Skip to main content

ৱাল্টাৰ লুইন

পাঠ্যক্ৰমৰ কেইটামান বিষয়বস্তু ইণ্টাৰনেটত সন্ধান কৰিবলৈ বহি মাছাছুছেটছ ইনষ্টিটিউটছ অৱ টেকনলজীৰ(MIT) অনলাইন মুক্ত শিক্ষাৰ(MIT OpenCourseWare) ব্যৱস্থাপ্ৰণালীৰ সোৱাদ পালোঁ। কেৱল এম আই টিয়েই নহয়, আন কেইবাখনো এনেধৰণৰ শিক্ষানুষ্ঠানৰ এই ব্যৱস্থাৰ জৰিয়তে বিভিন্ন বিষয়ৰ শিক্ষা পৃথিৱীৰ যিকোনো ঠাইৰ পৰা(ইণ্টাৰনেটৰ সংযোগ থকা) বিনামূলীয়াকৈ লাভ কৰিব পৰা যায়। ইয়াৰ শিক্ষণ প্ৰণালীসমূহৰ ভিতৰত শ্ৰেণীকোঠাৰ ভিডিঅ, নিৰ্দিষ্ট বিষয়সমূহৰ ওপৰত টোকা, প্ৰশ্ন-উত্তৰ ইত্যাদিৰ পিডিএফ সংস্কৰণ বিনামূল্যে উপলব্ধ। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুৰাগীসকলৰ বাবে এই ব্যৱস্থা যথেষ্ট সহায়ক হিচাপে বিবেচিত হৈছে। শেহতীয়াকৈ ভাৰতৰ কেইবাখনো শিক্ষানুষ্ঠান( আই আই টি, আই আই এচ চি) লগ হৈ এনপিটেল(NPTEL) শীৰ্ষক এলানি মুক্তশিক্ষাৰ পাঠ্যক্ৰম ইণ্টাৰনেটযোগে আৰম্ভ কৰিছে।

এই লেখনিৰ জৰিয়তে অৱশ্যে মুক্ত শিক্ষা প্ৰণালীৰ কথা কবলৈ বিছৰা হোৱা নাই। এম আই টিৰ পদাৰ্থ বিজ্ঞানৰ পাঠ্যক্ৰম খুচৰাৰ আগতেই দাদাই চিনাকি কৰি দিছিল তাৰে এজন শিক্ষকৰ সৈতে। বগা চুলি, সাধাৰণ সাজ-পোচাক, কথা কোৱাৰ এক স্বকীয় ভংগীমা। অনলাইন মুক্ত শিক্ষাৰ অন্তৰ্গত তেওঁৰ শ্ৰেণী এটাৰ ভিডিঅ এটা চোৱাৰ পাছতেই যেন কিবা এক চুম্বকীয় আকৰ্ষণে ক্ৰিয়া কৰি পেলালে আৰু প্ৰায় কেইবাটাও শ্ৰেণীৰ ভিডিঅ একেটা উশাহতে চাই শেষ কৰি পেলালোঁ।
সুন্দৰ উপস্থাপন, সৰু সৰু কথাবোৰৰ ব্যৱহাৰিক প্ৰমাণ, মাজে মাজে কৌতুক, ব্লেকবৰ্ডত সৰলৰেখা আৰু ডটেড ৰেখা অঁকাৰ অদ্বিতীয় কৌশল-মুঠৰ ওপৰত লগেই লগেই গুগল ছাৰ্ছ কৰিবলৈ বাধ্য হৈ পৰিলোঁপ্ৰফেচৰ ৱাল্টাৰ লুইন



