“চাওঁ আই কাৰ্ডখন উলিয়া” এইবুলি কোৱাৰ লগে লগে উপায়হীন হৈ ছিনিয়ৰ মাইকেলদাৰ হাতত ডিঙিত ওলমি থকা ৰছীডাল খুলি আইকাৰ্ডখন অৰ্পণ কৰিলোঁ।“এইবাৰ আৰু কত লুকাবি” এইবুলি কৈ আইকাৰ্ডখন হাতত লৈ তেওঁ চিঞৰি “অই ৰাচেল অই পৰাণ ইয়াৰ দেখোন পৰহিলৈ আছে ।ই নকয়হে নকয় এতিয়াটো তই ডাবল খুৱাবই লাগিব।”
হোষ্টেলীয়া জীৱনৰ আৰম্ভণি হৈছে মাথোঁ। বহু চিন্তাৰ উৰ পেলাই ঘৰৰ পৰা ওলাই হোষ্টেলত থাকি পঢ়াটো ঠিক হৈছিল ।কেনেকুৱা কি ধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হম-এককথাত তাৰ আইডিয়া আছিল শূন্য।
হোষ্টেল লাইফৰ ওপৰত চিনেমা চাই তাৰ হিৰোবোৰৰ দৰে হোৱাৰ মনৰ অদ্ভুত ফেণ্টাচী । অৱশেষত নিৰ্ধাৰিত শুভ দিন
এটাত আহি হোষ্টেলত ভৰি থলোঁহি। অচিনাকি পৰিৱেশ- কেইজনমান চিনাকী বন্ধু তথা
দাদা আৰু নাম জনা কেইজোপামান গছৰ বাদে বাকী সকলোবোৰেই নতুন নতুন ।মা-বাহঁত যোৱাৰ পাছতেই জীৱনৰ নতুন দশা এটা আৰম্ভ হ’ল ।
মই নিজে এটা কথাত যথেষ্ট সন্তুষ্টি পাঁও যে অচিনাকি পৰিৱেশ এটাত মিলি
পৰিবলৈ মোৰ অকমান সময়েই লাগে। খুব কমদিনৰ ভিতৰতেই আমাৰ সকলোবোৰ চিনাকি হৈ পৰিছিল। পাকঘৰ,অল্ড ব্লক,নিউ ব্লক সকলোবোৰ নিজা নিজা লগা হ'ল। কেৱল ছাগৈ মইয়ে নহয় নতুন সকলোৱে সোনকালেই হোষ্টেলটোৰ লগত এক একাত্মীয়তা বোধ কৰিছিল। জুলাইৰ উৎকট গৰমৰ মাজতো চাৰে তিনি বজালৈ নিয়মীয়া ক্লাছ কৰি আহি আবেলি ফুটবল, গধূলি সমস্বৰে প্ৰাৰ্থনা কৰা, ৰাতি ফুল ছাৰ্ট পিন্ধি ডালি-পানী ভাতৰ কাৰণে হেতা উপৰা কৰা, ভাত অলপ বেছিকৈ খুজি ৰান্ধনিক বকছিছ দিয়া সকলোবোৰ
যেন নিত্যনৈমিত্তিক হৈ পৰিছিল ।
হোষ্টেলৰ আটাইতকৈ পোৱালি বেটচ হিছাপে কাৰ্যত: বাকী সকলোবোৰ দাদাৰ দৰে হৈ পৰিছিল ।প্ৰথমদিনা দেখিয়ে ভয়লগা ডাঙৰ ডাঙৰ চেহেৰাৰ দাদাকেইজন দিন যোৱাৰ লগে লগে যেন বন্ধুৰ দৰে হৈ পৰিছিল ।মুঠৰ ওপৰত ডাঙৰ পৰিয়াল এটাৰ দৰে আমি সব একেলগে মিলি থাকিছিলোঁ ।দিন বাগৰিল ।হোষ্টেলত আমি মিলি পৰিলোঁ ।হোষ্টেলৰ খানা খাই পেট বাৰু নভৰেইকেতিয়াবা জুতিলগা হোৱা হলে যেন কিবা এটা আছিল ।সপ্তাহত মাংস আমাৰ দুদিন-দেওবাৰে দিনৰ সাঁজত আৰু মঙলবাৰৰ ৰাতি।মহা আগ্ৰহেৰে এই দুদিনলৈ বাট চাই ভাতৰ কাঁহীত যেতিয়া ২ পিছ মাংস দুপিছ আলু পোৱা যায়, মেছ মেনেজাৰৰ পৰা যেন মেছ ডিউজ আকৌ ঘূৰাই লম এনে লাগে
। দেওবাৰে দুপৰীয়াৰ সাঁজটো একেই
