সৰুতে কিমান উৎপতীয়া আছিলোঁ তাৰ বৰ্ণনা এতিয়াই যদি দি দিয়া হয় তেন্তে দুটা কথা অনবৰতে আহি মোৰ মনৰ পৰা ওলাই যাবলৈ মন নকৰিব-প্ৰথমতে সৰুকালৰ কথাবোৰ এটাকৈ এটাকৈ মনত আহি মোক বাৰে বাৰে আকৌ সৰু হবলৈ তাগিদা দি থাকিব আৰু যিহেতু আকৌ সৰু হৈ পৰাটো অসম্ভৱ গতিকে এক অস্বাভাৱিক আৰু অনিচ্ছাকৃত অপৰাধবোধে(?) খুলি খাব ।দ্বিতীয়তে পুনৰবাৰ দুষ্টামিবোৰ মনলৈ অহাৰ লগে লগে এতিয়া আকৌ সেইবোৰ টেষ্ট কৰি চাবলৈ মন গ'লে নিস্তাৰ নাই ।অৱশ্যে ঠিক এনেকুৱা নহয় যে মই একেবাৰে সংসাৰৰ খটাসুৰ হৈ জন্ম লৈছিলোঁ আৰু
পোৱালি কৃষ্ণ হৈ যশোদাকে আদি কৰি সকলোৰে মাথা গৰম কৰি দিছিলোঁ, অৰ্থাৎ মা বাহঁতৰ শান্তি নাইকিয়া কৰিছিলোঁ ।সময়ে সময়ে যথেষ্ট ভাল ল'ৰাৰ এক্টিঙো কৰিছিলোঁ ।ঘৰত সৰুতে কিমান কি কৰিছিলোঁ সেইবোৰ বাদেই। প্ৰকৃততে স্কুলত গৈ লগৰীয়াবোৰৰ সংগ পাইহে মোৰ এই প্ৰতিভা বেছি পৰিস্ফুট হৈছিল ।আমাৰ স্কুলৰ আমি চতুৰ্থ বেটছ আছিলোঁ।সংসাৰৰ অঘাইটংকেইটা যেন লগ খোৱাৰ
প্লেটফৰ্মহে আছিল আমাৰ শ্ৰেণীটো(প্ৰায় সকলোৱেই নিজৰ স্কুলৰ কথা সুঁৱৰি আমি বহুত উৎপতীয়া আছিলোঁ- এইবুলি কোৱায়ে শুনা যায় অৱশ্যে)।তথাপি আমাক আচাৰ্য আচাৰ্যাসকলে কৰা অকৃত্ৰিম মৰমবোৰ কেতিয়াও কোনেও পাহৰিব নোৱাৰে ।এইক্ষেত্ৰত আমাৰ স্কুলৰ প্ৰতিষ্ঠাকালৰে পৰা থকা ৰিচা ডেকা আচাৰ্যা, কবিতা কাকতি আচাৰ্যা, তাৰপাছত মামু আচাৰ্যা সকলোৱে আমাক কিমান যে মৰম কৰিছিল । প্ৰতিষ্ঠাকালৰ আচাৰ্যসকলৰ ভিতৰত শ্ৰদ্ধাৰ প্ৰাক্তন প্ৰধানাচাৰ্য সৰ্বেশ্বৰ সূত আচাৰ্য, প্ৰশান্ত গোস্বামী আচাৰ্য বনমালী আচাৰ্য আৰু যদু আচাৰ্য ।আচাৰ্যসকলে মৰম কৰিছিল কিন্তু আমি সিমানে ভয়ো কৰিছিলোঁ ।আমাক ভাল মানুহ হোৱাৰ শিক্ষা দিবলৈ তেওঁলোকে অহোপুৰুষাৰ্থ কৰিছিল ।যিমান দুষ্টামি কৰিলেও যেন আমি তেওঁলোকৰ সন্তানহে যেন এনেদৰে মৰম কৰি শুদ্ধ পথ দেখাইছিল।
