Mysore Palace: Captured by me, this is uploaded in wikimedia commons library. |
উবেৰত বুক কৰাৰ দহ মিনিট মানৰ ভিতৰতে আমি নিৰ্ধাৰণ কৰা লক্ষ্যস্থানত টেক্সীখন আহি পোৱাৰ লগে লগে গোটেইকেইটা হুৰমুৰাই উঠি বহি ল'লোঁ। বাংগালোৰৰ বতৰ এনেও অবিশ্বাসী, কিন্তু পছন্দৰ। পদাৰ্থ বিজ্ঞান বা ৰসায়ন বিজ্ঞানৰ পৰীক্ষা সম্পন্ন কৰিবৰ বাবে একদম উপযুক্ত তাপমাত্ৰা। কিন্তু কোন মূহুৰ্তত অলপমান সময়ৰ বাবে কেইটোপালমান বৰষুণে দেহ-মন সজীৱ কৰি লৈ যাব, তাৰো ঠিকনা নাই। অৱশ্যে সকলো সময়তে বৰষুণত তিতিনো কাৰ ভাল লাগে? ভাগ্য ভাল, আমি উঠাৰ পাছতহে কিনকিনীয়া বৰষুণ পাতলীয়াকৈ পৰিবলৈ আৰম্ভ কৰিলে। ড্ৰাইভাৰজনে টেক্সীখন চলাবলৈ আৰম্ভ কৰিলে আৰু মাইচৰ অভিমুখে আমাৰ যাত্ৰা আৰম্ভ হ'ল।
ভাৰতীয় বিজ্ঞান একডেমীৰ সৌজন্যত গৰম বন্ধৰ সময়ছোৱাত প্ৰকল্প এটাত জড়িত হ'বলৈ সুবিধা পাইছিলোঁ। এই প্ৰকল্পসমূহৰ সময়কাল দুমহীয়া আৰু এই দুমাহত ছাত্ৰসকলে নিৰ্বাচিত শিক্ষানুষ্ঠানসমূহলৈ গৈ তাৰ কোনো অধ্যাপকৰ অধীনত কোনো প্ৰকল্পৰ কামত জড়িত হ'ব লাগে। এই গোটেই সময়ছোৱাত কামটোৰ তদাৰকী কৰে ভাৰতীয় বিজ্ঞান একাডেমীয়ে। সেই একে অনুষ্ঠানৰ অধীনত মই দুমহীয়া প্ৰকল্পৰ বাবে নিৰ্বাচিত হ'লো ৰমন গৱেষণা প্ৰতিষ্ঠানত, মোৰ অধ্যাপক আছিল ৰমন গৱেষণা প্ৰতিষ্ঠানৰ মৃদু পদাৰ্থ বিভাগৰ ড০ ৰঞ্জিনী বন্দোপাধ্যায়। গতিকে, স্নাতকোত্তৰ দ্বিতীয় ষান্মাসিকৰ পৰীক্ষা শেষ হোৱাৰ পাছতেই মই বাংগালোৰ অভিমুখে উৰা মাৰিলোঁ।
অসমৰ বাহিৰলৈ গৈছা নে বুলি কোনোবাই আগতে সুধিলে শ্বিলং, ছিকিম, অৰুণাচল এইবোৰ অসমৰ বাহিৰৰ যেন লাগে জানো বুলি কৈ আগতীয়াকৈ দায় সাৰি লওঁ। শ্বিলঙলৈ গৈছিলোঁ ২০০৯ চনৰ ডিচেম্বৰ মাহত, নৱম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষা দি। আমাৰ বিদ্যালয়ৰ পৰা প্ৰত্যেক শিক্ষা বৰ্ষৰ অন্তত আমাক শিক্ষামূলক ভ্ৰমণলৈ লৈ যোৱাৰ এটা ভাল প্ৰথা