“ছাৰ হ’ব, একো নহয়। ইমান গৰমো উঠা নাই”
“অ, হ’ব বাৰু। ইয়াত থাকি পঢ়া শুনা কৰিবলে
খালি নেপাহৰিবি। ঢকুৱাখনাৰ
পৰা পঢ়িবলে আহিছ, পঢ়িবি, কিবা
অসুবিধা পালে মোক কবি, ৰাকেশ পৰাণক কবি”।
ৰাকেশ পৰাণ মানে হোষ্টেলৰ
সেইসময়ৰ মণিটৰ ৰাকেশদা আৰু পৰাণদা।
ৰাকেশদা
মোৰ ৰুমমেটো আছিল।
নিজৰ কোঠাৰ পৰা বাহিৰলে ওলালেই তথা ৰূমলে কোনোবা ছিনিয়ৰ আহিলে যাতে আমাক ফুলছাৰ্ট আৰু লংপেণ্ট পিন্ধা দেখা পায়, তেনেকুৱা এটা কটকটীয়া নিয়মে আমাক সকলোক বান্ধি থৈছিল। জুন মাহৰ শেষ দিন। ইমান সময়ে যেনতেন সহ্য কৰি অধীক্ষক ড০ বিমান চেতিয়া ছাৰে কথাখিনি কৈ মোৰ ৰুমৰ দুৱাৰখন পাৰ হোৱাৰ লগে লগেই ছাৰ্টটো খুলি পেলাই ফেনৰ তলত বহি পৰিলোঁ।
মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ওলোৱাৰ পাছতেই যেতিয়া ঠিক হ’ল যে মই নৰ্থ লখিমপুৰ কলেজতে পঢ়িম, মোৰ প্ৰথম কথা আছিল যে মই হোষ্টেলত থাকিম। অৱশ্যে হোষ্টেলীয়া জীৱন সম্বন্ধে মোৰ তেনেকুৱা কোনো ধাৰণা নাছিল, মাত্ৰ কিতাপ পঢ়ি, চিনেমা চাই যি অকমাণ ফেণ্টাছী হৈছিল, সেইখিনিকে সাৰথি কৰি লৈছিলোঁ। নিৰ্ধাৰিত দিনটোত হোষ্টেলত আহি ভৰি থলোঁ, মাহঁত যোৱাৰ পাছত চিনাকি গছকেইজোপা আৰু আগৰ চিনাকি কেইজনমান দাদাৰ বাদে এটা সম্পূৰ্ণ নতুন পৰিৱেশত খাপ খাবলৈ সাজু হ’লোঁ।
হোষ্টেল সম্বন্ধে ইমান একো ধাৰণা নথকাৰ পাছতো লাহে লাহে ইমান সোনকালে মিলি পৰিবলৈ সক্ষম হলোঁ, এতিয়া ভাবিলে আচৰিত লাগে। লাহে লাহে হোষ্টেলটো নিজৰ নিজৰ যেন লগা হ’ল, আলোচনী, বাতৰি কাকতত বেলেগে লিখাৰ দৰে হোষ্টেল ছেণ্টিমেণ্ট এটাই সঁচাকৈ গা কৰি উঠিল। প্ৰথম দিনা আহি অলপ দেখিলেই ভয় লগা নিচিনা দাদাকেইজনে যে প্ৰকৃততে কিমান মৰমিয়াল সেয়া বুজি উঠাৰ পাছত আমি হৈ পৰিছিলোঁ আটাইতকৈ ভাল বন্ধু। সকলো যেন একেটা পৰিয়ালৰে সদস্য, কোনো ভিন্নতা নাই। কাৰোবাৰ কিবা এটা হলেচোন ঠেহ পেচ পাহৰি সকলো উঠি পৰি আহে। হঠাৎ হোৱা প্ৰয়োজন অথবা দৰকাৰত কোনোবা নহয় কোনোবা এটাই সমাধান হৈ কাষত থিয় দিব পৰাকৈ আবাসৰ সকলো আবাসী আছিল এক অদ্বিতীয় মানসিকতাৰ অধিকাৰী ।
