নৱছাত্ৰাবাসত থকাৰ সময়ত আমাৰ প্ৰায়বোৰ আবাসীৰে(অন্ততঃ যিকেইজন আবাসী অলপ বাঘৰ আগতেল খোৱাবিধৰ আছিল) ৰাতি চিনেমা চাবলৈ যোৱা বা বিহুৰ ৰাতিৰ অনুষ্ঠান চাবলৈ যোৱা এইবোৰ কাম কৰাৰ ধান্দা বেছি আছিল। তাৰে বহুতৰ এই ফেণ্টাচীটো তালৈ গৈহে লম্ভিছিল, যেনে মই। এনেকে ৰাতি আগতে ঘৰৰ পৰা বাহিৰ ওলাবলৈ হ’লে কোনোবা ঘৰৰ মানুহ লগত গৈছিলেই বা ঘৰত কৈ লগত যোৱা মানুহজন ঘৰৰ চিনাকী হ’লেহে যাবলৈ সুবিধা আছিল। হোষ্টেলৰ এইবোৰ অসুবিধা নাছিল। সেইবুলি বাৰু প্ৰথম বৰ্ষত থাকোতে এইবোৰ একো সুবিধা পোৱা নাছিলোঁ। দ্বিতীয় বৰ্ষৰ পৰা যেতিয়া ছিনিয়ৰ হোৱাৰ ভূতে লম্ভিলে, তেতিয়াৰ পৰা বাকী দুঃসাহসিক কামবোৰৰ লগতে এই ৰাতি ক’ৰবালৈ ওলাই গৈ দেৰিকৈ কলেজৰ ছেকেণ্ড গেইটৰ ওপৰেদি বগাই পাৰ হৈ অহাটো বেলেগধৰণৰ ভাল লগা কামেই আছিল। অৱশ্যে চুপাৰ ড০ বিমান চেতিয়া ছাৰৰ এই সম্পৰ্কে কিছু ধাৰণা আছিলে। গতিকে কেতিয়াবা দিন কাল বেয়া থাকিলে চিনেমা চাই উভতি অহাৰ বাটত লগ পোৱাৰ ঘটনাও আছে, সেই সম্পৰ্কে বিস্তাৰিত বৰ্ণনা সময় সুবিধা মিলাই জনাবলৈ বেয়া নালাগিব।
যি নহওক, তেনেকুৱা এদিনতে খবৰ পালোঁ এ টিম ফিল্ডত কিবা প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা এখনৰ ফাইনেল খেল হ’ব, গতিকে আমি চাবলৈ যাব লাগে। খেলখন হ’ব গধূলি সময়ত, টিকট আৰু বেলকনিৰ ব্যৱস্থা(ষ্টেডিয়ামৰ নিচিনাকৈ)। ফুটবল, ক্ৰিকেট এইবোৰ খেল নিয়মীয়াকৈ হৈ থাকে আমাৰ মাজত, খেলত হৰা জিকাক লৈ নমতা নমতি, হূলস্থূল, কাজিয়া এইবোৰ সব হয়। গতিকে লাইটৰ পোহৰত ৰাতি ফুটবল চাবলৈ যোৱাৰ মজাকণ লোৱাৰ লোভকণো সামৰিব নোৱাৰিলোঁ। তেতিয়ালৈ আমি কোনেও নাজানো ফাইনেলত আচলতে খেলিব কোনে। মাত্ৰ সেইদিনাৰ পঢ়াৰ সময়কণৰ পৰা হাত সাৰি ৰোমাঞ্চকৰ কিবা এটা কৰাৰ অজুহাত এটা হাতত পৰিছে, সেয়া অযথা এৰি দিব নোৱাৰি।