প্ৰায় ৪৩ বছৰ এম আই টিত শিক্ষকতা কৰা লুইনৰ শিক্ষণৰ কৌশল অদ্বিতীয়, অতি সহজে যিকোনো লোক তেওঁৰ শ্ৰেণীকোঠাৰ ছাত্ৰ হবলৈ এক বিৰল আসক্তি অনুভৱ কৰিব। তেওঁৰ শ্ৰেণীকোঠাৰ ভিডিঅসমূহ ইণ্টাৰনেটৰ যোগে সম্প্ৰচাৰ হোৱাৰ লগে লগে ইমানেই জনপ্ৰিয়তা লাভ কৰিলে যে ২০০৭ চনত দ্য নিউয়ৰ্ক টাইমছে তেওঁক এম আই টিৰ "ৱেবষ্টাৰ(web star)" আখ্যা দিয়ে। লক্ষণীয় কথাটো হ'ল তেওঁৰ ছাত্ৰসকলৰ বয়সৰ কোনো উৰ্ধসীমা বা নিম্নসীমা নাই। বিল গেটছে নিজে স্বীকাৰ কৰিছিল যে তেওঁ ইতিমধ্যে লুইনৰ ধ্ৰুপদীয় বলবিদ্যা আৰু বিদ্যুৎআৰু চুম্বকীয় তত্বৰ দুয়োটা পাঠ্যক্ৰমৰ সকলোখিনি ভিডিঅ আয়ত্ব কৰিছে আৰু তাৰ পাছৰ তৰংগ আৰু দোলন পাঠ্যক্ৰমৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে। তাৰোপৰি লুইনলৈ প্ৰতিদিনে অহা ইমেইলবোৰৰ সংখ্যা আৰু ভাষা-দুয়োটাই পৃথিৱীজুৰি থকা তেওঁৰ জনপ্ৰিয়তা সূচাবলৈ যথেষ্ট। তেওঁ প্ৰায় প্ৰত্যেকটো ইমেইলৰ উত্তৰ প্ৰদান কৰে প্ৰায়বোৰ ই-মেইলৰ সাৰাংশ যদি বিচাৰ কৰি চোৱা যায়, সকলোৱে মাথোঁ এটা কথাকে কবলৈ বিচাৰে যে ৱাল্টাৰ লুইনে তেওঁলোকৰ জীৱনৰ গতি সলনি কৰি পেলাইছে, পদাৰ্থ বিজ্ঞান আৰু শিক্ষকতাও যে কেতিয়াবা ইমান আকৰ্ষণীয় হব পাৰে, সেয়া লুইনৰ ভিডিঅসমূহ চোৱাৰ পাছতহে অনুভৱ কৰিছে। লুইনলৈ অহা ইমেইলবোৰৰ ভিতৰত পাঠ্যক্ৰমৰ অন্তৰ্গত প্ৰশ্নৰ উত্তৰ বিচৰা ইমেইলো অন্যতম
কেৱল মাত্ৰ এজন শিক্ষকে এনেদৰে পৃথিৱীজুৰি প্ৰভাৱ বিস্তাৰ কৰা কেনেকৈ সম্ভৱ হব পাৰে? এটা সাক্ষাৎকাৰত লুইনৰ মতে তেওঁ আচলতে সকলোকে নিজৰ পৃথিৱীখনৰ সৈতে চিনাকিহে কৰাই দিয়ে। সৰু সৰু কথাবোৰৰ ব্যৱহাৰিক প্ৰমাণ তাতে দাঙি ধৰাটো তেওঁৰ আন এক বৈশিষ্ট্য। উদাহৰণস্বৰূপে, আকাশখন নীলা কিয়, বা নীলা আকাশৰ মাজতে ডাৱৰখিনি বগা কিয়, এইধৰণৰ প্ৰশ্নৰ উত্তৰ হিচাপে যদি কেৱল ৰেইলে বিচ্ছুৰণ(Rayleigh Scattering) বুলি নকৈ কোনোবা এজনে শ্ৰেণীকোঠাত চকুৰ সন্মুখতে নীলা আকাশ আৰু বগা ডাৱৰ সৃষ্টি কৰি দেখুৱায়, নিশ্চয় সকলোৰে বুজাৰ সুবিধা হোৱাৰ লগতে পৰৱৰ্তী ধাৰণাসমূহৰ প্ৰতি আগ্ৰহী হৈ পৰা যায়। ৱাল্টাৰ লুইনে চিগাৰেটৰ ধোঁৱাৰ সহায়ত শ্ৰেণীকোঠাত নীলা আকাশৰ ৰং ব্যাখ্যা কৰাৰ লগতে বগা ডাৱৰৰ ৰহস্যও প্ৰদৰ্শন কৰি দেখুৱাইছিলএইটো তেনেই এটা সৰু উদাহৰণহে মাত্ৰ। পেণ্ডুলাম এটাৰ দোলন(No of swing) তাৰ ওপৰত আৰোপিত ওজনৰ ওপৰত যে নিৰ্ভৰ নকৰে, সেই কথাৰ প্ৰমাণ দিবৰ বাবে তেওঁ নিজেই পেণ্ডুলামটোৰ তলৰফালে ওলমি দি শ্ৰেণীত উপস্থিত সকলোকে চমক খুৱাইছিল এনেধৰণৰ বহুতো কিছুমান পৰীক্ষাত তেওঁ জড়িত হৈ পৰে, যিবোৰত হবপৰা ক্ষুদ্ৰতম ভুলে কঢ়িয়াই আনিব পাৰে ডাঙৰ দূৰ্ঘটনা। অথচ তেওঁৰ মতে “Science requires sacrifices, after all” পাঠদান কৰাৰ আগত অতিকমেও তিনিবাৰকৈ তেওঁ খালী শ্ৰেণীকোঠাত পাঠদান কৰাৰ অনুশীলন কৰি লয় সেই অনুশীলনৰ অভ্যাসে তেওঁৰ শ্ৰেণীসমুহ সফল কৰি তোলাত বিশেষ ভূমিকা বহন কৰিছিল শ্ৰেণীকোঠাত যাতে তেওঁৰ সময়ৰ সদ্ব্যৱহাৰ হোৱাৰ লগতে সকলোৰে যাতে কোনো কাৰণতে মনোযোগ বিচ্ছিন্ন নহয়, তাৰ প্ৰতি সদাসচেতন। ইমানখিনি মানুহক শিক্ষাৰ প্ৰতি, শিকিবলৈ আগ্ৰহ কৰি তোলা মানুহজনৰ পৰিয়ালৰ আগৰ দুটা প্ৰজন্ম কিন্তু শিক্ষিত নাছিল

