খুব চিঞৰি চিঞৰি শিকোৱাৰ পাছত সঁচাকৈয়ে ল’ৰা ছোৱালীকেইটাই শিকিছে নে নাই বুলি পৰীক্ষা কৰিবলৈ অংককেইটামান কৰিবলৈ দি শেষৰ বেঞ্চৰ গাধ দুটামানে কৰিবলৈ নোৱাৰোতে ‘ইমান সহজ অংককেইটা কৰিব নোৱাৰ নে, সেই আগৰ বেঞ্চৰ একে লগৰ দুটামানে যে টপাটপ কৰিবলৈ পাৰে’ এইবুলি কৈ ‘অই তঁহত আগত বহাকেইটাৰ এটাই কৰি দে’ বুলি কওঁতে সিহঁতৰো এটাইও লৰচৰ নোহোৱা দেখি যেতিয়া ডেকা মাষ্টৰে আৱিষ্কাৰ কৰে যে সিহঁত কেইটাও পৰা নাই; সমানে গাধহে, তেতিয়া কঁকালৰ এটা ফাল অলপ বেছিকৈ বেঁকা কৰি তাত সেইফালৰ হাতখনেৰে ভেঁজা দি “তঁহতক মই ভাজি কৰি খাঁও নে খুন্দি খাঁও নে মাষ্টৰী চাকৰি এৰোঁ” ধৰণৰ যিটো অৱস্থা হয়, এইমাত্ৰ দিবাকৰদাই মই ডাঙৰকৈ চিঞৰি দিয়াৰ পাছত মোৰ ফালে চাই তেনেকুৱা কৰি উঠিল।
বৰ্গাকাৰৰ পুখুৰীটোৰ চাৰিওফালে চাৰিজন মানুহ। থিয় কৰাই দিলে প্ৰায় তেওঁৰ উচ্চতাৰ সমান বাঁহ এডালত লোহাৰৰ জোঙা জোঙা সেইকেইডাল লগাই লোৱা এডাল পচা একদম যাঠি মাৰিবলৈ লোৱাৰ দৰে ৰৈ অখণ্ড মনোযোগেৰে সেইটো দিবাকৰদা, তেওঁৰ বাওঁফাললৈ অমিয়দা, তেওঁৰ হাতত নীলাৰঙৰ জাল এখন। অমিয়দাৰ বাওঁফাললৈ ভিনদেউহঁতৰ ঘৰত লাগনি পাচনি কৰি দিবলৈ থকা ৰতনে মেটেকা এখিনি পাৰলৈ টানি আছে। দিবাকৰদাৰ ঠিক বিপৰীতে ইটো পাৰত কুশলদা, তেওঁ দিবাকৰদাৰ নিচিনাকৈ আন এডাল পচা লৈ এটা মজলীয়া আকাৰৰ মাছ ইতিমধ্যে ধৰিছে। মই আৰু ভিনদেউ পাৰত। তেওঁলোকে যাতে আমনি নাপায়, সেইকাৰণে তামোল চালি অনাৰ দায়িত্ব, মাজে মাজে দুটা এটা কথা উলিয়াই পৰিৱেশটো জমাই আছোঁ। যি নহওঁক, অমিয়দাই জালখন এপাকত এনেইহে মাৰি চাইছিলে, ডিঙিৰ ওচৰৰ ফালে অলপমান ৰঙচুৱাকৈ কমলা ৰঙৰ চাপ থকা, পিঠিখন বগাকৈ ডাঙৰ মাছ এটা লাগি আহিল। অতপৰে তেনেকুৱা প্ৰকাণ্ড কিবা এটা হ’ব হ’ব বুলি আমি সবেই আশাৰে ৰৈ আছিলোঁ, কিন্তু হোৱা নাছিল। হ’ল, গতিকে ভিনদেউ আৰু মই দুয়োটাই ‘লাগিলে লাগিলে’ বুলি চিঞৰি উঠিলোঁ।
ইফালে দিবাকৰদাই সেই সময়তে তেওঁ পাছত কোৱা অনুসৰি অমিয়দাই ধৰাটোতকৈ ডাঙৰ মাছ এটাক উদ্দেশ্যি পচাডাল মাৰিবলৈ লৈছিল, কিন্তু আমি চিঞৰি দিয়াৰ কাৰণে তেওঁৰ লক্ষ্যভ্ৰষ্ট হ’ল। গতিকে সেইডাল মাটিতে খুঁচি তাত সোঁহাতখন থৈ, বাওঁফালে কঁকালটো অলপ বেছি বেঁকা কৰি তাত বাওঁহাত ৰাখি তেওঁ মোলৈ অলপ সময় একেথৰে চাই চাই কিবা এটা মুখত আলাসত চোবোৱাৰ দৰে কৰি মূৰটো দুবাৰমান ল’ৰালে, অৰ্থাৎ তোৰ দ্বাৰা জীৱনত একো নহ’ব।
দিবাকৰদা হৈছে অমিয়দাৰ লগৰ, দুয়োজনৰে ভিনদেউহঁতৰ ঘৰৰ ওচৰতে দোকান আছে। অমিয়দা ভিনদেউহঁতৰ সম্বন্ধীয় কোনোবা পেহীয়েকৰ পুতেক। কুশলদাহে দিবাকৰদাৰ চিনাকি, বন্ধু। অৱশ্যে গোটেইকেইজন মানুহেই মোক সৰুৰে পৰা পাইছে, আমাৰ চিনাকি--- গতিকে সেইমতে মই ঘৰৰ বাহিৰত ক’ৰবাত বেয়া কাম কৰা দেখিলে তেওঁলোকে ঠাইতে দু থাপৰ এথাপৰ দিব পৰাৰ অধিকাৰো দেউতাই দি থৈছে। অৱশ্যে তেনেকুৱা একো নোহোৱাকৈয়ে বাৰু মই পঢ়ি-শুনি আহি ডাঙৰ হ’লোঁ। অমিয়দাই তেনেকুৱা একো নকৰিলেও দিবাকৰদাই এই