এ টিম ফিল্ডখন আছে লখিমপুৰ জিলাৰ জিলা পুথিভঁৰালৰ সন্মুখত, ফিল্ডখনৰ কাষতে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়। আমাৰ কলেজৰ পৰা তালৈ খোজকাঢ়ি গ’লে অতি কমেও দহ মিনিট সময়ৰ দৰকাৰ। আমি কেইবাটাও লগ হৈ গ’লে প্ৰায় অট’ এখনত একেলগেই যোৱা হয়(আমাৰ চিনাকি দাদা এজনৰ ফোন নাম্বাৰ লৈ সদায় তেওঁকেই ফোন কৰি তেওঁৰ টেম্পতে ভাড়া কৰি গৈছিলোঁ, যিহেতু সেইখন আমাৰ চিনাকি, গতিকে আমি নাম থৈছিলোঁ ‘আমাৰ টেম্প’”)। অৱশ্যে গধূলি বৰ দেৰি হ’লে টেম্প’ বোৰ পোৱাৰ সম্ভাৱনা তেনেই কম আছিল আৰু খোজ কঢ়াৰ গত্যন্তৰ নাছিল। তাৰ পৰা উভতি আহিলেও একেই সমস্যা আৰু সমাধান আমাৰ ভৰি দুখনেই।
source: here
আমি কেইটা গৈছিলোঁ ঠিক মনত নাই, কিন্তু খেলৰ লগত অনবৰতে জড়িত হৈ থকা প্ৰায় গোটেইকেইটা আছিলোঁ। তালৈ গৈ গম পালোঁ ফাইনেল হ’ব যোৰহাট আৰু মণিপুৰৰ এটা দলৰ মাজত। আমি গৈ বহি লওঁ মানে খেল আৰম্ভ হোৱাই নাই, খেলুৱৈসকলে প্ৰাৰম্ভিক অনুশীলনত ব্যস্ত। বহি থকাৰ মাজতে অ’ৰ পৰা ত’ৰ পৰা বাগৰি অহাৰ শুনিলোঁ যোৰহাটৰ দলটোত লখিমপুৰৰ ল’ৰাই আছে কেইবাটাও।
তাৰ মাজতে আমাৰ লগৰ দুটামানক টীপ্পনিও দিছিলোঁ, “হ;ব দে অহাবাৰ তোকো মাতিব”
খেল আৰম্ভ হ’ল। ফুটবল খেল সদায় উত্তেজনাময়। কোন সময়ত কি হৈ যায় ক’বকে নোৱাৰি। দৰ্শক বহিবৰ বাবে গেলেৰীৰ দৰে যিটো বনাই দিয়া হৈছিল, সেয়া ভৰ্ত্তি হৈ পৰিল। স্বাভাৱিকতে মানুহবোৰৰ চিঞৰ বাখৰ আৰম্ভ হ’ল। লাহে লাহে বাঢ়ি অহা উত্তেজনাৰ উত্তাপ আমাৰ গাটো লাগিল আৰু বলৰ দুৰন্ত গতিৰ লগে লগে খেলুৱৈসকলৰ ভৰিৰ ছন্দে ছন্দে আমিও বহা ছীটৰ পৰা মাজে মাজে ক’ব নোৱাৰাকৈ উঠিব লগীয়া অৱস্থাও হ’ল। আমি কোনো এটা দলকো চিনি নাপাওঁ, কিন্তু মণিপুৰ আমাৰ ৰাজ্য নহয়, গতিকে যোৰহাটকে সমৰ্থন দিবই লাগিব। তাতে যোৰহাটৰ দলটোত লখিমপুৰৰে ল’ৰা আছেই যেতিয়া আৰু কি লাগে। খেলৰ মাজত ফাউল হ’লে যদি যোৰহাটৰ বিপক্ষে ৰেফাৰীৰ সিদ্ধান্ত, তেনেহ’লে নিশ্চয় ৰেফাৰীটো মণিপুৰৰ আৰু যদি সপক্ষে তেনেহ’লে ৰেফাৰীটোৱে খেল চলাব জানেঃ এইবোৰ হ’ল ৰেফাৰীৰ প্ৰতি দৰ্শকৰ বিচাৰ। গেলেৰীটো যিফালে বনোৱা হৈছিল, সেইফালে থকা গ’লপ’ষ্টটো প্ৰথম ভাগত আছিল মণিপুৰৰ, গতিকে সমগ্ৰ প্ৰথম ভাগত চিঞৰ বাখৰৰ কোবত খেলখন বাৰুকৈয়ে জমি উঠিছিল। দৰ্শকৰ লক্ষ্য আছিল এনেকে চিঞৰি ওচৰতে থকা গ’লপ’ষ্টৰ মণিপুৰী গ’লকিপাৰজনক আমনি কৰি থাকিলে তেওঁৰ মনোযোগ ব্যাহত হ’ব আৰু তেতিয়া যোৰহাটৰ দলটোৱে গ’ল দিয়াত সহজ হ’ব। এইবোৰ কৌশল কেতিয়াবা আমি আমাৰ কলেজৰ আন্তঃবিভাগ খেলটো কৰিছিলোঁ বাৰু।
