Previously:: পুডুচেৰী পুডুচেৰী (Part I)
আগদিনা ৰাতি বহুত দেৰিলৈকে পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ চৌহদৰ সোৱাদ লৈ লৈ শুবলৈ লওঁতে যথেষ্ট দেৰি হৈছিল। ৰাতিপুৱা আকৌ সোনকালে উঠিবলগীয়া আছে বুলি মনলৈ বাৰে বাৰে আহিও আছিল, অথচ ৰাতি অনাই বনাই ঘূৰি ফুৰাৰ আনন্দকণৰ পৰা বঞ্চিত হ’বলৈকো মন নাছিল। পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ মুখ্য গেইটৰ পৰা বহুত দূৰ সোমাৱাৰ পাছতহে হোষ্টেলবোৰ আৰম্ভ হৈছে। বহুত দূৰ মানে সঁচাকৈয়ে বহুত দূৰ, প্ৰায় তিনি-চাৰি কিল’মিটাৰমান যোৱাৰ পাছতহে পোৱা যায়। আমি ৰাতি মূখ্যতঃ বিশ্ববিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ বাবে নতুনকৈ বনোৱা চৌহদটো ঘূৰিলোঁ, মাজতে বহি ছাত্ৰ-ছাত্ৰীসকলৰ ফুটবল খেল চালোঁ, তাৰপাছত এপাকত ৰিতুপৰ্ণই ভয়ানক আন্ধাৰে আৱৰি থকা ঘৰ এটালৈ লৈ গ’ল। আচলতে সেইটো কিবা ওখ, বগাই ওপৰলৈ উঠি যাবলগীয়া পানীৰ টেংকিৰ দৰেহে। তাৰ পৰিকল্পনা আছিল সেইটোৰ ওপৰলৈ উঠি লৈ কিছু দুঃসাহসিক কিবা কাম কৰাৰ, কিন্তু ইতিমধ্যে আমাৰ যথেষ্ট দেৰি হৈছিলেই, আৰু ৰাতিখন অক্টোপাচৰ ভজা খাই লৈ তাৰ ওপৰলৈ উঠি গৈ দুঃসাহসিক কিবা কৰাৰ ইচ্ছা আৰু ধৈৰ্য প্ৰায় শেষ হৈছিলগৈ।
পাছদিনা ৰাতিপুৱা আমি সোনকালে উঠি মেলি গা পা ধুই জয়খ’ম্বাই ৰন্ধা খিচিৰা খাই সাজু হওঁ মানে সিফালে ৰিতুপৰ্ণই, তাৰ লগৰ প্ৰশান্তৰ সৈতে গৈ কালি আমি যোগাৰ কৰি ৰখা অনুসৰি ভাড়ালৈ অনা বাইককেইখন আনিও পালেহি। ৰাতিপুৱা প্ৰায় চাৰে আঠমান বজাত আমি হোষ্টেলৰ পৰা ওলাই আহিলোঁ। ওলাই অহাৰ সময়ত গেইটৰ ওচৰত গাৰ্ডকেইজনে কিবা অসুবিধা কৰিব বুলি ভাবিছিলোঁ ( মানে বিশ্ববিদ্যালয়ৰ ছাত্ৰ চৌহদৰ পৰা ওলাই গৈছ, আই কাৰ্ড দেখা-- এইবুলি ক’ব বুলি), পিছে ইমান বেছি তেনেকুৱা একো অসুবিধা নহ’ল আৰু অতি সোনকালে পণ্ডিচেৰীৰ ৰাস্তাত আমাৰ বাইকবোৰ এৰি দিলোঁ।
আমাৰ ভিতৰৰ এটাৰো এনেদৰে বাইক লৈ ঘূৰাৰ অভিজ্ঞতা নাছিলে, আৰু মোৰ ভূগোলৰ নিম্ন মানদণ্ডৰ জ্ঞানৰ বাবে মেংগ্ৰভ অৰণ্যৰ কথা জনাও মোৰ এদিনহে হৈছিল। সেয়াতো সেয়াই, আমাক তালৈ যাব লাগে, যাব লাগে বুলি বাৰে বাৰে উদ্বুদ্ধ কৰা ৰিতুপৰ্ণইও আচলতে তালৈ গৈ পোৱা নাছিল। আমি বাকী গোটেইকেইটাই ইফালে