Skip to main content

হৰ্ষাভোগলে অথবা ছেহৱাগহঁতৰ কথাৰে….


---সুমন্ত সৌৰভ কাকতি---

অন্য জনপ্ৰিয় খেলতকৈ ক্ৰিকেট সময়ৰ দিশৰ পৰা কিছু দীঘলীয়া খেল , ছয়-চাৰি বা উইকেইৰ সঘন পতন নঘটিলে ক্ৰিকেট সাধাৰণতে বিৰক্তিকৰ আৰু আমনিদায়ক হৈ উঠে , কিন্ত সেইসময়তে পোনপটীয়া সম্প্ৰচাৰৰ হিন্দী ভাষাৰ কমেণ্ট্ৰি বস্কৰ মাইক্ৰফোণত বাজি উঠা ” চিপছ কা পেকেট অঔৰ ৰবীন্দ্ৰ জাডেজা কা অভাৰ কব খতম হো জ্যায়ে পতা নহী চলতা” “প্যায়াৰ মে ডুবা হুৱা লড়কা , চায় মে ডুবা হুৱা বিস্কুট অঔৰ বিনা ৰাণ কে বেটছমেন কিছি কাম কা নহী ” বা “ইয়ে ইতনা আছান কেটচ থা কি শ্বোলে কা ঠাকুৰ ভি ইছে পকড় চকতা থা ” ( শ্বোলে চিনেমাৰ ঠাকুৰৰ দুয়োখন হাতেই নাছিল ) ,”পাকিস্থান কো গোলী চে নহী কোহলী চে ডৰ লগতা হ্যায় ” খঙাল বিৰাট কোহলিৰ চমৎকাৰ প্ৰদৰ্শনত সন্মোহিত হৈ কোৱা ” বিৰাট কা তেৱৰ মানো সোণে কা জেবৰ ( অলংকাৰ) “ফটে কলাৰ অঔৰ পিতে হুৱে বলাৰ কো ক্যোয়ী ইজ্জত নহী দেতা ” বা চেতেশ্বৰ পূজাৰাক দীৰ্ঘসময় ক্ৰীজত অতিবাহিত কৰাৰ বাবে উদ্দেশ্যি কোৱা” ইয়ে জীয়েন্দী না মিলেগী পূজাৰা ” ইত্যাদি অনেক ধৰণৰ খুহুতীয়া আমোদজনক ওৱান লাইনাৰ বোৰে বিৰক্তিকৰ খেল এখনতো দৰ্শকক আনন্দ দিয়াৰ লগতে মনোযোগ পুনৰবাৰ আকৰ্ষণ কৰিবলৈ সক্ষম হয় । আৰম্ভণিৰ অভাৰটোৰ পৰাই বলাৰক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি ছয়-চাৰিৰে দৰ্শকক মনোৰঞ্জন দিয়া বিধ্বংসী বেটছমেন বীৰেন্দৰ সেহৱাগে এতিয়া মাইক্ৰফোন হাতত তুলি লৈ দৰ্শকক সন্মোহনী কথনশৈলীৰে আমোদ দিবলৈ লৈছে । যাৰ ফলত খেলত বিশেষ উত্তেজনা নাথাকিলেও ছেহৱাগৰ কমেণ্ট্ৰিয়ে ঘণ্টাধৰি মন্ত্ৰমুগ্ধ কৰি ৰাখে ক্ৰিকেট প্ৰেমীক । এতিয়া ৰোহিত -কোহলিৰ বেটিংৰ লগতে ছেহৱাগৰ কমেণ্ট্ৰি শুনিবলৈ আগ্ৰহেৰে অপেক্ষা কৰে ক্ৰিকেট উপাসক সকলে । বলিউদৰ চিনেমাৰ জনপ্ৰিয় সংলাপবোৰক নিজস্ব সৃষ্টিৰে ক্ৰিকেটৰ উত্তেজনাময় বিভিন্ন পৰিস্থিতিৰ লগত খাপ খুৱাই দৰ্শকক আমোদ দিয়াত ছেহৱাগ সিদ্ধহস্ত । তেঁওৰ এই সন্মোহক কলাৰ বাবেই ঘূৰি আহিছে ক্ৰিকেট ধাৰাভাষ্যকাৰ সকলৰ হৃতগৌৰৱ ।
২২ গজৰ ৰণভূমিত নিজকে প্ৰতিষ্ঠা কৰাটো যিদৰে এক কষ্টসাধ্য কাম ,ঠিক তেনেদৰে এজন ভাল ধাৰাভাষ্যকাৰ বা ধাৰা বিৱৰণী দিয়াটোও আমোদজনক যদিও অত্যন্ত জটিল কাম । কথনশৈলী , শব্দসম্ভাৰ , যাদুকৰী কণ্ঠ উপস্থিত বুদ্ধিমত্তাৰ প্ৰয়োগ আৰু অভিজ্ঞতাৰ সঞ্চয়েৰেহে ভাল ধাৰাভাষ্যকাৰ হিচাপে জনমানসত প্ৰতিষ্ঠা লাভ কৰিব পাৰি । ভাল বেটছমেন বা বলিৰৰ প্ৰতিভা যিদৰে এপাচি শাকত এটা জালুক ঠিক সেইদৰে এজন ভাল ধাৰাভাষ্যকাৰ হোৱাটোও ইশ্বৰপ্ৰদত্ত প্ৰতিভাৰ ওপৰতে নিৰ্ভৰ কৰে । শ্ৰুতিমধুৰ যাদুকৰী কণ্ঠ , উপলব্ধ তথ্যৰ আমোদজনক ভাৱে উপস্থাপন , বাক্যৰ সুনিয়ন্ত্ৰিত চয়ন ,যথোপযুক্ত শব্দৰাজিৰ ব্যৱহাৰ , হাস্যৰসৰ সংমিশ্ৰণ ইত্যাদি এজন সফল জনপ্ৰিয় ধাৰাভাষ্যকাৰৰ পৰিচয় । বহুসময়ত দৰ্শকৰ বাবে বিৰক্তিকৰ হৈ উঠা এখন খেলে চতুৰ ধাৰাভাষ্যভাৰে আমোদজনক কৰি তোলে খুহুঁতীয়া তথ্যৰ অৱতাৰণা কৰি । ক্ৰিকেটৰ প্ৰত্যেকটো মূহুৰ্তক গভীৰ ভাৱে হৃদয়ংগম কৰি তাক শব্দৰে চিত্ৰায়িত কৰি দৰ্শকৰ চকুত জীৱন্ত কৰি তোলাটো অতিকে দুৰূহ কলা । এনেকুৱা বিৰল প্ৰতিভাধৰ ধাৰাভাষ্যকাৰ সততে তেনেকৈ দেখা নাযায় । ক্ৰিকেটৰ এই ডেৰশবছৰীয়া ইতিহাসত খুব কমেইহে এনেকুৱা ধাৰাভাষ্যকাৰৰ আৱিৰ্ভাৱ ঘটিছে ইয়াৰ ভিতৰত টনী গ্ৰেগ, ৰিচি বেনো ( দুয়োগৰাকী আছিল ক্ৰমে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ অধিনায়ক আৰু ক্ৰিকেটৰ কিংবদন্তি খেলুৱৈ ) , মাইকেল হল্ডিং, ইয়ান হিলি মাৰ্ক নিকোলাছ , টনী ক্ৰজিয়াৰ, জন আৰ’লট ,হৰ্ষা ভোগলে ,ৰবি শাস্ত্ৰী ,ৱাছিম আক্ৰাম ,ৰামিজ ৰাজা ,নৱজোৎ সিং সিদ্ধু ইত্যাদি কমেণ্ট্ৰি জগতৰ উল্লেখনীয় নাম । বহুসময়ত দেখা যায় যে এগৰাকী জনপ্ৰিয় আৰু সফল খেলুৱৈ ধাৰাভাষ্যকাৰ হিচাপে ব্যৰ্থতাক আঁকোৱালি ল’ব লগা হয়গৈ । ক্ৰিকেট জগতত এনে উদাহৰণ অজস্ৰ , কিন্ত কম খ্যাতিসম্পন্ন খেলুৱৈ তথা সাংবাদিকে হাতত মাইক্ৰফোন তুলি ৰচিছে ইতিহাস । ভাৰতৰ ক্ৰিকেট ইতিহাসৰ পৃষ্ঠা লুটিয়াই চালে দেখা পাম যে অতি নগণ্যসংখ্যক জনপ্ৰিয় ক্ৰিকেট ধাৰাভাষ্যকাৰ ।
ভাৰতবৰ্ষৰ ধাৰাভাষ্যকাৰৰ তালিকাখন প্ৰস্তত কৰিব চা‍ঁওতেই পোনপ্ৰথমেই মনলৈ আহে হৰ্ষা ভোগলে , ৰবি শাস্ত্ৰীৰ নাম , কিন্ত এইসকলৰ আগমনৰ বহু পূৰ্বেই ক্ৰিকেট ধাৰাবিৱৰণীক এক কলাত পৰিণত কৰি থৈ গৈছিল আমাৰ বহুতৰ বাবে অখ্যাত এ.ফ.ছ তালিয়াৰখানে। ৰঞ্জী ট্ৰফীৰ উদ্ভাৱনৰ বহু পূৰ্বেই ভাৰতৰ ঘৰুৱা ক্ৰিকেটৰ মূখ্য প্ৰতিযোগিতা পঞ্চদলীয় ক্ৰিকেটক( সেইসময়ত Pentangular trophy বোলা হৈছিল ) । ভাগ লোৱা দলসমূহ বিভক্ত আছিল নিজস্ব জাতি আৰু বৰ্ণপৰিচয়ক লৈ ,যেনেঃ- হিন্দুৰ দল , মুছলিমৰ দল , পাৰ্চীৰ দল , সংযুক্ত ইংৰাজৰ দল আৰু আনটো আছিল অন্য সংখ্যালঘূ ধৰ্ম আৰু সম্প্ৰদায়ৰ খেলুৱৈৰে গঠিত দল । খানচাহাবে নিজৰ অভূতপূৰ্ব শৈলীৰে ধাৰাবিৱৰণীক অনন্য মাত্ৰা দিছিল । সেইসময়ত যিহেতু মেচসমূহৰ পোনপটীয়া টিভি বা ৰেডিঅ’ সম্প্ৰচাৰ হোৱা নাছিল ; বম্বে জিমখানা বা ব্ৰেবৰ্ণ ষ্টেডিয়ামত গেলেৰীত আসনাবিষ্ট সম্ভান্ত দৰ্শকে খানচাহাবৰ কণ্ঠৰ ইংৰাজী ভাষাৰ ধাৰাবিৱৰণী শুনি পুলকিত হৈছিল , তেঁও দৰ্শকৰ হৃদয়ৰ সৈতে খেলৰ আমোদপূৰ্ণ গতিৰ সংপৃক্তকৰণ কৰিবলৈ সক্ষম হৈছিল । অনাগত সময়ত ভাৰতৰ ভূমিত খেলা বহুকেইখন আন্তঃৰাষ্ট্ৰীয় টেষ্টমেচৰ যুগমীয়া কণ্ঠৰুপে পৰিচিতি পাইছিল খানচাহাবে । তেখেতৰ প্ৰস্থানৰ পিছত এই দায়িত্ব গ্ৰহণ কৰে এসময়ৰ বিখ্যাত ধ্ৰুপদী বেটছমেন বিজয় হাজাৰেই , আকাশবাণীত ধাৰাভাষ্যকাৰ আৰু ক্ৰিকেট বিশ্লেষক হিচাপে যোগদান কৰা বিজয় হাজাৰে নতুন পেছাত মিশ্ৰিত সফলতা লাভ কৰিছিল ।

