“ চাওঁ আই কাৰ্ডখন উলিয়া ” এইবুলি কোৱাৰ লগে লগে উপায়হীন হৈ ছিনিয়ৰ মাইকেলদাৰ হাতত ডিঙিত ওলমি থকা ৰছীডাল খুলি আইকাৰ্ডখন অৰ্পণ কৰিলোঁ। “ এইবাৰ আৰু কত লুকাবি ” এইবুলি কৈ আইকাৰ্ডখন হাতত লৈ তেওঁ চিঞৰি “ অই ৰাচেল অই পৰাণ ইয়াৰ দেখোন পৰহিলৈ আছে ।ই নকয়হে নকয় এতিয়াটো তই ডাবল খুৱাবই লাগিব। ” হোষ্টেলীয়া জীৱনৰ আৰম্ভণি হৈছে মাথোঁ। বহু চিন্তাৰ উৰ পেলাই ঘৰৰ পৰা ওলাই হোষ্টেলত থাকি পঢ়াটো ঠিক হৈছিল ।কেনেকুৱা কি ধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হম- এককথাত তাৰ আইডিয়া আছিল শূন্য।
Prankrishna Borgohain