আছিলে, তেনেকৈয়ে অসমৰ কেইবাখনো ঠাই সৰুতেই চোৱাৰ সৌভাগ্য হৈছিল। কিন্তু নৱম শ্ৰেণীৰ পাছত কথা বেলেগ, অতদিনে আমি অসমৰ ভিতৰৰ ঠাই ফুৰিলোঁ, এইবাৰ তাতে শেষৰ বছৰ, (কাৰণ দশম শ্ৰেণীৰ পৰীক্ষা ফেব্ৰুৱাৰীত হয়) গতিকে এইবাৰ আমি দিল্লীলৈ যাম। কিন্তু বহুত কাকূতি মিনতি, তয়াময়া ৰণ কৰিও লাভ নহ’ল, আমি দিল্লীলৈ যাবলৈ নাপালোঁ (বা আমাক নিনিলে বুলি ক’লেহে কথাটো আচলতে বেছি খাপ খাব)। কিন্তু তাৰ পৰিৱৰ্তে মন ভাল লগাবলৈ আমাক অসমৰ বাহিৰৰ ৰাজ্য বুলি মেঘালয়লৈ লৈ গ’ল। অৱশ্যে সেয়া এক ভাল অভিজ্ঞতাই আছিল। ঠিক তেনেদৰে কলেজৰ শেষৰ বৰ্ষত আমি গ’লোঁ ছিকিমলৈ বুলি আৰু বিশ্ববিদ্যালয়ৰ শেষৰ বৰ্ষত গ’লোঁ টাৱাঙলৈ। মুঠৰ ওপৰত শিক্ষাবৰ্ষৰ শেষৰ বছৰবোৰত মোৰ সদায়ে এই ঠাণ্ডা ঠাইবোৰলৈ যোৱাটোহে কপালত লিখা আছে।
বাংগালোৰলৈ গৈছিলোঁ মুঠতে পাঁচটা, তাৰে পদাৰ্থ বিজ্ঞানৰ আমি তিনিটা--জয়খ’ম্বা, বিবেক আৰু মই( আমি মানে তেজপুৰ বিশ্ববিদ্যালয়ৰ) আগতীয়াকৈ গৈছিলোঁ আৰু ৰসায়ন বিজ্ঞানৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মোৰ বিদ্যালয়ৰ দিনৰে সহপাঠী মানস আৰু কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ সৌৰভ গৈছিলে দুই সপ্তাহমানৰ পাছত। একেটা পেয়িং গেষ্টহাউচতে থকাৰ বাবে আমাৰ আৰু সুবিধা হৈছিলে আৰু আমাৰ প্ৰতিষ্ঠানকেইটাও ওচৰা-ওচৰি আছিল( ৰমন গৱেষণা প্ৰতিষ্ঠান আৰু ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ মাজত দূৰত্ব কেৱল ডেৰ কিল’মিটাৰ)। তালৈ যাম বুলি ঠিক কৰাৰ সমান্তৰালকৈ আমাৰ আৰু পৰিকল্পনা আছিল যে যিহেতু আমি তাত কমেও আঠ সপ্তাহ থাকিম আৰু সপ্তাহৰ শনি আৰু দেওবাৰে আমাৰ ছুটীয়ে থাকিব, গতিকে ওচৰ -পাজৰৰ সকলো ঠাই ফুৰি আহিব পাৰিম। গতিকে ইণ্টাৰনেটত খুচৰি মেলি আমাৰ ছুটীৰ সময়ৰ লগত মিলাকৈ যাব পৰা ঠাইবোৰ নিৰ্বাচন কৰি সম্ভৱপৰ হ’ব পৰা খৰচৰ এটা নমুনা বনোৱা হ’ল। যিহেতু মানস পাবহি দুসপ্তাহৰ পাছত, গতিকে প্ৰথম দুসপ্তাহত আমি তিনিটায়ে বাংগালোৰ চহৰত ফুৰিয়ে কটালোঁ। বাংগালোৰ চহৰখন ফুৰি খুব ভাল লাগে, ৰাস্তা-ঘাটৰ কথা নকলোৱেইবা। বিএমটিচি মানে বাংগালোৰ মেট্ৰ’ ট্ৰান্সপৰ্ট কৰ্পৰেচনৰ বাছবোৰ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে(দুই-তিনি মিনিটৰ মূৰত প্ৰায় আহেই) বাছ ষ্ট’পবোৰত আহিয়ে থাকে। বাছসমূহৰ নিৰ্দিষ্ট নম্বৰ আগফালে লিখা থাকে আৰু সেই অনুসাৰে নিৰ্দিষ্ট ঠাইসমূহলৈ বাছবোৰ যায়। এই কোন নম্বৰৰ বাছ কোনখন ঠাইলৈ যাব, সেয়া বিএমটিছিৰ এণ্ড্ৰইড এপটোত পোৱা যায় নতুবা গুগল মেপটো এই তথ্যসমূহ উপলব্ধ। তাৰোপৰি ধৰি ল’লো মই যিখন ঠাইলৈ যাম, সেইখন ঠাইলৈ যাবলৈ হ’লে মই দুখন বাছ সলাব লাগিব। তেতিয়া মই প্ৰথম বাছতে মোৰ গন্তব্য স্থানৰ বাবে পইচা আদায় দি টিকট লৈ দ্বিতীয় বাছখনত কেৱল টিকটটো দেখুৱাই দিলেই হৈ যায়, অৰ্থাৎ দুয়োখনতে দুবাৰ পইচা দিয়াৰ দৰকাৰ নাই। বাছ পৰিচালক হিচাপে আমি মহিলা কেইবাগৰাকীকো লগ পাইছিলোঁ। তেওঁলোকে অতি নিয়াৰিকৈ আৰু সুন্দৰকৈ পৰিচালকৰ কাম সম্পন্ন কৰিছিল। কথাটো দেখি যথেষ্ট ভাল লাগিছিল আৰু একে সময়তে অসমত কোনোবা ছোৱালীয়ে এনেকৈ বাছ পৰিচালকৰ কাম কৰা হ’লে কেনেকুৱা কি পৰিস্থিতি হ’লহেতেন, সেয়াও ভাবি পাৰ নাপাইছিলোঁ।
যি নহওক, দুসপ্তাহ হয় মানে ইতিমধ্যে বাংগালোৰৰ হাৱা-পানীৰ সৈতে আমি মিলি পৰিছিলোৱেই আৰু মানস আহি পোৱাৰ লগে লগে সেইদিনা ৰাতিলৈ আমি মাইচ’ৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। ৰাতি ১১ বজাৰ মাইচ’ৰ অভিমুখী ট্ৰেইনত আমাৰ যাত্ৰা আৰম্ভ হ’ল আৰু আমি পিছদিনা ঢলপুৱাতে মাইচৰ ষ্টেচন পালোগৈ। আমাৰ পৰিকল্পনা আছিল যিমান পাৰি, সিমান কম সময়ৰ ব্যৱধানত ঠাইখনৰ সম্পৰ্কে এটা আভাস লোৱা আৰু লগতে ওচৰা-ওচৰিকৈ থকা পৰ্যটনৰ স্থানসমূহ দৰ্শন কৰা। ষ্টেছনৰ পৰা ওলায়ে আমি মাইচৰৰ চৰকাৰী বাছ এখনত উঠিলোঁ। হয়তু ট্ৰেইন ষ্টেচনৰ পৰা যোৱা