সমগ্ৰ ভাৰতৰ লগতে
বিশ্বৰ চুকে কোণেও যি মোদী ঢৌৱে ক্ৰিয়া কৰি গ'ল তাৰ কিঞ্চিত প্ৰভাৱ
আমাৰ আবাসতো নপৰা নহয়. সকলোৱে যে ভোট দিবলৈ যোগ্যতা আৰ্জিছিল
তেনেকুৱা নহয় অথবা যোগ্যতা অৰ্জা গোটেইকেইটাই যে ভোট দিবলৈ গৈছিল সেয়াও
সঠিককৈ কোনেও ক'ব নোৱাৰে. কিন্তু
পৰিৱৰ্ত্তনৰ ঢৌৱে সমগ্ৰ দেশতে জোৱাৰ তোলা
সময়তে আমাৰ আবাসতো যে কিছু পৰিৱৰ্তন অহাটো প্ৰয়োজনীয় হৈ পৰিছিল সেইটো
সকলোৰে চকুত পৰিছিল.সাতে পাচে সকলোৰে কথাত, কথাৰ সুৰত পৰিৱৰ্ত্তনকামী
তৰংগ এটা স্বয়ংক্ৰিয়ভাৱে নিহিত হৈ পৰিছিল. প্ৰক্ৰিয়াটোৰ
আৰম্ভণি হৈছিল বাতৰি কাকতত প্ৰকাশিত এখন চিঠিৰ জৰিয়তে.
যদিও চিঠিখন প্ৰকাশ হ'ল তথাপি এক প্ৰত্যক্ষ ভূমিকা লোৱাৰ ক্ষেত্ৰত
সেইখন কিছু আতৰাই ৰখা হ'ল. কিন্তু ভিতৰি ভিতৰি ই ঠিকেই ইন্ধন যোগালে.
ৰাতিটোৰ ভিতৰতে যেন কিবা হোষ্টেল
ছেণ্টি এটাই গা কৰি উঠিল.সিদ্ধান্ত হ'ল অধ্যক্ষ মহোদয়ৰ ওচৰত আবেদন দাখিল কৰা হ'ব. সোণালী বৰ্ষত ভৰি থবলগীয়া আমাৰ
হোষ্টেলটো আমি ভালকৈ নাৰাখিলে পিছৰ প্ৰজন্মই কি পাব/কি দেখিব? কিন্তু ঠিক
তেনেকৈ কলেও কিছু ভুল ৰৈ যায়. এনেকুৱা নহয়
যে আমাৰ একোৱে নাই- আমি পোৱা
সুবিধাসমূহ তেনেই নগণ্য. দোষ আমাৰ গাতে আছে বুলি কলেও যেন ভুল নহয়.ঘৰুৱা
পৰিৱেশৰ পৰা আহি ৰাজহুৱা সম্পত্তি ব্যৱহাৰ কৰিবলৈ যেন কোনোৱে নিশিকোৱাৰ
ফলতে হোষ্টেলৰ বস্তুবোৰ কেতিয়াবা হয় উৰহৰ খঙত ভগা ঢাৰি, কেতিয়াবা হয়
কাৰোবাৰ বীৰত্ব প্ৰদৰ্শনৰ বলি.তাতে কিছুমান অপ্ৰত্যাশিত ঘটনাই আমাৰ ভেঁটি
কপাই তুলিলে. শিক্ষক দিৱসৰ দিনা এইবছৰ যেন সকলো কেইজন
ছাৰেই বয়জ
হোষ্টেলৰ ওপৰত অতদিনে পুঞ্জীভূত হৈ থকা ক্ষোভৰ নৈখন বোৱাই দিলে. তথাপি যেন
আমাৰ প্ৰকৃতি সলনি নহ'ল,so
called 'Men will be Men'
Meeting) আৰম্ভ হল ।
এইখিনিতে যদি মই প্ৰিন্সিপাল ছাৰক প্ৰশংসা
নকৰোঁ,কথাটো মেইল আৰু পাছৱৰ্ড ভৰাই লৈ log in buttonত ক্লিক নকৰাৰ দৰে হ'ব । ছাৰক উদ্দেশ্যি ইতিমধ্যে চিঠি প্ৰকাশ
হৈছে(উপৰোক্তে) তথাপি যেন তেওঁ কেতিয়াও
বিচলিত হৈ পৰা নাই ।সমালোচনাক নিজৰ বাবেই গ্ৰহণ কৰি তাৰ প্ৰতিকাৰৰ উপায়ো
যেন যেন মনে মনে ৰাখি থৈছে । আমাৰ কথাখিনি যথেষ্ট গুৰুত্ব সহকাৰে
বিবেচনা কৰি সোনকালে প্ৰতিকাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।
ছাৰৰ কথা যেন
শিলৰ ৰেখা । লগে লগে পাছদিনা
হোষ্টেল কমন ৰুমত হোষ্টেল কমিটিৰ বৈঠক হয় ।মিটিঙত কি সিদ্ধান্ত হ'ল আমি
বৰ এটা ভূ ভা নাপালোঁ যদিও অনুভৱ কৰিলোঁ যেন অচ্ছে দিন আনেৱালা হে
।অৱশেষত ষোল্ল মে' তাৰিখে নতুন
চৰকাৰৰ বাবে মোদীৰ দল ঠিক হোৱাৰ লগতে
হোষ্টেলৰ নটিছ বৰ্ডত ওলমি পৰিল সেই তাৰিখৰ পৰা গণিত বিভাগৰ ছাহিদুল আহমেদ
ছাৰে চুপাৰৰ দায়িত্ব ল'ব।আহমেদ ছাৰ
নতুনকৈ বনোৱা প্ৰফেচৰ কোৱাৰ্টাৰত থাকিব
গতিকে আমাৰ ওপৰত সততে চকু ৰাখিব পাৰিব ।সকলোৱে উৰুলীকৃত হৈ পৰিল ।তাৰ
তিনিদিনমান পাছতেই ছাৰ আহি আমাৰ সকলোৰে লগত চিনাকী হৈ হোষ্টলত নতুনকৈ
কি কৰিব লাগিব অসুবিধা কত আছে সকলোবোৰ মুকলিকৈ আলোচনা কৰিলে ।লগতে নতুন
শিক্ষাবৰ্ষৰ পৰা যে কিছু ন নীতি নিয়ম প্ৰৱৰ্তন হব তাৰ ইংগিত দি গ’ল । আগদিনা ইতিমধ্যে বেৰত থকা তামোলৰ পিকৰ ঠাইত
ৰং দিয়াইছে লগতে সঘনাই হৈ
থকা বিদ্যুতৰ অসুবিধা দূৰ কৰাটো পদক্ষেপ লৈছে ।সঁচাৰ্থত সকলোৱে যেন
আশাবাদী হৈ পৰিছে আকৌ এবাৰ লগতে পৰিৱেশ গঢ়াৰ সোপান ।তেনেই সাধাৰণভাৱে চলা
ফিৰা কৰা সাধাৰণকৈ থকা ছাৰে আমাৰ লগত আলোচনা শেষ কৰি ওলাই যোৱাৰ লগে লগেই
আমিও আটাইবোৰে সমস্বৰে চিঞৰি উঠিলোঁ "yes। অব কী বাৰ আহমেদ ছাৰ চৰকাৰ"