প্ৰথম ভাগত কাৰো এটাও গ’ল নহ’ল যদিও মণিপুৰৰ দলটো যে যথেষ্ট চাপত পৰিছিল, সেয়া তেওঁলোকৰ খেলত পৰিলক্ষিত হৈছিল। দৰ্শক হিচাপে আমাৰ কাষে বাৰে থকা সকলোৰে মুখত সেয়াই কথা মুঠতে আজি মণিপুৰে পাত্তা পোৱা নাই।
দ্বিতীয় ভাগ আৰম্ভ হ’ল।এইবাৰ আমি থকাৰ ফালে গ’লপ’ষ্টত আছিল যোৰহাটৰ দলটো। গতিকে এইবাৰ প্ৰশংসাসূচক মন্তব্যহে দিবলৈ আৰম্ভ কৰা হ’ল যাতে গ’লকিপাৰ জনে উৎসাহ পায়। কিন্তু লাহে লাহে খেলৰ গতি অলপ তীব্ৰ হ’বলৈ আৰম্ভ কৰিলে আৰু আমি সকলোৱে চিঞৰ বাখৰ এৰি উদ্বীগ্ন হৈ পৰিলোঁ। বলটো যোৰহাটৰ খেলুৱৈসকলৰ ভৰিত থাকিবলৈ নাপায়েই, মণিপুৰৰ খেলু্ৱৈসকলে যেন বিৰতিৰ সময়ত ক’ৰবাত কিবা খাইহে যেন আহিলে। কি নান্দনিক খেলৰ প্ৰদৰ্শন। আমি সকলো মুগ্ধ হৈ পৰিলোঁ। মণিপুৰৰ খেলুৱৈসকলৰ শৰীৰলৈ, প্ৰাণলৈ আৰু লগতে খেলপথাৰলৈ যেন প্ৰাণৰ সঞ্চাৰ নামি আহিল। লাহে লাহে সমগ্ৰ খেলখন মণিপুৰৰ ফালে গুচি গ’ল সেয়া আমি ক’বকে নোৱাৰিলোঁ। আমাৰ সম্পূৰ্ণ মনোযোগ মণিপুৰৰ দলটিৰ প্ৰতি ধাৱমান হ’ল আৰু লাহে লাহে আমাৰ এনে লাগিবলৈ ধৰিলে যে আচলতে এই খেলখন, আজিৰ এই ফাইনেলখন যদি কোনোবাই জিকা উচিতঃ সেয়া নিশ্চিতকৈ মণিপুৰৰ দলটো হ’লেই যেন আমাৰ সকলোৰে ভাল লাগিব।
উৎকণ্ঠাৰ চৰম শিখৰত তুলি খেলখন গ’লশূন্যৰূপে সমাপ্ত হ’ল। গতিকে পেনাল্টীৰ জৰিয়তে খেলৰ ফলাফল নিৰ্ণয় কৰাৰ সিদ্ধান্ত লোৱা হ’ল।মণিপুৰৰ গোটেই দলটোৱে পেনাল্টীৰ সময়ত হাতত ধৰা-ধৰি কৰি থিয় হৈ থকাৰ বিপৰীতে যোৰহাটৰ দলটোৰ খেলুৱৈসকলৰ কোনোবাই ভাগৰত বহি আছিল, কোনোবা এজনে খৰধৰকৈ পানীকে খাইছিল, যিকেইজনে পেনাল্টী নামাৰে, তেওঁলোকে খেলপথাৰতে ভাগৰত অলপ শুই লৈছিল। কিছু সময়ৰ পাছতে পেনাল্টী আৰম্ভ হ’ল আৰু প্ৰত্যেকটো শ্বটত আমাৰো বুকুবোৰো উত্তেজনাত ধিপিং ধিপিং কৰি থাকিল।