যি নহওক, প্ৰথমদিনা গধূলিলৈ আমি হোষ্টেলৰ বাৰাণ্ডাত লাইন পাতিলোঁ, আগতে ঘৰত মাক দেখুৱাবলৈকে সান্ধ্য বন্দনা গাইছিলোঁ, মা নাথাকিলে নাগাইছিলোঁ। কিন্তু এতিয়া ইয়াত আহি “ব্ৰহ্মা আদি কৰি” সদায় গধূলি গাবলগীয়া হ’ল। তাকো যিবোৰৰ মূখস্থ নাই, সিহঁতে জনাকেইটাৰ পৰা লিখি লৈ মনত ৰাখি হলেও গধূলি সময়ত প্ৰাৰ্থনা গাবই লাগিব। প্ৰথমদিনা ৰাতি ভাত খোৱাৰ আগত খাদ্য বিচাৰি খাদ্য সঞ্চালকলৈ শুদ্ধ অসমীয়া নহলে শুদ্ধ ইংৰাজীত আবেদন পাঠ কৰিবলগীয়া হ’ল। ফুল ছাৰ্ট আৰু লংপেণ্টৰ নিয়মটো আমাৰ কাৰণে ভাতৰ লগত পানী খোৱাৰ দৰে সাধাৰণ নিয়ম হৈ পৰিল। আৰু ঠিক এসপ্তাহমান পাছত প্ৰাৰ্থনা কৰাৰ আগত আমাক গাৰ্লছ হোষ্টেলৰ ছোৱালীয়ে শুনাকৈ চিঞৰিবলৈ দিয়া হ’ল আমাৰ MIL ৰ নাম। MIL মানে মাই ইন্টিমেট লাভাৰ। তাৰপাছত আমাৰ নতুনখিনিৰ প্ৰত্যেককে দিয়া হ’ল একোটাকৈ বৈজ্ঞানিক নাম। বৈজ্ঞানিক নামবোৰ প্ৰকৃতাৰ্থত বৰ খাপ খোৱা ধৰণৰ আছিল। যেনে মোৰ লগৰ হেপ্পী দাস, যথেষ্ট পাতলীয়া আৰু লেঙলেঙীয়া ওখ, তাক ছায়েণ্টিফিক নাম দিয়া হ’ল শক্তিমান আৰু সি গধূলি প্ৰাৰ্থনা গোৱাৰ আগত সদায়, মই শক্তিমান (অলপ পাহৰি গৈছো ডায়লগটো কেনেকুৱা আছিল) বুলি কৈ ঘূৰি ঘূৰি বাৰাণ্ডাৰ পৰা মাটিলৈ জপিয়াবলগীয়া হৈছিল, ঠিক শক্তিমানে ঘূৰি ঘূৰি উৰি ফুৰাৰ দৰে। সেইখিনি সময়ত আকৌ আমি হঁহাও বন্ধ আছিল। হাঁহিব কেৱল ছিনিয়ৰ দাদকেইজনে। আমাৰ মুখকেইখনে অলপ হলেও যদি বক্ৰৰূপ লয়, তেন্তে পিঠিত ঔকিল পৰাৰ লগতে নিজৰ বৈজ্ঞানিক নামৰ পুনঃ প্ৰদৰ্শন কৰিবলৈ বাধ্য।
দেওবাৰ এলাহৰ দিন বুলি
মনত এটা ধাৰণা সৰুৰে পৰাই আছিল।
সেইদিনা
যিমান মন যায় শুব পাৰি, লেথাৰী নিছিগাকৈ মন যোৱা কাম কৰি থাকিব পাৰি। কিন্তু হোষ্টেলৰ দেওবাৰৰ
দিনটো আছিল আটাইতকৈ ৰোমঞ্চকৰ।
প্ৰথম, সেইদিনা ৰাতিপুৱাৰ ফুটবল, দ্বিতীয়তে ৰাতিপুৱাৰ আহাৰ হিচাপে
পুৰী, তৃতীয়তে দিনৰ সাজত ভাতৰ লগত মাংস। ৰাতিপুৱা পাঁচ বজাতে হুইচেল
বাজিব ছচিয়েল ছাৰ্ভিছৰ বাবে।
হোষ্টেল
চাফা কৰি মেলি তাৰপাচত আৰম্ভ হয় অল্ড ব্লক নিউ ব্লকৰ মাজত তয়াময়া ৰণ। ভাত খাবলৈ হ’ল বুলি জাননী দিবলৈ ব্যৱহাৰ
কৰা হুইছেলটো আনি আৰম্ভ কৰা হয় অখণ্ড ফুটবল। ভাগৰ নলগালৈকে বা ৰ’দটোৱে খাও খাও মূৰ্তি নধৰালৈকে খেল চলি থাকে যদিও ইফালে যদি ৰাতিপুৱাৰ পুৰী
প্ৰস্তুত হোৱাৰ খবৰ আহে, লাহে লাহে টীমৰ মানুহ কমি কমি আহি থাকে। খেলৰ ফলাফল যে কেৱল খেলপথাৰতহে
সীমাবদ্ধ থাকে, তেনেকুৱা কেতিয়াও নহয়। সেইদিনা ৰাতিলৈ ভাত খাই