সুনীল ডোশী
সত্তৰৰ দশকৰ কালচোৱাত ভাৰতীয় ক্ৰিকেটত অভূতপূৰ্ব পৰিৱৰ্তনে দেখা দিয়ে । ১৯৬২ চনত নেতৃত্বৰ বাঘজৰী হাতত লোৱা টাইগাৰ পাটাউদীয়ে ( প্ৰকৃত নাম নবাব মনচুৰ আলী খান পাটাউদী) ভাৰতৰ দলটোক পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় দল হিচাপে সংগঠিত কৰি বহুকেইটা স্মৰণীয় জয় লাভ কৰে । ইয়াৰ পিছত ১৯৭১ চনত অজিত ৱাডেকাৰৰ নেতৃত্বত ভাৰতীয় দলটোৱে ক্ৰমে বেষ্ট ইণ্ডিজ আৰু ইংলেণ্ডক তেঁওলোকৰ ঘৰৰ মাটিতেই পৰাস্ত কৰি অসাধ্য সাধন কৰে । প্ৰলয়ংকাৰী ৱেষ্ট ইণ্ডিজৰ তীব্ৰগতিৰ ফাষ্টবলাৰ আৰু ইংলেণ্ডৰ প্ৰতিকূল পৰিস্থিতিত অলংঘণীয় দলটোৰ বিৰুদ্ধে সাব্যস্ত কৰা এই জয় ভাৰতীয়ৰ বাবে কোনো সপোনৰ কম নাছিল । এনেকুৱা দুৰ্দান্ত বিজয়ৰ পৰিপেক্ষিততেই ক্ৰিকেটৰ জনপ্ৰিয়তা হকীৰ সমান্তৰালকৈ বৃদ্ধি পাবলৈ ধৰে । কাৰণ হকীৰ লগে লগেই ক্ৰিকেটেই ভাৰতক আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ জগতত স্থান দিবলৈ সমৰ্থ হৈছিল যিহেতু অলিম্পিকত হকীৰ বাদে অন্য ইভেণ্ট বোৰত ভাৰতৰ প্ৰদৰ্শন আছিল শোচনীয় । ক্ৰিকেটেই আৱেগসৰ্বস্ব ভাৰতীয়ক গৌৰৱবোধ কৰাত সহায় কৰিছিল । এইবোৰ কাৰণতেই কালক্ৰমত ক্ৰিকেট উচ্চ মধ্যবিত্তৰ বিলাস আৰু প্ৰমোদৰ ঠেক পৰিসীমাৰ পৰা বাহিৰ হৈ সমাজৰ সকলো শ্ৰেণী আৰু সম্পদত পৰিণত হয় , কিয়নো ক্ৰিকেটে ইতিমধ্যেই ভাৰতীয় জাতীয়তাবাদৰ মধ্যমণি হিচাপে স্বীকৃতি লাভ কৰিছিল । গতিকে বৰ্ধিত জনপ্ৰিয়তাৰ লগতে আৰু সমাজৰ অন্যান্য আৰ্থিক শ্ৰেণীৰ চাহিদা পূৰণ কৰিবলৈ আগমণ ঘটে হিন্দী ভাষাৰ ধাৰাভাষ্যকাৰৰ । ক্ৰীড়া সাংবাদিক হিচাপে ইতিমধ্যেই খ্যাতি লাভ কৰা সুশীল ডোশীয়ে সহযোগী চন্দু চৰৱতেক সংগী কৰি আকাশবাণীত সত্তৰৰ দশকত আৰম্ভ কৰে হিন্দী ভাষাৰ কমেণ্ট্ৰীৰ বিপ্লৱ । কিন্ত আৰম্ভণিৰ সময়ছোৱাত তেঁওলোকৰ এই প্ৰচেষ্টাক অনেকেই ঠাট্টা ,ব্যংগৰে ওপচাই দিছিল । কিন্ত সমালোচনাক যোগ্য প্ৰত্যুত্তৰ দি আগবাঢ়ি গৈছিল স্বনামধন্য কমেণ্টেটৰ সুশীল ডোশী প্ৰমুখ্যে অন্যান্য সহযোগীসকল । সত্তৰৰ দশকৰ কালছোৱাত ক্ৰিকেটে জনগণৰ মাজত জনপ্ৰিয়তা লাভ কৰিলেও নিজৰ প্ৰিয় খেলবিধক ষ্টেডিয়ামত বহি উপভোগ কৰিবলৈ বেছিভাগ মানুহেই আৰ্থিক দিশৰ পৰা সমৰ্থ নাছিল গতিকে আকাশবাণীত খেলৰ সময়ত প্ৰচাৰিত অনুষ্ঠান ” আখোঁ দেখা হালে ” বিপুল জনপ্ৰিয়তা লাভ কৰে । আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ সাধ্যাতীত বিজুলীবাতিৰ সংযোগ অবিহনে চলা ৰেডিঅ’ আৰু ট্ৰেঞ্জিষ্টাৰত ক্ৰিকেট প্ৰেমীয়ে খেলৰ জুতি লৈছিল । এনেদৰেই ৰেডিঅ’ বা ট্ৰেঞ্জিষ্টাৰ উপলব্ধ থকা চেলুন , ব্যৱসায়িক প্ৰতিষ্ঠান , দোকান-পোহাৰ ইত্যাদি ক্ৰিকেটৰ সামাজিক মাধ্যম হৈ পৰিছিল । আকাশবাণীৰ জৰিয়তে ক্ৰিকেটৰ অন্যান্য অনুষ্ঠানো ধাৰাবাহিকৰুপে সম্প্ৰচাৰিত হৈ আছে , পুৰোহিত সুশীল জোশীয়ে আৰম্ভ কৰা এই যজ্ঞত পিছলৈ আহুতি দিয়ে সঞ্জয় বেনাৰ্জী , সুৰেশ সুৰাইয়া , বিনীত কুলকাৰ্ণী , বিনীত গাৰ্গ , বিবেক ৰাজদান , জশদেৱ সিং , ডঃ নৰোত্তম পুৰী আদিৰ দৰে খ্যাতনামা ধাৰাভাষ্যকাৰ সকলে । “ইয়ে বিএছ এন এল ছাক্কা কানেক্টিং ইণ্ডিয়া ” প্ৰতিটো বাউণ্ডেৰীৰ পিছত বাজি উঠা এই বিজ্ঞাপনটো প্ৰত্যেকজন ক্ৰিকেটপ্ৰেমীৰ মুখে মুখে একেলগে ইংৰাজী ভাষাতো সম্প্ৰচাৰ হোৱা ক্ৰিকেট কমেণ্ট্ৰিয়ে জনপ্ৰিয়তা লাভ কৰে ।
সঞ্জয় বেনাৰ্জী