স্কুলৰ শেষ পৰীক্ষাৰ সময়ত বাহিৰত দেখিলে ‘পঢ়া শুনা থিকে কৰি আছ নাই অ বোপাই’ এনেকুৱা জাতীয় দুই এষাৰ কথা কৈছিল। কথাত একদম অভিভাৱকৰ সুৰ। অৱশ্যে তাৰ পাছত বহুতদিন মই ঘৰৰ বাহিৰতেই থাকিলোঁ, গতিকে বন্ধৰ সময়ত ঘৰলৈ আহিলেহে তেওঁলোকক কাচিৎ লগ পোৱা হ’লোঁ। গতিকে আজিকালি সেই আগৰ কথাৰ সুৰ সলনি হৈ ‘তোক যে সৰুতে আমি কোলায়ে বোকোচাই লৈ কিখন যে নকৰিছিলোঁ’ ইত্যাদি ইত্যাদি মোৰ মনত নপৰা সৰুকালৰ কিছুমান কথা কয় আৰু তাৰপাছত এতিয়া কি কৰি আছ, কি কৰিবি এনেকুৱা কথাবোৰ বেছিকৈ সোধে, বিশেষকৈ দিবাকৰদাই -- তাকো মাহঁত যেতিয়া ওচৰত থাকে, তেতিয়া সোধাৰ কোব আৰু বাঢ়ে ।
এইবাৰৰ বন্ধটো সেইকাৰণে প্ৰথমে লগ পাওঁতেই মই এতিয়া কি কৰি আছোঁ সেয়াই খবৰ লৈছিল, পিছে মই কিবা উত্তৰ দিয়াৰ আগেয়েই তেওঁ --- ‘তই আহিলি যেতিয়া ভালেই হ’ল, চন্দন নগৰৰ তঁহতৰ মাটিখিনিত যে ফিচাৰি এটা খান্দি থৈছিলে, তাত হেনো ওচৰৰ কোনোবাই মাছ দিছিলে মনে মনে, গতিকে এতিয়া সেইখিনি মাছৰ মালিক তঁহতি, সেইদিনা ভিনদেউৰাক বৰদেউতাই মাছ তোলাৰ কথা কৈ থকা শুনিছিলোঁ। সিহে সময় মিলাব পৰা নাই, অমিয়ক কৈ থৈছিল, লগতে মোকো কাণ চোৱাই থৈছিল- এতিয়া তই আহিলি যেতিয়া ভালেই হ’ল, আচল মালিকটো তইহে’ – এইবুলি একে উশাহতে কৈ উঠিল।
বৰদেউতা মানে মোৰ দেউতা।
“ভিনদেউয়েৰাক কবি সোনকালে তই থাকোঁতেই গৈ আহিমগৈ, নহ’লে ৰাতি ৰাতি কোনোবাই জাল পেলাইছে বুলি কোৱা শুনিছোঁ”
কেতিয়াবা গাঁৱৰ হুঁচৰিত গৃহস্থই দিয়া দক্ষিণা মনঃপুত নহ’লে দিবাকৰদাই সমজুৱাকৈ ‘দাইদেওহঁতৰ ইমানগাল সা-সম্পত্তি—অভাৱেই নাই, বছৰেকেৰ বিহুটোতনো বাৰু আমাক বিমুখ কৰিব নে আৰু, দিয়ক দিয়ক দাইদেওঁ, দেৰি নকৰিব, শৰাইখনত ৰাইজলৈ বুলি আৰু কিবা এভাগি মাননি যোগ কৰি দিয়ক আৰু’ বুলি যিটো সুৰত কথা কয়, মোক কোৱা এইষাৰ কথাৰ সুৰটোও প্ৰায় একেই যেন লাগিল।
কথামতেই কাম। ভিনদেউৰ আচলতে সময় নোহোৱা হোৱাৰ উপৰিও অকলে যাবলৈ ইচ্ছা নথকাৰ কাৰণেহে কামটো কৰা হোৱা নাছিল। গতিকে মই অহাত অৱশ্যে ভিনদেউৰো সুবিধা হ’ল, গতিকে বন্ধ-বাৰ মিলাই মিলি গোটেইকেইটা ফিচাৰিৰ পাৰত উপস্থিত হ’লো। মুখ্য পকা ৰাস্তাটোৰ পৰা চন্দন নগৰলৈ বুলি যিটো ৰাস্তা সোমাই গৈছে, সেইফালে দহ মিটাৰ গৈ মুখ্য ৰাস্তাৰ সমান্তৰালকৈ এটা ৰাস্তা আছে, সেইফালে অলপ সোমাই গ’লেই ফিচাৰিটো দেখা পায়। সম্পূৰ্ণ মেটেকা ভৰ্তি, এটাফালে পাৰত জাবৰৰ দম। ৰাতি কোনোবাই জাল পেলোৱাৰ কথাই নাহে। দিবাকৰদাহঁত মাছ ধৰাত পাকৈত, সেইমতে তেওঁলোকে তিয়নি, জাল, পচা এইবোৰ লৈয়ে আনিছে। মাছ ধৰিবলৈকে কুশলদাকো মাতি আনিছে। কুশলদা আৰু দিবাকৰদা দুয়োজন পচা মাৰি মাছ ধৰাত খুব পাকৈত। একেথৰে পানীলৈ চাই থাকে, চাই থাকে; এটা সময়ত হঠাতে শুনিবা, ‘চপক্’-- পচা গৈ পানীত, দাঙি আনোঁতে সেই লোহাৰৰ জোং জোং কেইডালত লাগি আহিছে ৰূপালী বাকলিৰ এটা মাছ। কি আচৰিত ঔ। এই ঘোলা পানীখিনিৰ ওপৰেদি কেনেকৈ মাছবোৰ দেখা পায় তেওঁলোকেহে জানে আৰু!