চতুৰ্থ শ্ৰেণীৰ আংশিক পৰীক্ষাৰ সময় ।তেতিয়া আংশিক পৰীক্ষাৰ সময়ত ক্লাছ নহৈছিল, কেৱল পৰীক্ষা ।সেইদিনা 9 এপ্ৰিল আছিল. কেৱল এটা বিষয়ৰ পৰীক্ষা।পৰীক্ষা দি আহি স্কুলত থাকিবলৈ কাৰণ নাই ।কিন্তু আমাৰ এটাৰো ইমান সোনকালে যে ঘৰলৈ যোৱাৰ বিন্দুমাত্ৰও ইচ্ছা নাই ।সিদ্ধান্ত ললোঁ বাৰ বজালৈকে কাবাদীকে খেলা যাওঁক। খেলাও হব লগতে ঘৰলৈ গৈ এনেই আমনি পোৱাৰ
পৰাও ৰক্ষা হ’ব ।আংশিক পৰীক্ষাহে,বছৰেকীয়া পৰীক্ষাটো নহয়- আমাৰ যুক্তি আছিল তেনেকুৱা। আমাৰ নিকেতনবোৰৰ মাজত সংকুলভিত্তিক কাবাদী খো খো এইবোৰৰ প্ৰতিযোগিতা হয় কাৰণে সেই খেলকেইটাৰ জনপ্ৰিয়তা বেছি আছিল ।তাতে সেইসময়ত আমি ইমানেই কিবা উত্ৰাৱল হৈ আছিলোঁ যে বেট বল যোগাৰ কৰি ক্ৰিকেট খেলিবলৈ ধৈৰ্য আছিল শূণ্য।মুঠৰ ওপৰত আমাৰ লক্ষ্য এটাই ঘৰলৈ যে ইমান সোনকালে যাব নোৱাৰি আৰু ।কালপ্ৰিট(culprit)ৰূপী মই কথাটো কোৱাৰ লগেই আঁচ টানি টীম ভাগ কৰি ৰেডী,খেল আৰম্ভ কৰাৰহে কথা ।
আমাৰ স্কুলখন প্ৰথমাৱস্থাত মেগামিক্স প্রকৃতি সংঘৰ ঘৰটোত আৰম্ভ হৈছিল আৰু আমি অংকুৰ শ্ৰেণীৰ শিক্ষা তাতে লাভ কৰিছিলোঁ ।২০০০ চনত কাঠৰবাৰী গাঁৱত স্থায়ীভাৱে স্কুল পতা হয় ।তাতে স্কুলৰ কাষতে এটা সৰু ঘৰত আমাৰ সংস্কৃতৰ আচাৰ্য ৰূপেন চুতীয়া আচাৰ্য থাকিছিল। আচাৰ্যৰ ঘৰ বাসুদেৱ থানৰ ফালে হোৱা হেতু তাত অস্থায়ীভাৱে থাকি লৈছিল। আচাৰ্যৰ কোঠাৰ কাষতে থকা অকমান খালি জেগাতে আমি খেলাৰ গ্ৰাউণ্ড কৰি লৈছিলোঁ।সোনকালেই আমাৰ খেল আৰম্ভ হল ।ৰেফাৰী আমি নিজে ।প্ৰথমাৱস্থাত হূলস্থুল নোহোৱাকৈ অলপ সময় খেল চলিল ।বাকী ক্লাছৰ পৰীক্ষা চলি থকাৰ কাৰণে আমি উক্ত সাৱধানতা নিজে লৈছিলোঁ ।
কিন্তু কিমান সময় আমি ভালকৈ থাকিম? এবাৰ লগৰে অমৰেন্দ্ৰই আমাৰ বিপৰীত পাৰ্টীৰ ৩ টামানক চুই আহোতে তাক কেবাটাও পুনৰ ধৰি ৰখাবলৈ যাওঁতে খুব কষ্ট কৰি সি নিৰ্ধাৰিত লাইনডাল চুলেহি যদিও কৌশিকহঁতৰমতে সি আগতেই উশাহ এৰিছে।লগালগ হূলস্থুল । আমিও পিছহুঁহকি নিদিওঁ- অমৰেন্দ্ৰই ইমানগাল পইণ্ট আনিছে আমি কি এৰি দিম? সিহঁতেও নাছোৰবান্দা ।আমিও নেৰোঁ,সিহঁতেও নেৰে ।অমৰেন্দ্ৰ কিছু খঙাল আছিল ।