জশদেৱ সিং
ৰেডিঅ যুগৰ প্ৰায় এটা দশক পিছত টেলিভিছনৰ যোগেদি আৰম্ভ হোৱা দৃশ্য-শ্ৰাব্যৰ সন্মিলিত সম্প্ৰচাৰৰ জনপ্ৰিয়তাতো ধাৰাভাষ্যকাৰসকলে উল্লেখনীয় ভূমিকা পালন কৰে । ১৯৮৩ চনৰ বিশ্বকাপৰ জৰিয়তেই অধিকাংশ ক্ৰিকেটপ্ৰেমীৰ টেলিভিছনৰ লগত পৰিচয় ঘটে । ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰত জয়ী হোৱা ফাইনেল খেলখনত ভাৰতীয় খেলুৱৈৰ দুৰ্দান্ত প্ৰদৰ্শনৰ সহিতে দৰ্শকক আমোদ দিছিল ৰবিকান্ত সিংৰ জুতি লগা কমেণ্ট্ৰিয়ে । ইয়াৰ পিছতেই ৰেডিঅ’ৰ লগতেই টেলিভিছন কমেণ্ট্ৰিৰো জয়যাত্ৰা অব্যাহত থাকে । দূৰদৰ্শনত তথা ৰেডিঅ’ত হিন্দী কমেণ্ট্ৰিৰ বিপুল জনপ্ৰিয়তাৰ মূলতেই আছিল ৰাষ্ট্ৰভাষা হিন্দীৰ ব্যাপক জনভিত্তি । আনকি দূৰদৰ্শনৰ প্ৰযোজক সকলে ক্ৰিকেটৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি ১৯৮৮ চনত ” ক্ৰিকেট উইথ মহিন্দৰ অমৰনাথ” শীৰ্ষক ক্ৰিকেট কোংচি সম্পৰ্কীয় অনুষ্ঠানো প্ৰচলন কৰা হয় য’ত যুৱ ক্ৰিকেটাৰ সকলক ক্ৰিকেট সম্পৰ্কে জ্ঞান দিছিল ভাৰতৰ অন্যতম সফল বেটছমেন মহিন্দৰ অমৰ নাথে ।
ইয়াৰ পিছৰ নব্বৈৰ দশকটি আছিল ভাৰতীয় ক্ৰিকেটৰ সোণালী যুগৰ গুটি সিঁচা বতৰ । ভাৰতৰ বজাৰত মুক্ত অৰ্থনীতিৰ আগমনে ক্ৰিকেটৰ বৃহৎ বজাৰখনলৈ হাতবাউল দি মাতিলে অজস্ৰ ধনাঢ্য কৰ্পৰেট খণ্ডক , যিবোৰে ভাৰতীয়ৰ হৃদস্পন্দন ক্ৰিকেটত বিনিয়োগ কৰি কোৰোণাৰে ধন চপাব বিচাৰিলে । একেসময়তেই বি চি চি আইৰ তদানীন্তন সভাপতি জগমোহন ডালমিয়াৰ নেতৃত্বত ক্ৰিকেট বৰ্ডেও ৰাজহ বৃদ্ধিৰ বাবে কেতবোৰ পদক্ষেপ হাতত লয় , ইয়াৰ ভিতৰত অন্যতম আছিল ১৯৯৩ চনৰ ঐতিহাসিক ছুপ্ৰিম কৰ্টৰ ৰায় । মূলতঃ ক্ৰিকেট মেচৰ সম্প্ৰচাৰৰ মালিকীস্বত্বক লৈ দূৰদৰ্শন আৰু বৰ্ডৰ মাজৰ সংঘাতক এই ৰায়ে অন্ত পেলায় । এইৰায়টোৱে ক্ৰিকেট মেচৰ সম্প্ৰচাৰ ৰাজহুৱা সম্পত্তি নহয় বুলি স্বীকৃতি দি বি চি চি আইক এই মেচসমূহৰ মালিকীস্বত্ব গতাই দিয়ে । ইয়াৰ জৰিয়তে মেচৰ সম্প্ৰচাৰৰ স্বত্ব নতুনকৈ জন্ম লোৱা ছেটেলাইট চেনেলসমূহক বিক্ৰী কৰি ৰাজহ উপাৰ্জন কৰাটো বি চি চি আইৰ পক্ষে সহজ হৈ পৰিল । ভাৰতত নব্বৈৰ দশকৰ সময়লৈ ইতিমধ্যেই টেলিভিছন ছেট সহজলভ্য হৈ পৰিছিলেই , লগতে ১৯৮৭ চনৰ বিশ্বকাপৰ জ্বৰে সমগ্ৰ দেশকেই জোকাৰি গৈছিল । মুক্ত অৰ্থনীতিৰ আশীৰ্বাদ তথা ছুপ্ৰিম কৰ্টৰ ঐতিহাসিক ৰায়ক একেলগে সন্মিলিত কৰি ক্ৰিকেটৰ বাণিজ্যকৰণৰ পৰিকল্পনা নিঁখুত ভাবেই কৰিছিল তদানীন্তন বৰ্ড সভাপতি জগমোহন ডালমিয়াৰ চতুৰ মগজুৱে । ১৯৯৩ চনত ছুপ্ৰিম কৰ্টে বিচিচিআই আৰু দূৰদৰ্শনৰ মেচ সম্প্ৰচাৰৰ ৰাজহক লৈ হোৱা আইনী যু‌ঁজত ক্ৰিকেট বৰ্ডৰ সপক্ষে ৰায় দি কয় যে ক্ৰিকেট মেচসমূহ কোনোপ্ৰকাৰেই ৰাজহুৱা সম্পত্তি নহয় । ইয়াৰ দ্বাৰাই ক্ৰিকেটৰ বিপননৰ দ্বাৰা ধন চপোৱাৰ পথ সুগম হ’ল । ক্ৰিকেটৰ বৰ্ধিত জনপ্ৰিয়তাই হাতবাউল দি মাতিলে ১৯৯১ চনত প্ৰধানমন্তী নৰসিংহ ৰাওৱে নিষ্কণ্টক কৰা পথেৰে ভাৰতত প্ৰৱেশ কৰা বিদেশী বহুজাতিক কোম্পানীবোৰক । ১৯৯৩ যু‍ঁজৰ প্ৰধান সেনাপতি জগমোহন ডালমিয়াই ক্ৰিকেট মেচৰ সম্প্ৰচাৰ স্বত্ব বিক্ৰীৰ তথা বাণিজ্যকৰণৰ জৰিয়তে ধন উপাৰ্জন কৰিবলৈ ভাৰতত অনুষ্ঠিত কৰে চৰ্তুদেশীয় হিৰো কাপ আৰু অন্যান্য বহু দেশীয় প্ৰতিযোগিতা । ভাৰতত পোন প্ৰথমবাৰৰ বাবে ৰঙীন পোছাক , বগা বল ব্যৱহাৰেৰে আৰু ফ্লাড লাইটৰ তলত অনুষ্ঠিত হোৱা এই টুৰ্ণামেণ্টবোৰৰ সম্প্ৰচাৰৰ দায়িত্ব লাভ কৰে ব্যক্তিগত খণ্ডৰ ষ্টাৰ চেনেলে । এই মেচসমূহ সম্প্ৰচাৰৰ যোগেদি বুজন পৰিমাণৰ ৰাজহ লাভ কৰিবলৈ সক্ষম হয় ডালমীয়া নেতৃত্বাধীন বিচিচিআইয়ে ।
হৰ্ষা ভোগলে
এনেদৰেই ইউৰোপীয় সকলে অৱসৰ বিনোদনৰ বাবে খেলা ক্ৰিকেট পৰিণত হয় বজাৰৰ অন্যতম পণ্যত । ষ্টাৰ ইণ্ডিয়াক কোৰোণাৰে ধন চপোৱা দেখি অন্য চেনেলবোৰেও নামি গ’ল ধন ঘটাৰ লোভনীয় যুঁজত । নতুন নতুন চেনেলৰ আগমণে চাহিদা বৃদ্ধি কৰিলে ধাৰভাষ্যকাৰসকলৰ । চেনেলসমূহে বজাৰৰ চাহিদা তথা গুৰুত্ব উপলব্ধি কৰি প্ৰাক্তণ ক্ৰিকেটাৰসকলক ধাৰাভাষ্যকাৰৰ দায়িত্ব প্ৰদান কৰিছিল । এইসূত্ৰেই সুনীল গাভাস্কাৰ , ৰবি শাস্ত্ৰী , লক্ষণ শিৱৰামকৃঞ্চণ , নৱজোৎ সিং সিদ্ধু বেট-বলক বিদায় জনোৱাৰ পিছত মাইক হাতত লৈ ক্ৰিকেটপ্ৰেমীৰ হৃদয়ত পুনৰ স্থান লাভ কৰে । এইক্ষেত্ৰত কিছু ব্যতিক্ৰম আছিল নৱজোৎ সিং সিন্ধু , সিদ্ধুৱে ক্ৰিকেটৰ কাৰিকৰী দিশসমূহকো বহুমাত্ৰিক শৈলীৰে উপস্থাপন কৰি একপ্ৰকাৰৰ বৈপ্লৱিক ধাৰাৰ সূচনা কৰে । তেঁওৰ অনন্য ওৱান লাইনাৰ পিছত “সিদ্ধুজিম” বা সিদ্ধুবাদ হিচাপে পৰিচিতি লাভ কৰে । তেঁওৰ জনপ্ৰিয় ওৱান লাইনাৰবোৰ আছিল ” পৰিসংখ্যা এটা বিকিনিৰ দৰে যিখিনি উন্মুত্ত কৰে সেইখিনি আৰু যিখিনি ঢাকোন দিয়ে সেইখিনি প্ৰয়োজনীয় ” ,” বলটো ইমান ওপৰলৈ গৈছে