---প্ৰিয়ম দি জ্যোৎস্না---
(১)
"হাজাৰজনৰ দৰে ময়ো যেতিয়া মুম্বাইলৈ আহিছিলোঁ, তেতিয়া নিজৰ বয়-বস্তুবোৰৰ সৈতে কিছুমান সপোনো বান্ধি আনিছিলো। তাৰ ভিতৰত আটাইতকৈ ডাঙৰ সপোনটো আছিল--এগৰাকী লেখক হোৱাৰ সপোন। যেতিয়া মোক এই প্ৰৱন্ধটো লিখিবলৈ কোৱা হৈছিল, তেতিয়াই হয়তো মোৰ সপোনটো বাস্তৱলৈ ৰূপান্তৰিত হ'ল। কিন্তু অশেষ চেষ্টাৰ পিছতো মই এই প্ৰৱন্ধটো লিখিবলৈ পৰা নাছিলোঁ। প্ৰতিবাৰেই লিখিবলৈ লওঁতে এনেকুৱা লাগিছিল যেন বহু কথা থাকি গৈছে। এই চহৰখনৰ বিষয়ে এনেকুৱা কি ক'ম যি আজিলৈকে কোনেও কোৱা নাই! সেইকাৰণে জমা দিয়াৰ এৰাতিৰ আগত প্ৰৱন্ধটো মই ফালি পেলালো আৰু পুনৰ লিখিবলৈ আৰম্ভ কৰিলো।
কেৱল দুমাহতে এক অদ্ভুতধৰণৰ প্ৰেম হৈ গ'ল এই চহৰখনৰ সৈতে। চহৰখন মোৰ আপোন যেন লগা হ'ল। ইয়াৰ কাৰণ কি হ'ব পাৰে? মোৰ নতুন উৎসাহমূলক চাকৰিটো ,মোৰ সৰু ফ্লেটটো নে মোৰ স্বাধীনতা? এই চহৰখনে এনেকুৱা কি দিছে মোক , যি মোৰ আপোন হৈ পৰিছে? প্ৰকৃততে উত্তৰটো বহুদিন ধৰি মোৰ চকুৰ সন্মুখতে আছিল, কিন্তু মইহে ধৰিব পৰা নাছিলোঁ। মুম্বাইলৈ আহিয়েই প্ৰথম ৰাতি মই কাৰোবাক লগ পালো। এজন ল'ৰাক। বন্ধু, ৰূমমেট, সংগী যি বুলিয়েই নকওঁ, বহুত ক্ষেত্রত সি মোতকৈ বহু পৃথক আছিল। তাৰ জীৱনত বিশেষ একো মহৎ আকাংক্ষা বা অভিলাষ আৰু লক্ষ্য নাছিল। কিন্তু জীৱনটোক উপভোগ কৰিবলৈ সি ভালকৈয়ে জানিছিল। মাজে মাজে ভাবোঁ, মোৰ সৰু ফ্লেটটোক ঘৰৰ ৰূপ দিয়াত সি সহায় নকৰাহেঁতেন এই ক্ষেত্ৰত লাভ কৰা আনন্দ সিমানেই হ'লহেঁতেন নে? সেই ৰাতিটোত চাহৰ সৈতে নীৰৱতাখিনি উপভোগ কৰিবলৈ সি নহাহেঁতেন, সেই ৰাতিটো বেছি অকলশৰীয়া যেন নালাগিলহেঁতেন নে?