দেখি অথবা আমাৰ চেহেৰা অনুমান কৰিয়ে ছাগৈ, বাছ পৰিচালকজনে আমাক সুধিলে যে আমি নিশ্চয় মাইচৰ ফুৰিবলৈ আহিছোঁ আৰু আমি নিশ্চয় কোনোবা মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ ছাত্ৰ হম। আমি হয়ভৰ দিয়াৰ লগে লগে তেওঁ হিন্দীতে ক’লে যে তেন্তে তোমালোকে এদিনৰ বাছৰ টিকট এটা লৈ লোৱা, তেতিয়া দিনটোৰ বাবে যিকোনো চৰকাৰী বাছত পইচা নিদিয়াকৈ কেৱল টিকট দেখুৱালেই হৈ যায়, আৰু পইচা দিয়াৰ দৰকাৰ নাই। অনতিপলমে আমি চাৰিটা টিকট পঞ্চাশ টকাকৈ দি কিনি ল’লোঁ। আমাৰ বাজেটৰ পৰা যাতায়তৰ হ’ব পৰা খৰচৰ বহু খিনি ৰাহি হ’ল কেৱল সেই বাছ পৰিচালকজনক ৰাতিপুৱা লগ পোৱাৰ বাবেই। তাৰপাছত আমি যিমান ঠাইলৈ গ’লোঁ, প্ৰত্যেকখন ঠাইলৈ যাওঁতে চৰকাৰী বাছতেই গ’লো আৰু এদিনীয়া টিকটৰ পইচা দি থোৱাৰ বাবে আমি বাৰে বাৰে পইচা দি থাকিবলগীয়া নহ’ল। পাছতহে আহি গম পালোঁ এনেকুৱা এটা নিয়ম বাংগালোৰটো আছে। বাছৰ মাহেকীয়া বা বছেৰেকীয়া পাছ এখন ৰেহাই মূল্যত পোৱা যায়, যিখন লগত থাকিলে যিকোনো চৰকাৰী বাছত উঠি যিকোনো ঠাইলৈ যাব পৰা যায়।
যি নহওক, পুৱা যথেষ্ট সোনকাল হৈ থকাৰ বাবে আমি আমাৰ পৰিকল্পনা অনুসাৰে লিংগমবুধি কেৰে উদ্যান অভিমুখে খোজ ল’লোঁ। উদ্যানখন আমি গৈ পাওঁ মানে স্বাস্থ্য সচেতন মানুহেৰে ভৰ্তি হৈ আছিল। স্বাস্থ্যসচেতন বুলি দেখিলেই গম পোৱা যায়- তেওঁলোকৰ কোনোৱে যদি খোজ কাঢ়িছে, দৌৰিছে, আন কোনোৱে প্ৰাণায়ম আৰু ধ্যানৰ বাবে এটুকুৰা নিজান ঠাইত বহি লৈছে। উদ্যানখনৰ ভিতৰলৈ দীপৰ বিলৰ দৰেই এডোখৰ জেগা আছে। তাত কিছু সময় কটাই আমি ৰাতিপুৱাৰ আহাৰ খাই ল’লোঁ। তাৰপৰা আগবাঢ়িলোঁ আমাৰ দ্বিতীয় লক্ষ্য মাইচৰ চিৰিয়াখানা অভিমুখে। চিৰিয়াখানালৈ যোৱাৰ আগেয়ে আমাক অট’ৱালা এজনে লৈ গ’ল মাইচৰ চিল্ক ফেক্টৰী নামৰ দোকান এখনলৈ, য’ত সুলভ দামত ভাল মানদণ্ডৰ শাৰী পোৱা যায়। অট”ৱালাজনে প্ৰথমে কওঁতে নামটো শুনাৰ লগতে তেওঁ দিয়া