সৰুতে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি ভাত খোৱাৰ পৰলৈকে যদি
কিবা এটা বস্তু একেৰাহে আমাৰ লগত লাগিয়ে থাকে বুলি কবলৈ যাওঁ, নিশ্চয়কৈ তাৰ ভিতৰত ৰেডিঅ'ৰ নামটোও সংলগ্ন কৰিব
লাগিব। আজিকালিৰ ছাত্ৰ-ছাত্ৰীসকলৰ কথা নাজানো, কিন্তু মই
হোষ্টেল অহাৰ আগলৈকে নিয়মীয়াকৈ ৰেডিঅ'ৰ অনুষ্ঠান উপভোগ
কৰিছিলোঁ। প্ৰকৃততে ৰেডিঅ' শুনাটো একপ্ৰকাৰৰ বাকীবোৰ
দৈনন্দিন কামৰ দৰেই আছিল। আমাৰ অঞ্চলত গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ অনুষ্ঠানসমূহ
সম্প্ৰচাৰিত হোৱাত অসুবিধা হৈছিল(দূৰত্বৰ বাবে) আৰু আমাৰ ৰাতিপুৱাবোৰ আৰম্ভ হৈছিল
ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ পৰা সম্প্ৰচাৰিত ৰাতিপুৱাৰ অনুষ্ঠানসমূহৰ জৰিয়তে। এক
বিশেষ সুৰ ধ্বনিৰ জৰিয়তে কেন্দ্ৰৰ প্ৰত্যেকখন অধিৱেশন আৰম্ভ হৈছিল।
সেই বিশেষ
সুৰ(ৰাগ?)টি শুনি থাকিলে প্ৰথমতে কিবা বিষাদমিহলি ভাৱ,
পাছলৈ কিবা এই যেন কিবা ভাল কাম এটা হ'ব,
ভাল কামৰ শুভাৰম্ভণি হ'ব, এনেকুৱা লাগিছিল। নৱমমানৰ পৰা ৰাতিপুৱা টিউচন যোৱাৰ আগৰ মূহুৰ্তত
ৰাতিপুৱাৰ বন্দে মাতৰম, মহৎলোকৰ কথা, দিনটোৰ
কাৰ্যসূচী এইসকলোবোৰ শুনি শুনি অভ্যস্ত হৈ পৰিছিলোঁ। বিদ্যাৰ্থীৰ অনুষ্ঠানৰ
ইংৰাজীৰ পাঠ, শনিবাৰে সেই একে অনুষ্ঠানতে ৰূপক, গান্ধীৰ আত্মজীৱনী(অনুষ্ঠানটোৰ নাম "মোৰ সত্য অন্বেষণৰ কাহিনী)। সাত
বাজি পোন্ধৰ মিনিটৰ পৰা প্ৰচাৰিত "আজিৰ দিনটো" শীৰ্ষক অনুষ্ঠানটি কোনো
এদিনো শুনাৰ পৰা যাতে বঞ্চিত নহওঁ, তাৰ প্ৰতি সদাসচেতন
আছিলোঁ।
আমাৰ স্কুলত শ্ৰেণীৰ ৰোল নম্বৰ অনুসৰি সকলোৰে প্ৰাৰ্থনা সভাত প্ৰাৰ্থনা কৰাৰ পাছত বাধ্যতামূলকভাৱে মহৎলোকৰ বাণী বা গীতাৰ শ্লোক আৰু
দিনটোৰ তাৎপৰ্য
বাখ্যাৰ লগতে চমুকৈ কোনো এটা বিষয়ৰ ওপৰত দুআষাৰ কোৱাৰ পাল পৰিছিল। এই কামটোৰ বাবে
আমাক সকলোকে আজিৰ দিনটো অনুষ্ঠানে যথেষ্টখিনি সহায় কৰিছিল। লগতে অনুষ্ঠানটোৰ শেষত
দিয়া আজিৰ শীৰ্ষ বাতৰিৰ শিৰোনাম আৰু সম্পাদকীয়টোৰ কিছু অংশ কোৱাৰ সময়ত মই সদায়
আমাৰ ঘৰত লোৱা দৈনিকবাতৰিকাকতখন ওচৰলৈ আনি লৈছিলোঁ আৰু বক্তাজনে বাতৰিবোৰ কৈ যোৱা
সময়ত মিলাই চাইছিলোঁ কিবা ভুল হয়ে বা!