তেওঁৰ মতে, তেওঁৰ বাবে “Physics is a way of seeing-the spectacular and the mundane,, the immense and the minute- as a beautiful, thrillingly interwoven whole.” লুইনৰ গ্ৰন্থ “For the love of Physics- From the end of the rainbow to the edge of time- A journey through the wonders of Physics” য়ে ইতিমধ্যে বিশ্বজুৰি খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে


Popular posts from this blog

মাতৃভাষা আৰু আমাৰ দায়িত্ব

Photo Source:  www.bragitoff.com অসমীয়া ভাষাৰ ব্যৱহাৰ আৰু বিদ্যালয়ত অসমীয়া ভাষা শিক্ষণ মাধ্যম হোৱাৰ ক্ষেত্ৰত ইতিমধ্যে যথেষ্ট বাদানুবাদ আৰম্ভ হৈছে আৰু এই সন্দৰ্ভত সকলোৱে একমত হ ' ব পৰাকৈ যিকোনো এটা সিদ্ধান্ত এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই(হয়তু নহব) । অসমীয়া ভাষাৰ প্ৰচাৰ , ব্যৱহাৰ , অসমৰ শিক্ষাৰ মাধ্যম হিচাপে কেৱল অসমীয়া ভাষাৰ ব্যৱহাৰ কৰা আদিবোৰ সততে সংবাদ মাধ্যমৰ শীৰ্ষস্থান অধিকাৰ কৰা দেখিবলৈ পোৱা গৈছে।   প্ৰত্যেক বছৰে মেট্ৰিকৰ ফলাফল ঘোষণা কৰাৰ পাছত বাতৰিকাগজৰ শিৰোনামবোৰেও (উদাহৰণস্বৰূপে ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ জয়যাত্ৰা) এইক্ষেত্ৰত এক ভূমিকা বহন কৰা দেখা যায়। পোনপ্ৰথমে আমি ইংৰাজী ভাষাৰ আগ্ৰাসনৰ কথাকে যদি চাবলৈ যাওঁ , ইয়াৰ মূলতে হ ' ল ইংৰাজসকলৰ সমগ্ৰ বিশ্বত উপনিৱেশ স্থাপনৰ যি প্ৰক্ৰিয়া , তাৰ ফলত প্ৰায় সৰু বৰ সকলো দেশতে এই ভাষাৰ প্ৰচলন আৰু ফলাফলস্বৰূপে বিশ্বৰ প্ৰধান ভাষা হিচাপে এতিয়া ইংৰাজী ভাষাৰ সিংহাসন লাভ। প্ৰায়সংখ্যক দেশৰে প্ৰধান ভাষা( official language) হিচাপে ইংৰাজী ভাষা ব্যৱহাৰ হৈ আহিছে আৰু শেহতীয়া তথ্যমতে সমগ্ৰ বিশ্বৰ দুই মিলিয়ন লোকে তথ্যৰ আদান প্ৰদা