যেতিয়া মই প্ৰথমবাৰৰ বাবে মুম্বাইত ভৰি থৈছিলোঁ, সেইসময়ত মোৰ লক্ষ্যবোৰ বহুত স্পষ্ট আছিল। কিন্তু এতিয়া জানিছোঁ,এই লক্ষ্যবোৰত উপনীত হোৱাৰ আনন্দ তেতিয়াই লাভ হয়, যেতিয়া সেইবোৰক কাৰোবাৰ সৈতে ভগাই ল'ব পাৰি। লাহে লাহে মই বুজি পোৱা হৈছোঁ যে মুম্বাই চহৰৰ সৈতে মোৰ যি এক অদ্ভুত ভালপোৱা আছে, সেইটোৰ কাৰণ প্ৰকৃততে মোৰ বন্ধুজন। আৰু লাহে লাহে সেই বন্ধুজনো মোৰ আপোন হৈ পৰিছে। এই চহৰখনতকৈও আপোন।
মুম্বাই যিমান ধুনীয়া, সিমান জটিলো। নিজৰ লক্ষ্যবোৰৰ পিছে পিছে দৌৰি থাকোঁতে বহু সময়ত আমাৰ দৃষ্টি বহুতো কথাৰ পৰা আঁতৰি আহে। সেইকাৰণে কিছু সময়ৰ কাৰণে হ'লেও নিজৰ ব্যস্ত জীৱনৰ পৰা দৃষ্টি আঁতৰাওক আৰু সেই বিশেষ অনুভৱৰ সন্ধান কৰক, যিয়ে আপোনাৰ চহৰক, আপোনাৰ ব্যস্ত জীৱনক আৰু অধিক সুন্দৰ কৰি তুলিব পাৰে। "
(২)
"A New girl in the city.....!!!
New home, New people.....,
Everything is New........
She missed everything old.....
But all she knew was to make a bold move...!!! "
"Wake Up Sid" ৰ নায়িকা আয়েশা বেনাৰ্জীৰ দৰে ক'বলৈ হ'লে ময়ো লিখিব পাৰোঁ যে হাজাৰজনৰ দৰে ময়ো যেতিয়া গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়লৈ আহিছিলোঁ, তেতিয়া নিজৰ বয়-বস্তুবোৰৰ সৈতে কিছুমান সপোনো বান্ধি আনিছিলো। তাৰ ভিতৰত আটাইতকৈ ডাঙৰ সপোনটো আছিল--এজন মানুহ হোৱাৰ সপোন। উচ্চতৰ মাধ্যমিকৰ পিছত স্নাতক পৰ্যায়ৰ ছেমিষ্টাৰ প্ৰক্ৰিয়াৰ ভিতৰত সোমাই পৰাৰ আনুষ্ঠানিক দিন আছিল জুন মাহৰ ১৩ তাৰিখ। বুৰঞ্জী বিভাগৰ ৪৫ টা ছীটৰ ভিতৰত এটা ছীট ময়ো পাইছিলোঁ। এফালে ঐতিহাসিক কটন বিশ্ববিদ্যালয়ত পঢ়িবলৈ পোৱাৰ সুযোগেৰে মই সৌভাগ্যৱতী আৰু আনফালে ঢকুৱাখনাৰ ৰ'দ-বৰষুণক এৰি সুবিশাল গুৱাহাটীক আঁকোৱালি ল'বলৈ কৰা চেষ্টাত আহিবলগীয়া প্ৰত্যাহ্বানৰ দ্বাৰা ভীতিগ্ৰস্ত মই!