যে নামি অহালৈকে এয়াৰ হোষ্টেছ এজনীক চুমা দি আহিব ” , ” উইকেট সাইলাখ পত্নীৰ দৰে , দুয়োৱে কোনমূহুৰ্তত কি আচৰণ কৰিব কোনেও ক’ব নোৱাৰে ” , “পাকিস্থানে গধুৰ ৰোলাৰ ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে , সেইবাবে ইনজিক ( ইনজামাম উল হক) ফিল্ডৰ সোমাজত দেখা গৈছে ” । ঠিক একেদৰেই ৰবিশাস্ত্ৰীৰ “ট্ৰেচাৰ বুলেট” শব্দৰাজিও অতিকৈ জনপ্ৰিয় , উল্লেখ্য যে ভাৰতীয় ক্ৰিকেটৰ স্মৰণীয় মূহুৰ্তবোৰ ৰবি শাস্ত্ৰীৰ কণ্ঠতেই বন্দী হৈছে । ভাৰতৰ ২০০৭ আৰু ২০১১ চনৰ বিশ্বকাপ জয় , যুৱৰাজ সিংৰ ছটা বলত মৰা ছটা ছয় , শচীন তেণ্ডুলকাৰৰ এদিনীয়াৰ দ্বিশতকৰ অভিলেখ ইত্যাদি স্বৰ্ণিল মূহুৰ্তবোৰ সম্প্ৰচাৰৰ সময়ত নিজৰ যাদুকৰী কণ্ঠেৰে চিৰদিনলৈ সাঁচি থয় ৰবি শাস্ত্ৰীয়ে । ৰবি শাস্ত্ৰীৰ উক্ত উত্তেজিত কথনশৈলীৰ আবেদনযুক্ত বাক্যবোৰ চিৰদিনলৈ ক্ৰিকেট প্ৰেমীৰ কাণত গুঞ্জ্যিত হৈ ৰ’ব । পেছাদাৰী ক্ৰিকেট নেখেলিলেও হৰ্ষাভোগেলে ধাৰাভাষ্যকাৰ তথা বিশ্লেষকৰুপে ক্ৰিকেট প্ৰেমীৰ মাজত এটা সমাদৃত নাম । নিখুঁত কাৰীকৰী জ্ঞান তথা আকৰ্ষক কথনশৈলীৰ বাবে হৰ্ষাভোগলৰ গুণমুগ্ধৰ সংখ্যা অজস্ব্ৰ । হৰ্ষাভোগলেৰ জনপ্ৰিয় ওৱান লাইনাৰো জনপ্ৰিয় । চেতেশ্বৰ পূজাৰাৰ টি-টুৱেণ্টিৰ মন্থৰ গতিৰ বেটিংক সমালোচনা কৰি কোৱা ” য়ো য়ো হানি সিংঙৰ দিনত পূজাৰা এতিয়াও এজন ধ্ৰুপদী সংগীতজ্ঞ ” , মাইকেল ক্লাৰ্কে আম্পায়াৰে আউট ঘোষাণা কৰাৰ পিছতো ক্ৰিজ এৰিবলৈ অপাৰাগ হোৱাত ভোগলেই কোৱা ” মোৰ বোধেৰে ক্লাৰ্কে আউট হোৱাৰ ঘোষণাটো পাবলৈ অহাকালিৰ কাকতলৈ বাট চাই আছে ” । হৰ্ষাভোগলে ক্ৰিকেটৰ লিখক হিচাপেও পৰিচিত । দেশৰ আগশাৰীৰৰ সংবাদপত্ৰসমূহত হৰ্ষাভোগলে এজন নিয়মীয়া লেখক ।
মন্দিৰা বেদী
বিংশ শতাব্দীৰ আগমণৰ লগে লগে ক্ৰিকেটৰ দুনিয়াত আৱিৰ্ভাৱ ঘটিল গ্লেমাৰৰ । ক্ৰিকেটাৰ আৰু বলীউদৰ মোহময়ী অভিনেত্ৰীৰ গুপুত প্ৰেমৰ চৰ্চাই কাকত-আলোচনীৰ শিৰোনাম দখল কৰিবলৈ ল’লে । খেলুৱৈৰ ক্ৰীড়া শৈলীৰ লগতে গ্লেমাৰৰ সংযোজনে বাজিমাৎ কৰিলে ক্ৰিকেট প্ৰেমীসকলক । খেলুৱৈৰ ব্যক্তিগত জীৱনৰ আলম লৈ যেতিয়া ক্ৰিকেটতত গ্লেমাৰৰ পয়োভৰ ঘটিল তেতিয়া ক্ৰীড়া প্ৰযোজকৰ সুচতুৰ মগজুৱে ষ্টুডিঅ’লৈ গ্লেমাৰক নিমন্ত্ৰণ দিলে । ২০০৩ চনৰ দক্ষিণ আফ্ৰিকা বিশ্বকাপৰ সময়ত পোনপ্ৰথমবাৰৰ বাবে টেলিভিছন ষ্টুডিঅ’ত মহিলা ধাৰভাস্যকাৰৰ প্ৰৱেশ ঘটিল , মোহময়ী মন্দিৰা বেদীয়ে আ‍ঁত ধৰা মেচৰ পাতনি অনুষ্ঠানৰ প্ৰতি দৰ্শকে ইতিবাচক সঁহাৰি জনালে । পুৰুষৰ দ্বাৰা নিয়ন্ত্ৰিত তথা পৰিচালিত খেল ক্ৰিকেটত মহিলাৰ ইতিবাচক অংশগ্ৰহণে বিদ্বৎ মহলৰ পৰাও প্ৰশংসা পালে । মন্দিৰা বেদীৰ আগমণে অইন মহিলা সহযোগীৰ বাবেও পথ সুগম কৰিলে , আনহে নেলাগে ৰাজহুৱা খণ্ডৰ দুৰদৰ্শনেও তেঁওলোকৰ ক্ৰিকেটৰ অনুষ্ঠানবোৰত মহিলাক নিয়োগ কৰিলে ।
শিৱানী ডাণ্ডেকাৰ
২০০৭ চনত অনাকাংশিতভাৱে টি-টুৱেণ্টি বিশ্বকাপ জয়ে ভাৰতীয় ক্ৰিকেট প্ৰেমীলৈ পূৰ্বৰ আস্থা তথা আগ্ৰহ ঘূৰাই আনিলে স্মৰ্তব্য যে কেইমাহপূৰ্বে ভাৰতীয় দল ৫০ অভাৰৰ বিশ্বকাপত শোচনীয় ভাৱে পৰাস্ত হৈছিল , যুৱখৈলুৱৈৰে গঠিত দল এটাইযে বিশ্বকাপ জয় কৰিব সেইকথা যিকোনো গুণমুগ্ধৰ বাবে আছিল সপোনৰো অগোচৰ । টি-টুৱেণ্টি বিশ্বকাপ জয়ৰ সূত্ৰে ভাৰতীয় দৰ্শকৰ মাজত ২০ অভাৰৰ মেচৰ জ্বৰ সংক্ৰমিত হ’ল , ভাৰতীয় দৰ্শকৰ এনে ব্যাকুলতা দেখি ক্ৰিকেট বৰ্ডে ইংলেণ্ডৰ কাউণ্টি ক্ৰিকেটৰ আৰ্হিত ব্যক্তিগত মালিকানাধীন টীমৰ মাজত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰে ২০ অভাৰৰ টুৰ্ণামেণ্ট যাক নামাকৰণ কৰা হৈছিল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ বুলি । এই টুৰ্ণামেণ্টখনে ক্ৰিকেট মেচৰ সম্প্ৰচাৰ তথা ধাৰভাষ্যকাৰৰ জগতখনৰ ইতিহাসেই সলনি কৰি দিয়ে । আই পি এলৰ জৰিয়তেই জন্ম পালে সম্প্ৰচাৰৰ লগত জড়িত আন এটা বৃত্তি যাক কোৱা হ’ল “স্পৰ্টছ প্ৰেজেণ্টৰ বুলি ।
মায়ান্তী লেংগাৰ
ক্ৰিকেটৰ প্ৰতি আকৰ্ষণ অধিক বৃদ্ধি কৰিবলৈ এইবিধ বৃত্তিত নিয়োগ কৰা হ’ল দেখনিয়াৰ ,সুন্দৰ সুঠাম, বাকপটু প্ৰতিভাসম্পন্ন যুৱক -যুৱতীসকলক । গৌৰৱ কাপুৰ , সমীৰ কোচ্চাৰ , শিৱানী দাণ্ডেকাৰ , অৰ্চনা বিজয়া , ৰছেলিমাৰিয়া ৰাও, মায়ান্তী লেংগাৰ ,পল্লৱী শাৰদা এইক্ষেত্ৰত জয়প্ৰিয় ব্যক্তি । স্বল্পবস্ত্ৰ পৰিহিতা এইসকল যুৱতীয়ে যেতিয়া ভুৱনভুলোৱা হাঁহি আৰু লয়লাস ভংগীমাৰে ক্ৰিকেটৰ বিশ্লেষণ , খেলুৱৈৰ সাৎক্ষাকাৰ আৰু অন্যান্য প্ৰগ্ৰামবোৰ পৰিচালনা কৰিবলৈ ধৰিলে তেতিয়া মেচৰ সম্প্ৰচাৰ নোহোৱা সময়তো দৰ্শক চুম্বকীয় শক্তিৰ দৰেই টেলিভিছন ছেটৰ প্ৰতি সন্মোহিত হ’ল । কিন্ত ক্ৰিকেটৰ এইবিধ নতুন উৎপাদনে কেতিয়াও ধাৰাভাষ্যকাৰৰ ভূমিকাক ম্লান কৰিব নোৱাৰে ।
গৌৰৱ কাপুৰ