প্ৰিয়বন্ধু

Photo source: http://srzimmartist.blogspot.com (ৰচনাকালঃ ২০০৯) ঘণ্টাটো পৰাৰ লগে লগে গোটেই শ্ৰেণীটোৱেই প্ৰাণ পাই উঠিল। সকলোৱে চিঞৰ বাখৰ কৰি বাহিৰলৈ ওলাই গ'ল যদিও এজন তাৰ ব্যতিক্ৰম। ভালকৈ লক্ষ্য কৰিলে দেখা যায় যে দুচকুত অশ্ৰুৰ জিলিকণি, উদাস মুখৰ ভাও দি থকা এজন ল'ৰা। কিছুসময় পাছতঐ তালৈ এজাক ছোৱালীৰ আগমণ ঘটিল। সিহঁতৰ উশৃংখল হাঁহি, মন্তব্যবোৰে ল'ৰাটোৰ চকুপানীৰ নৈখন খৰস্ৰোতা হোৱাতহে সহায় কৰিলে। নাম তাৰ বৰুণ। শ্ৰেণীৰ আটাইতকৈ শান্ত ল'ৰা। শান্ত মানে একেবাৰে মুখৰ পৰা মাত নোলায়েই। কিন্তু তাৰ মনটো বৰ বহল। শ্ৰেণীৰ সকলো শিক্ষকৰে প্ৰিয়পাত্ৰ সি। তাৰ নম্ৰ, ভদ্ৰ আচৰণে তাক বিপদত নেপেলোৱাও নহয়। বিশেষকৈ, শ্ৰেণীৰ উৎপতীয়া কেইবাটাও ল'ৰাই তাৰ চৰিত্ৰ নষ্ট কৰাৰ চেষ্টা চলায়েই থাকে। কিন্তু তৰোৱালতকৈ কলম সদায় শক্তিশালী। তাৰ চৰিত্ৰ নামে বগা কাজগখিলাত সি ধূলিকণা এটাও পৰিবলৈ নিদিয়ে। শ্ৰেণীত তাৰ স্থান চতুৰ্থ। স্থানক লৈ সি কোনোদিনে গৰ্ব কৰা নাই আৰু তাক দেখিলে এনে লাগে যেন সি সেয়া কৰাৰ প্ৰয়োজনবোধো কৰা নাই। সময়মতে স্কুললৈ আহি শিক্ষকৰ নিৰ্দেশানুসৰি নিয়মমাফিক কৰ্ত্তব্যসমাপন কৰি সি

আকাশবাণী

     সৰুতে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি ভাত খোৱাৰ পৰলৈকে যদি কিবা এটা বস্তু একেৰাহে আমাৰ লগত লাগিয়ে থাকে বুলি কবলৈ যাওঁ , নিশ্চয়কৈ তাৰ ভিতৰত ৰেডিঅ ' ৰ নামটোও সংলগ্ন কৰিব লাগিব। আজিকালিৰ ছাত্ৰ-ছাত্ৰীসকলৰ কথা নাজানো , কিন্তু মই হোষ্টেল অহাৰ আগলৈকে নিয়মীয়াকৈ ৰেডিঅ ' ৰ অনুষ্ঠান উপভোগ কৰিছিলোঁ। প্ৰকৃততে ৰেডিঅ ' শুনাটো একপ্ৰকাৰৰ বাকীবোৰ দৈনন্দিন কামৰ দৰেই আছিল। আমাৰ অঞ্চলত গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ অনুষ্ঠানসমূহ সম্প্ৰচাৰিত হোৱাত অসুবিধা হৈছিল(দূৰত্বৰ বাবে) আৰু আমাৰ ৰাতিপুৱাবোৰ আৰম্ভ হৈছিল ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ পৰা সম্প্ৰচাৰিত ৰাতিপুৱাৰ অনুষ্ঠানসমূহৰ জৰিয়তে। এক বিশেষ সুৰ ধ্বনিৰ জৰিয়তে কেন্দ্ৰৰ প্ৰত্যেকখন অধিৱেশন আৰম্ভ হৈছিল।