লেখাটো ব্যক্তিগত যদিও কিছুমান এনেকুৱা কথাও থাকে যিবোৰ সাৰ্বজনীন! মাক মোতকৈ বেছি চিন্তিত কিন্তু বেছ উৎসাহিত যেন লাগিছিল। অলপ চাহপাত,চেনি,নিমখ,শুকান আমলখি আৰু এবটল আচাৰো মোৰ বেগটোত তেওঁ ভৰাইছিল। দৰবৰ ডাঙৰ পাত্ৰটোত থকা টেবলেটৰ পেকেটবোৰলৈ আঙুলিয়াই তেওঁ কৈছিল- "খাবলৈ নাপাহৰিবা। " মই হাঁহি দিছিলোঁ। তেওঁ খং কৰিছিল। ঢকুৱাখনা চাৰিআলিৰ সোঁমাজত থকা গগৈ ব্ৰাৰ্দাছৰ সীমান্ত মামাই তেওঁৰ দোকানলৈ অহা নতুন কিতাপবোৰ যোৱা ১৪ বছৰে মোলৈ বুলি দেউতাৰ হাতত দি পঠিয়ায়, সেই কিতাপবোৰৰ অলপো বেগটোত ভৰাই লৈছিলোঁ। ঢকুৱাখনাৰ মানুহবোৰৰ মৰমবোৰ আৰু তেওঁলোকে দিয়া সৰু-ডাঙৰ উপহাৰবোৰেৰে মই সমৃদ্ধ হৈ যেতিয়া গুৱাহাটীত ভৰি থৈছিলোঁ, তেতিয়া নিজকে বৰ চহকী চহকী যেন বোধ হৈছিল।
আকৌ আয়েশা বেনাৰ্জীৰ দৰে ক'বলৈ হ'লে এই চহৰখনৰ বিষয়ে মই এনেকুৱা কি ক'ম, যি আজিলৈকে কোনেও কোৱা নাই! এইকেইদিনতে এক অদ্ভুতধৰণৰ আত্মিক সংযোগেৰে চহৰখনৰ সৈতে মই সংযোজিত হৈ পৰিলোঁ। ইয়াৰ কাৰণ কি হ'ব পাৰে? কটন বিশ্ববিদ্যালয়ত পঢ়িবলৈ পোৱা সুযোগ, হোষ্টেলৰ বাহঁতৰ অত্যধিক মৰম, নতুন বন্ধুত্ব নে নিজকে সবল ৰূপত চোৱাৰ এক অদ্ভুত তাড়না? হয়তো সকলোবোৰ!
এই চহৰখনে মোক এক বিশেষধৰণৰ অদ্বিতীয় বন্ধুত্বৰ সম্পৰ্ক দিছে। মোৰ হৃদয়ত কিছুমান অসাধাৰণ আত্মিক সম্পর্কৰ অনুভূতিৰ সৃষ্টি কৰিছে। লেখা-মেলাৰ যোগেদি চিনাকি হোৱা অসমৰ কুইজ জগতৰ এক চিনাকি নাম অংকুৰজ্যোতি শৰ্মাৰ ভাষাত--" এইখন গুৱাহাটী হয় ভাই। মোবাইলত মেপ চাই চাই ৰাস্তাত খোজ কাঢ়ি গাড়ীৰ চেপা খোৱাতকৈ মই আগবঢ়াই থৈ আহোঁ ব'ল। " অংকুৰজ্যোতি, জিহান, মাধুৰ্য্যৰ দৰে বন্ধু নথকাহেঁতেন বুৰঞ্জী বিভাগটোত নিজকে বৰ অকলশৰীয়া যেন লাগিলহেঁতেন!
হোষ্টেল বুলি ক'লে আগতে মোৰ ভয় হৈছিল। ডাঙৰ বাহঁতে কি কি কৰিবলৈ দিব--এই চিন্তাটো লৈয়ে ১৬ জুনত হোষ্টেলত ভৰ্তি হৈছিলোঁ। কিন্তু আচৰিতভাৱে সকলোৱে তেওঁলোকৰ অকৃত্রিম মৰমৰ উমাল দুহাতেৰে মোক আঁকোৱালি ল'লে। এতিয়া ভাবিছোঁ, হোষ্টেলৰ প্ৰথম দুটামান ৰাতিৰ নীৰৱতাখিনি মোৰ সৈতে ভাগ-বতৰা কৰিবলৈ অনন্যা বা, মৌমিতা বা, সুৰভি বা, পূজা বা, অৰুণিমা বাহঁত