“এতিয়া চা কথাটো তেনেই সহজ। তই কাইলৈ চিগাৰেটৰ পইচাটো দিবি, নহলে পাছত কোনোবা এদিন আকৌ মোৰ পইচাটো দি দিবি, তেনেকেইটো জীৱন চলি আছে বোপাই। এৰা-ধৰা, যেনেকে গতিশক্তি শেষ হৈ গ’লে স্থিতি শক্তি বাঢ়ি যায়, ইটচ দেট চিম্পল বে। নুবুজিলে কি হ’ব, ইমান পইচা দি ইউনিভাৰ্চিটীত পঢ়ি আছ” দিব্যৰ কথাবোৰ শুনি ভাল লাগে। তাৰ লগত থাকি ভাল লাগে। এইকাৰণে নহয় যে সি মোক এইমাত্ৰ মদ খাবৰ বাবে মোৰ দিবলগীয়া অৰিহণাটো দি মোক বচাই দিছে, লগতে লগৰ বাকী কেইটাৰ আগত মোৰ সন্মান - কিন্ত তাৰ লগত থাকিলে মই যে পৃথিৱীত একমাত্ৰ বেকাৰ, তেনেকুৱা ধৰণৰ চিন্তা এটা সহজতে বাস ল’বলৈ ভয় কৰে। “আৰু ঐ শুন, বেগ লৈ গৈছ যেতিয়াই এনেও চেকিঙৰ পাল্লাত পৰিবিয়ে। গতিকে এটা কাম কৰিবি, বাহিৰৰ পৰা সোমাই চিধা গেটৰ কাষতে থকা এটিএমটোলে পোনাই দিবি। যেন তহঁতৰ হাতত আছে দামী দামী এ টি এম কাৰ্ড, আৰু একমাত্ৰ এ টি এম বোৰৰ পৰা পইচা উলিওৱাৰ লিমিট থকাৰ কাৰণেহে ঘনাই ঘনাই যাবলগীয়া হয়-- নহলেতো হোষ্টেলৰ ৰুমতে ধনকুবেৰৰ দৰে টকাৰ ওপৰত বহি থাকিলি হয়…! ...যা যা, একদম ভয় নকৰিবি, চিকিউৰিটীকেইটা নতুন কাৰণে আৰু চিন্তা নাই’ ইউনিভাৰ্ছিটীৰ ল’ৰা ছোৱালীবোৰৰ কুআসক্তিবোৰৰ প্ৰতি সদাসচ...
my new site: https://thediffigral.github.io/prankrishna-borgohain/