থকাৰ মাজতে যিটো ব্লক জিকিব, সেইটো ব্লকৰ কোনোবা ছিনিয়ৰ
এজনে নজনাৰ দৰে সকলোৱে শুনাকৈ সুধিব আজিৰ ৰাতিপুৱাৰ ফুটবলৰ ফলাফল কি ঔ ল’ৰাহঁত।
তাৰপাছত
খেল জিকা ব্লকৰ সকলোৱে নিজৰ ব্লকৰ নাম কৈ ডাইনিং হলৰ টেবুলত ঢকিয়াই আটাহ পাৰি, হুলস্থুল কৰি বাকী হৰা ব্লকৰ সকলোৰে কাণ ঘোলা নকৰালৈকে শেষ নহয়। খেল চলি থকাৰ সময়তো নিজৰ
নিজৰ ব্লকটোক সমৰ্থন জনাবলৈও ভীৰ লাগিছিল। লাহেকৈ আমাৰ হোষ্টেলৰ ফুটবল দলৰ
লগত খেলিবলৈ বাহিৰৰ প্ৰাইভেট হোষ্টেলৰ দলো আহিছিল। সেইসময়ত স্বাভাৱিকত গোটেই
হোষ্টেলৰ ল’ৰা উঠি পৰি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছিল
যেন নিজে খেলিবলৈ নাপালে কি হ’ল, চিঞৰি
চিঞৰি চাপৰ্ট দি হলেও জিকাই পেলাম। এনেদৰে বাহিৰৰ পৰা ক্ৰিকেট খেলিবলৈও
আহিছিল আৰু হোষ্টেলৰ সংঘবদ্ধ আক্ৰমণত তিষ্ঠিব পৰা নাছিল।
অৱশ্যে এই খেলবোৰ যিয়েই নেখেলক ফলাফলৰ কাৰণে কিন্তু সকলোৱে উদগ্ৰীৱ হৈ থাকিছিল। ই্য়াৰ অন্তৰালত কাৰণ দুটা আছে- প্ৰথম, খেলখনত হৰা মানেই কলেজ চাৰিআলিলৈ আমাৰ যাবলৈ নিজৰে লাজ লাগি থাকিব। মুঠতে আমি কেতিয়াও হাৰিব নোৱাৰো। নেভাৰ। আৰু দ্বিতীয় কাৰণ হৈছে, খেল জিকা মানেই সপ্তাহটোত এদিন বেছিকৈ মাংস খাবলৈ পোৱাৰ সুযোগ।
“হোষ্টেলৰ খানা” - হোষ্টেলীয়া জীৱনৰ ওপৰত পঢ়া প্ৰৱন্ধ, উপন্যাস প্ৰায়বোৰতে হোষ্টেলৰ খানাক ভিলেইন হিচাপেই পাই আহিলোঁ। মোৰ অৱশ্যে তেনেকুৱা কোনো অভিপ্ৰায় নাই। তাৰ পৰিৱৰ্তে মই আমাৰ পাকঘৰটোৰ কথা কবলৈহে ভাল পাম। আমাৰ হোষ্টেলৰ পাকঘৰটো আছিল অপেন টু অল। শইকীয়াদা, চন্দ্ৰকাই, লাডেনডা, বাইদেউৱে তেওঁলোকৰ কামখিনি সম্পন্ন কৰাৰ পাছত পাকঘৰটো যিয়েই যি মন কৰে, সেয়া ৰান্ধি খাবলৈ সুবিধা পাইছিল। সপ্তাহত দুদিন মাংস, এদিন মাছ, এদিন কণী, তাকো হুইছেল মাৰিবলৈ হৈছে নাই বুলি চাই থাকি ৰৈ, অৱশেষত খোৱাৰ সময়ত দৌৰি দৌৰি আহিও বাটিত দুপিছ মাংসৰ লগত তিনি পিছ (নহলে তাতকৈ বেছি) আলু পাওঁ, এতিয়া কথাটো মনত পৰিলেও মেছ ডিউজ সমুদায় ঘূৰাই লম যেন লাগে। শইকীয়াদাহঁতেও আমাৰ মনৰ ভাৱ বুজি পায়, অথচ নিৰুপায় চাৱনি এটা তেওঁলোকৰ চকুতে দেখা পালে নিজৰে মনটো বেয়া লাগে। গতিকে মাংসৰ ব্যৱস্থাটো যদি কেনেকবাকৈ বেলেগ উপায়েৰে কৰিব পৰা যায়, আৰু কি লাগে? প্ৰায়ে পাঁচ ছটা মনে মিলা লগ হৈ নহলে