মোৰ নৱছাত্ৰাবাস

“ মই অহাৰ লগে লগে সাউতকৈ উঠি গৈ ফুল ছাৰ্টটো পিন্ধিলি যে ? হা ? গৰম উঠা নাই নেকি ?” “ ছাৰ হ ’ ব , একো নহয় । ইমান গৰমো   উঠা নাই ” “ অ , হ ’ ব বাৰু । ইয়াত থাকি পঢ়া শুনা কৰিবলে খালি নেপাহৰিবি । ঢকুৱাখনাৰ পৰা পঢ়িবলে আহিছ , পঢ়িবি , কিবা অসুবিধা পালে মোক কবি , ৰাকেশ পৰাণক কবি ” । ৰাকেশ পৰাণ মানে হোষ্টেলৰ সেইসময়ৰ মণিটৰ ৰাকেশদা আৰু পৰাণদা । ৰাকেশদা মোৰ ৰুমমেটো আছিল । নিজৰ কোঠাৰ পৰা বাহিৰলে ওলালেই তথা ৰূমলে কোনোবা ছিনিয়ৰ আহিলে যাতে আমাক ফুলছাৰ্ট আৰু লংপেণ্ট পিন্ধা দেখা পায় , তেনেকুৱা এটা কটকটীয়া নিয়মে আমাক সকলোক বান্ধি থৈছিল । জুন মাহৰ শেষ দিন । ইমান সময়ে যেনতেন সহ্য কৰি অধীক্ষক ড০ বিমান চেতিয়া ছাৰে কথাখিনি কৈ মোৰ ৰুমৰ দুৱাৰখন পাৰ হোৱাৰ লগে লগেই ছাৰ্টটো খুলি পেলাই ফেনৰ তলত বহি পৰিলোঁ ।

অসমীয়া ভূচিত্ৰাৱলী

---চন্দ্ৰমা দুৱৰী বৰগোহাঞি--- ২০১৮ চনৰ ৪ ফেব্ৰুৱাৰীৰ দেওবৰীয়া বিচিত্ৰাত ৰবেন্দ্ৰ কুমাৰ দাসদেৱৰ ভূচিত্ৰাৱলীৰ বৰ্ণনাই আমাকো লৈ গ'ল দূৰ অতীতৰ তৃতীয় চতুৰ্থ পঞ্চম শ্ৰেণীত অঁকা আমাৰ চিৰচেনেহী জন্মভূমি অসমৰ মানচিত্ৰখনলৈ। ১৯৬৭ চনত যেতিয়া ৩য় শ্ৰেণীৰ বৃত্তি পৰীক্ষা দিবলৈ বাচনিভুক্ত হলো, ভূগোল বিষয়ত নিজ জিলাৰ এখন মেপ আঁকি জিলাৰ সদৰ ঠাই, নদী আদি বহুৱাবলৈ আহিছিল। তাৰ পাছত অসমৰ মেপ খন আকিবলৈ আমাক শ্ৰ্দ্ধাৰ গগন চেতিয়া ছাৰে শিকাইছিল। দাসদেৱে কোৱাৰ দৰে প্ৰথমে মেপখনৰ চাৰিসীমা জুখি স্কেলৰ সহায়ত সমান সমান জোখত বৰ্গক্ষেত্ৰ  আঁচ দি মেপখন আঁকিবলৈ শিকাইছিল। তাৰপাছত জিলাৰ সদৰ ঠাই, তেলৰ পুঙ থকা ঠাই, নদী আদি বহুৱাবলৈ দেখুৱাই দিয়ে। বিদ্যালয়ত থকা অসমীয়া ভূচিত্ৰাৱলীখনৰ পৰা ছাৰে মেপত থকা জিলাৰ সদৰ ঠাই, উত্তৰবাহিনী-দক্ষিণবাহিনী নদীবোৰ, তেল শোধনাগাৰ থকা ঠাইৰ নামসমূহ লিখি মেপত বহুৱাই আনিবলৈ দিয়ে। ঘৰত আহি ককাইদেউহঁতক খাটনি ধৰোঁ ভূচিত্ৰাৱলী এখন লাগে নিজাকৈ। ককাইদেউ বাইদেউহঁতৰ ভূচিত্ৰাৱলী বিলাক সিহঁতক দৰকাৰ হোৱাৰ বাবে দেউতাই নতুনকৈ মোক এখন ভূচিত্ৰাৱলী কিনি দিছিল। বিদ্যালয়লৈ আনিলে ভূগোল পিৰিয়ডত আটাইয়ে লগ হৈ ভূ