নহাহেঁতেন, সেই ৰাতিবোৰত নিজকে বেছি অকলশৰীয়া যেন নালাগিলহেঁতেন নে? ক্লাছ কৰিবলৈ যোৱাৰ সময়ত মোৰ চুটি চুলিখিনি বেণী গাঁঠি দিয়া মৌমিতা বা, তনুশ্রী বা;তিতা ছাতিটো বেগত থ'লে গোটেই বেগটো তিতিব বুলি ছাতিটো ভৰাবলৈ পলিথিনৰ বেগ দি পঠিওৱা সুৰভি বা আৰু প্ৰথম ষান্মাসিকৰ পাঠ্যক্ৰম বুজাবলৈ অনন্যা বাহঁত নথকা হ'লে মোৰ বাবে প্ৰথমকেইদিন গুৱাহাটীখনত বৰ্তি থকাটো কঠিন হৈ নপৰিলেহেঁতেন নে? সহপাঠী ৰিম্পী চাংমাইৰ খুহুতীয়া কথাবোৰত ওলোৱা আমাৰ হাঁহিবোৰ, ভাত খোৱা টেবুলত তত্ত্বগধুৰ বিষয়বোৰৰ বিশদ আলোচনাবোৰ, এদিন জ্বৰ উঠিল বুলি ৰাতি ৰাতি উঠি মোৰ কপালত হাতখন দি উমান লোৱা মোৰ "ছুপাৰ ছিনিয়ৰ" তেনিশা বা--এই সকলোবোৰ নথকাহেঁতেন ৰাতি বাৰে বাৰে ঘৰলৈ মনত পেলাই উচুপি উচুপি বহু উজাগৰী নিশা কটাবলগীয়া নহ'লহেঁতেন নে? সকলোৰে পৰা অলপ পৃথক, মোৰ এসপ্তাহৰ ৰূমমেট প্ৰস্তুতি বাৰ ব্যতিক্রমী চিন্তাধাৰাৰ দ্বাৰা তেওঁৰ অধ্যয়নপিপাসু মনটোৰ সৈতে মই চিনাকি হ'বলৈ পাইছিলোঁ। প্ৰিয় লেখক হোমেন বৰগোহাঞি ছাৰৰ উচ্চস্তৰৰ লিখনিবোৰৰ প্ৰশংসা কৰি কৰি প্ৰস্তুতি বায়ে তেওঁৰ লেখাবোৰৰ বাবেই নিয়মীয়া বাৰ্তাখনলৈ ৰৈ থকাৰ কথাও কৈছিল। সৰুতে মৌচাক, সঁফুৰাত লিখা-মেলা কৰাৰ কথা সগৌৰৱে কোৱাৰ সমান্তৰালকৈ প্ৰস্তুতি বায়ে বৰ্তমান পৃথিৱীৰ ওপৰত থকা তেওঁৰ আক্ষেপবোৰৰ কথাও বৰ্ণনা কৰিছিল।
"কটন কলেজ" উপন্যাসৰ স্ৰষ্টা নবীন বৰুৱা বৰদেউতায়ে মোক হোষ্টেলত লগ কৰিবলৈ আহি কোৱা কথাবোৰ --"...... হোষ্টেলৰ খাদ্য খাই খাই আমনি লাগিলে আমাৰ ঘৰলৈ যাবা... ", মীনাক্ষী মাহীয়ে টোপোলা বান্ধি অনা খাদ্য আৰু মৰমবোৰ - এই সকলোবোৰৰ বাবেই গুৱাহাটীৰ নিচিনা এখন চহৰতো যে মানুহবোৰ " আপোনতকৈও আপোন " হৈ পৰে, তাৰ উপলব্ধি হ'ল।
(৩)
গুৱাহাটীক লৈ মোৰ এটা ঋণাত্মক ধাৰণাই আছিল। ১৫ দিন মা-দেউতাৰ অবিহনে থকাৰ পিছতো কিয় নাজানো এক অদ্ভুতধৰণৰ প্ৰেম হৈ গ'ল এই চহৰখনৰ সৈতে। এনেকুৱা কি দিছে এই চহৰখনে মোক? উত্তৰটো এইকেইদিন ধৰি মোৰ চকুৰ সন্মুখতেই আছিল। কিন্তু মইহে ধৰিব পৰা নাছিলোঁ। গুৱাহাটী আহিয়েই মই সকলো কাম নিজে কৰিবলৈ বাধ্য হৈছোঁ। ৫ মিনিটৰ ৰাস্তাতে