অৰ্চনা বিজয়া
ধাৰভাষ্যকাৰ সকলে সময়ে সময়ে বিতৰ্কৰ সৃষ্টি কৰাৰ উদাহৰণো যথেষ্ট । শেহতীয়াকৈ ব্যক্তিগত প্ৰদৰ্শনকলৈ খেলুৱৈ ৰবীন্দ্ৰ জাডেজা আৰু ধাৰাভাষ্যকাৰ সঞ্জয় মানজেৰকাৰৰ মাজত চলা টুইটাৰৰ শব্দ-শেলৰ বিতৰ্কই অনুৰাগীক বিমৰ্ষ কৰি তুৰিছে । ইয়াৰ পূৰ্বেও অষ্ট্ৰেলিয়াৰ কিংবদন্তি ডীন জোনছে চলন্ত মেচৰ ধাৰাবিৱৰণী দিঁওতে হাছিম আমলাক সন্ত্ৰাসবাদী বুলি অভিহিত কৰি চৌদিশে সমালোচনাৰ পাত্ৰ হৈছিল । ২০১৬ চনৰ বিশ্বকাপৰ সময়ত অধিনায়ক মহেন্দ্ৰ সিং ধোনী আৰু অমিতাভ বচ্চনৰ ৰোষত পৰি ধাৰাভাষ্যকাৰৰ চাকৰি হেৰুৱাইছিল কিংবদন্তি হৰ্ষাভোগলেই । তেঁওৰ প্ৰতি অমিতাভ বচ্চনে অভিযোগ আনিছিল যে তেঁও ভাৰতীয় খেলুৱৈৰ প্ৰশংসাৰ ক্ষেত্ৰত কৃপনালি কৰে , যিটো বিদশী খেলুৱৈৰ লগত সম্পূৰ্ণ ওলোটা । পৰৱৰ্তী সময়ত হৰ্ষাভোগলে ইয়াক নাকচ কৰি স্পষ্টিকৰণ দিলেও বিচিচিআইয়ে তেঁওৰ লগত থকা চুক্তি বাতিল কৰিছিল । লগে লগে সচেতন ক্ৰিকেট প্ৰেমীয়ে এই অন্যায়ৰ প্ৰতিবাদ কৰি হৰ্ষাভোগলেৰ সমৰ্থনত থিয় দিছিল । ইয়েই প্ৰমাণ কৰে ক্ৰিকেট বলিয়া দেশত ধাৰাভাষ্যকাৰৰ বিপুল জনপ্ৰিয়তা । ভাৰতীয় দলৰ বৰ্তমানৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়েও চলন্ত মেচৰ সম্প্ৰচাৰৰ সময়ত ইংলেণ্ডৰ প্ৰাক্তণ অধিনায়ক নাছিৰ হুছেইনৰ লগত তৰ্কযুদ্ধত লিপ্তহোৱাটোৱে বিতৰ্কৰ সৃষ্টি কৰিছিল । নাছিৰ হুছেইনে ভাৰতীয় খেলুৱৈৰ প্ৰতি আগবঢ়োৱা তিৰ্যক মন্তব্যৰ প্ৰতিবাদ কৰিছিল ৰবি শাস্ত্ৰীয়ে ।এনে কথা নহয় যে সকলো ধাৰাভাষ্যকাৰক ৰাইজে আকো‌ঁৱালি লৈছে , এই বৃত্তিত বিফলৰ সংখ্যাও তাকৰ নহয় । উদাহৰণস্বৰুপে সঞ্জয় মাঞ্জেৰকাৰ আৰু আকাশচোপ্ৰাৰ বিৰক্তিকৰ ধাৰাবিৱৰণীত বিতুষ্ট হৈ অনেকই ফেচবুক টুইটাৰৰ মাধ্যেমেৰে বিষেদগাৰ ব্যক্ত কৰিছে ।
পল্লৱী শাৰদা
শেহতীয়াকৈ স্মাৰ্টফোনৰ দ্ৰুত উন্নতকৰণ আৰু ইণ্টাৰনেটসেৱাৰ সহজলভ্যকৰণৰ সুবাদত ইউটিউবতো ক্ৰিকেটৰ শ্ব’সমূহ জনপ্ৰিয় হৈছে , তাৰ ভিতৰত গৌৰৱ কাপুৰৰ “ব্ৰেকফাষ্ট উইথ চেম্পিয়ণ” বিক্ৰম চাথায়েৰ ” হোৱাট দ্য ডাক ” অপাৰশক্তি খুৰানাৰ “ক্ৰিকেট ড়ায়েৰিজ” অন্যতম । এইবোৰ সমূহ জনপ্ৰিয় শ্ব’ৱে অনুপ্ৰেৰণা লৈছিল নাছিৰুদ্দিন শ্বাহে আঁত ধৰা এপিক টিভিৰ ” মিদ উইকেট টেলছ “, ষ্টাৰ স্পৰ্টছৰ হৰ্ষাভোগলেৰ ” This Week special ” আজটকৰ শ্বেতা সিংঙৰ “সৌৰভ কা ছিক্সাৰ” আদি জনপ্ৰিয় অনুষ্ঠানৰ পৰা ।
ক্ৰিকেট বৰ্তমান ভাৰতীয়ৰ কমন ব্লাড গ্ৰুপ , ভাৰতৰ মানুহৰ শিৰাই-ধমনীৰে ক্ৰিকেটৰেই ৰক্ত প্ৰবাহিত হয় । শত-সহস্ব্ৰ হৃদস্পন্দন উঠা-নমা কৰে কেৱল ক্ৰিকেটৰ বাবেই । যিটো সময়ত অইন খেলে খেলুৱৈক আৰ্থিক নিৰাপত্তা দিব পৰা নাই ক্ৰিকেটে সেইটো সময়তে নিজৰ খেলুৱৈক বিত্তশালী কৰাৰ লগতে সামাজিক প্ৰতিছব্বিও সুদৃঢ় কৰাত অৰিহণা যোগাইছে ‌। ক্ৰিকেটে এহাতে যিদৰে ভাৰতীয়ৰ গৌৰৱ-অহংকাৰৰ প্ৰতিমূৰ্তি তথা ধ্বজ্জাবাহক হৈ উঠিছে সেইদৰে অন্যহাতেৰে লাভাম্বিত কৰিছে খেলুৱৈ , ক্ৰিকেট বৰ্ড আৰু কৰ্পোৰেট গোষ্ঠিক । ক্ৰিকেটৰ এই সফলতাৰ বৰ্ণিল যাত্ৰাত ধাৰাভাষ্যকাৰ সকল অন্যতম অংশীকাৰ । এই যাত্ৰাত ডালিয়াৰ খান ,সুনীল ডোশীৰ পৰা শেহতীয়াকৈ হৰ্ষাভোগলে , বীৰন্দৰ ছেহৱাগ, ইৰফান পাঠানো নিজৰ নিজৰ অৰিহণাৰ বাবে ধন্যবাদৰ পাত্ৰ ।
( ৯ জুলাই, ২০১৯ তাৰিখৰ 'নিয়মীয়া বাৰ্তা'ত প্ৰকাশিত)
সুমন্ত সৌৰভ কাকতিঃ ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী। খেলৰ বিশেষকৈ ক্ৰিকেট, ভলীবল আৰু কাবাদী আৰু যুঁজাৰু বিমান সন্দৰ্ভত তেওঁৰ যথেষ্ট সংখ্যক প্ৰৱন্ধ প্ৰকাশ পাইছে।