প্ৰতিধ্বনি

পল্লৱীয়ে যদি আগতে স্কুললৈ যোৱাৰ আগতে মাকক কয় , মই বইল কৰা কণী খাবলৈ বেয়া পাওঁ , মোক ভাজি দে , মাকে ক ’ ব বায়েৰে দেখোন একোতে অজুহাত দেখুৱাই নেপায় , তইনো কেনেকৈ ইমান আলসুৱা স্বভাৱৰ হলি । আৰু তাৰ পাছত তাই বইল কৰা কণীটো খঙতে নি পকা মজিয়াত পেলাই দিলে কণীটো খাব পৰাও হৈ থাকে , মজিয়াখনো নাভাঙে আৰু অৱশেষত গৈ তাই ভাজি কৰা কণীও খাবলৈ নাপায় । পাছত বায়েক বসুন্ধৰাই নিজৰ ভাগৰটো তাইক দি দিয়ে আৰু তাই মজিয়াত পৰাটো খায় । কলেজ পোৱাৰ পাছত বজাৰলৈ অথবা ক ’ ৰবালৈ ওলাই যাবলৈ হ ’ লে মাকক নিবলৈ দেউতাকৰ স্কুটিখন কোনে চলাব ? পল্লৱীয়ে কেইবাদিনো মুখ ওন্দোলাই , পিন্ধিবলৈ বুলি আনি লোৱা চেণ্ডেল দলিয়াই মেলি চালে , কিন্তু মাক সদায় ডাঙৰ জীয়েক বসুন্ধৰাৰ লগতহে যাব । স্কুটি চলাব পাৰিলে বুলিয়ে কি হ ’ ল ? পল্লৱী সৰু ছোৱালী । বইল কৰা কণী খালে যে তেলত ভজাতকৈ বেছি শক্তি পোৱা যায় , সেয়া বুজি নোপোৱা সৰু ছোৱালী । বসুন্ধৰাই সেইবোৰ বুজি নাপায় । তাইৰ দীঘল চুলিকোছা দুডাল বেণী কৰি মাকে আঁচুৰি দিয়ে , তাই মাকৰ চৰণ চুই স্কুললৈ যায় । কলেজত নামভৰ্ত্তি কৰাৰ পিছত তাই বেণী গুঠিবলৈ এৰিলে , চুলিকোছা আৰু অলপ দীঘল হ ’ ল । তাইৰ

দ্য নিউ গাৰ্ল ইন দ্য চিটী

---প্ৰিয়ম দি জ্যোৎস্না---  (১)  "হাজাৰজনৰ দৰে ময়ো যেতিয়া মুম্বাইলৈ আহিছিলোঁ, তেতিয়া নিজৰ বয়-বস্তুবোৰৰ সৈতে কিছুমান সপোনো বান্ধি আনিছিলো। তাৰ ভিতৰত আটাইতকৈ ডাঙৰ সপোনটো আছিল--এগৰাকী লেখক হোৱাৰ সপোন। যেতিয়া মোক এই প্ৰৱন্ধটো লিখিবলৈ কোৱা হৈছিল, তেতিয়াই হয়তো মোৰ সপোনটো বাস্তৱলৈ ৰূপান্তৰিত হ'ল। কিন্তু অশেষ চেষ্টাৰ পিছতো মই এই প্ৰৱন্ধটো লিখিবলৈ পৰা নাছিলোঁ। প্ৰতিবাৰেই লিখিবলৈ লওঁতে এনেকুৱা লাগিছিল যেন বহু কথা থাকি গৈছে। এই চহৰখনৰ বিষয়ে এনেকুৱা কি ক'ম যি আজিলৈকে কোনেও কোৱা নাই! সেইকাৰণে জমা দিয়াৰ এৰাতিৰ আগত প্ৰৱন্ধটো মই ফালি পেলালো আৰু পুনৰ লিখিবলৈ আৰম্ভ কৰিলো।       কেৱল দুমাহতে এক অদ্ভুতধৰণৰ প্ৰেম হৈ গ'ল এই চহৰখনৰ সৈতে। চহৰখন মোৰ আপোন যেন লগা হ'ল। ইয়াৰ কাৰণ কি হ'ব পাৰে? মোৰ নতুন উৎসাহমূলক চাকৰিটো ,মোৰ সৰু ফ্লেটটো নে মোৰ স্বাধীনতা? এই চহৰখনে এনেকুৱা কি দিছে মোক , যি মোৰ আপোন হৈ পৰিছে? প্ৰকৃততে উত্তৰটো বহুদিন ধৰি মোৰ চকুৰ সন্মুখতে আছিল, কিন্তু মইহে ধৰিব পৰা নাছিলোঁ। মুম্বাইলৈ আহিয়েই প্ৰথম ৰাতি মই কাৰোবাক লগ পালো। এজন ল'ৰাক। বন্ধু, ৰূ