নিজৰ বেটছৰ লগৰ কেইটা লগ হৈ পইচা তুলি মাংস ৰান্ধি খোৱাৰ এটা ভাল প্ৰথা তলে তলে চলি আছিল। কেৱল মাংসই নহয়, বনভাজি কৰি, আমলেট কৰিও খাব পৰাকৈ আমাৰ পাকঘৰটো মুকলি আছিল। গতিকে যিয়ে যেনেকৈ পাৰে কেনেবাকৈ যদি মাংস নথকা দিন এটাত বেলেগ উপায়েৰে মাংসৰ ব্যৱস্থা কৰিব পাৰে, সেয়া আছিল আমাৰ কাৰণে সেই দিনটোৰ আটাইতকৈ ভাল খবৰ। এই ফ্ৰী মাংস যোগানৰ উপায়বোৰো কিন্তু যথেষ্ট আকৰ্ষণীয় আছিল। কাৰোবাৰ বাৰ্থডে, গতিকে সি মাংস দিবই লাগিব। সেইটো তেনেই সাধাৰণ নিয়ম। কিন্তু বাৰ্থ ডে এবাৰহে আহে বছৰত। গতিকে আন দুটা উপায় হৈছে ৰুম লোৱা পতা আৰু শনি ভঙা।
এদিন ক্লাছত মোৰ অলপ লটিঘটি হ’ল, আহি কথাটো ৰুমমেট দুয়োটাক জনালোঁ। গৈ গৈ কথাটো কাণত পৰিল ছিনিয়ৰ আন এজন দাদাৰ কাণত, চন্দনদা। তেওঁ কথাটো গম পাই ছাৰ্ণৰ গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীবোৰৰ নিচিনা ভাৱলেশ এটা অলপ সময়ৰ কাৰণে মুখত ওলমাই ল’লে আৰু তাৰপাছত মোক ক’লে যে মোৰ আচলতে শনিৰ দশা চলিছে, গতিকে শনি নাভাঙিলে কিন্ত আকৌ কিবা খেলিমেলি হবই হব। গতিকে শনি ভাঙিবলে কি কৰিব লাগিব? “তই কাইলে আমাৰ চাৰিটাক মাংস দিবি আমি চাৰিটাই একেলগে তোৰ শনি খেদাম”। তাৰপাছত সঁচাকৈয়ে নিজাকৈ মাংস আনি, ৰান্ধি শনি খেদা সকামভাগি সম্পন্ন কৰিলোঁ । সৰু সুৰা অজুহাতৰ বাবে শনি খেদা সকাম আমাৰ লগৰ সকলোৱেই সম্পন্ন কৰিবলগীয়া হৈছিল। তাৰোপৰি ৰুম লোৱা পাতোতেও কিছুমানে মাংস দিছিল। হোষ্টেললৈ নতুনকৈ আহিছা, নতুন ৰুম এটাত সোমাইছা, গতিকে ভকতক সন্তুষ্ট নকৰিলে জানো হ’ব? গতিকে আকৌ মাংস, আকৌ সকাম।
কেৱল নিজৰ স্বাৰ্থতহে যে আমি পাকঘৰটো ব্যৱহাৰ কৰিছিলোঁ তেনেকুৱা নাছিল। আবাসী বহুত এনেকুৱা আছিল যে পঢ়ি আমনি লগাৰ মাজতে অলপ উঠি গৈ শইকীয়াদাহঁতক তেওঁলোকৰ ৰন্ধা বঢ়াত সহায় কৰি দিছিল। আৰু বিলোৱা মেলোৱা কামত প্ৰায় লাগি মেলি দিয়া মানুহ বহুত আছিল। মাজতে এই নিজে ৰান্ধি খোৱা প্ৰথাটো বন্ধ কৰা হৈছিল যদিও পাছলৈ ফুটুকাৰ ফেন, আকৌ মনে মনে চলি থাকিল।
