অৱশেষত ছয়িদুল পালেহি। আমি কেইটাই
সি অহালৈ বাট চাওঁতে চাওঁতে ডিঙিৰ হাড় বেঁকা কৰি দিলোঁ, সি আকৌ আহোতে এনেদৰে খোজ দিছে যেন এইমাত্ৰ ঘৰৰ পৰা নকইনাক উলিয়াই দিছে আৰু
কান্দি কান্দি কইনাই যাওঁ নাযাওঁকৈহে খোজ দিছে। সি আহি আমি বহি থকা ডাষ্টবিনটোৰ
ওচৰ পায়হি মানে আমি তিনিটাই অৰ্থাৎ মই, হলৌ আৰু ইস্মাইলে উঠি
নিজৰ নিজৰ ঝাড়ু কেইডাল হাতত তুলি ল'লো। ছয়িদুলেও সেই খোজতে
আহি আমাৰ ওচৰ পাই নিজৰ ঝাড়ুডাল হাতত তুলি ল'লে।
আমি চাৰিওটাই বৰনগৰৰ ৱাৰ্ড নং
দুইৰ এন ডি গলিৰ সকলো ডাষ্টবিন তথা নৰ্দমা পৰিষ্কাৰ কৰা একো একোটা দিন হাজিৰা কৰা
শ্ৰমিক। আমাৰ এতিয়াও চৈধ্য বছৰ হোৱা নাই কাৰণে আমাৰ নামৰ আগত শিশু শ্ৰমিক বুলি
উপনাম এটা লাগে। কিন্তু মই তাক কেতিয়াও মানি ল'ব নিবিছাৰোঁ। বিশেষকৈ
হলৌৰ ক্ষেত্ৰত সেই কথা কোনোমতেই খাপ খাব নোৱাৰে। সি আমাৰ গোটেই কেইটাতকৈ যথেষ্ট ওখ
আৰু তাৰ পেশীবোৰ আটিল। গতিকে আমি এতিয়া শিশু হৈ থকা নাই আৰু। তাতে "শিশু
শ্ৰমিক"? অসম্ভৱ।
"অ'ই কালি পইছা পালিনে?" ছয়িদুলে আহিয়েই প্ৰশ্ন
কৰিলে। কালি আবেলি আমাৰ ছুটীৰ সময়। গতিকে ৰবাব টেঙাৰ ফুটবল খেলিছিলোঁ। এনে
ক্ষেত্ৰত ছয়িদুল আগবঢ়া। কাৰণ বাহিৰা পইছা অলপ গোটাই তাৰ চৰ্দাৰ হোটেলত ভালদৰে
এসাঁজ খোৱাৰ মন। গতিকে সি খেলত বাজী লগায়। জিকিলে পইচাটো সি ল'বই। কিন্তু হাৰিলে ফটকৰে ক'তনো অদৃশ্য হৈ যায়। কালিৰ
খেলত আমি জিকিলোঁ।
গতিকে ছয়িদুলৰ আজি চৰ্দাৰ হোটেলত খানা। সেয়েহে আহিয়েই চিধা চিধি প্ৰশ্ন।
গতিকে ছয়িদুলৰ আজি চৰ্দাৰ হোটেলত খানা। সেয়েহে আহিয়েই চিধা চিধি প্ৰশ্ন।
হলৌৱে তাক উভতি ধৰিলে,"তই কি সদায় গোটেইবোৰ পইছা লৈ যাবি আৰু আমি খেলি খেলি ভৰি ভাঙি থাকিম নেকি?