হৰ্ষাভোগলে অথবা ছেহৱাগহঁতৰ কথাৰে….

--- সুমন্ত সৌৰভ কাকতি --- অন্য জনপ্ৰিয় খেলতকৈ ক্ৰিকেট সময়ৰ দিশৰ পৰা কিছু দীঘলীয়া খেল , ছয়-চাৰি বা উইকেইৰ সঘন পতন নঘটিলে ক্ৰিকেট সাধাৰণতে বিৰক্তিকৰ আৰু আমনিদায়ক হৈ উঠে , কিন্ত সেইসময়তে পোনপটীয়া সম্প্ৰচাৰৰ হিন্দী ভাষাৰ কমেণ্ট্ৰি বস্কৰ মাইক্ৰফোণত বাজি উঠা ” চিপছ কা পেকেট অঔৰ ৰবীন্দ্ৰ জাডেজা কা অভাৰ কব খতম হো জ্যায়ে পতা নহী চলতা” “প্যায়াৰ মে ডুবা হুৱা লড়কা , চায় মে ডুবা হুৱা বিস্কুট অঔৰ বিনা ৰাণ কে বেটছমেন কিছি কাম কা নহী ” বা “ইয়ে ইতনা আছান কেটচ থা কি শ্বোলে কা ঠাকুৰ ভি ইছে পকড় চকতা থা ” ( শ্বোলে চিনেমাৰ ঠাকুৰৰ দুয়োখন হাতেই নাছিল ) ,”পাকিস্থান কো গোলী চে নহী কোহলী চে ডৰ লগতা হ্যায় ” খঙাল বিৰাট কোহলিৰ চমৎকাৰ প্ৰদৰ্শনত সন্মোহিত হৈ কোৱা ” বিৰাট কা তেৱৰ মানো সোণে কা জেবৰ ( অলংকাৰ) “ফটে কলাৰ অঔৰ পিতে হুৱে বলাৰ কো ক্যোয়ী ইজ্জত নহী দেতা ” বা চেতেশ্বৰ পূজাৰাক দীৰ্ঘসময় ক্ৰীজত অতিবাহিত কৰাৰ বাবে উদ্দেশ্যি কোৱা” ইয়ে জীয়েন্দী না মিলেগী পূজাৰা ” ইত্যাদি অনেক ধৰণৰ খুহুতীয়া আমোদজনক ওৱান লাইনাৰ বোৰে বিৰক্তিকৰ খেল এখনতো দৰ্শকক আনন্দ দিয়াৰ লগতে মনোযোগ পুনৰবাৰ আকৰ্ষণ কৰিবলৈ সক্ষম হয় । আৰম্ভণিৰ অভাৰট

