---চন্দ্ৰমা দুৱৰী বৰগোহাঞি---
২০১৮ চনৰ ৪ ফেব্ৰুৱাৰীৰ দেওবৰীয়া বিচিত্ৰাত ৰবেন্দ্ৰ কুমাৰ দাসদেৱৰ ভূচিত্ৰাৱলীৰ বৰ্ণনাই আমাকো লৈ গ'ল দূৰ অতীতৰ তৃতীয় চতুৰ্থ পঞ্চম শ্ৰেণীত অঁকা আমাৰ চিৰচেনেহী জন্মভূমি অসমৰ মানচিত্ৰখনলৈ। ১৯৬৭ চনত যেতিয়া ৩য় শ্ৰেণীৰ বৃত্তি পৰীক্ষা দিবলৈ বাচনিভুক্ত হলো, ভূগোল বিষয়ত নিজ জিলাৰ এখন মেপ আঁকি জিলাৰ সদৰ ঠাই, নদী আদি বহুৱাবলৈ আহিছিল। তাৰ পাছত অসমৰ মেপ খন আকিবলৈ আমাক শ্ৰ্দ্ধাৰ গগন চেতিয়া ছাৰে শিকাইছিল। দাসদেৱে কোৱাৰ দৰে প্ৰথমে মেপখনৰ চাৰিসীমা জুখি স্কেলৰ সহায়ত সমান সমান জোখত বৰ্গক্ষেত্ৰ আঁচ দি মেপখন আঁকিবলৈ শিকাইছিল। তাৰপাছত জিলাৰ সদৰ ঠাই, তেলৰ পুঙ থকা ঠাই, নদী আদি বহুৱাবলৈ দেখুৱাই দিয়ে। বিদ্যালয়ত থকা অসমীয়া ভূচিত্ৰাৱলীখনৰ পৰা ছাৰে মেপত থকা জিলাৰ সদৰ ঠাই, উত্তৰবাহিনী-দক্ষিণবাহিনী নদীবোৰ, তেল শোধনাগাৰ থকা ঠাইৰ নামসমূহ লিখি মেপত বহুৱাই আনিবলৈ দিয়ে। ঘৰত আহি ককাইদেউহঁতক খাটনি ধৰোঁ ভূচিত্ৰাৱলী এখন লাগে নিজাকৈ। ককাইদেউ বাইদেউহঁতৰ ভূচিত্ৰাৱলী বিলাক সিহঁতক দৰকাৰ হোৱাৰ বাবে দেউতাই নতুনকৈ মোক এখন ভূচিত্ৰাৱলী কিনি দিছিল। বিদ্যালয়লৈ আনিলে ভূগোল পিৰিয়ডত আটাইয়ে লগ হৈ ভূচিত্ৰাৱলীখনত ঠাইবিলাক বিচাৰি বিচাৰি মেপত বহুৱাওঁ। সেই তেতিয়াৰ পৰাই ভূগোল বিষয়ৰ প্ৰতি মোৰ ৰাপ বেছি। ক্ৰমান্বয়ে ওপৰ শ্ৰেণীলৈ প্ৰমোচন পাই মেট্ৰিক দিয়ালৈকে সেই একেখন ভূচিত্ৰাৱলীকে ব্যৱহাৰ কৰিছিলোঁ। ধুনীয়াকৈ মুগাৰ কাগজৰ চামৰা লগাই ভূচিত্ৰাৱলীখনৰ ওপৰত ডাঙৰকৈ এটা টিকট লগাই নাম, শ্ৰেণী, ৰোল নং আদি লিখি লৈছিলোঁ।
