খুব চিঞৰি চিঞৰি শিকোৱাৰ পাছত সঁচাকৈয়ে ল’ৰা ছোৱালীকেইটাই শিকিছে নে নাই বুলি পৰীক্ষা কৰিবলৈ অংককেইটামান কৰিবলৈ দি শেষৰ বেঞ্চৰ গাধ দুটামানে কৰিবলৈ নোৱাৰোতে ‘ইমান সহজ অংককেইটা কৰিব নোৱাৰ নে, সেই আগৰ বেঞ্চৰ একে লগৰ দুটামানে যে টপাটপ কৰিবলৈ পাৰে’ এইবুলি কৈ ‘অই তঁহত আগত বহাকেইটাৰ এটাই কৰি দে’ বুলি কওঁতে সিহঁতৰো এটাইও লৰচৰ নোহোৱা দেখি যেতিয়া ডেকা মাষ্টৰে আৱিষ্কাৰ কৰে যে সিহঁত কেইটাও পৰা নাই; সমানে গাধহে, তেতিয়া কঁকালৰ এটা ফাল অলপ বেছিকৈ বেঁকা কৰি তাত সেইফালৰ হাতখনেৰে ভেঁজা দি “তঁহতক মই ভাজি কৰি খাঁও নে খুন্দি খাঁও নে মাষ্টৰী চাকৰি এৰোঁ” ধৰণৰ যিটো অৱস্থা হয়, এইমাত্ৰ দিবাকৰদাই মই ডাঙৰকৈ চিঞৰি দিয়াৰ পাছত মোৰ ফালে চাই তেনেকুৱা কৰি উঠিল। বৰ্গাকাৰৰ পুখুৰীটোৰ চাৰিওফালে চাৰিজন মানুহ। থিয় কৰাই দিলে প্ৰায় তেওঁৰ উচ্চতাৰ সমান বাঁহ এডালত লোহাৰৰ জোঙা জোঙা সেইকেইডাল লগাই লোৱা এডাল পচা একদম যাঠি মাৰিবলৈ লোৱাৰ দৰে ৰৈ অখণ্ড মনোযোগেৰে সেইটো দিবাকৰদা, তেওঁৰ বাওঁফাললৈ অমিয়দা, তেওঁৰ হাতত নীলাৰঙৰ জাল এখন। অমিয়দাৰ বাওঁফাললৈ ভিনদেউহঁতৰ ঘৰত লাগনি পাচনি কৰি দিবলৈ থকা ৰতনে মেটেকা এখিনি পাৰলৈ টানি আছে। দ
Prankrishna Borgohain