ইত্যাদি

(ৰচনাকালঃ ২০ ১১ ) বহুদিনৰ মূৰত মোৰ বাবে এটা আবেলি সম্পূৰ্ণ একান্ত ব্যক্তিগতভাৱে ওলাই পৰিল। স্কুলীয়া জীৱনৰ শেষ পৰীক্ষাটো দি উঠাৰ পাছত প্ৰকৃততে সকলোৰে ক’ত যাম, ক’ত নাযাম লাগে নেকি! মোৰো কাৰ্যতঃ একেই হৈছে। কি কৰোঁ কি নকৰোৰ উত্তেজনাত আৰু ঘৰৰ প্ৰৰোচনাত কেইদিনমানৰ বাবে খুড়াহঁতৰ ঘৰতে থাকি আহিলোগৈ। এতিয়া সেয়েহে বহুদিনৰ পিছত, বিহুৰ সময়তহে আজৰি হৈছোঁ আৰু সেই বাবে লগে লগেই মনজিতহঁতৰ ওচৰলৈ ঢাপলি মেলি আহিছোঁ। বিহুৰ সময়। এইকেইদিন গাঁৱত নাথাকিলো বুলিয়েই ইমান পৰিৱৰ্তননো হ’ব পাৰেনে? মহেন্দ্ৰ খুড়াৰ ঘৰৰ আগৰ গছ দুজোপাৰ ওপৰৰ ডাল-পাত কাটি দি গোটেইখন মুকলি কৰি ল’লে, ডিম্পলহঁতৰ আধৰুৱা পকাঘৰটো এতিয়া ৰং দিছে, কণহঁতৰ ঘৰৰ ওচৰতে এটা ডাঙৰ মাছ পুহিবৰ বাবে পুখুৰী খান্দিছে আৰু গাঁৱৰ ৰাস্তাটোতে এটা কালভাৰ্ট নিৰ্মাণ হৈ আছিল, সেইটো সম্পূৰ্ণ হৈ উঠিছে। মুঠতে এক বিৰাট পৰিৱৰ্তন। লাহে লাহে মই ৰাণাহঁতৰ ঘৰ পালোগৈ। আগফালে তাৰ ভনীয়েকে খেলি থকাৰ পৰাই মাত লগালে যে সি ইতিমধ্যেই ঘৰৰ পৰা অন্তৰ্ধান হৈছে। এইবাৰ আৰু মই পোনে পোনে পথাৰ পালোগৈ। কিন্তু মোৰ দুৰ্ভাগ্য যে খেল ইতিমধ্যেই আৰম্ভ হৈ গ’ল আৰু খেলৰ মাজত নতুনকৈ সোমাই খেলি

মাজ ৰাতি কেতেকী (Not a film review)

মাজ ৰাতি কেতেকী বোলছবিখন চালোঁ। প্ৰথমবাৰ, যেতিয়া তেজপুৰৰ পৰা ঘৰলৈ বুলি বাছত আহি আছিলোঁ, তেতিয়া। ঘৰৰ পৰা গুৱাহাটীলৈ যাবলৈ ভাল, এটা নিশাৰ বাট। লখিমপুৰ যাবলৈও ভাল, ডেৰঘণ্টা সময়ৰ প্ৰয়োজন। কিন্তু তেজপুৰলৈ যাবলৈ আমুৱাই যায়। দিনৰ ভাগত যাবলৈ হ’লে ৰাতিপুৱাই ওলাব লাগে, তেজপুৰ পায়গৈ প্ৰায় আঢ়ৈৰ পৰা তিনি বজাৰ ভিতৰত। গৰম দিন হ’লে সহ্যৰ সীমা কেতিয়াবাই পাৰ হৈ যায়। তাতে যদি বাছত মানুহ উঠাবলৈ পদূলিয়ে পদূলিয়ে ৰখায়, তেতিয়া কি কৰোঁ কি নকৰোঁ যেন হয়। এয়া কেৱল মোৰ অভিজ্ঞতাই নহয়, ভূক্তভোগী বহুত। অৱশ্যে ৰেলগাড়ীত যাব পাৰি, বাছযাত্ৰাতকৈ আৰামী হোৱাৰ লগতে ইমান আমনি নালাগে। কিন্তু তাতো মানুহৰ যি ভীৰ, যি হেঁচা ঠেলা, তাৰ ওপৰত আকৌ অপৰিষ্কাৰ পৰিৱেশ আৰু বেগৰ বস্তু চুৰি হোৱাৰ ভয়। গতিকে একেলগে কেইবাটাও গ’লে ৰে’লত যোৱাই ঠিক। সেইদিনা অকলেই তেজপুৰৰ পৰা বাছত আহিবলগীয়া হ’ল, গতিকে চিনেমাখন ওলিয়াই ল’লোঁ।