স্কুল যোৱাৰ আগত গা ধুবলৈ যাবলৈ আমাক সময় চোৱাৰ দৰকাৰ
নহৈছিল। ৰিলে কৰি সম্প্ৰচাৰ কৰা হিন্দী বাতৰি যেতিয়া শেষ হৈছিল, তেতিয়া গা ধুবলৈ বুলি প্ৰস্তুতি চলাইছিলোঁ। অৱশ্যে স্কুল আগতে চাৰে ন বজাৰ
পৰা আৰম্ভ হোৱাৰ দিনত "আপোনাৰ গান" আৰম্ভ হোৱাৰ লগে লগে মাক ভাত খুজি
আমনি কৰিছিলোঁ যাবৰ হ'ল বুলি। কোনোবা এবাৰ
"ফাটবিহু"ত ডিব্ৰুগড় আকাশবাণীৰ এটি দল আহি ফাটবিহুৰ অনুষ্ঠান ৰেকৰ্ডিং
কৰি নিয়াৰ লগতে "আপোনাৰ গান" অনুষ্ঠানটিৰ বাবেও ৰেকৰ্ডিং কৰিছিল।
সেইদিনা সমগ্ৰ ঢকুবাখনাবাসীয়ে কাণ উনাই ৰেডিঅ'ৰ আগত বহি
ৰৈছিল, আমিও স্কুল অহাৰ আগত কিছু অংশ শুনি আহিছিলোঁ।
ফাটবিহুৰ অনুষ্ঠান যিদিনা সম্প্ৰচাৰ হব বুলি প্ৰচাৰ হৈছিল, সেইদিনা
সকলোৱে ইজনে সিজনক জনাই দিছিল যাতে কোনোৱে ভুলতে হ'লেও
অনুষ্ঠানটো উপভোগ কৰাৰ পৰা বঞ্চিত নহয়।।
সময় কিমান হৈছে আমি ৰেডিঅ'ত কি অনুষ্ঠান চলি
আছে তাৰ জৰিয়তেই নিশ্চিত হৈছিলোঁ, ঘড়ী নোচোৱাকৈয়ে।
বিভিন্নধৰণৰ অনুষ্ঠানসমুহৰ কেৱল মাতষাৰ শুনি শুনিয়ে আমি বুৰ গৈছিলো ভাৱসাগৰত,
মনতে আঁকি লৈছিলোঁ এই ঘোষকজন বা ঘোষিকাগৰাকী দেখিবলৈ কেনেকুৱা হ'ব, জীৱনত এবাৰ হ'লেও লগ পালে
কিমান ভাল লাগিব! যিবোৰ অনুষ্ঠানত ফোনৰ দ্বাৰা অনুৰোধ কৰি গান শুনা অথবা কেতিয়াবা
কোনো শিল্পী আহিলে তেওঁৰ সৈতে কথা পতাৰ সুযোগ দিয়া হৈছিল, তেনে
অনুষ্ঠানবোৰত কিমান যে ফোন লগালোঁ, প্ৰায় সদায় বিফল।ইয়ে যেন
প্ৰমাণ কৰিছিল ৰেডিঅ'ৰ জনপ্ৰিয়তা। কোনোবা এদিনা মাত্ৰ দেউতাৰ
ডায়েবেটিছ ৰোগ সম্পৰ্কীয় কথা এটি সুধিবৰ বাবে স্বাস্থ্যবিষয়ক অনুষ্ঠান এটাত কথা
পতাৰ সৌভাগ্য হৈছিল মাত্ৰ। ফোন-ইন গানৰ অনুৰোধ কৰা অনুষ্ঠানবোৰ আছিল সমন্বয়ৰ
বাৰ্তাবাহক। বিভিন্নজনৰ মনৰ ভাৱ, ফোনত ভাঁহি অহা উচ্ছসিত মাত,
ঘোষকৰ অনুৰোধমৰ্মে কেতিয়াবা কোনোজনে তেওঁ অনুৰোধ কৰা গানটো বজাৰ
আগেয়ে সৰু কলি এটা গুণগুনাই দিয়া- এই সকলোবোৰে অনুষ্ঠানটি যথেষ্ট উপভোগ্য কৰি
তুলিছিল। ব্যক্তিগতভাৱে,সৰুৰে পৰা মই ডিব্ৰুগড় কেন্দ্ৰৰ পৰা
প্ৰচাৰিত হোৱা শুনি অহা আজিৰ দিনটো অনুষ্ঠানৰ পৰিচালক লোহিত ডেকাৰ কণ্ঠৰ যাদুৱে
মোক সদাসন্মোহিত কৰি ৰাখিছিল। তাৰোপৰি সোমবাৰৰ ৰাতিৰ ধাৰাবাহিক নাট, যুৱবাণী, দেওবাৰৰ ৰাতিপুৱাৰ অকণিৰ মেলা, বিজ্ঞান জেউতি, সুৰৰ পানচৈ, আপোনাৰ
গান, ডাক পখিলী আদি অনুষ্ঠানসমূহ শ্ৰোতাৰ মাজত বিশেষ জনপ্ৰিয়
আছিল। ২০০৪ চনত মই পঢ়া বিদ্যালয়খনৰ পৰা এটা দলে অকণিৰ মেলা অনুষ্ঠানটিত ভাগ লবলৈ
সুবিধা পাইছিল, য'ত ময়ো এটি সৰু অংশ
আছিলোঁ।
ঠিক কেইদিনমানৰ আগতে পুনৰ আকাশবাণী কেন্দ্ৰলৈ যোৱাৰ সুবিধা