Sumanta's Blog: ব্যতিক্ৰম – MAVERICK

Connect Sumanta on Facebook: Click here




Comments

Popular posts from this blog

মাতৃভাষা আৰু আমাৰ দায়িত্ব

Photo Source:  www.bragitoff.com অসমীয়া ভাষাৰ ব্যৱহাৰ আৰু বিদ্যালয়ত অসমীয়া ভাষা শিক্ষণ মাধ্যম হোৱাৰ ক্ষেত্ৰত ইতিমধ্যে যথেষ্ট বাদানুবাদ আৰম্ভ হৈছে আৰু এই সন্দৰ্ভত সকলোৱে একমত হ ' ব পৰাকৈ যিকোনো এটা সিদ্ধান্ত এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই(হয়তু নহব) । অসমীয়া ভাষাৰ প্ৰচাৰ , ব্যৱহাৰ , অসমৰ শিক্ষাৰ মাধ্যম হিচাপে কেৱল অসমীয়া ভাষাৰ ব্যৱহাৰ কৰা আদিবোৰ সততে সংবাদ মাধ্যমৰ শীৰ্ষস্থান অধিকাৰ কৰা দেখিবলৈ পোৱা গৈছে।   প্ৰত্যেক বছৰে মেট্ৰিকৰ ফলাফল ঘোষণা কৰাৰ পাছত বাতৰিকাগজৰ শিৰোনামবোৰেও (উদাহৰণস্বৰূপে ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ জয়যাত্ৰা) এইক্ষেত্ৰত এক ভূমিকা বহন কৰা দেখা যায়। পোনপ্ৰথমে আমি ইংৰাজী ভাষাৰ আগ্ৰাসনৰ কথাকে যদি চাবলৈ যাওঁ , ইয়াৰ মূলতে হ ' ল ইংৰাজসকলৰ সমগ্ৰ বিশ্বত উপনিৱেশ স্থাপনৰ যি প্ৰক্ৰিয়া , তাৰ ফলত প্ৰায় সৰু বৰ সকলো দেশতে এই ভাষাৰ প্ৰচলন আৰু ফলাফলস্বৰূপে বিশ্বৰ প্ৰধান ভাষা হিচাপে এতিয়া ইংৰাজী ভাষাৰ সিংহাসন লাভ। প্ৰায়সংখ্যক দেশৰে প্ৰধান ভাষা( official language) হিচাপে ইংৰাজী ভাষা ব্যৱহাৰ হৈ আহিছে আৰু শেহতীয়া তথ্যমতে সমগ্ৰ বিশ্বৰ দুই মিলিয়ন লোকে তথ্যৰ আদান প্ৰদা

প্ৰিয়বন্ধু

Photo source: http://srzimmartist.blogspot.com (ৰচনাকালঃ ২০০৯) ঘণ্টাটো পৰাৰ লগে লগে গোটেই শ্ৰেণীটোৱেই প্ৰাণ পাই উঠিল। সকলোৱে চিঞৰ বাখৰ কৰি বাহিৰলৈ ওলাই গ'ল যদিও এজন তাৰ ব্যতিক্ৰম। ভালকৈ লক্ষ্য কৰিলে দেখা যায় যে দুচকুত অশ্ৰুৰ জিলিকণি, উদাস মুখৰ ভাও দি থকা এজন ল'ৰা। কিছুসময় পাছতঐ তালৈ এজাক ছোৱালীৰ আগমণ ঘটিল। সিহঁতৰ উশৃংখল হাঁহি, মন্তব্যবোৰে ল'ৰাটোৰ চকুপানীৰ নৈখন খৰস্ৰোতা হোৱাতহে সহায় কৰিলে। নাম তাৰ বৰুণ। শ্ৰেণীৰ আটাইতকৈ শান্ত ল'ৰা। শান্ত মানে একেবাৰে মুখৰ পৰা মাত নোলায়েই। কিন্তু তাৰ মনটো বৰ বহল। শ্ৰেণীৰ সকলো শিক্ষকৰে প্ৰিয়পাত্ৰ সি। তাৰ নম্ৰ, ভদ্ৰ আচৰণে তাক বিপদত নেপেলোৱাও নহয়। বিশেষকৈ, শ্ৰেণীৰ উৎপতীয়া কেইবাটাও ল'ৰাই তাৰ চৰিত্ৰ নষ্ট কৰাৰ চেষ্টা চলায়েই থাকে। কিন্তু তৰোৱালতকৈ কলম সদায় শক্তিশালী। তাৰ চৰিত্ৰ নামে বগা কাজগখিলাত সি ধূলিকণা এটাও পৰিবলৈ নিদিয়ে। শ্ৰেণীত তাৰ স্থান চতুৰ্থ। স্থানক লৈ সি কোনোদিনে গৰ্ব কৰা নাই আৰু তাক দেখিলে এনে লাগে যেন সি সেয়া কৰাৰ প্ৰয়োজনবোধো কৰা নাই। সময়মতে স্কুললৈ আহি শিক্ষকৰ নিৰ্দেশানুসৰি নিয়মমাফিক কৰ্ত্তব্যসমাপন কৰি সি

