---প্ৰিয়ম দি জ্যোৎস্না--- (১) "হাজাৰজনৰ দৰে ময়ো যেতিয়া মুম্বাইলৈ আহিছিলোঁ, তেতিয়া নিজৰ বয়-বস্তুবোৰৰ সৈতে কিছুমান সপোনো বান্ধি আনিছিলো। তাৰ ভিতৰত আটাইতকৈ ডাঙৰ সপোনটো আছিল--এগৰাকী লেখক হোৱাৰ সপোন। যেতিয়া মোক এই প্ৰৱন্ধটো লিখিবলৈ কোৱা হৈছিল, তেতিয়াই হয়তো মোৰ সপোনটো বাস্তৱলৈ ৰূপান্তৰিত হ'ল। কিন্তু অশেষ চেষ্টাৰ পিছতো মই এই প্ৰৱন্ধটো লিখিবলৈ পৰা নাছিলোঁ। প্ৰতিবাৰেই লিখিবলৈ লওঁতে এনেকুৱা লাগিছিল যেন বহু কথা থাকি গৈছে। এই চহৰখনৰ বিষয়ে এনেকুৱা কি ক'ম যি আজিলৈকে কোনেও কোৱা নাই! সেইকাৰণে জমা দিয়াৰ এৰাতিৰ আগত প্ৰৱন্ধটো মই ফালি পেলালো আৰু পুনৰ লিখিবলৈ আৰম্ভ কৰিলো। কেৱল দুমাহতে এক অদ্ভুতধৰণৰ প্ৰেম হৈ গ'ল এই চহৰখনৰ সৈতে। চহৰখন মোৰ আপোন যেন লগা হ'ল। ইয়াৰ কাৰণ কি হ'ব পাৰে? মোৰ নতুন উৎসাহমূলক চাকৰিটো ,মোৰ সৰু ফ্লেটটো নে মোৰ স্বাধীনতা? এই চহৰখনে এনেকুৱা কি দিছে মোক , যি মোৰ আপোন হৈ পৰিছে? প্ৰকৃততে উত্তৰটো বহুদিন ধৰি মোৰ চকুৰ সন্মুখতে আছিল, কিন্তু মইহে ধৰিব পৰা নাছিলোঁ। মুম্বাইলৈ আহিয়েই প্ৰথম ৰাতি মই কাৰোবাক লগ পালো। এজন ল'ৰাক। বন্ধু, ৰূ
Prankrishna Borgohain