এটা হোষ্টেলত সাধাৰণতে হোৱা বিভিন্ন অনুষ্ঠানবোৰ যেনে নৱাগত আদৰণী সভা, শিক্ষক দিৱস, দীপান্বিতা, বিদায় সম্বৰ্ধনা, ফাকুৱা, জন্মাষ্টমী এইবোৰ আমি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ লগতে আন আৰু কেইটামান নিজৰ উৎসৱো পতা হৈছিল। বগৰী দিৱস, দেওবৰীয়া চৰা, নিউব্লক-অল্ড ব্লক যুদ্ধ, বিহু এইবোৰ আছিল আমাৰ নিজৰ অনুষ্ঠান। নৱাগত আদৰণী সভা যাতে কেম্পাছৰ ভিতৰত আমাৰে আটাইতকৈ ভাল হয় সেয়া সদায়ে আমি ধ্যান ৰাখিছিলোঁ। আমাৰ বেটছটো স্নাতক তৃতীয় বৰ্ষত থকা বছৰ আৰু তাৰ আগৰ বছৰো আমন্ত্ৰিত সকলো অতিথিয়ে আমাৰ ব্যৱস্থাপনা গাৰ্লছ হোষ্টেলতকৈ বহুগুণে ভাল হৈছে বুলি প্ৰশংসা কৰি থৈ গৈছিল। নৱাগত আদৰণি সভাতে উন্মোচন কৰা হয় “অভ্যাস”- নৱছাত্ৰাবাসৰ প্ৰাচীৰ পত্ৰিকা। ফ্ৰেচাৰ্চৰ আগৰাতি হোষ্টেলৰ লাইব্ৰেৰী “ঐক্যতান”ৰ বুকুত জন্ম হয় “অভ্যাস”ৰ। প্ৰত্যেকবছৰেই নতুন নতুন ধাৰণাৰে আগবঢ়াই দিয়া প্ৰাচীৰ পত্ৰিকাখনিত উন্মোচিত হয় আবাসীসকলৰ চিন্তাৰ ফচল। এইখিনিতে ঐক্যতানৰ কথাও বিশেষ উল্লেখযোগ্য। প্ৰায় চাৰিহাজাৰ গ্ৰন্থসমৃদ্ধ হোষ্টেলৰ পুথিভঁৰালটোত যথেষ্ট মূল্যৱান কিতাপেৰে ঠাহ খাই আছে।
ফাকুৱাৰ দিনা হোষ্টেলৰ আগফালে গাঁত এটা খান্দি তাত সকলোকে গা ধুৱাই দিয়া হৈছিল আৰু পাৰিলে কলেজ চাৰিআলিলৈ সকলো বোকাময় হৈ ওলাই যোৱাটো বেলেগ ধৰণৰ চখ আছিল। ফাকুৱাৰ দিনা বাহিৰৰ হোষ্টেলৰ কোনো আহিবলৈ সাহস কৰা নাছিল।
এই পাঁচবছৰীয়া সময়ত মোৰ ইমান দুৰ্ভাগ্য যে এবাৰো ভালদৰে বগৰী দিৱসত থাকিবলৈ নেপালোঁ। আমাৰ আবাসত বগৰী গছৰ সংখ্যাই সৰ্বাধিক। গতিকে ফেব্ৰুৱাৰী মাহৰ প্ৰথম দেওবাৰে বগৰীবোৰ পাৰি লৈ একেলগে খোৱাৰ যো জা কৰা হয়। কিন্তু খোৱাৰ আগতে টান টান বগৰীবোৰ বেলেগৰ গাত মাৰি চাব পালে কোনেনো বেয়া পাব? তাতে শ শ বগৰী খাইও শেষ কৰাৰ কথা ভাবিব নোৱাৰি। গতিকে প্ৰথমতে কাঁহী বাতি বজাই বজাই গোটেই হোষ্টেলটো এপাক মাৰি বগৰী পাৰি লৈ ইটো সিটোৰ গাত বগৰী মাৰি হাতখন পোন কৰাৰ অভ্যাস হোৱাৰ পাছত সকলো লগ হৈ ৰ’দত বহি যিয়ে যিমান পাৰে বগৰী খায়। কোনোবা এবাৰ ছুপাৰ ছাৰে আহি বেৰত বগৰীবোৰ থেতেলা খাই ফুল বছা দেখিবলৈ পাই অলপ কাঢ়া নিয়ম জাৰি কৰি থৈ যোৱাৰ পাছৰ পৰা অলপ ঢিলা হৈ পৰিল।