আকাশবাণী

     সৰুতে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি ভাত খোৱাৰ পৰলৈকে যদি কিবা এটা বস্তু একেৰাহে আমাৰ লগত লাগিয়ে থাকে বুলি কবলৈ যাওঁ , নিশ্চয়কৈ তাৰ ভিতৰত ৰেডিঅ ' ৰ নামটোও সংলগ্ন কৰিব লাগিব। আজিকালিৰ ছাত্ৰ-ছাত্ৰীসকলৰ কথা নাজানো , কিন্তু মই হোষ্টেল অহাৰ আগলৈকে নিয়মীয়াকৈ ৰেডিঅ ' ৰ অনুষ্ঠান উপভোগ কৰিছিলোঁ। প্ৰকৃততে ৰেডিঅ ' শুনাটো একপ্ৰকাৰৰ বাকীবোৰ দৈনন্দিন কামৰ দৰেই আছিল। আমাৰ অঞ্চলত গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ অনুষ্ঠানসমূহ সম্প্ৰচাৰিত হোৱাত অসুবিধা হৈছিল(দূৰত্বৰ বাবে) আৰু আমাৰ ৰাতিপুৱাবোৰ আৰম্ভ হৈছিল ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ পৰা সম্প্ৰচাৰিত ৰাতিপুৱাৰ অনুষ্ঠানসমূহৰ জৰিয়তে। এক বিশেষ সুৰ ধ্বনিৰ জৰিয়তে কেন্দ্ৰৰ প্ৰত্যেকখন অধিৱেশন আৰম্ভ হৈছিল।

মোৰ নৱছাত্ৰাবাস

“ মই অহাৰ লগে লগে সাউতকৈ উঠি গৈ ফুল ছাৰ্টটো পিন্ধিলি যে ? হা ? গৰম উঠা নাই নেকি ?” “ ছাৰ হ ’ ব , একো নহয় । ইমান গৰমো   উঠা নাই ” “ অ , হ ’ ব বাৰু । ইয়াত থাকি পঢ়া শুনা কৰিবলে খালি নেপাহৰিবি । ঢকুৱাখনাৰ পৰা পঢ়িবলে আহিছ , পঢ়িবি , কিবা অসুবিধা পালে মোক কবি , ৰাকেশ পৰাণক কবি ” । ৰাকেশ পৰাণ মানে হোষ্টেলৰ সেইসময়ৰ মণিটৰ ৰাকেশদা আৰু পৰাণদা । ৰাকেশদা মোৰ ৰুমমেটো আছিল । নিজৰ কোঠাৰ পৰা বাহিৰলে ওলালেই তথা ৰূমলে কোনোবা ছিনিয়ৰ আহিলে যাতে আমাক ফুলছাৰ্ট আৰু লংপেণ্ট পিন্ধা দেখা পায় , তেনেকুৱা এটা কটকটীয়া নিয়মে আমাক সকলোক বান্ধি থৈছিল । জুন মাহৰ শেষ দিন । ইমান সময়ে যেনতেন সহ্য কৰি অধীক্ষক ড০ বিমান চেতিয়া ছাৰে কথাখিনি কৈ মোৰ ৰুমৰ দুৱাৰখন পাৰ হোৱাৰ লগে লগেই ছাৰ্টটো খুলি পেলাই ফেনৰ তলত বহি পৰিলোঁ ।

অসমীয়া ভূচিত্ৰাৱলী

---চন্দ্ৰমা দুৱৰী বৰগোহাঞি--- ২০১৮ চনৰ ৪ ফেব্ৰুৱাৰীৰ দেওবৰীয়া বিচিত্ৰাত ৰবেন্দ্ৰ কুমাৰ দাসদেৱৰ ভূচিত্ৰাৱলীৰ বৰ্ণনাই আমাকো লৈ গ'ল দূৰ অতীতৰ তৃতীয় চতুৰ্থ পঞ্চম শ্ৰেণীত অঁকা আমাৰ চিৰচেনেহী জন্মভূমি অসমৰ মানচিত্ৰখনলৈ। ১৯৬৭ চনত যেতিয়া ৩য় শ্ৰেণীৰ বৃত্তি পৰীক্ষা দিবলৈ বাচনিভুক্ত হলো, ভূগোল বিষয়ত নিজ জিলাৰ এখন মেপ আঁকি জিলাৰ সদৰ ঠাই, নদী আদি বহুৱাবলৈ আহিছিল। তাৰ পাছত অসমৰ মেপ খন আকিবলৈ আমাক শ্ৰ্দ্ধাৰ গগন চেতিয়া ছাৰে শিকাইছিল। দাসদেৱে কোৱাৰ দৰে প্ৰথমে মেপখনৰ চাৰিসীমা জুখি স্কেলৰ সহায়ত সমান সমান জোখত বৰ্গক্ষেত্ৰ  আঁচ দি মেপখন আঁকিবলৈ শিকাইছিল। তাৰপাছত জিলাৰ সদৰ ঠাই, তেলৰ পুঙ থকা ঠাই, নদী আদি বহুৱাবলৈ দেখুৱাই দিয়ে। বিদ্যালয়ত থকা অসমীয়া ভূচিত্ৰাৱলীখনৰ পৰা ছাৰে মেপত থকা জিলাৰ সদৰ ঠাই, উত্তৰবাহিনী-দক্ষিণবাহিনী নদীবোৰ, তেল শোধনাগাৰ থকা ঠাইৰ নামসমূহ লিখি মেপত বহুৱাই আনিবলৈ দিয়ে। ঘৰত আহি ককাইদেউহঁতক খাটনি ধৰোঁ ভূচিত্ৰাৱলী এখন লাগে নিজাকৈ। ককাইদেউ বাইদেউহঁতৰ ভূচিত্ৰাৱলী বিলাক সিহঁতক দৰকাৰ হোৱাৰ বাবে দেউতাই নতুনকৈ মোক এখন ভূচিত্ৰাৱলী কিনি দিছিল। বিদ্যালয়লৈ আনিলে ভূগোল পিৰিয়ডত আটাইয়ে লগ হৈ ভূ

প্ৰতিধ্বনি

পল্লৱীয়ে যদি আগতে স্কুললৈ যোৱাৰ আগতে মাকক কয় , মই বইল কৰা কণী খাবলৈ বেয়া পাওঁ , মোক ভাজি দে , মাকে ক ’ ব বায়েৰে দেখোন একোতে অজুহাত দেখুৱাই নেপায় , তইনো কেনেকৈ ইমান আলসুৱা স্বভাৱৰ হলি । আৰু তাৰ পাছত তাই বইল কৰা কণীটো খঙতে নি পকা মজিয়াত পেলাই দিলে কণীটো খাব পৰাও হৈ থাকে , মজিয়াখনো নাভাঙে আৰু অৱশেষত গৈ তাই ভাজি কৰা কণীও খাবলৈ নাপায় । পাছত বায়েক বসুন্ধৰাই নিজৰ ভাগৰটো তাইক দি দিয়ে আৰু তাই মজিয়াত পৰাটো খায় । কলেজ পোৱাৰ পাছত বজাৰলৈ অথবা ক ’ ৰবালৈ ওলাই যাবলৈ হ ’ লে মাকক নিবলৈ দেউতাকৰ স্কুটিখন কোনে চলাব ? পল্লৱীয়ে কেইবাদিনো মুখ ওন্দোলাই , পিন্ধিবলৈ বুলি আনি লোৱা চেণ্ডেল দলিয়াই মেলি চালে , কিন্তু মাক সদায় ডাঙৰ জীয়েক বসুন্ধৰাৰ লগতহে যাব । স্কুটি চলাব পাৰিলে বুলিয়ে কি হ ’ ল ? পল্লৱী সৰু ছোৱালী । বইল কৰা কণী খালে যে তেলত ভজাতকৈ বেছি শক্তি পোৱা যায় , সেয়া বুজি নোপোৱা সৰু ছোৱালী । বসুন্ধৰাই সেইবোৰ বুজি নাপায় । তাইৰ দীঘল চুলিকোছা দুডাল বেণী কৰি মাকে আঁচুৰি দিয়ে , তাই মাকৰ চৰণ চুই স্কুললৈ যায় । কলেজত নামভৰ্ত্তি কৰাৰ পিছত তাই বেণী গুঠিবলৈ এৰিলে , চুলিকোছা আৰু অলপ দীঘল হ ’ ল । তাইৰ