আজি যদি আমাক নিনিয় খাবলৈ তোৰ মুখ ভাঙি গুৰি কৰি দিম।" হলৌৱে
তাক যেন ঝাড়ুডালেৰে মাৰিবই। হলৌ দেখাত কিছু ডাঙৰ আৰু শক্তি বেছি বাবে ছয়িদুল আমাৰ
কেপ্তেইন যদিও তালৈ সি ভয় কৰে। গতিকে সি তাক বুজাবলৈ বুলি তাৰ মাতটো কিছু নৰম সুৰত
উলিয়াবলৈ ল'লে। ঠিক তেনে সময়তে জীপখন লৈ আমাৰ 'বাবু' পালেহি। লগে লগে য'ৰ কথা
ততে এৰি আমি যেন একো কৰাই নাই, কেৱল কামহে কৰিছোঁ, তেনে ভাৱত ঝাড়ু মাৰিবলৈ ধৰিলোঁ। জীপখন লাহে লাহে আহি আমাৰ ওচৰ পালেহি।
ডিঙিত শিকলিৰ নিচিনা কিবা এডাল পিন্ধা মোছ থকা বাবুক দেখিলে বুকু ধপধপাই যায়। তেওঁ
অলপ ৰৈ কাম চালে। কিন্তু ছয়িদুলৰ ভাগ্য আজিও বেয়া, সি আগৰ
কেইদিনো কাম ভালকৈ নকৰাৰ বাবে থাপৰ খাইছেই। আজি আকৌ বাবুৰ হাতৰ আঙুলিত ওলমি থকা
কঠিন আঙুঠি কেইটাৰ দাগ তাৰ মুখত পৰিল। সি প্ৰায় কন্দনামুৱা হৈ পৰিল। পৰিস্থিতিৰ
হঠাৎ পৰিৱৰ্তনৰ লগত খাপ খাবলৈ আমিও হৈ পৰিছিলো নিৰুপায়। আমি তালৈ কেৱল সান্তনাৰ
দৃষ্টিহে দিব পাৰিলোঁ।
বাবু হৈছে আমি যাৰ অধীনত কাম
কৰোঁ। আচল নামটো কি সেই কথা আমি কোনেও নাজানোঁ। ঘৰত যেতিয়া খাবলৈ নাপাই এদিন
ৰাস্তাত মাৰ্বল খেলি আছিলোঁ, তেওঁ আহি আমাক গাড়ীত ফুৰাম বুলি কৈ
লৈ আহিল। তেতিয়াৰ পৰা দিনৰ দিনটো কাম কৰি তেওঁৰ পৰা আমি গধূলি আমাৰ ন্যূনতম
প্ৰাপ্য ভিক্ষা খুজি ল'ব লাগে।
বাবু যোবাৰ পিছত আমি ছয়িদুলৰ ওচৰ
পালোগৈ। তাৰ ৰঙা পৰা চকু দুটাৰ লগতে আঙুলিৰ দাগ পৰা গালখন মোহাৰি সি ঝাড়ুডালতে
ভেজা দি ৰৈ আছিল। বিনোদে কৰবাৰ পৰা পানী অলপ আনি তাৰ গালে মুখে ছটিয়াই দিলে। মই
মোৰ প্ৰাথমিক বিদ্যালয়ত পোৱা সীমিত জ্ঞানেৰে তাক সান্ত্বনা দিবলৈ ধৰিলোঁ।
সেইদিনা গধূলিলৈ আমাৰ চাৰিওটাৰে
মন বেয়া। বাজীত পোৱা টকাৰে চৰ্দাৰ হোটেলত খোৱাটো নহ'লেই, আনকি আমি আমাৰ মজুৰি আনিবলৈও ন'গলো। পানী আৰু
বিস্কুট খাই ছয়িদুল শুই পৰিল। আমি কেৱল নীৰৱ দৰ্শকহে হ'ব
পাৰিলোঁ।
পাছদিনা আমাৰ বাবে এক নতুন
প্ৰত্যাহ্বানে থিয় দি আছিল। পেটত জুই, বাবুৰ গালি, চৰ, ভুকু-সকলোৱে যেন এক বিৰাট দৈত্যৰ ৰূপ লৈ আমাক
ৰাক্ষসে খেদা দি খেদিছিল। কিন্তু ছয়িদুল? সি যেন এটা দানৱহে।
চাৰি পাঁচ দিন একেলেথাৰিয়ে চৰ খাই তাৰ ওখহা গাল, ৰঙা পৰা চকু,
শোটোৰা শোটোৰ চুলিৰে সি যেন এটা বেলেগ ছয়িদুল। কামলৈ আজি আহিয়ে সি
বেলেগ ৰূপ ধাৰণ কৰিলে। আমাৰ প্ৰাথমিক কাম হ'ল ৱাৰ্ডৰ
সকলোখিনি জাবৰ জোঁথৰ আনি আমি কাম কৰিবলৈ আহি সদায়ে অলপ সময় জিৰণি লবলৈ বহি থকা