যোৱা ১৪ বছৰে দেউতাৰ লগত বিদ্যালয়-মহাবিদ্যালয়লৈ যোৱা ছোৱালীজনীয়ে হোষ্টেলৰ পৰা কটন বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগলৈ ৮ মিনিটৰ ৰাস্তাত অকলে খোজ কাঢ়ি যাব পৰা হৈছোঁ। দেউতাৰ সোঁহাতখনত নিজৰ বাওঁহাতখন সোমোৱাই তেওঁৰ হাতখনৰ উম লৈ লৈ ঢকুৱাখনাৰ ৰাস্তা পাৰ হোৱা ছোৱালীজনীয়ে গুৱাহাটীৰ গাড়ীৰ যান-জঁটবোৰৰ মাজতো অকলে ৰাস্তা পাৰ হ'ব পাৰিছোঁ। পেঞ্চিল-ৰবৰো নিজে কিনি নোপোৱা ছোৱালীজনীয়ে পাণবজাৰলৈ গৈ বেগটো গধুৰ কৰি কিতাপ কিনি আনিব পৰা হৈছোঁ।
গুৱাহাটীৰ ব্যস্ততাক মোৰ লাহে লাহে ভাল লগা হৈছে। গুৱাহাটীৰ ব্যস্ততাই মোক কেৱল নিজৰ ওচৰতে কেন্দ্রীভূত কৰি ৰাখিব বুলি মই ভাবিছিলোঁ।কিন্তু মই ভুল ভাবিছিলোঁ। সকলো মানুহ মোৰ আপোন হৈ পৰিছে, এই চহৰখনতকৈও আপোন! আয়েশা বেনাৰ্জী আৰু মোৰ কাহিনীটো প্ৰায়ে একে। পাৰ্থক্য মাত্র এটাই। আয়েশা বেনাৰ্জীৰ দৰে মোৰ চহৰখনক ভাল লগাৰ কেৱল এটা উৎস বা কাৰণ নাই। এই চহৰখনক মই আপোন কৰি লোৱাৰ ক্ষেত্রত ওপৰত উল্লেখ কৰাৰ দৰে বহুকেইটা কাৰকে মোক সহায় কৰিছে।
গুৱাহাটী যিমান ধুনীয়া, যিমান সা-সুবিধা আৰু গাড়ী-মটৰেৰে পৰিপূৰ্ণ সিমান জটিলো। নিজৰ লক্ষ্যবোৰৰ পিছে পিছে দৌৰি থাকোঁতে বহুসময়ত বহুতো কথাৰ পৰা আমাৰ দৃষ্টি আঁতৰি আহে। মানুহৰ প্ৰতি মোৰ ভালপোৱা, তেওঁলোকৰ পৰা মই লাভ কৰা অনুপ্ৰেৰণা, সহায়-সহযোগিতা আৰু মৰম-চেনেহে যে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সপোনটো বাস্তৱায়িত কৰাত সহায় কৰিব, এইক্ষেত্ৰত মই দৃঢ়বিশ্বাসী। আহিবলগীয়া তিনিবছৰত মোৰ এই চহৰখনৰ বিষয়ে আৰু লিখিবলগীয়া আছে, যিবোৰে গুৱাহাটীত হয়তো মোক পুৰণা কৰি পেলাব, কিন্তু মোৰ চিন্তা-ধাৰণাবোৰ নতুন হ'ব!
"But it was another girl, young and new to the city, fiddling with her keys.."
(১৫ জুলাই, ২০১৯ তাৰিখৰ নিয়মীয়া বাৰ্তাত প্ৰকাশিত)
প্ৰিয়ম দি জ্যোৎস্নাঃ কটন বিশ্ববিদ্যালয়ৰ স্নাতক শ্ৰেণীৰ ছাত্ৰী। নিয়মীয়া বাৰ্তাৰ দেওবৰীয়া পৃষ্ঠাৰ নিয়মীয়া লেখিকা। তেওঁৰ লেখাসমূহে বিভিন্নজনৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।
❤️
ReplyDelete