বৰ্ণনা অনুসৰি আমাক কিবা উদ্যোগ নহ’লে ঐতিহ্যমণ্ডিত ঠাইলৈ লৈ যাব বুলিহে ধাৰণা কৰি আছিলোঁ যদিও পাছতহে উপলব্ধি কৰিলোঁ এইবোৰ আচলতে দোকান আৰু অট’ৱালাৰ মাজত থকা বুজাবুজিৰ ফলত আমাৰ সময়ৰ অপব্যয়। গতিকে তাত বেছি সময় নকৰি আমি খোজ কাঢ়িয়ে মাইচৰ চিৰিয়াখানা পালোগৈ। মাইচৰৰ চিৰিয়াখানা ভাৰতৰ বৃহৎ চিৰিয়াখানাসমূহৰ অন্যতম। যথেষ্ট ডাঙৰ চিৰিয়াখানাখন খোজ কাঢ়ি ঘূৰি ফুৰোতে শেষৰ ফাললৈ ভৰিয়ে নটনা হৈছিলগৈ। সেইবাবে তাত গাড়ীৰ ব্যৱস্থাও ৰখা হৈছে, বয়সস্থ প্ৰায় সকলোকে তেনেকুৱা গাড়ী এখনত উঠি চিৰিয়াখানাখন চোৱা দেখিছিলোঁ। অৱশ্যে সেইখনত উঠি চালে ঘূৰি ফুৰাৰ প্ৰকৃত স্বাধীনতা পাব নোৱাৰি।
চিৰিয়াখানাত আমাৰ প্ৰায় ডেৰ ঘণ্টা সময় অতিবাহিত হ’ল। বাহিৰত আঁৰি থোৱা বেনাৰ অনুসৰি আমি ষ্টুডেণ্ট ডিছকাউণ্ট পাবলগীয়া আছিল যদিও টিকট কটাৰ সময়ত তাৰ সুবিধা আমাক নিদিলে। তাৰ পৰা ওলাইয়ে আমি শ্ৰী চামুণ্ডেশ্বৰী মন্দিৰ দৰ্শনৰ উদ্দেশ্যে আগবাঢ়িলোঁ। চামুণ্ডি পাহাৰত অৱস্থিত মন্দিৰটো দৰ্শনৰ উদ্দেশ্যে যথেষ্ট লোকৰ সমাগম হোৱাৰ কাৰণে তাত পাহাৰৰ ওপৰত যদিও দোকান পোহাৰৰ অভাৱ নাই। ভক্তৰ শাৰী দেখি বিচূৰ্তি নহৈ নোৱাৰিলোঁ। মন্দিৰৰ ভিতৰখন চাই সময় নষ্ট নকৰি দুপৰীয়াৰ আহাৰ তাতেই গ্ৰহণ কৰি আমি পুনৰ ঘূৰি আহিলোঁ মাইচৰৰ আন এক বিখ্যাত পৰ্যটনৰ আকৰ্ষণ কেন্দ্ৰ ছেণ্ট ফিল’মেনা’ছ কেথেড্ৰেল চাবলৈ।
মাইচৰ চোৱা মানেই সকলোৰে মুখত এটাই প্ৰশ্ন-মাইচৰ পেলেচ বা মাইচৰৰ ৰাজপ্ৰাসাদ চালা নে নাই? আমি যোৱাৰ আগেয়েও বহুতে উপদেশ দিছিলে যে গৈছ যেতিয়া মাইচৰ পেলেচ আৰু পেলেচৰ লাইট শ্ব’ চাই আহিবলৈ নাপাহৰিবি। বৃন্দাবন গাৰ্ডেনৰ লাইট শ্ব’ৰ কথাও বহুতে সোঁৱৰাই দিছিল। দিনটো ঘূৰি সৰ্বশেষত আমি মাইচৰ পেলেচ অভিমুখে আগবাঢ়িলোঁ। চৰকাৰী বাছ ষ্টেণ্ডলৈ যাওঁতেই মাইচৰ পেলেচ দেখা পোৱা যায় আৰু সেইবাবে “এহ বাহিৰৰ পৰা দেখিলোৱেচোন, ভিতৰত কি বা