ডাষ্টবিনটোত গোটাই থোৱা। ছয়িদুলে আজি আহিয়েই অথনিৰে পৰা আমিকেইটাই পেটত ভোক লৈ
লৈয়েই গোটাই থোৱা জাৱৰখিনি তেনেই থান বান কৰি পেলালে। তাৰপাছত নৰ্দমাৰ সব জাৱৰ আনি
ৰাস্তাত সিঁচৰতি কৰি পেলালে। ৱাৰ্ডৰ প্ৰত্যেকজন বাসিন্দাই তাৰ কাৰ্যত ক্ষুণ্ণ
হোৱাৰ লগতে আচৰিতো হ'ল। আমি কেইটাই তাৰ ৰুদ্ৰমূৰ্ত্তিত ভয়
খাই এচুকত ৰৈ থাকিলোঁ। তাৰ কাণ্ডত ৱাৰ্ডৰ মানুহ কেইজনমানে ছাগৈ বাবুক খবৰ দিয়াইছিল,
গতিকে অলপ সময় পাছতে বাবুও আহি পালেহি। তেওঁ যেন প্ৰস্তুত হৈয়ে
আহিছিল, হাতত এডাল লাঠি। সি তেতিয়া ৱাৰ্ডৰ চাইনবৰ্ডখন নমাবলৈ
যো-জা কৰিছে। আমি তিনিওটাই তাক বাধা দিবলৈ চেষ্টা কৰিলোঁ। কিন্তু তাৰ গাত যেন হলৌ,
ইস্মাইলতকৈ বহুত বেছি বলহে গোট খাইছে। ইতিমধ্যে বাবু আহি তাৰ ওচৰ
পালেহি আৰু তাৰ গাত লাঠিৰে পূৰ্ণহতীয়া কোব এটা সোধালে। সি তেতিয়াও যেন দুখ পোৱাই
নাই। গুৰু গোঁসাই নামানি সি চাইনবৰ্ডখন আকৌ নষ্ট কৰাৰ চেষ্টা চলালে। এইবাৰ বাবুৱে
তাক চুলিত ধৰি আনি সি ৰাস্তাত সিঁচৰতি কৰি থোৱা জাৱৰখিনিত বগৰাই লাঠিৰে যিমান পাৰি,
সিমান জোৰকৈ কোবাবলৈ ধৰিলে। সি উঠিব নোৱাৰা হ'ল,যন্ত্ৰণাত কেঁকাই তাতে পৰি ৰল।
তাৰ বল,শক্তি
শেষ হৈ গ'ল, কিন্তু তাৰ দুৰাৱস্থা দেখি
জাগ্ৰত হৈ পৰিল আমাৰ মনবোৰ, আমাৰ তেজবোৰ হৈ পৰিল জুইতকৈও
তপত। ইস্মাইলে তাৰ হাতৰ ঝাড়ুডালেৰে পাছফালৰ পৰা গৈ বাবুক একমাৰ সোধালে। লগে লগে
আমি কেইটাও হাতত যিহকে পাওঁ তাকে লৈ বাবুক আক্ৰমণ কৰিলোঁ। তাৰ লগত যোগ হ'ল আমাৰ পেটৰ জ্বালা, শ্ৰমিক হোৱাৰ বেদনা, লগৰীয়াৰ অসহ্য দুখ আৰু আমাৰ ন্যূনতম প্ৰাপ্যকণো খুজিবৰ বাবে আমাৰ লগত থকা
সামান্য আত্মসন্মান হেৰুওৱাৰ বেদনা। আটাইকেইটাই হেঁপাহ পলুৱাই যোৱাকৈ বাবুক লঠিয়াই,
গুৰিয়াই ক্ষোভ উজাৰিলোঁ। ইস্মাইলে বাবুৰ প্ৰকাণ্ড শৰীৰৰ ওপৰত জাবৰ
জোঁথৰ ছটিয়াই তেওঁৰ আধামৰা প্ৰাণটোক যেন সমাধিহে দিলে। ৱাৰ্ডৰ প্ৰতিজন সদস্যই ইমান
সময়ে টু শব্দ এটাই উচ্চাৰণ কৰা নাছিল, আমি বাবুৰ তেনেকুৱা
অৱস্থা কৰাৰ পাছতো আমাৰ ৰুদ্ৰমূৰ্তি দেখিয়ে হওক বা নলগা জেঙত লাগিবৰ মন নথকাৰ
বাবেই হওক, কোনেও একো নকলে, মাথোঁ
কুৰুক্ষেত্ৰখন উপভোগ কৰিলে।
আমি আটাইকেইটাই ধৰাধৰিকৈ ছয়িদুলক
উঠাই দিলোঁ। তাৰ উখহা গালখনেদি দুটোপাল চকুলো বৈ আহিল। সকলোৰে আনন্দাশ্ৰু ওলাল।
কাৰণ আজিৰ পৰা আমি আমাৰ ন্যূনতম প্ৰাপ্যকণ খুজি আমাৰ আত্মসন্মান হেৰুৱাব নালাগে, আমি স্বাধীন। আটাইকেইটাই উঠি আমাৰ নতুন যাত্ৰাত খোজ পেলালোঁ। কৈশোৰৰ
দুৱাৰদলিত আমাৰ প্ৰথম খোজ।
আজিৰ পৰা আমি শিশু শ্ৰমিক
নহয়।