।গতিকে কিবা বেলেগ উপায়েৰে যদি মাংসটো মেনেজ কৰিবলৈ পৰা যায় সেয়া আমাৰ কাৰণে ডাঙৰ সাফল্য। কিন্তু এনেকুৱা সুৱৰ্ণ সুযোগ সদায়ে যে নাহে ।আমাৰ পাকঘৰটো আমি নিজৰ ঘৰৰ পাকঘৰৰ দৰেই ব্যৱহাৰ কৰিবলৈ সুবিধা পাইছিলোঁ ।গতিকে মন গলেই কেইটামান লগ হৈ নিজৰ মাজত পইচা তুলি মাংস কিনি আনি নিজে বনাই খোৱাটো আন এক সুলভ দৃশ্য আছিল ।কেৱল মাংসই নহয় আমলেট কৰি বনভাজি কৰিও খাইছিল ।কিন্তু তেনেকৈ খোৱাতকৈ কোনোবাই যদি মাংস কিনি আনে তেতিয়া বেলেগ কিবা ফূৰ্টি লাগে অৰ্থাৎ ফ্ৰী মাংস খোৱাৰ মজা হী কুচ অউৰ হে ।
কৰবাত পঢ়িবলৈ এটা প্ৰৱন্ধত পোৱা মতে গুগলত কিবা ফাইল ডাউনলোডৰ লিংক বিছাৰোতে লগতে for free download বুলি লিখি দিয়া প্ৰৱণতাবোৰ ভাৰতীয় কম্পিউটাৰৰ আই পি(IP
address-internet protocol address)ঠিকনাবোৰৰ পৰা বেছিকৈ ৰেকৰ্ড হয় ।আমাৰো যেন সেই একেই গতি ।
কোনোবাই নতুনকৈ গেঞ্জী এটা
কিনিলেও তাৰ পৰা মাংস পাৰ্টি খুজি অৱশেষত তাৰ পৰা অলপ সৰহকৈ বৰঙণি লৈ বাকীখিনি আমি নিজে দি(
আনদিনাতকৈ নিশ্চয়কৈ কম) মাংস খোৱাৰ ব্যৱস্থা কৰা হৈছিল ।গতিকে কাৰোবাৰ জন্মদিনৰ দিনা সি কোনোমতেই ৰক্ষা নাপায়।বাৰ্থ ডে বয়ৰ পৰা মাংস খাবই লাগিব তাকো সম্পূৰ্ণ তাৰ খৰচতে।মুঠতে সেইদিনা বনাব লাগে আৰু খাবহে লাগে ।
হোষ্টেললৈ অহাৰ ঠিক এমাহ
পাছতেই মোৰ বাৰ্থ দে আছিল ।ঘৰৰ বাহিৰত জীৱনৰ প্ৰথম জন্মদিন ।আনহাতে হোষ্টেলৰো কোনোৱে গম নাপায় ময়ো কাকো কোৱা নাই ।মনে মনে দিনটো নিজৰমতে পাৰ কৰিম বুলি ভাবি আছোঁ ।এদিন আবেলিৰ কথা-মোৰ জন্মদিনৰ ঠিক দুদিনৰ আগত ।ৰূমৰ সন্মুখত মোৰ ৰুমমেট ৰাকেশ দা ৰাকেশদাৰ লগৰ পৰাণদা মৌচমদা ৰৈ কথা পাতি আছিল ।
দিনটোৰ ক্লাছ শেষ কৰি
পাইছোঁহি মাত্ৰ ।তেনেতে মৌচমদাৰ চিঞৰ-
"ঐ এইফালে আহচোন ।"
ওচৰ চাপি গলোঁ।
"ক্লাছ কৰিলি?"
"কৰিলোঁ ।"
"গোটেইকেইটা কৰিলিতো?"
" গোটেইকেইটাই কৰি এতিয়া আহিছোঁ ।"
"বৰ ভাল বৰ ভাল ।ৰাছেলে বৰ ভাল ৰূমমেট এটা পালি দেই ।বাৰু তোৰ বাৰ্থ ডে কেতিয়া
অ'?"
অলপ টেঙৰামি কৰি কলোঁ-হৈ গলেই নহয় ।
বিপদটো ঘটিল তেতিয়াই ।স্কুলৰে পৰা লগত পঢ়া লক্ষ্যজিতে দিলে নহয় ফেচেককৈ হাঁহি ।মৌচমদাই যেন লগে লগে ৰহস্যৰ গোন্ধ পালে ।চাওঁ দে আই কাৰ্ডখন - লগেলগে একো নাথাকিল আৰু ।চিকাৰ হৈ পৰিলোঁ ।বাৰ্থ ডে'ৰ ৰাতি বাৰ বজাত অৰ্থাৎ ১২ এ.এমত আহি শুভেচ্ছা জনালে ।ৰাতিলৈ
মাংসৰ যোগান ধৰিলোঁ ।অৱশ্যে মোৰ লগতে আন এজন ছিনিয়ৰৰো বাৰ্থ ডে একেদিনাই
থকাত যোগানত কিছু ভাগ বতৰা কৰি লোৱা হ'ল ।মুঠৰ ওপৰত ঘৰৰ বাহিৰত জীৱনৰ
প্ৰথম বাৰ্থ ডে'টো সদায় স্মৰণীয় হৈ থাকি গ'ল ।বাৰ্থ ডে' গিফট হিচাপে
মৰমতে দিয়া কলমৰ বাকচটো বহুদিনলৈ সাঁচি ৰাখিছিলোঁ ।
Comments
Post a Comment