পিছে তালৈ যোৱাৰ পৰত অমিয়দাইহে মোক আচল কথাটো ক’লে। মই ভাবিছিলোঁ মাছ মাৰি আনিবলৈনো কিহৰ অসুবিধাটো আছে? দিবাকৰদাই নিজেই আগভাগ লৈয়েটো আছে, অমিয়দা নিজেও যাব, কুশলদাক খবৰ দি আনিলেই হ’ল। গোটেই কামটোত মই বা ভিনদেউ নাথাকিলেও হয়, কাৰণ তেওঁলোকক সহায়কাৰী মানুহৰ দৰকাৰ নায়েই আৰু আমাৰ মাছ ধৰাৰ অভ্যাসো নাই। বেলেগ কোন মানুহেনো দিগদাৰী দিব, ফিচাৰীৰ মালিকো আমিয়েই। ক’ৰবাৰ নদীত মাছ ধৰিবলৈ যোৱা নাইতো। তেওঁলোকে মাছ ধৰিব, আমাৰ ঘৰতে দি থৈ যাব, প্ৰতিস্বৰূপে আমিও দুটামান মাছ তেওঁলোকক দি পঠিয়াম দিনটো ইমান কষ্ট কৰি আমাক সহায় কৰাৰ কাৰণে, হৈ যাব খেলা খটম। কিন্তু অমিয়দাই এদিন আমাৰ ঘৰলৈ ভিনদেউহঁতৰ ঘৰৰ পৰা দিয়া কিবা মোনা এটা দিবলৈ আহোঁতে দেউতাক কাণ চোৱালে যে যদিহে দিবাকৰদা আৰু কুশলদাই মাছ মাৰিবলৈ যায়, মানে যোৱাতটো যাবই-- কি বুলিনো এতিয়া নাযাবি বুলি ক’ব, আৰু কোনেনো ক’ব, কাৰণ ভিনদেউৰ লগত মাছ ধৰিবলৈ যোৱাৰ কথা তেওঁৱেই বেছিকৈ লাগি আছে। তেনেহ’লে কিন্তু দিনটো ফিছাৰীৰ কাষত থকাকৈ মানুহ এটা লাগিবইয়ে, নহ’লে কিমান মাছ ঘৰলৈ ঘূৰি আহিব তাৰ কোনো ঠিকনা নাই—অকল পুঠি গৰৈ দুটামান দি বাকী ডাঙৰ মাছবোৰ না পাত্তা হোৱাৰ সম্ভাৱনাও আছে। গতিকে ঘৰৰ মানুহ এজন থাকিলেহে কথাটোৰ হেস্ত নেস্ত ঠিক হ’ব। দেউতাৰ সেইবোৰ কামত দিনটো নষ্ট কৰিবলৈ সময় নাই, গতিকে দায়িত্ব পৰিলে ভিনদেউৰ ওপৰত—ইফালে ভিনদেউৰো অকলে যোৱাৰ বৰ এটা ইচ্ছাও নাই, সময়ো নাই, গতিকে সাতে পাচে মই অহাৰ পাছত ল’ৰাৰজাৰ নিচিনাকৈ মোকেই ফিচাৰীৰ মালিক বনাই দিনটো মাছৰ হিচাপ কৰিবলৈ পঠিয়াই দিলে। গতিকে যদিও ভিনদেউ আৰু মই হাঁহি খিকিন্দালি কৰি কথা বতৰা পাতি পৰিৱেশটো গৰম কৰি আছোঁ, মাজে মাজে তেওঁলোকৰ বাবে তামোল চালিৰ যোগাৰ ধৰি দিছোঁ, আচলতে তলে তলে আমি তেওঁলোকৰ ওপৰত কাঢ়া চকু এটাহে ৰাখি থৈছোঁ।
মাছটো ধৰিবলৈ নোৱাৰি দিবাকৰদাই তেওঁৰ প্ৰতিভাৰ প্ৰদৰ্শন কৰাত ব্যৰ্থ হোৱাৰ কাৰণে কুশলদাতকৈ যেন তেওঁৰ পাৰদৰ্শিতা যেন আমি কম বুলি ভাবি ললো-- এনেকুৱা কিবা বোধ কৰিলে ছাগৈ, তেওঁ মেটেকা টানি টানি পুখুৰীটো চাফা কৰি থকা ৰতনকে—‘সেইসোপা টানি তোৰ হোৱাই নাই নে ইমান দেৰি লাগিলে কি মাছ ধৰি খাবি আৰু’ বুলি কৈ কৈ অমিয়দাৰ ওচৰ পালেহি। অমিয়দাই ইতিমধ্যে আকৌ এবাৰ জালখন জবংকৈ পানীত পেলাই হাতেৰে চাধা মলি আছে। কুশলদাই সিটো পাৰৰ পৰা যেন আজি নাহিবই, অথনিৰে পৰা ৰৈ ৰৈ যিহে অখণ্ড দৃষ্টিৰে পানীলৈ চাই আছে। অমিয়দাই মলি থকা চাধাকণৰ অলপ দিবাকৰদাক দিলে, নিজেও মুখখন বেকা কৰি ভৰাই ল’লে, তাৰপাছত লাহেকৈ জালখন টানি আনি থাকিল। জালত সৰু সৰু দুটামান শিঙি, গৰৈ আৰু পুঠি।
‘কি হ’ল অমিয়দা, ডাঙৰ মাছবোৰে কিবা গম পালে যেন পাইছো বুইছে আপুনি জাল পেলাইছহে বুলি, সেইকাৰণে পলাইছে আগতীয়াকৈ’
অমিয়দা আৰু দিবাকৰদা দুয়োজনেই ভিনদেউতকৈ বয়সত সৰু নে ডাঙৰ নাজানোঁ, কিন্তু ভিনদেউয়ে তেওঁলোকক দাদা বুলিয়েই সম্বোধন কৰা দেখি আহিছোঁ।