মেট্ৰিক পৰীক্ষা দিওঁতে আঁকিব লাগিছিল ভাৰতৰ মেপখন। সেইখন মেপো মই নিৰ্দিষ্ট এটা জোখত বৰ্গ আঁকি বৰ সুন্দৰকৈ ভাৰতৰ মেপখন আঁকিছিলো। দাস চাৰে কোৱাৰ দৰে, "….পৰীক্ষাত মেপ আঁকিবলৈ আহিবই। একেডালেই পেঞ্চিল- এফালে ৰঙা, এফালে নীলা। দেশৰ সীমা ৰঙা পেঞ্চিলেৰে; নদী আৰু সাগৰবোৰ নীলা ফালটোৰে। তাৰ মাজতে একেবাৰে তলৰ ফালে একা-বেঁকাকৈ এক ভুমিখণ্ড-সিংহল। এয়াই মোৰ দেশ। মোৰ দেশ এয়াই……" মেপখনত বহুৱাবলৈ অহা প্ৰধান ঠাই, সদৰ ঠাই আদিবোৰ ঘূৰণীয়া ৰঙা চিহ্নৰে আৰু নদী-সাগৰ-মহাসাগৰ আদিবোৰ নীলা ৰঙেৰে সুন্দৰকৈ বোলাই দিছিলোঁ। মেপখনৰ চাৰিসীমাবোৰ ৰং পেঞ্চিলেৰ ৰঙা ৰঙেৰে আঁকিছিলোঁ। মেপখন আঁকি সাংকেতিক চিহ্ন বুলি প্ৰধান ঠাই, নদী, পৰ্বত, সাগৰ আদি চিনবোৰ সৰুকৈ এটা চুকত আঁকি দেখুৱাবলগীয়া হৈছিল। আন এটা চুকত মেপখনৰ দিশকেইটা দেখুৱাবলৈ তৰা চিহ্ন দি উত্তৰ-দক্ষিণ-পূৱ-পশ্চিম লিখিছিলোঁ। আচৰিত যেন লাগিলেও সঁচা কথা- মেট্ৰিক পৰীক্ষাত মোৰখনৰ বাদেও মোৰ ওচৰত বহা দুই তিনিজনীৰ ভূগোল পৰীক্ষাৰ দিনা ভাৰতৰ মেপখন আঁকি দিছিলোঁ।
মেট্ৰিক দিয়ালৈকে ভূগোলৰ প্ৰেমত পৰিছিলোঁ বুলি ক’লেও বঢ়াই কোৱা নহয়। মোৰ ওপৰজনী বাইদেৱে মহাবিদ্যালয়ত ভূগোল বিষয়টো বি এ মহলালৈকে লৈছিল। ভূগোলৰ ব্যৱহাৰিক বিষয়ত বাইদেৱে ড্ৰয়িং কাগজত ক’লা চিঞাহীয়ে (ভেটো) ইমান ধুনীয়াকৈ চিন কিছুমান আঁকিছিল, সেইবোৰ দেখি দেখি মনতে ময়ো ভাবিলোঁ যে ময়ো মহাবিদ্যালয়ত পঢ়িলে আন বিষয়বোৰৰ সৈতে ভূগোল লমেই। আৰু বিএ শ্ৰেণীলৈকে ভূগোল বিষয়টো মোৰ পাঠৰ অন্তৰ্ভুক্ত কৰিলোঁ। দুবছৰীয়া প্ৰাক বিশ্ববিদ্যালয় শ্ৰেণীৰ প্ৰথম বৰ্ষত ভূগোলৰ ব্যৱহাৰিক পৰীক্ষা লোৱা নাছিল। ২য় বছৰত এই ব্যৱহাৰিক শ্ৰেণীসমুহ আৰম্ভ হ’ল। ভেটো চিঞাহীৰে বিভিন্ন নক্সা আঁকি প্ৰাক বিশ্ববিদ্যালয়ৰ ফাইনেল পৰীক্ষা দিলোঁ। ত থাপিতো বাইদেউহঁতে অঁকা চিত্ৰবিলাক কেতিয়া আঁকিবলৈ পাম-উৎকণ্ঠাত দিন কটাইছিলোঁ। পৰীক্ষাত ফলাফল ঘোষণা কৰিলে আৰু বি এ মহলাত অসমীয়া বিষয়টো মূল বিষয় হিচাপে