সি কোনোমতেই নিজৰ ইমান সুন্দৰ প্ৰদৰ্শন অথলে যাব নিদিয়ে আৰু কৌশিকহঁতেও সিহঁতৰ পৰাজয় মানি নলয় ।বেলেগ সময় হোৱা হলে আৰু কি হ'লহেতেন ঠিকনাই নাই, কিন্তু কাবাদী খেলি হূলস্থুল কৰা কেনেবাকৈ আচাৰ্যই গম পাব লাগিলে আমাৰে খেলৰ মুদা মৰিব ।গতিকে সিদ্ধান্ত কৰা হল যে অমৰেন্দ্ৰ আকৌ যাব,খেল আকৌ হ'ব ।অৱশেষত সি পুনৰ যাবলৈ মান্তি হল ।
কিন্তু এইবাৰ তাৰ লক্ষ্য বেলেগ আছিল ।সি চিধা কৌশিকৰ ফালে গৈ তাক জোৰেৰে আঘাট কৰিলে ।অৰ্থাৎ কাজিয়া কৰাৰ প্ৰতিদান দিলে ।ই কৌশিকো কম নহয় মনে মনে সিও তাক ইনডাইৰেক্ট এটেক্ট কৰি পোটক তোলাৰ কথায়ে ভাবি আছিল ।সিও চিধা তাক জপটিয়াই ধৰিলে ।তেনেতে অঘটনটো ঘটিল ।কৌশিকৰ দাঁত অমৰেন্দ্ৰুৰ মূৰত
আকস্মিকভাৱে ইমানেই জোৰত লাগিল সি বেহুঁচ হৈ পৰিল ।খেল বন্ধ হৈ গ'ল। ঘটনাৰ কালক্ৰমত আমিকেইটাও কিংকৰ্তব্যবিমূঢ় হৈ পৰিলোঁ ।আচাৰ্যক ক'বলৈও ভয়-গালিৰ ভয়ত। উপায়হীন হৈ অৱশেষত ৰমেনদা(স্কুলৰ পিয়ন) মাতি আনি দুয়োটাকে ওচৰৰ হস্পিটেললৈ নিয়া হ'ল ।
সেইদিনাৰ পৰা বহুতদিনলৈ আমি সিহঁত দুটাৰ ঘৰলৈ যোৱা মনত নপৰে একমাত্ৰ সিহঁতৰ অভিভাৱকৰ পৰা গালি খাম বুলিয়ে।বিশেষককৈ মই নিজে ঘৰটো কথাটো লুকুৱাই ৰাখিলোঁ ।নহলে মোকে ঘৰতে ১৪৪ দি এনেকুৱা কৰিলেহেঁতেন যে পাছদিনাৰ পৰা পৰীক্ষাৰ পাছত চিধা ঘৰ আৰু আবেলি খেলিবলৈ যোৱাও বন্ধ ।পিছে ৰমেনদাই যে আমাৰ অৱস্থা বুজিছিল ।কথাটো ডাঙৰ হবলৈ নিদি নিজে চম্ভালি লৈছিল ।
এতিয়াও মাজে মাজে কথাটো মনত পেলাই ভাল লাগে ।পিছৰ দিনবোৰত আমি কাবাদী কেইবাদিনলৈ বন্ধ কৰিলোঁ যদিও লগৰকেইটাৰ লগত বহুতদিনলৈ কাজিয়া কৰিয়ে থাকিলোঁ যে প্ৰকৃততে আমিয়ে জিকিছিলোঁ। সিহঁতেও তেতিয়া সদায় সেই উশাহ এৰা যুক্তিয়ে দেখাই থাকিছিল। আৰু কেতিয়াও হয়তু পৃথিৱীৰ কোনো কৰ্ট কাচাৰীত যেন ইয়াৰ সমিধান নোলাব। আমিও কেতিয়াও তাৰ সমিধান নিবিছাৰিম,এনেকৈয়ে সদায় কাজিয়া কৰি থাকিম যাৰ কাৰণে আমাৰ বন্ধুত্ব সদায় আনৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ থাকিব ।