‘ক’ত নো পলাব ইয়াতেই আছে বুজিছ, ই বেছি খৰধৰ লগালে জাল তুলিবলে, মই এবাৰ পেলাই চাওঁ ৰহ’ দিবাকৰদাই যাঠিডাল মাটিতে খুঁচ মাৰি থৈ আগ বাঢ়ি গ’ল।
আকৌ শব্দ হ’ল, ‘জবং’।
অমিয়দাই অৰ্থপূৰ্ণ চাৱনি এটাৰে মোলৈ আৰু ভিনদেউলৈ চাই হাঁহিলে।
দিবাকৰদাই জালখন পাৰলৈ তুলি আনিলে। এটা ডাঙৰ মাছ সঁচাকৈ লাগি আহিল। লগত অৱশ্যে সেই একেই শিঙি, মাগুৰ, কেইটামান পুঠিৰ সংখ্যা বেছি।
‘এইটোৱেই বুজিছ এইটোৱেই-- অথনি পচা মাৰিবলৈ লোৱাটো, চা চা অমিয়ই ধৰাটোতকৈ ডাঙৰ’
দিবাকৰদাই অতপৰে মাছটো কি চিন দি মনত ৰাখি থৈছিল নে অমিয়দাৰ মাছটোতকৈ ডাঙৰ মাছ এটা কেনেবাকৈ ধৰি আমাক দেখুৱাবহি সেয়া ভাবি আছিল মই ভাবি নাপালোঁ।
‘উউ উ উ নহ’ব নহ’ব। কিবা এটা বিজুতি হৈছে, ইমান ডাঙৰ ডাঙৰ মাছ পিলপিলাই ঘূৰি থকা দেখিছিলোঁ অথনি, এতিয়া ক’ত পলাইছে হয়’ কুশলদাই আঁতৰৰ পৰাই চিঞৰি উঠিল----‘পানী সিঁচিবলৈ লাগিব যেনেই পাইছোঁ, অথনিৰে পৰা মাছবোৰ চকুৰ সন্মুখতে দেখি থকাৰ দৰে লাগিছিলে কিবা এতিয়াহে ক’ৰ ৰোহঘৰত সোমালে জানো! কি কৱ দিবাকৰ, সিঁচ নে?” কুশলদা অৱশেষত সিটো পাৰৰ পৰা আমাৰ ওচৰলৈ আহিল। ইতিমধ্যে মেটেকাভৰ্তি পুখুৰীটো ৰতনে উলংগ কৰি পেলাইছে। গতিকে লুকাই থাকিবলৈ মেটেকা নথকাৰ পাছতো জালত মাছ লগা নাই, দিবাকৰদাহঁতৰ কাৰণে এইটো একপ্ৰকাৰৰ ডাঙৰ প্ৰত্যাহবানেই আচলতে। দিবাকৰদাই ভিনদেউলৈ চাই ‘কি কৰ এতিয়া? পানী সিঁচি দিয় নে কি? কুশলৰ ঘৰত পানী সিঁচা মেচিন এটা আছে, লৈ আহিব পৰা যাব। নহ’লে এনেকে জাল মাৰি এটা দুটাকৈ কিমান মাছ উঠাবি, লক্ষণেই নাই’ এইবুলি কৈ কৈ কুশলদালৈ চালে, কুশলদাই এবাৰ পানীখিনিলৈ চাই ভিনদেউলৈ চালে, অমিয়দাই মোৰ মুখলৈ চালে।
‘কৰক যি ভাল দেখে আৰু আপোনালোকে, আমাৰতো অভিজ্ঞতাই নাই, নে কি কয় অমিয়দা?’ ভিনদেউয়ে এইবাৰ মোলৈ চালে, ‘আমাৰ মেইন মালিকে বা কি কয়?’
এনে মালিকটো নে মই!
‘প্ৰথমে মাছ কেইটা চিনি পায় সোধচোন তাক--- হ’ব যা লৈ আনগৈ, বেছি দেৰি হ’লে বোকাত নামিবলৈ মন নোযোৱা হ’ব’
অমিয়দায়ো মানে মোক জোকাবলৈ নেৰিলে। তেওঁ কোৱাৰ পাছতেই কুশলদা আৰু দিবাকৰদাই পানী সিঁচা মেচিনটো আনিবলৈ গ’ল। ফিচাৰীটোৰ ওচৰতে থকা মানুহ এঘৰৰ পৰা চকী টুল আনি থোৱা আছিল, মই বহি ল’লোঁ। অতপৰে মাছ লাগিব লাগিব বুলি থকাৰ কাৰণে বহিবলৈ মনেই যোৱা নাছিলে।
অমিয়দাই কোৱা কথাটো মিছাও নহয়, মই সঁচাকৈ বহুত মাছ চিনি নাপাওঁ। আগতে স্কুলত আঁকিবলৈ শিকোৱা মাছটোৰ বাদে পুঠি, গৰৈ, বৰালি মাছ, শিং থকা শিঙি মাছ এইকেইটাহে মোৰ ভাল চিনাকি। এইবোৰ প্ৰেক্টিকেল শিক্ষা আচলতে পথাৰে- পুখুৰীয়ে, ৰ’দে বৰষুণে নিজে আয়ত্ব কৰিবলগীয়া বস্তু। সৰুতে কেতিয়াবা মায়ে দেউতাৰ লগতে মাছৰ বজাৰলৈ পঠিয়াই দিছিল, তেনেকৈয়ো যাতে দুই এটা মাছ চিনাকি হওঁ আৰু পাছত দেউতা কেতিয়াবা নাথাকিলে ময়ে কিনি আনিব পৰা হওঁ। পিছে মাছৰ বজাৰলৈ অকলে গ’লেই মোৰ সব খেলিমেলি লাগিয়েই যায়, বেপাৰীজনে ‘তোমাকনো ভাইটি বেয়া মাছ দিম নে’ বুলি নিজেই বাচি বাচি দি পঠিয়ায়। মই মাত্ৰ পইচাটোহে দি দিওঁ।