গৈছিলোঁ তাৰ ভৰসাতে। দিনটো টিকা চেৰাই যোৱা ৰ’দ। সলনা সলনি কৰি চলাই গৈ আছোঁ। মাজে মাজে ব্যস্ত চহৰৰ, ট্ৰেফিক জাম, আকৌ মাজে মাজে দুয়োফালে ওখ ওখ গছেৰে ভৰ্তি ৰাস্তা। দুটা দুটাকৈ উঠি যোৱা প্ৰত্যকৰে হাতত গুগল মেপ, মেপে আমাক যি ৰাস্তা দেখুৱাই গৈ আছে, সেইফালেই গৈ আছোঁ। আকৌ কেতিয়াবা কোনোবা এটা থাকি আহে, কোনোবা এটা বেছিকৈ আগবাঢ়ি গুচি যায়। ফোন কৰি কৰি আকৌ গোটেইকেইটা একগোট হোৱা, মাজতে কোনোবা এটাৰ বাইকৰে কিবা অসুবিধা-- এই গোটেইবোৰৰ মাজে মাজে গৈ গৈ আমি অৱশেষত এখন ঠাই পালোগৈ, য’ত গুগল মেপৰ মতে আচলতে আমি সন্মুখলৈ চালেই মেংগ্ৰভ অৰণ্য পাব লাগে। বাইক ৰখালোঁ, চালোঁ, সন্মুখত উদং পথাৰ। ৰিতুপৰ্ণক মাতিলোঁ, কি হ’ব এতিয়া? সিও বাইকখন ৰখাই লৈ পিন্ধি অহা চচমা খুলি ল’লে। আমি আচলতে তেতিয়াহে গম পাইছিলোঁ যে সিও সেইদিনা প্ৰথমবাৰৰ বাবেই আহি আছিল। অৱশ্যে সমস্যাটো তেনেই অকমাণি, সমাধান অসম্ভৱ নহয়। ৰিতুপৰ্ণই স্থানীয় ভাষা খুব ভালদৰে জানিছিলে, গতিকে সি ৰাস্তাৰ ঠিকনা উলিয়াই ল’বলৈ অসুবিধা নহ’ল। পিছে আমাৰহে ভয় লাগি আছিল, কেনেবাকৈ আকৌ গৈ গৈ বেলেগ ক’ৰবাত নোলাওগৈতো!
পিছে তেনে একো নহ’ল, কিছু দেৰিৰ পাছতেই আমাৰ যে সত্ৰসমূহলৈ যোৱাৰ পথত বহু আগতেই আদৰণি গেইট এখন থাকে, তেনেকুৱা গেইট এখন পালোঁ, যিখন দেখি গম পালোঁ যে আজিলে বাটত পৰুৱাই লগা সমস্যাৰ পৰা হাত সাৰিলোঁ। গেইটখন পাৰ হোৱাৰ পাছতে ৰাস্তাটো ভেটি ল’ৰা দুজনমান ৰৈ আছিল, গম পালোঁ এওঁলোক স্থানীয় ডেকাল’ৰা। কেৱল অসমতহে বিহুৰ সময়ত আজিকালি এই দৃশ্য সুলভ, পণ্ডিচেৰীৰ মেংগ্ৰভ অৰণ্য পোৱাৰ আগেয়ে এইধৰণৰ স্থানীয় ডেকাৰ চেকগেইট স্থায়ী যেনেই লাগিল। দহ টকাকৈ অৱদান দিয়াৰ পাছতহে বাট ভেটি থোৱা বাঁহডাল আঁতৰিল আৰু আমি অৱশেষত আমাৰ লক্ষ্যস্থলত উপনীত হ’লোঁ।
তাৰ আগদিনা সাগৰৰ পাৰ আৰু আজি সাগৰৰ সমান নদী এখনৰ বুকুলৈ যাত্ৰা কৰিম বুলি মনটো কিবা এটা এনেই নাচি আছিল, এতিয়া চকুৰ সন্মুখত দেখি আৰু কিবা এটা অচিন পুলক মনৰ মাজেদি পাৰ হৈ গ’ল । অৱশ্যে মানুহৰ যথেষ্ট ভীৰ পৰিলক্ষিত হ’ল। মেংগ্ৰভ অৰণ্যখন আচলতে নদীৰ মাজত, তালৈ যাবলৈ হ’লে নাৱতেই যাব লাগিব, তাৰ বাদে আন উপায় নাই। তাৰ ব্যৱস্থা অনুসৰি দুইধৰণৰ উপায় আছে, এক প্ৰকাৰৰ নাওঁ হ’ল আমাৰ ইয়াৰ পাব্লিক বাছবোৰৰ দৰে, যিকোনো মানুহ উঠিব পাৰিব( তাৰ টিকটৰ নিৰিখ অনুযায়ী) আৰু আনটো প্ৰকাৰ হ’ল আমাৰ দৰে যোৱা মানুহবোৰৰ বাবে নাওঁ ভাৰা (আমাৰ দৰে মানে একেলগে যোৱা ছটা মানুহ, আঠটা মানুহ এনেকুৱা, যাৰ পৰস্পৰৰ চিনাকি আছে) । ইয়াৰে নাওঁ ভাৰা কৰা ব্যৱস্থাটোৱে পছন্দৰ আৰু সুবিধাজনকো। গতিকে দেৰি নকৰি টিকটৰ বাবে পইচা দি মেলি আমাৰ বাবে নিৰ্দিষ্ট কৰি ৰখা নাৱত উঠিলোগৈ। ছেফটী কীট পিন্ধা বাধ্যতামূলক, আৰু প্ৰত্যেকখন নাৱতেই মজুত ৰখাও হৈছে।
কি যে শান্তি লাগিছিল। দিনত মূৰৰ ওপৰত একেৰাহে লৈ থকা ৰ’দজাকৰ কথা মনত পৰিলে এতিয়াও গাটো কিবা জিকাৰ খাই যায়। তেনেকুৱা এটা ৰ’দত অতদূৰ যোৱাৰ পাছত যেতিয়া নাওঁখনত বহি হাত ভৰি মেলি নদীখনৰ বুকুলৈ গৈ আছিলোঁ, আমাৰ গোটেইকেইটাৰ হিয়া-মন জুৰ পৰি গৈছিল। অৰণ্যখনৰ ওচৰ চপাৰ লগে লগে বিভিন্ন গছ, চৰাই এইবোৰে আমাৰ দৰে আন বহুতো নাৱক কেৰেপকে কৰা নাছিল। সকলো নিজ নিজ ঠাইত নিজৰ লগত আপোনমনে বিচৰণ কৰাত ব্যস্ত।
আমি গৈ মাজ ভাগ পাওঁতে নাৱৰীয়াজনে আমালৈ এটা প্ৰস্তাৱ আগবঢ়ালে। অৱশ্যে তেওঁ স্থানীয় ভাষাৰ বাদে হিন্দী, ইংৰাজী নাজানে, কিন্তু ৰিতুপৰ্ণ থকাৰ বাবে আমাৰ বৰ বেলেগ সুবিধা হৈছিল। তেওঁ ক’লে যে এনেই এনেকে টিকট কাটিলে কেৱল বাহিৰে বাহিৰেহে দেখুওৱা হ’ব, কিন্তু তেওঁক যদি আৰু তিনিশ টকা আমি দিওঁ, তেনেহ’লে অৰণ্যৰ ভিতৰলৈকো লৈ যাব। প্ৰস্তাৱটো বেয়া নাছিল, কিন্তু সঁচাকৈয়ে আমি কাটি অহা টিকটত কেৱল এই বাহিৰে বাহিৰে দেখুওৱাটোহে আছে নে লগতে ভিতৰলৈ যোৱাটোও আছিল, সেয়া সন্দেহ থাকি গ’ল। আমি কোনেও সুধিও নাহিলোঁ তাতে। সাতে পাচে আমি গোটেইকেইটাই ভিতৰখন চাই অহাটোকে ঠিক কৰিলোঁ। নাৱৰীয়াজনে লগালগে নাওঁখন অলপ টুলুং ভুটুং কৰি আনন্দ প্ৰকাশ কৰিলে ( বাহিৰা পইচা পাই), কিন্তু হঠাতে তেনেকুৱা কৰি দিওঁতে বুকুখন ঢপংকৈ গৈছিল।
অৱশ্যে এতিয়া যেতিয়া কথাটো ভাবি চাওঁ, সেই তিনিশ টকাৰ বাবে যদি আমি এটাইও নগ’লোঁ বুলি ক’লোহেতেন, হয়তু আজি কোনোবা পণ্ডিচেৰীলৈ গ’লে মেংগ্ৰভ চাই আহিবিগৈ দেই বুলি ডাঠি ক’বলৈ নোৱাৰিলোঁহেতেন। থাপাৰ লগত চাউণ্ড বক্স এটা আছিল, তাত পুৰণা হিন্দী গান, আগদিনা কিনি থোৱা ৱাইনৰ বটল এটা, নদীৰ ফেৰফেৰীয়া বতাহ আৰু মেংগ্ৰভৰ নিষিদ্ধ অঞ্চলৰ আভ্যন্তৰীণ সৌন্দৰ্য। নাৱৰীয়াবোৰৰ হাতত এই ভিতৰুৱা ৰাস্তাবোৰ নখ দৰ্পণত, কিন্তু আমাৰ বাবে সেইবোৰ কত ৰোমঞ্চকৰ অথচ জয়াল পৰিৱেশৰ সমসত্ব মিশ্ৰ। তাৰ পৰা ওলাই আহিবলৈ একেবাৰেই মন নাছিল।