লৈ লগত ভূগোল বিষয়টো সহায়কাৰী বিষয় হিচাপে বাচনি কৰিলোঁ আৰু তেতিয়াহে ভূগোলৰ ন ন কথা আৰু ন ন চিত্ৰ আঁকিবলৈ পালোঁ। কোনো এখন ঠাইৰ বতৰৰ বতৰা “টপ’শ্বিট” চাই লিখিব আৰু আঁকিব লাগিছিল। ডাৱৰীয়া বতৰ, ফৰকাল বতৰ, বৰষুণৰ বতৰ আদি চিহ্নসমুহ মূল মেপত চাই আমি ড্ৰয়িং কাগজত সেইদৰে আঁকিব লাগিছিল আৰু টোকাসমুহো প্ৰস্তুত কৰিছিলোঁ। মুঠতে ইমান হেঁপাহেৰে, মনোযোগেৰে এই বিষয়টো আয়ত্ব কৰিবলৈ চেষ্টা কৰিছিলোঁ এতিয়া ভাবি পুলক অনুভৱ কৰিছোঁ। ব্যৱহাৰিক ভূগোলৰ বহী দুখন বিয়াৰ পাছতো মই মোৰ লগত ৰাখিছিলোঁ।
বৰ্তমান ভূগোল বিষয়টো পাঠ্যপুথিৰ পৰা নিলগাই ৰখাৰ কাৰণে আজিৰ ছাত্ৰ-ছাত্ৰীসকলে নিজ ৰাজ্যখনৰ মানচিত্ৰ আঁকিবলগীয়া নহয়, ব্ৰহ্মপুত্ৰ, গোদাবৰী, কাবেৰী আদি নদী, ভাৰত মহাসাগৰ, আৰব সাগৰ, বংগোপসাগৰ আদি নীলা ৰং পেঞ্চিলেৰে নেআঁকে। ৰাজ্য ৰাজধানী বা উল্লেখযোগ্য ঠাইবোৰ ৰঙা বিন্দুৰে আঁকিব নালাগে, কাঠ পেঞ্চিলৰ আগটো বাওঁ হাতৰ তৰ্জনী আঙুলিৰে হেঁচি ধৰি সোঁহাতেৰে পেঞ্চিলডাল বগৰাই হিমালয়, বিন্ধ্য, পূৰ্বঘাট, পশ্চিমঘাট, নীলগিৰি আদি পৰ্বত আঁকিবলগা নহয়। কাঁড় চিন দি উত্তৰ পূব মৌচুমী বায়ু নাইবা দক্ষিণ পশ্চিম মৌচুমী বায়ু দেখুৱাবলগীয়া নহয়। তেল শোধনাগাৰ থকা ঠাইবিলাক ভাৰতৰ মেপখনত বিচাৰি কোনে কেইখন ঠাই বিচাৰি উলিয়াব পাৰে আমি তাৰ বাবে হেতা উপৰা লগাইছিলোঁ।
বৰ্তমান ওলোৱা ভূচিত্ৰাৱলীখনত স্থলপথ, ৰেলপথৰ চিহ্নবোৰ উলিয়াবলৈ কিবা আহুকলীয়া যেন লাগে। আমি পঢ়া “নতুন অসমীয়া ভূচিত্ৰাৱলী”খনত ৰেলপথৰ চিহ্ন দেখুৱাবলৈ আঁচ এডাল টানি তাত মাজে মাজে কাটি দিয়া দেখুৱাইছিল। আলিবাট দেখুৱাবলৈ দুডাল সৰলৰেখা দিয়া আছিল আৰু ৰাজ্যবোৰৰ ৰাজধানী বা প্ৰধান ঠাইৰ মাজেৰে গ’লে আঁচ দুডালৰ মাজত শূন্য এটা দি পুনৰ আগবাঢ়ে।