চাটকে মনলে কিবা এটা ভাৱ কেলেই আহি গ’ল নাজানো, ভিনদেউৱে বাল্টিটোত থকা মাছখিনিকে চাই আছিলে, মই ওচৰলৈ গৈ সুধিলোঁ যে এই পানী সিঁচা মেচিনটো যে আনিব, সেইটো দেউতাক কৈ লোৱা হ’লে ভাল আছিলে নেকি? মানে কুশলদাক পইচা দিবলগীয়া হ’বও পাৰে ন’। ভিনদেউৱে আকৌ মোৰ কথাত হাঁহি উঠিল, “নালাগে নালাগে, দিবাকৰদাৰ চিনাকি ন’। ডাঙৰ যি মাছ ধৰিব, তাৰে এটা বেছিকৈ দি দিলেই হৈ যাব, পইচা নলয়। ল’লেও মই দি দিম নহয় ইমান কেলে ভাবিছা? আৰু দেউতাক নকলেও হ’ব, তেওঁ মাছ তোলাৰ কথাটোৰ চিন্তা ল’ব খোজা নাই কাৰণেইতো আমাকে পঠিয়াই দিছে”
ঠিকেইতো, এইবোৰ চিন্তানো দেউতাই অনাহক কিয় লয়? আছেই কৰি দিয়া মানুহ। বেছিভাগ সময় মই সৰুৰে পৰা দেখি আহিছোঁ--- মাটি বাৰীৰ হিচাপ নিকাচতেই তেওঁ লাগি থাকে—সেইবোৰহে আচল চিন্তা। আমাৰ বংশ পৰিয়াল ডাঙৰ, গতিকে অঙহী বঙহী মোৰ বৰদেউতা সৰুদেউতাৰ সংখ্যাও বহুত বেছি। হ’লে কি হ’ব, কৌৰৱ পাণ্ডৱৰ কাজিয়ানো কি কাৰণে হৈছিল? কিন্তু মাহঁতৰ মতে এই মাটি বাৰীৰ লগত লাগিনো কি হ’ব, ঘৰখনত যদি সেইবোৰ কথাৰ লগতে থাকিবলগীয়া শান্তিকনো নাথাকে, তেন্তে ইমান সম্পদ সৌন্দৰ্য থাকিওনো কি লাভ? দেউতাই তেতিয়া “নিজৰ বস্তু এটা লোকে মুখৰ সন্মুখৰ পৰা কাঢ়ি নিয়াৰ সময়ত তোমালোকে মনে মনে থাকিব পাৰিবা ছাগৈ, মই নোৱাৰোঁ” এইবুলি কয়। সৰুতে মোক এইবোৰ কথাৰ পৰা আঁতৰাই ৰখা হৈছিল, কিন্তু আজিকালি মায়ে কেতিয়াবা দেউতাই মাটিৰ কথাৰ লগতে লাগি থকা দেখিলে অশান্তি পাই মোকে বুজাবলৈ লয়। ময়ো এইবোৰ কামত একেৰাহে দেউতা লাগি থকাটো অকণো পছন্দ নকৰোঁ, ইমানকৈ লাগি থকাৰ দৰকাৰেই বা কি? থকাখিনিকে লৈ সন্তুষ্ট থাকিলেওচোন যথেষ্ট। মই নিজে ছাগে ডাঙৰ হ’লে এইবোৰ কথাত ইমান চিন্তা কৰি নাথাকিমেই ছাগৈ। ৰাতি দেৰিলৈকে পঢ়াৰ অভ্যাস হোৱাৰ পৰা দেখিছোঁ কেতিয়াবা ৰাতি টোপনি নহাত ফাইল খুলি কিবা কিবি বিচাৰি থকা, চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ পৃষ্ঠাই পৃষ্ঠাই আবেদন লিখি থকা। ঘৰত থকা সময়কণত অনবৰতে কিবা কিবি চিন্তা কৰি থকা যেন লাগে, খোৱাৰ সময়ত টেবুলত তেওঁৰ কাষতে আমিও যে বহি খাওঁ সেই কথাটোও আনকি মন নকৰে। আজিও আচলতে এই মাছৰ কামটো তেওঁ কৰিবলগীয়া কাম বুলি ভবাই নাই, এনেই সময় নষ্ট কৰাতকৈ আমাকেই পঠিয়াই দিছে।
আধাঘণ্টামানৰ ভিতৰত পানী সিঁচা মেচিন আনি দুয়োজন পালেহি, লগত কুশলদাৰ ভায়েক এজন। মেচিনটো আচলতে কুশলদাৰ ভায়েকৰহে হেনো। মেচিনৰ লগত বৰ দীঘলীয়া পাইপ এডাল। কুশলদাৰ ভায়েকজনে আহিয়েই অতপৰে আমি দেখি থকা ঘোলা পানীখিনিলৈ চাই “আছে দেই; আছে, কেইবাজনীও আছে” এইবুলি কৈ মেচিনটো ঠিক ঠাক কৰাত নামি পৰিল। অমিয়দা, ৰতন, দিবাকৰদাহঁত সবেই পাইপডাল কাষৰ ডোঙা এটালৈ মুখ কৰি ঠিক-ঠাক কৰিলে। সব প্ৰস্তুতি হোৱাৰ পাছত কুশলদাৰ ভায়েকে মেচিন আৰম্ভ কৰিলে, লাহে লাহে পাইপডালেৰে পানী আহিবলৈ আৰম্ভ হ’ল। মেচিনৰ শব্দ শুনি লাহে লাহে ওচৰৰ মানুহ অলপো ওলাই আহি পুখুৰীটোৰ পাৰত ভীৰ লগালেহি। অকমান সময়ৰ ভিতৰতে গোটেই ঠাইখনৰ ৰূপেই যেন সলনি হৈ গ’ল। যিহেতু পানী গোটেইখিনি সিঁচি শেষ হ’বলৈ সময়ৰ দৰকাৰ হ’ব, লগতে এতিয়া বোকাত নামি নামি মাছ ধৰিব লাগিব, গতিকে দিবাকৰদাহঁতে ভিনদেউক কৈ কৈ গাটো অলপ গৰম কৰাৰ ব্যৱস্থাটোও কৰি ল’লে। হয়ো বাৰু, ইতিমধ্যে লগা মাছৰ ভিতৰত শিঙি মাছৰ সংখ্যাই বেছি, গতিকে এতিয়া বোকাত নামি সেই বিষধাৰী শুঙৰ কোব পাহৰিবলৈকো কিবা এটা ব্যৱস্থাৰ দৰকাৰ। গতিকে মই থকা বুলি যাতে তেওঁলোক অপ্ৰস্তুত নহওক, সেইকাৰণে ময়ো বহি থকা ঠাইকনো সলাই ল’লোঁ।
ৰতনে মেটেকা টানি টানি পুখুৰীতো চাফা কৰিবলৈ প্ৰায় আধা দিন লগালে আৰু সেই পুখুৰীৰ পানী দুঘণ্টাৰ ভিতৰত সিঁচি শেষ। লগালগ গোটেইকেইজন যুদ্ধংদেহি মনোভাৱেৰে নামি পৰিল। ইফালে পানী সিঁচি থাকোঁতেই দিবাকৰদাৰ পৰিয়ালৰ বিয়া নপতা খুড়াক এজন আছে, তেওঁৱো হেনো গম পালে, গতিকে আহি মাছ ধৰাত সহায় কৰিবলৈ লাগি গ’ল। মুঠৰ ওপৰত আজি আমাক সহায় কৰা মানুহৰ অভাৱ নাই।
পুখুৰীৰ পাৰত মানুহৰ সংখ্যা বাঢ়ি গ’ল। সবৰে চকু কিমান ডাঙৰ মাছ কাৰ হাতত পৰিছে। মই চকী এৰি মাছ জমা কৰা বাল্টিৰ ওচৰ পালোহি। অঘোষিত এক প্ৰতিযোগিতা। এইবাৰ অৱশ্যে দিবাকৰদাই এটা ডাঙৰ মাছ প্ৰথমে নিজৰ হাতত বন্দী কৰিলে। তাৰপাছতে কুশলদাৰ ভায়েকে এটা, তাৰপাছত অমিয়দাই আন এটা। কুশলদাই পুনৰ পচাপাট হাতত লৈ লৈছিলে, বোকাত ছটফটাই সাৰিব নোৱাৰা দুটামান ডাঙৰ মাছ তেওঁ সেইপাট মাৰিহে ধৰিলে। ইফালে সৰু সৰু যিবোৰ মাছ জঁপিয়াই আছিল, সেইবোৰ ৰতনে আন এটা বাল্টিত জমা কৰি যাবলৈ ধৰিলে। দিবাকৰদাৰ খুড়াকজন আৰু পাকৈত, তেওঁ ধৰা মাছবোৰ লগালগ কিবা এডালেৰে চিলাই গৈছে-- একেলগতে গোটেইকেইটা মাছ শাৰী শাৰীকৈ, দেখিবলৈ বৰ ভাল লগা।
সময় যোৱাৰ লগে লগে মাছৰ পৰিমাণ বাঢ়ি গ’ল, মাজতে মই গৈ আৰু তিনিটা বাল্টি লৈ আনিলোঁগৈ। মাছ ধৰা কামটো সঁচাকৈ বৰ ভাললগা। এনেকে ইমানখিনি মাছ বজাৰতহে দেখোঁ, আজি তাতে গোটেইবোৰ নিজৰ। মাছ ধৰা গোটেইকেইজন মানুহৰ অৱস্থা নাই, বোকাভৰ্তি গা-মূৰ, কাপোৰ কানিৰ সঁচটো কেতিয়াবাই মৰিলে, তাৰ ওপৰত আকৌ এবাৰ দিবাকৰদা মাজতে উঠি আহি ভিনদেউ আৰু মোক শিঙি মাছৰ শুং লাগি বখলা বখল হোৱা হাতখন দেখুৱাই থৈও গ’ল। কি যে বীভৎস ৰূপ। তথাপি যে উঠি আহিবলৈ মন কৰা নাই, মাছ ধৰাতেই লাগি যে আছে— কি আচৰিত।
বেলিটো কেতিয়া মূৰৰ ওপৰেদি পাৰ হৈ কোমল হ’ল গমকেই নাপালোঁ, লাহে লাহে তেওঁলোকৰ হাতত বন্দী হোৱাৰ মাছৰ হাৰ কমি অহা দেখি, ‘ৰাইজ উঠি আহক আৰু, থকা কেইটা তাতেই থাকিবলৈ দিয়ক, এৰি দিয়ক আৰু’ এইবুলি ভিনদেউয়ে কৈ উঠিল। প্ৰথমে উঠি আহিল ৰতন, হাতত সি সংগ্ৰহ কৰা সৰু সৰু মাছৰ বাল্টিটো, তাৰপাছত অমিয়দা। বাকী দিবাকৰদা, কুশলদা, তেওঁৰ ভায়েক, দিবাকৰদাৰ খুড়াক গোটেইকেইজন এতিয়াও ব্যস্ত। হয় আকৌ, আমিহে দেখা নাই, বোকাৰ মাজত কিমান যে মাছ লুকাই আছে বোকাত নমাকেইটাইহে বুজিছে।
‘কি চাই আছিলা, দিবাকৰৰ খুড়াকে যে দুটা ডাঙৰ মাছ সৰকালে, মন নকৰিলা নি?’