আনটো ভাললগা খেল আছিল অল্ড ব্লক নিউ ব্লকৰ মাজৰ যুদ্ধ। প্ৰথম বৰ্ষত থকাৰ সময়ৰ কথা। ভাত খাই আহিছো, হঠাতে খবৰ আহিছে, আমাৰ ব্লকৰ কোনোবা এটাক নি নিউ ব্লকৰ ৰুমত সোমোৱাই অবাইচ যান্ত্ৰণা দিয়া হৈছে কেৱল এটা কথা কবৰ বাবে “নিউ ব্লক জিন্দাবাদ, অল্ড ব্লক মুৰ্দাবাদ”। লগালগ আমাৰ ব্লক, মানে অল্ড ব্লকৰ সকলো ৰথী মহাৰথী ওলাই আহিল আৰু নিউ ব্লকৰ আবাসীক অপহৰণ কৰিবলৈ আৰম্ভ কৰি দিয়া হ’ল। তাৰপাছত দুয়োপক্ষৰ মুখা মুখী ৰণ। টনাটনি (Tag of war) কৰি যিয়ে যাক পাই টানি আনি ৰুমত ভৰাই অকথ্য যাতনা দিয়া হয় যাতে সি তাৰ নিজৰ ব্লকটোক মুৰ্দাবাদ বুলি কবলৈ বাধ্য হয়। পাছদিনা ৰাতি ভাত খোৱাৰ সময়ত কোনটো ব্লকে বেছি অপহৰণ কৰি আনিলে তাৰ ওপৰত ভিত্তি কৰি যুদ্ধৰ ফলাফল ঘোষণা কৰাৰ লগে লগে হুলস্থুল আৰম্ভ হৈ যায়। অৱশ্যে যিমান বাৰে আমি এই খেল খেলিছিলোঁ, ফলাফল কেতিয়াও কাৰো মনঃপূত নহৈছিল। দ্বিতীয় বৰ্ষত ৰণত ভাল প্ৰদৰ্শন কৰাৰ সূত্ৰে মই লাভ কৰা “বিশ্বৰথী” বেজটো এতিয়াও ৰাখি থৈছোঁ।
আমি স্নাতক দ্বিতীয় বৰ্ষত থকাৰ সময়ত অৰবিন্দ ৰাজখোৱা ছাৰ আৰু ছুপাৰ ছয়িদুল আহমেদ ছাৰ শিক্ষক আবাসলৈ আহিছিল। গতিকে কেম্পাছত মুঠ পাঁচজন শিক্ষকৰ ছত্ৰছায়াত আমি থাকিবলগীয়া হৈছিল। হোষ্টেলৰ ৰাস্তাটো আগতকৈ ভাল হোৱাৰ লগতে ৰাতি কেইবাটাও লাইটৰ ব্যৱস্থা হৈছিল। গতিকে সেই বৰ্ষৰ পৰাই আমি আৰম্ভ কৰিলোঁ বিহু বন্ধত ঘৰলৈ যোৱাৰ আগত ছাৰ বাইদেউৰ ঘৰত বিহু হুঁচৰি মৰাৰ আন এক পৰম্পৰা। সুযোগতে গাৰ্লছ হোষ্টেলৰ ছোৱালীখিনিয়েও বিহুত এপাক নচাৰ সুবিধা পাইছিল। ঢোলৰ যোগাৰৰ কোনো চিন্তা নাই, তাল হিচাপে বাটি আৰু বিহু নাম নজনা কোনো নাই। বন্ধৰ আগে আগে মৰা এই হুঁচৰিয়ে ছাৰ বাইদেউহঁতকো বিহুৰ বতৰত আনন্দ দিছিল বুলি আমি জানিব পাৰিছিলোঁ।
শিক্ষক দিৱসৰ দিনটো আমাৰ কাৰণে আৰু এটা কথাৰ কাৰণে বিশেষ উল্লেখযোগ্য আছিল কাৰণ সেইদিনাই আবাসৰ মুখপত্ৰ “স্মৃতিতীৰ্থ” উন্মোচন কৰা হয়। আগতে এই মুখপত্ৰখনি বিদায়ী আবাসীসকলৰ সম্বৰ্ধনা সভাত উন্মোচন কৰা হৈছিল যদিও বৰ্তমানে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি কৰাৰ ব্যৱস্থা কৰা হৈছে। স্মৃতিতীৰ্থৰ দশম সংখ্যাৰ সম্পাদনাৰ দায়িত্ব মই যীচু পাগাগৰ সৈতে বহন কৰিছিলোঁ। আলোচনীখন সৰ্বাংগ সুন্দৰ কৰি তুলিবলৈ প্ৰকৃততে সকলো আবাসীয়ে যৎপৰোনাষ্টি কৰে, কেৱল সম্পাদনা সমিতিৰ ওপৰত সমগ্ৰ দায়িত্ব তথা প্ৰশংসা কৰাতো আচলতে ভুল। আলোচনী প্ৰকাশৰ খা খৰচৰ বাবে চান্দা তোলা, লেখা বিচাৰি আবেদন, তত্ত্বাৱধায়ক ৰাজখোৱা ছাৰৰ ঘৰলৈ ৰাতি গৈ লে-আউট বনোৱা কামত ছাৰক সহায় কৰা-এই কামবোৰত সময় লাগিছিল, কিন্তু অপব্যয় হোৱা নাছিল। একো একোখন স্মৃতিতীৰ্থই আমাক পাছত বহুত সমল দাঙি ধৰিব, সেয়া আমি সময়ত উপলব্ধি কৰিম।