চাবলগীয়া আছে জানো” এনেদৰে ভাবি দিনটোৰ শেষলৈ আহিম বুলি পৰিকল্পনা কৰি থৈছিলোঁ। কিন্তু তাত টিকট লৈ মেলি সোমোৱাৰ পাছতহে গম পালোঁ, ইমান ভীৰ মানুহৰ কেৱল সেই ৰাজপ্ৰাসাদ চাবৰ বাবেই। শাৰী পোনাই আমিও লাহে লাহে ৰাজপ্ৰাসাদটোৰ ভিতৰলৈ সোমাই গ’লোঁ। ৰজাৰ আমোদ কক্ষ, শয়ন কক্ষ, মন্ত্ৰী সভা—ঠিক চিনেমা-চিৰিয়েলবোৰত দেখুৱাৰ দৰেই সকলোবোৰৰ দৰ্শন লাভ কৰিলোঁ। গোটেই ৰাজপ্ৰাসাদটো চাবলৈ আমাৰ প্ৰায় পঞ্চলিচ মিনিটমান সময় লাগিল। তাৰপাছত তাৰ কাষতে থকা অন্য এটি ৰাজপ্ৰাসাদলৈকো গ’লোঁ, য’ৰ ৰজাজনৰ মৃত্যু হৈছিল মাত্ৰ কেইবছৰমানৰ আগত, ২০১৩ চনত। এইজন ৰজাৰ ৰাজপ্ৰাসাদটো মুখ্য ৰাজপ্ৰাসাদতৰ তুলনাত অৱস্থা তথৈবচ আৰু মানুহৰ সমাগমো তাত বেছি নাছিল। তাত থাকোতেই প্ৰায় সাঁজ লাগো লাগো হৈছিল আৰু আমাৰ ভোকো লাগিছিল। মাইচৰ পেলেচৰ ভিতৰত বিভিন্নজনে ফল-মূল, পপকৰ্ণ এইবোৰ বিক্ৰী কৰিয়ে ফুৰে যদিও ৰাতি ট্ৰেইনত উভতি আহিবলগীয়া হ’ব কাৰণে আমি ভালদৰে পেট ভৰাই কিবা খাবলৈ ওলাই আহিলোঁ। পিছে আমাৰে দুৰ্ভাগ্য, উত্তৰ ভাৰতীয় হোটেল বিচাৰি ফুৰোঁতে আমাৰ যথেষ্ট দেৰি হৈ গ’ল আৰু সেইবাবে আমি ভাবি থোৱামতে খোৱাৰ পাছত আহি উপভোগ কৰিম বুলি ভাবি থকা মাইচৰ পেলেচ লাইট শ্ব’ চোৱাৰ পৰা বঞ্চিত হ’লোঁ।
সেয়া যিয়ে নহওক, উভতি অহাৰ সময়ত আমাৰ এটা কথাই ভাল লাগি আছিল যে অৱশেষত আমি ভবাৰ দৰেই মাইচৰ যাত্ৰা সম্পন্ন হৈ উঠিল। তালৈ যোৱাৰ আগেয়ে আমাৰ গোটেইকেইটাৰে মনত মাইচৰ যাত্ৰা আছিল সন্দেহাতীত। কিন্ত তাত উপস্থিত হোৱাৰ পাছত গোটেই দিনটো আমি ৰাতিৰ ট্ৰেইন যাত্ৰাৰ ভাগৰ অকণো নমৰাকৈয়ে বা অনুভৱ নকৰাকৈয়ে ঘূৰি ফুৰিছিলোঁ কেৱল ঠাইখনৰ নিৰৱচ্ছিন্ন সৌন্দৰ্যমালা উপভোগ কৰি কেৱল মন-প্ৰাণেই নহয়, আমাৰ জীৱনৰো আন এক সাৰ্থকতা উপলব্ধি কৰিবলৈ।
গতিকে পাছদিনা বাংগালোৰত উপস্থিত হৈয়ে আমি ঠিক কৰি পেলালোঁ আমাৰ দ্বিতীয় লক্ষ্যস্থলী- পণ্ডিচেৰী।
(To be continued...)