দক্ষিণ মেৰু জয় কৰিবলৈ যোৱা ৰ’বাৰ্ট স্কটে যেতিয়া যাত্ৰাপথৰ মাজতে আমুণ্ডছেনো তেওঁৰ লক্ষ্যপথৰে যাত্ৰী বুলি গম পাইছিল, তাৰ পাছৰে পৰা তেওঁলোকৰ যাত্ৰা আৰু অধিক কঠিন হৈ পৰিছিল। স্কটৰ লক্ষ্য কেৱল দক্ষিণ মেৰু জয় কৰাই নাছিল, তাৰ সামগ্ৰিক পৰিৱেশৰ অধ্যয়ন, গৱেষণা ইত্যাদিৰ বাবে লগত কেইবাজনো সংগী তেওঁ বাচি লৈ গৈছিল। আনহাতে আমুণ্ডছেনৰ লক্ষ্য আছিল পৃথিৱীৰ প্ৰথমজন মানুহ হিচাপে দক্ষিণ মেৰু জয়ী হিচাপে ইতিহাসত যাতে মানুহে মনত ৰাখে।এই গোটেই যুদ্ধখনত স্ক’টৰ সপোন ধূলিসাৎ কৰি আমুণ্ডছেন বিজয়ী হয়। গতিকে দক্ষিণ মেৰু জয় কৰিবলৈ গৈ বিফল হৈ ঘূৰি অহাৰ ৰাস্তাটো স্কটৰ বাবে আছিল বেছি কণ্টকপূৰ্ণ। কিন্তু তেওঁৰ যাত্ৰাৰ গোটেই সময়ছোৱাত হোৱা অসীম কষ্ট, সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ কাহিনী পঢ়ি পৃথিৱীৰ যিকোনো মানুহৰ হৃদয় কঁপি উঠে কেৱল ৰ’বাৰ্ট স্কটৰ প্ৰতি। তেওঁৰ দুৰ্যোগৰ প্ৰতি হাৰ নমনা স্বভাৱ, অসীম সাহস আৰু ধৈৰ্যৰ প্ৰতিফলনে পৃথিৱীৰ প্ৰত্যেকজন মানুহক মানুহ হৈ জন্ম লভাৰ স্বাভিমান জগাই তোলে।
কিন্তু তেওঁৰ যাত্ৰাৰ গোটেই সময়ছোৱাত হোৱা অসীম কষ্ট, সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ কাহিনী পঢ়ি পৃথিৱীৰ যিকোনো মানুহৰ হৃদয় কঁপি উঠে কেৱল ৰ’বাৰ্ট স্কটৰ প্ৰতি। তেওঁৰ দুৰ্যোগৰ প্ৰতি হাৰ নমনা স্বভাৱ, অসীম সাহস আৰু ধৈৰ্যৰ প্ৰতিফলনে পৃথিৱীৰ প্ৰত্যেকজন মানুহক মানুহ হৈ জন্ম লভাৰ স্বাভিমান জগাই তোলে।
সেইদিনাৰ সেই খেলখনত মণিপুৰৰ দলটো পেনাল্টী শ্বুটআউটত পৰাজয়বৰণ কৰিবলগীয়া হ’ল। ঘৰুৱা দল হিচাপে যোৰহাটৰ বিজয়ত আমাৰ ফূৰ্তি নলগা নহয়, কিন্তু স্বতঃফূৰ্তভাৱে মণিপুৰৰ দলটোক সকলোৱে হাত চাপৰি বজাই উৎসাহ জনাইছিল। দৰ্শক হিচাপে প্ৰথমভাগৰ আমি কৰা “পাৰ্ছনেলিটি”বোৰৰ বাবে পাছত বেয়া লাগিছিল, কাৰণ চাবলৈ গ’লে খেলখনত দুয়োটা দলেই খুব ভাল খেলিছিল। কিন্তু চাপত থকাৰ মাজতো মণিপুৰৰ দলটোৱে দ্বিতীয় ভাগত যি দৃষ্টিনন্দন খেলৰ প্ৰদৰ্শন দাঙি হৃদয় জয় কৰিলে, সেয়া আজিকোপতি পাহৰিব পৰা নাই।
Comments
Post a Comment