এতিয়াৰ ভূচিত্ৰাৱলীখনত ভূগোলৰ সম্যক জ্ঞান পাবলৈ উজু হোৱা যেন বোধ হয়। (নাম “অৰুণোদই ভূচিত্ৰাৱলী”, পৰিকল্পনা, সম্পাদনা আৰু প্ৰদত্ত পাঠ- লেখক ৰণেন গুপ্ত, অসমৰ মানচিত্ৰ অংকণত সহায়তা ড০ কমলেশ কলিতা, পাঠৰ অসমীয়া ভাষান্তৰ শান্তনু কৌশিক বৰুৱা, অৰুণোদয় প্ৰকাশন, মতিলাল নেহৰু পথ, পানবজাৰ গুৱাহাটী) তেতিয়াৰ ভূচিত্ৰাৱলীখন আছিল “অসমীয়া ভূচিত্ৰাৱলী”। মোক আকৌ আনি দিছিল “নতুন অসমীয়া ভূচিত্ৰাৱলী”। এই অৰুণোদই ভূচিত্ৰাৱলীখনত ভূগোল কিতাপখন নপঢ়াকৈও বহুত কথা জানিব বা শিকিব পাৰি। মেপ অংকণ পদ্ধতি, পৃথিৱী সূৰ্য, চন্দ্ৰ, গ্ৰহ, নক্ষত্ৰ, বায়ুমণ্ডলৰ বিভিন্ন স্তৰ, অসম, ভাৰতৰ ৰাজ্য, ৰাজধানী, পৃথিৱীৰ ছখন মহাদেশকে ধৰি সকলোবোৰ তথ্য বিস্তৃত ভাৱে দিয়া আছে। আমি আগতে সাতভনীৰে পূৰ্ণ অসমখনহে আঁকিছিলোঁ। এতিয়া অৰুণাচল, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ আদি ৰাজ্যকেইখনক বাদ দি বাকী ২৬ খন জিলাৰে পূৰ্ণাংগ অসমৰ মেপ অংকণ কৰিব লাগে। এই ভূচিত্ৰাৱলীখনত প্ৰত্যেকখন জিলাৰ ভূ-প্ৰকৃতি, জলবায়ু, প্ৰধান চহৰ, নদী, কৃষিজ-খনিজ-বনজ সম্পদ, উদ্যোগ আদিৰ ঠাইৰ সৈতে সকলোবোৰ সামৰি আটকধুনীয়াকৈ সজাইপৰাই তুলিছে। ছাত্ৰ-ছাত্ৰীৰ বোধগম্য হোৱাকৈ নিজে নিজে বিচাৰি উলিয়াবলৈও প্ৰত্যেকখন মেপত ঠাইৰ অৱস্থিতিসমুহ ধুনীয়াকৈ দেখুওৱা হৈছে। শিক্ষকৰ সহায় নোলোৱাকৈ অলপ মনোযোগ দি পঢ়িলেই সকলো বুজি পোৱাৰ সমল ইয়াত দিয়া দেখা গৈছে। ইয়াৰ উপৰিও বৃহত্তৰ গুৱাহাটী মহানগৰৰ পূৰ্ণ পৃষ্ঠাৰ মানচিত্ৰ আৰু বিস্তাৰিত তথ্যৰ সৈতে কৰা উপস্থাপন সকলোৰে বাবে গ্ৰহণযোগ্য।
পৃথিৱীখনক জানিবলৈ হ’লে ভূগোল, বুৰঞ্জী অধ্যয়ন অপৰিহাৰ্য। সেয়েহে প্ৰত্যেকৰ ঘৰতে এখনকৈ ভূচিত্ৰাৱলী থকাতো অতি আৱশ্যক বুলি ভাবোঁ।
(নিয়মীয়া বাৰ্তাত প্ৰকাশিত)
Comments
Post a Comment