিয়া তেনেকৈ সি মোৰ ওচৰলৈ আহিছিল ,  মইও অকণো অশান্তি নোপোৱাকৈ তাৰ সৈতে কথা পতাৰ আগ্ৰহ দেখুৱাইছিলোঁ ।   সৰু লৰাৰ কথা --  সিয়ে বেছিভাগ সময় কথা কৈ থাকে -- মই মাত্ৰ সঁহাৰি দি যাওঁ ।  সি জনাৰ ইচ্ছা কৰিলে আৰু ময়ো উত্তৰ দিব পৰা ধৰণৰ হলে উত্তৰ দিওঁ ।  মুঠৰ ওপৰত তাৰ মোৰ দোস্তি বেলেগ । ধনদা , মানে নিপুৰ দেউতাক ,  বহুদিনৰ আগৰে পৰা আমাৰ ভাড়াঘৰত থকা ।  আমাৰ ঘৰৰ লগত এনেয়ে তেওঁৰ মালিক ভাৰাতীয়াৰ সম্পৰ্ক হলেও বাস্তৱিকতে তাতকৈ বহু ওচৰৰ সম্পৰ্ক বিদ্যমান ।  মাই কয় বহু সৰুতেই হেনো ধনদা তেওঁৰ পেহীয়েকৰ ঘৰলৈ আহিছিল ,  স্থ

প্ৰতিধ্বনি

পল্লৱীয়ে যদি আগতে স্কুললৈ যোৱাৰ আগতে মাকক কয় , মই বইল কৰা কণী খাবলৈ বেয়া পাওঁ , মোক ভাজি দে , মাকে ক ’ ব বায়েৰে দেখোন একোতে অজুহাত দেখুৱাই নেপায় , তইনো কেনেকৈ ইমান আলসুৱা স্বভাৱৰ হলি । আৰু তাৰ পাছত তাই বইল কৰা কণীটো খঙতে নি পকা মজিয়াত পেলাই দিলে কণীটো খাব পৰাও হৈ থাকে , মজিয়াখনো নাভাঙে আৰু অৱশেষত গৈ তাই ভাজি কৰা কণীও খাবলৈ নাপায় । পাছত বায়েক বসুন্ধৰাই নিজৰ ভাগৰটো তাইক দি দিয়ে আৰু তাই মজিয়াত পৰাটো খায় । কলেজ পোৱাৰ পাছত বজাৰলৈ অথবা ক ’ ৰবালৈ ওলাই যাবলৈ হ ’ লে মাকক নিবলৈ দেউতাকৰ স্কুটিখন কোনে চলাব ? পল্লৱীয়ে কেইবাদিনো মুখ ওন্দোলাই , পিন্ধিবলৈ বুলি আনি লোৱা চেণ্ডেল দলিয়াই মেলি চালে , কিন্তু মাক সদায় ডাঙৰ জীয়েক বসুন্ধৰাৰ লগতহে যাব । স্কুটি চলাব পাৰিলে বুলিয়ে কি হ ’ ল ? পল্লৱী সৰু ছোৱালী । বইল কৰা কণী খালে যে তেলত ভজাতকৈ বেছি শক্তি পোৱা যায় , সেয়া বুজি নোপোৱা সৰু ছোৱালী । বসুন্ধৰাই সেইবোৰ বুজি নাপায় । তাইৰ দীঘল চুলিকোছা দুডাল বেণী কৰি মাকে আঁচুৰি দিয়ে , তাই মাকৰ চৰণ চুই স্কুললৈ যায় । কলেজত নামভৰ্ত্তি কৰাৰ পিছত তাই বেণী গুঠিবলৈ এৰিলে , চুলিকোছা আৰু অলপ দীঘল হ ’ ল । তাইৰ