দ্য নিউ গাৰ্ল ইন দ্য চিটী

---প্ৰিয়ম দি জ্যোৎস্না---  (১)  "হাজাৰজনৰ দৰে ময়ো যেতিয়া মুম্বাইলৈ আহিছিলোঁ, তেতিয়া নিজৰ বয়-বস্তুবোৰৰ সৈতে কিছুমান সপোনো বান্ধি আনিছিলো। তাৰ ভিতৰত আটাইতকৈ ডাঙৰ সপোনটো আছিল--এগৰাকী লেখক হোৱাৰ সপোন। যেতিয়া মোক এই প্ৰৱন্ধটো লিখিবলৈ কোৱা হৈছিল, তেতিয়াই হয়তো মোৰ সপোনটো বাস্তৱলৈ ৰূপান্তৰিত হ'ল। কিন্তু অশেষ চেষ্টাৰ পিছতো মই এই প্ৰৱন্ধটো লিখিবলৈ পৰা নাছিলোঁ। প্ৰতিবাৰেই লিখিবলৈ লওঁতে এনেকুৱা লাগিছিল যেন বহু কথা থাকি গৈছে। এই চহৰখনৰ বিষয়ে এনেকুৱা কি ক'ম যি আজিলৈকে কোনেও কোৱা নাই! সেইকাৰণে জমা দিয়াৰ এৰাতিৰ আগত প্ৰৱন্ধটো মই ফালি পেলালো আৰু পুনৰ লিখিবলৈ আৰম্ভ কৰিলো।       কেৱল দুমাহতে এক অদ্ভুতধৰণৰ প্ৰেম হৈ গ'ল এই চহৰখনৰ সৈতে। চহৰখন মোৰ আপোন যেন লগা হ'ল। ইয়াৰ কাৰণ কি হ'ব পাৰে? মোৰ নতুন উৎসাহমূলক চাকৰিটো ,মোৰ সৰু ফ্লেটটো নে মোৰ স্বাধীনতা? এই চহৰখনে এনেকুৱা কি দিছে মোক , যি মোৰ আপোন হৈ পৰিছে? প্ৰকৃততে উত্তৰটো বহুদিন ধৰি মোৰ চকুৰ সন্মুখতে আছিল, কিন্তু মইহে ধৰিব পৰা নাছিলোঁ। মুম্বাইলৈ আহিয়েই প্ৰথম ৰাতি মই কাৰোবাক লগ পালো। এজন ল'ৰাক। বন্ধু, ৰূ

ইত্যাদি

(ৰচনাকালঃ ২০ ১১ ) বহুদিনৰ মূৰত মোৰ বাবে এটা আবেলি সম্পূৰ্ণ একান্ত ব্যক্তিগতভাৱে ওলাই পৰিল। স্কুলীয়া জীৱনৰ শেষ পৰীক্ষাটো দি উঠাৰ পাছত প্ৰকৃততে সকলোৰে ক’ত যাম, ক’ত নাযাম লাগে নেকি! মোৰো কাৰ্যতঃ একেই হৈছে। কি কৰোঁ কি নকৰোৰ উত্তেজনাত আৰু ঘৰৰ প্ৰৰোচনাত কেইদিনমানৰ বাবে খুড়াহঁতৰ ঘৰতে থাকি আহিলোগৈ। এতিয়া সেয়েহে বহুদিনৰ পিছত, বিহুৰ সময়তহে আজৰি হৈছোঁ আৰু সেই বাবে লগে লগেই মনজিতহঁতৰ ওচৰলৈ ঢাপলি মেলি আহিছোঁ। বিহুৰ সময়। এইকেইদিন গাঁৱত নাথাকিলো বুলিয়েই ইমান পৰিৱৰ্তননো হ’ব পাৰেনে? মহেন্দ্ৰ খুড়াৰ ঘৰৰ আগৰ গছ দুজোপাৰ ওপৰৰ ডাল-পাত কাটি দি গোটেইখন মুকলি কৰি ল’লে, ডিম্পলহঁতৰ আধৰুৱা পকাঘৰটো এতিয়া ৰং দিছে, কণহঁতৰ ঘৰৰ ওচৰতে এটা ডাঙৰ মাছ পুহিবৰ বাবে পুখুৰী খান্দিছে আৰু গাঁৱৰ ৰাস্তাটোতে এটা কালভাৰ্ট নিৰ্মাণ হৈ আছিল, সেইটো সম্পূৰ্ণ হৈ উঠিছে। মুঠতে এক বিৰাট পৰিৱৰ্তন। লাহে লাহে মই ৰাণাহঁতৰ ঘৰ পালোগৈ। আগফালে তাৰ ভনীয়েকে খেলি থকাৰ পৰাই মাত লগালে যে সি ইতিমধ্যেই ঘৰৰ পৰা অন্তৰ্ধান হৈছে। এইবাৰ আৰু মই পোনে পোনে পথাৰ পালোগৈ। কিন্তু মোৰ দুৰ্ভাগ্য যে খেল ইতিমধ্যেই আৰম্ভ হৈ গ’ল আৰু খেলৰ মাজত নতুনকৈ সোমাই খেলি

মাজ ৰাতি কেতেকী (Not a film review)

মাজ ৰাতি কেতেকী বোলছবিখন চালোঁ। প্ৰথমবাৰ, যেতিয়া তেজপুৰৰ পৰা ঘৰলৈ বুলি বাছত আহি আছিলোঁ, তেতিয়া। ঘৰৰ পৰা গুৱাহাটীলৈ যাবলৈ ভাল, এটা নিশাৰ বাট। লখিমপুৰ যাবলৈও ভাল, ডেৰঘণ্টা সময়ৰ প্ৰয়োজন। কিন্তু তেজপুৰলৈ যাবলৈ আমুৱাই যায়। দিনৰ ভাগত যাবলৈ হ’লে ৰাতিপুৱাই ওলাব লাগে, তেজপুৰ পায়গৈ প্ৰায় আঢ়ৈৰ পৰা তিনি বজাৰ ভিতৰত। গৰম দিন হ’লে সহ্যৰ সীমা কেতিয়াবাই পাৰ হৈ যায়। তাতে যদি বাছত মানুহ উঠাবলৈ পদূলিয়ে পদূলিয়ে ৰখায়, তেতিয়া কি কৰোঁ কি নকৰোঁ যেন হয়। এয়া কেৱল মোৰ অভিজ্ঞতাই নহয়, ভূক্তভোগী বহুত। অৱশ্যে ৰেলগাড়ীত যাব পাৰি, বাছযাত্ৰাতকৈ আৰামী হোৱাৰ লগতে ইমান আমনি নালাগে। কিন্তু তাতো মানুহৰ যি ভীৰ, যি হেঁচা ঠেলা, তাৰ ওপৰত আকৌ অপৰিষ্কাৰ পৰিৱেশ আৰু বেগৰ বস্তু চুৰি হোৱাৰ ভয়। গতিকে একেলগে কেইবাটাও গ’লে ৰে’লত যোৱাই ঠিক। সেইদিনা অকলেই তেজপুৰৰ পৰা বাছত আহিবলগীয়া হ’ল, গতিকে চিনেমাখন ওলিয়াই ল’লোঁ।