হেহ? কেতিয়া? অমিয়দাই কওঁতে মই বৰ আচৰিত হ’লোঁ। মই বাৰু চায়েই আছিলোঁ সবকে, কিন্তু কোন মূহুৰ্তত কেতিয়া কি কৰিলে মই সঁচাকৈ ক’ব নোৱাৰোঁ।
‘সেই যে পাৰৰ মেটেকাখিনি, তাতেই ভৰাই থৈছে, আমি সব যোৱাৰ পাছতো ইহঁত থাকি মাছ ধৰিয়ে থাকিব চাবা আকৌ। তাৰপাছত সেই তেনেকে লুকুৱাই থোৱা মাছবোৰ লৈ যাব’
উৱা এনেকে কেলেই হ’ব আকৌ। এইটো কথা হ’ল নেকি? এইবোৰ হ’লেই মানে মোৰ বেয়া লাগে, টিঙিচকৈ খংটো উঠে। মাছ যে মাৰিবলৈ সুযোগ পাইছ, সেইটোৱেই যথেষ্ট। দুটা এটা মাছ ভাগত পাবিয়েইচোন, তাৰপাছত আকৌ এইবোৰ কি?
অমিয়দাহঁত উঠি আহি ভৰি হাত ধুই চাফা হ’ল, তাৰপাছত লাহেকে কুশলদা, ভায়েক, তাৰপাছত দিবাকৰদাৰ খুড়াক, একেবাৰে শেষতহে দিবাকৰদা উঠি আহিল। তেওঁলোকেও হাত ভৰিবোৰ ধুই লোৱাৰ পাছত লাহেকৈ মাছৰ ভাগ বাটোৱাৰা আৰম্ভ হ’ল। মই, ভিনদেউ, অমিয়দা, ৰতন, দিবাকৰদা, কুশলদা, কুশলদাৰ ভায়েক, দিবাকৰদাৰ খুড়াক গোল এটা কৰি বহি পৰিলোঁ। ভাগ কৰা কামত দিবাকৰদাই আগভাগ ল’লে। ল’বই, বাকী সবৰে যিহে হেমাহি। ইটোলৈ পাচে, সিটোলৈ পাচে। সবেই ইজনে সিজনৰ লগত সম্পৰ্ক বেয়া হ’ব পাৰে বুলি ভাবিয়েই ছাগে এনেকুৱা কামবোৰত আগবাঢ়ি আহিবলৈ বেয়া পায়। মই আগবাঢ়ি যাম বুলি ভাবিছিলোঁ, কিন্তু দিবাকৰদা আহিলে যেতিয়া ঠিকে কৰিব বুলি একো নক’লোঁ। যি নহওক, প্ৰথমে সকলোকে এটা এটাকৈ ডাঙৰ মাছ দি লোৱা হ’ল। তাৰপাছত কুশলদাৰ ভায়েকৰ সেই পানী সিঁচা মেচিনটোলৈ উচৰ্গা কৰি এটা ডাঙৰ মাছ দিয়া হ’ল। কুশলদাই ধৰা এটা ডাঙৰ মাছ হেনো তেওঁৰ খুব পচন্দৰ আছিল গতিকে তেওঁ সেইটো দিবাকৰদাক কৈ আগতীয়াকৈ লৈ ল’লে, মাছটোলৈ হেনো তেওঁৰ কিবা মৰম লাগি আছিল, নল’লে দায় দোষ লাগিব কিবা। দিবাকৰদাৰ খুড়াকৰো হেনো তেনেকুৱা এটা মাছ আছিলে, কিন্তু সেইটো তেওঁক নালাগে, তাৰ সলনি মজলীয়া আকাৰৰ দুটামান মাছ বেছিকৈ দিলেই তেওঁৰ হৈ যাব। ডাঙৰ মাছ বিলাই হোৱাৰ পাছত মজলীয়া আৰু সৰু মাছ গোটেইখিনি একেলগ কৰি সকলোৰে মাজত সমানে সমানে ভাগ কৰা হ’ল, দিবাকৰদাৰ খুড়াকৰ ইচ্ছানুসৰি দুটামান মজলীয়া আকাৰৰ মাছ বেছিকৈ দি দিয়া হ’ল। কুশলদাৰ মাকৰ কিবা এটা বেমাৰ হৈ আছে, তাৰ কাৰণে এই সৰু মাছৰ প্ৰজাতিটো ভাল হেনো, গতিকে দিবাকৰদাই সৰহীয়াকৈ কুশলদাৰ মোনাত আগতীয়াকৈ তেনেকুৱা মাছ অলপ ভৰাই দিলে। পুণ্য লাগিব তেতিয়া, অহাবাৰলৈ মাছ বেছিকৈ হ’ব। মালিকৰ ভাগ বুলি মোক আৰু অলপমান সৰু মাছ দিবাকৰদাই বাকী দিলে। আৰু বাকী মাছ ক’ত? শেষেই।
গোটেই সময়খিনিত কথা কৈ থকা মানুহ আছিল কেৱল দিবাকৰদা, কুশলদা, তেওঁৰ ভায়েক, দিবাকৰদাৰ খুড়াক—মই, ভিনদেউ, অমিয়দাই কেৱল চাবহে পাৰিলোঁ। আমাক এটা কথা সোধাৰ প্ৰয়োজনবোধ নকৰিলে। অথনিৰে পৰা ইমানগাল মাছ থকাৰ নিচিনা লাগি আছিল, অথচ ভাগ বাটোৱাৰা কামটো চকুৰ পচাৰতেই হৈ গ’ল—কিবা এটা ক’বলেও সুবিধা নাপালোঁ। দিবাকৰদাই, ‘ভাইটি তোমালোক গৈ থাকা, আমি এই মেচিনটো ঠিক কৰি মেলি ঘূৰাই দিহে যামগৈ’ এইবুলি আমাক আগতীয়াকৈ বিদায় দিলে। দিবাকৰদাই প্ৰথমবাৰৰ কাৰণে মোক তুমি বুলি সম্বোধন কৰাৰ লগতে ভাইটি বুলি মাতিলে। অতদিনে আচলতে মোক মোৰ ঘৰত মতা নামটোৱেই মাতিছিল, স্কুলৰ নামটো নাজানেই বাৰু।