অভ্যাস, স্মৃতিতীৰ্থৰ লগতে আন এখন প্ৰকাশিত গ্ৰন্থ, তথা হাতেলিখা আলোচনী “প্ৰয়াস” প্ৰকাশ হয় বিদায়ী আবাসীসকলৰ ফালৰ পৰা। তেওঁলোকৰ বিদায় সভাত প্ৰকাশ কৰা মনৰ ভাৱ তথা কবিতাৰ সংকলন “প্ৰয়াস” সঁচাঅৰ্থত এক ব্যতিক্ৰমী প্ৰচেষ্টা।
এইবোৰৰ উপৰি হোষ্টেলৰ সমূহ আবাসীয়ে বাট চাই থকা আন এক অনুষ্ঠান হৈছে বছৰেকীয়া বনভোজ। সকলো লগ হৈ, নদী-পাহাৰৰ কাষত মুকলিমনে আৰু ভালদৰে এসাঁজ খোৱাৰ দিনটোলৈ সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই থাকে। পিকনিকলৈ যোৱাৰ আগৰাতি মিউজিক বক্স আনি গাৰ্লছ হোষ্টেললৈ মূৰ কৰাই ডাঙৰ ডাঙৰকৈ গান বজাই নচাটো আছিল আন এক চখ। তাৰপাছত পিকনিকৰ দিনা ৰাতিপুৱা পিকনিক খোৱা ঠাইলৈ যোৱাৰ আগেয়ে বাছত সকলো উঠি ফিল্ডত গাৰ্লছ হোষ্টেলৰ কাষেদি চাৰিপাক মান ঘূৰা আৰু ছোৱালীবোৰক উদ্দেশ্যি কিৰীলি নাপাৰিলে পিকনিকটোৱেই আধৰুৱা নিচিনা লাগিছিল আৰু এইটো এক প্ৰকাৰৰ নিয়মেই আছিল। পিকনিকৰ পৰা অহাৰ পাছতো একেটা কাম আকৌ কৰা হৈছিল। অৱশ্যে একেটা কাম গাৰ্লচ হোষ্টেলেও ( পুৰণি ছাত্ৰীনিবাস) আমাৰ লগত কৰিছিল।
গাৰ্লছ হোষ্টেল আৰু আমাৰ মাজত আছিল মাত্ৰ এখন ফুটবল ফিল্ডৰ পাৰ্থক্য। গতিকে ৰাতি ভাত খাই উঠি বা কাৰেণ্ট গলে সেইফাললৈ চাই চিঞৰ এটা মৰা কামটো শিক্ষক আবাসৰ ব্যৱস্থা নোহোৱালৈকে ঠিকেই চলি আছিল। গাৰ্লছ হোষ্টেল সম্বন্ধীয় আৰু এটা প্ৰথা আছিল তেওঁলোকৰ নৱাগত আদৰণী সভাৰ লগত। আমাৰ নৱাগত আদৰণী সভালৈ গাৰ্লছ হোষ্টেলক নিমন্ত্ৰণ কৰাৰ দৰে ছাত্ৰীনিবাসৰ নৱাগত আদৰণী সভালৈও আমাক নিমন্ত্ৰণ জনায়। কিন্তু তালৈ যাবলৈ অনুমতি কেৱল স্নাতক তৃতীয় বৰ্ষৰ আবাসীসকলৰ। কিন্তু সেইদিনা হোষ্টেলৰ নৱাগত সকলোকে মিছাকৈ ভালদৰে সজাই পৰাই তুলি গাৰ্লছ হোষ্টেলৰ ফ্ৰেছাৰ্ছলৈ নিমন্ত্ৰণ কৰিছে বুলি উলিয়াই নি ফিল্ডৰ ঠিক মাজৰ পৰা ঠাট্টা কৰি ঘূৰাই অনাৰ এক খুব জমনি ঘটনা প্ৰত্যেক বছৰে হৈ থাকে। তাৰোপৰি ১৪ ফেব্ৰুৱাৰী ভেলেণ্টাইন ডে’ৰ দিনা গাৰ্লছ হোষ্টেলৰ তৰফৰ পৰা আমালৈ উপহাৰ কিছুমান যেনে খালি চেম্পুৰ টেমা, ভগা ফণী ইত্যাদি আহিছিল আৰু বিনিময়ত আমিও হৰলিক্সৰ খালী টেমা, ফটা চেণ্ডেল আদি পঠাইছিলো।