প্ৰায় এক ঘণ্টামান কটোৱাৰ পাছত আমি তাৰ পৰা ওলাই আহিলোঁ। ঘূৰি অহাৰ ৰাস্তা সদায় চমু, কিন্তু মাজতে বাইক এখন বেয়া হোৱাৰ বাবে কিছু সময় লাগিল। সেই সময়তে আমি দিনৰ বাবে কিবা এটা খাইও ল’লো, বাটৰ কাষৰ চৰ্বত, ফল-মূলৰ সোৱাদ ল’লোঁ।
বাইককেইখন দিনটোৰ বাবে ভাৰা কৰা হৈছিল, গতিকে তাৰ পৰা আহি চিধা আমি ৰক বীচ্চলৈ ধাৱমান হ’লোঁ। ফ্ৰেন্স কলনীৰ কাষতে থকা ৰক বীচ্চত পিছে খেলিবৰ বাবে সুবিধা নাই, শিলেৰে ভৰ্তি। তাকো অনবৰতে সাগৰৰ লুণীয়া পানীয়ে জোকাৰি থকা শিলবোৰ পিছল খুব। ৰক বীচত কটোৱা বহুখিনি সময় বহুত মানুহ দেখিলোঁ, তাতে সেইদিনা তাত কিবা বজাৰ এখনো বহিছিল।
সেইদিনা ৰাতিলৈ আমাৰ বাংগালোৰ ঘূৰি অহাৰ বাছ আছিলে। হিচাপ কৰি চালোঁ, আচলতে আমি মেংগ্ৰভলৈ যাওঁতে আচলতে এখন সম্পূৰ্ণ জিলাই পাৰ হৈ গ’লোঁ। দিনটোৰ ভাগৰ যেন বাছৰ ছীটত বহাৰ পাছতহে অনুভৱ হৈছিল। গোটেই পণ্ডিচেৰীৰ ভ্ৰমণটো এদিনতে সমাপ্ত কৰি ঘূৰি যোৱা হ’লে ছাগে আমি পাছত বহুত অনুতাপ কৰি থাকিলোঁহেতেন। কিন্তু ভ্ৰমণে মানুহক বহুত কথা শিকায়, শিকায় জীৱনৰ সৰু সৰু মূহুৰ্তবোৰক মূল্য দিবলৈ। এতিয়া যেতিয়া মই মোৰ নিজৰ কোঠাত বহি নিজৰ সুবিধানুসৰি সময় কটাইছোঁ, অথচ মনত ঘূৰি আছে দুবছৰৰ আগৰ সেই সময়খিনিৰ কথা, সেই প্ৰচণ্ড ৰ’দত সকলো নেওচি ঘূৰি ফুৰাৰ সময়খিনিৰ কথা। সেইবাবেই বহুদিনৰ পৰা পৰিকল্পনা কৰি যাম যাম বুলি যোৱা নোহোৱাতকৈ হঠাতে হোৱা এনেকুৱাধৰণৰ ভ্ৰমণবোৰৰ মাদকতা হয়তু কিছু পৰিমাণে হ’লেও বেছি।
এতিয়া যেতিয়া মই মোৰ নিজৰ কোঠাত বহি নিজৰ সুবিধানুসৰি সময় কটাইছোঁ, অথচ মনত ঘূৰি আছে দুবছৰৰ আগৰ সেই সময়খিনিৰ কথা, সেই প্ৰচণ্ড ৰ’দত সকলো নেওচি ঘূৰি ফুৰাৰ সময়খিনিৰ কথা। সেইবাবেই বহুদিনৰ পৰা পৰিকল্পনা কৰি যাম যাম বুলি যোৱা নোহোৱাতকৈ হঠাতে হোৱা এনেকুৱাধৰণৰ ভ্ৰমণবোৰৰ মাদকতা হয়তু কিছু পৰিমাণে হ’লেও বেছি।
Also read:: মাইচৰ চে আয়া মেৰা দোষ্ট
Comments
Post a Comment