টু শব্দ এটা উচ্চাৰণ নকৰাকৈ যন্ত্ৰৱৎ পকী ৰাস্তাটোত আহি উঠিলোহি। হঠাতে মনত পৰিলে, যি ঘৰ মানুহৰ পৰা চকী টুল আনিছিলোঁ, সেইকেইখন জানো ঘূৰাই দিয়া হ’ল? ভিনদেউ আৰু অমিয়দাক ৰ’বলৈ কৈ মই আকৌ ঘূৰি আহিলোঁ, দেখিলোঁ দিবাকৰদাহঁতে আকৌ মাছ ধৰাত লাগিছে। ৰাস্তাৰ আধাৰ পৰা ঘূৰি আহিলোঁ।
‘দেখিলি কেনেকৈ সিহঁতে ওপৰতে গোটেইবোৰ ভগালে? কুশলহঁতলে যে মোৰ বহুত খং উঠিছিল, একেখন ঘৰতে দুইটাৰ কাৰণে বেলেগ বেলেগ ভাগ লাগে সিহঁতক, আৰু দিবাকৰৰ খুড়াকটো? সি ক’ৰ পৰা কেনেকৈ যে ওলালহি? ই দিবাকৰেই দি আহিলে ছাগে খবৰ পানী সিঁচা মেচিনটো আনিবলৈ যাওঁতে। সিহঁতৰো একেখন ঘৰ, তাতো দুভাগ বেলেগ বেলেগকৈ হিচাপত লৈছে। ইমান খক, এনে সুবিধাবাদী……ইফালে আগতীয়াকৈ দুটামান ভৰাইছেই মেটেকাত সেইকাৰণে অথনি ৰাতিপুৱা অহাৰ সময়তেই কৈছিলোঁ ভালদৰে চকু ৰাখিবা বুলি’
‘মই ইমান এনেকুৱা কৰিব বুলি একদম ভবাই নাছিলোঁ। মানে আপোনালোকে মাছ ধৰিছে, গতিকে আপোনালোকৰ এজনে ভাগ কৰিলেই ভাল হ’ব বুলি ভাবি থাকিলোঁ। আৰু মইনো কি বুলি কিবা এটা কওঁ, দেউতাই মোক মাত্ৰ দায়িত্বটো দি গৈছে, গতিকে মালিকীস্বত্ব খটোৱাৰ দৰে কিবা এটা কৰিবলৈ গ’লেও বেয়া দেখি দিয়কচোন। ই কিবা এটা ক’বলেও আচলতে বয়সত সৰু হ’ল অলপমান” ভিনদেউৱো নিৰূপায়।
মোৰ একো এটা শব্দ উচ্চাৰণ কৰিবলৈ ইচ্ছা নগ’ল। বয়সত সৰু হ’লেও আচলতে মই মোৰ প্ৰাপ্যখিনিৰ কাৰণে ক’বলৈ পাৰিব লাগিছিল। প্ৰাপ্য কি, আচলতে মোৰ মতেহে ভাগ হ’ব লাগিছিল। ওপৰতে যে অইন কিছুমান মানুহে আহি কেনেকৈ চকুৰ সন্মুখতেই ভাগ লৈ গ’ল। দিবাকৰদাই যে সেইদিনা কোৱা ‘আচল মালিক তইহে’ কথাটো মূৰত পাকঘূৰণি খাই থাকিল। ঘৰ পোৱাৰ সময়ত দেউতা নাছিল, ভিনদেউ আৰু অমিয়দাই মাছৰ পৰিমাণ কমকৈ অহাৰ কথাখিনি মাক ভালদৰে বুজাই ক’লে। “হ’ব দে, সাধাৰণ মাছখিনিৰ লগতে সেই তাতে সিহঁতৰ লগত যে মাছবেপাৰীৰ দৰে কাজিয়া নকৰি ভালেই কৰিলি। খাৱকচোন দেচোন সিহঁতেই, কষ্ট কৰিছে, কিমান নো খাব” মায়ে মই একো নোকোৱাৰ পাছতো মোৰ মুখখন দেখি ছাগৈ কিবা বুজি পালে। আচ্ছা সাধাৰণ হ’লেও যে সেই ভাগ কৰোঁতে ইমান খেলিমেলি কিহৰ? কষ্ট কৰিছে মানি লৈছোঁ, কিন্তু সেয়া আমাৰ কাৰণেইটো কৰিবলগীয়া হৈছে, কৰিবলৈ সুবিধা পাইছে। উফ, মই যে কেলেই একো এটা ক’ব নোৱাৰিলোঁ। মোৰ চকুৰ সন্মুখতে সেই ডাঙৰ ডাঙৰ মাছকেইটা, সেই যে কিবা এটা বেমাৰ হ’লে খাবলৈ কোৱা সৰু সৰু মাছৰ সিংহভাগ মই কিবা ক’বলৈ পোৱাৰ আগেয়েই বেলেগে যেন থাপ মাৰিয়েই লৈ গ’ল।
ৰাতি ভাত খোৱাৰ সময়ত মনে মনে নিজক কেইবাবাৰো প্ৰবোধ দিলোঁ যে এনেকুৱা মাছ খোৱাৰ শকতি আমাৰ আছে, গতিকে সেইকেইটা সাধাৰণ মাছ ভাগত নাপালেও আমাৰ একো নহয়। তথাপি মাজে মাজে মাছ ভাগ কৰাৰ দৃশ্যটো মনত পৰিলেই গাটো কিবা জিকাৰ খাই উঠিল। সেইদিনা মই কাকো নমতাকৈ মনে মনে ভাত খোৱাৰ কাৰণেই ছাগে মায়ে আৰু এটুকুৰা মাছ মোক নোসোধাকৈয়ে মোৰ কাঁহীত দি দিলে।
সেইদিনা ৰাতিলৈ মোৰো টোপনি নাহিল।
(সৃজন(তেজপুৰ বিশ্ববিদ্যালয়ৰ বাৰ্ষিক আলোচনী) ২০১৮ ত প্ৰকাশিত)
Read More গল্প:
Photo source: here
Comments
Post a Comment