কলেজৰো যিকোনো কামত হোষ্টেলৰ অংশগ্ৰহণ আছিল নিয়মীয়া। ২০১২ চনত মহাবিদ্যালয় সপ্তাহত পোনপ্ৰথমবাৰৰ বাবে আৰম্ভ কৰা আন্তঃবিভাগ আৰু আবাসৰ প্ৰতিযোগিতাত নৱছাত্ৰাবাসেই পোনপ্ৰথমবাৰৰ বাবে শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল। পাছৰ বছৰৰ পৰা আবাস হিচাপে অংশগ্ৰহণ কৰাটো বন্ধ কৰা হ’ল যদিও হোষ্টেলৰ আবাসীসকলে যিকোনো দিশতে নিজক জিলিকাই তুলিবলৈ সক্ষম হৈছে। হোষ্টেলত প্ৰতি বছৰে অনুষ্ঠিত হোৱা “হোষ্টেল সপ্তাহ” হৈছে আবাসীসকলৰ বাবে নিজৰ প্ৰতিভা বিকাশৰ আন এক সুযোগ।
বাৰ মাহত তেৰটা উৎসৱ হৈ থাকিব, তথাপি তাৰ মাজতো আবাসীসকলে পঢ়া-শুনাৰ কাম নিয়াৰিকৈ কৰিছিল। পৰীক্ষাৰ প্ৰথমদিনা হোষ্টেল গেইটত সৰস্বতীৰ ফটোখনত দহটকা এটা দি কপালত ৰঙা ফোঁট এটাৰ লগতে চকলেট এটা লৈ একেলগে পৰীক্ষা হললৈ যাওঁতে এনেই ভাল লাগি গৈছিল। পৰীক্ষাৰ পাছৰ বন্ধতো প্ৰায়ে বহুত আবাসী হোষ্টেলতে থাকিছিল একমাত্ৰ হোষ্টেলৰ প্ৰতি থকা অদম্য টানৰ বাবে। আমাৰ লগৰো বহুতে (ময়ো) গৰম বন্ধত ঘৰলৈ নগৈ হোষ্টেলত থাকি survive কৰিবলৈ সুযোগ এটা লভিছিলোঁ। তেনেকৈ থকাকেইদিন হোষ্টেলত কেইবাজনীও ভূতুনীৰ জন্ম হৈছিল, কেইবাটাও হাফপেণ্ট পিন্ধা ল’ৰাই স্পৰ্টছ ৰুমত কেৰম খেলি হূলস্থূল কৰাৰ কাহিনীয়ে দিনতে জয়াল কৰি তুলিছিল। সেইখিনি কবলৈ এতিয়াই আৰম্ভ কৰিলে হীৰক জয়ন্তীৰ আলোচনীৰ বাবে লিখিবলৈ মোৰ হাতত একোৱে নাথাকিব।
সোণালী জয়ন্তী বৰ্ষত ভৰি থোৱা এই আবাসৰ একেবাৰে নগণ্য অংশ হবলৈ পাই নিজেই যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ। এই যে পঢ়িবলৈ বুলি ঘৰৰ পৰা ওলাই গুচি আহি পাঁচবছৰৰ বাবে বেলেগ এখন ঘৰক নিজৰ আপোন বুলি ভাবিব পৰাকৈ নৱছাত্ৰাবাসে মোক যি সুযোগ দিছে সেয়া মই মোৰ জীৱনত পাহৰি কেতিয়াও নাযাওঁ-বৰঞ্চ মোৰ অন্তৰত অহৰ্নিশে কঢ়িয়াই লৈ ফুৰিম এইসমূহ মধুৰ স্মৃতি- যিবোৰে জীৱনৰ কঠিন মূহুৰ্ত কিছুমানত মোক দি থাকিব প্ৰেৰণা, সাহস আৰু মোৰ জীৱনটো উদযাপন কৰিবৰ বাবে কিছুমান অমূল্য সমল।
ব্যক্তিগতভাৱে কিমানখিনি
আত্মবিশ্বাসেৰে ভৰি পৰিলে এনেকুৱা কথা ক’ব পাৰি নাজানো
কিন্তু বেলেগৰ আগত বুকু
ফুলাই মই ক’ম যে নৱছাত্ৰাবাস আচলতে মোৰ দ্বিতীয় ঘৰ।
------------
------------
Comments
Post a Comment