পাইছিলোঁ। আমাৰ মহাবিদ্যালয়ৰে জ্যোতিষ্মান দাস আৰু চয়নিকা বৰাৰ লগতে ময়ো যুৱবাণী
অনুষ্ঠানৰ এটি আলোচনা চক্ৰৰ বাবে নিৰ্বাচিত হৈছিলোঁ। আলোচনাখনিৰ বিষয় আছিল
"অসমীয়া কবিতাৰ গতি বৈচিত্ৰ্য" আৰু পৰিকল্পনা আছিল কেন্দ্ৰৰে বৰষা কোঁৱৰ
বাইদেউ আৰু সহযোগত কৌস্তুভমণি নাথ দাদা। যাৱতীয় কাম কাজসমূহ ঠিক কৰি লৈ আমি
ৰেকৰ্ডিঙৰ আগদিনাই ডিব্ৰুগড়লৈ ৰাওনা হৈছিলোঁ। নাইট চুপাৰত গৈ থাকোতে মনটো
সাংঘাটিকধৰণেৰে ৰোমাঞ্চিত হৈ পৰিছিল, কি হব কি নহব এইবোৰ ভাবি
ভাবি যেন শেষেই নহব। অৱশেষত ৰাতিপুৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ওচৰতে বাছৰ পৰা নামি,
বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসতে কিছু জিৰণি লৈ আমি দিনটোৰ বাবে সাজু হ'লো। কৌস্তুভমণি দা আৰম্ভণিৰে পৰা আমাৰ গাইড তথা অভিভাৱকৰ দৰে অনবৰতে ছাঁৰ
দৰে আছিল আৰু আমি যাতে অকণো কষ্ট অনুভৱ নকৰোঁ, তাৰ ওপৰত কাঢ়া
নজৰ ৰাখিছিল। দিনৰ ১১ বজাত আমি তাত উপস্থিত হলোগৈ আৰু লগে লগেই আমাৰ ৰেকৰ্ডিং
আৰম্ভ কৰা হ'ল। ৰেকৰ্ডিং আৰম্ভ কৰাৰ আগেয়ে বৰষা কোঁৱৰ বাইদেউ
আহি আমাক স্বাগতম আৰু আমন্ত্ৰণ ৰক্ষা কৰাৰ কাৰণে ধন্যবাদ জনালে। প্ৰায় এঘণ্টামানৰ
পাছতে আমাৰ ৰেকৰ্ডিং তথা অন্যান্য কামসমূহ(formalities) সম্পন্ন
হ'ল। তাৰ মাজতে আমি লগ পালোঁ লোহিত ডেকা ছাৰ আৰু ৰূপজ্যোতি
দুৱৰাক, যাৰ কণ্ঠ তথা উচ্চাৰণে আমাক সৰুৰে পৰাই আকৰ্ষিত কৰি
আহিছিল।
লাহে লাহে বিভিন্ন কাৰণত ৰেডিঅ'ৰ
জনপ্ৰিয়তা হ্ৰাস পাই আহিছে - মানুহে ৰেডিঅ' নুশুনা হ'ল বুলি এটা অভিযোগে গা কৰি উঠি আহিছে। বেলেগ
বিভিন্নধৰণৰ মাধ্যমসমুহৰ
প্ৰসাৰ ইয়াৰ মূল কাৰণ বুলি বিবেচনা কৰা হৈছে।অৱশ্য সময়ৰ লগে লগে ৰুচিবোধৰ যি
দ্ৰুত সলনি, তাৰ কাৰণে আমি কাকো জগৰীয়া কৰিব নোৱাৰো-কৰিলেও
কোনোপক্ষৰে লাভ লোকচান একো নহব। তদুপৰি আজিকালি মানুহৰ ব্যস্ততাৰ কাৰণেও যেন বহু
পুৰণি অভ্যাস সলনি হৈছে, তেনেকুৱা কিবা কাৰণতে পুৰণি ৰেডিঅ'টোও হয়তু ধোঁৱাছাঙত উঠিছে- সেয়াও কিছু কিছু ক্ষেত্ৰত নুই কৰিব নোৱাৰি।
কিন্তু এনেধৰণৰ বিভিন্ন
ঋণাত্মক দিশৰ মাজতো আমি আশাৰ ৰেঙণি দেখিবলৈ পাইছিলোঁ।
ৰেকৰ্ডিং
শেষ কৰাৰ পাছতে আমি কিছুসময় তাতে বহি থাকোতে কেন্দ্ৰৰ লেণ্ডফোনটোত
বাৰে
বাৰে ফোন আহিছিল অনুষ্ঠান আকৌ কেতিয়াৰ পৰা সম্প্ৰচাৰিত হ'ব
বুলি; কাৰণ কাৰিকৰী বিজুতিৰ বাবে কেইদিনমান সম্প্ৰচাৰণ বন্ধ
হৈ আছিল।
ফোনকলকেইটাই সকলোকে উৎসাহিত কৰা দেখা গৈছিল আৰু আমিও ৰেডিঅ' শুনা নুশুনাক লৈ থকা আমাৰ কিছুমান ধাৰণা সলনি কৰি লৈছিলোঁ।
Comments
Post a Comment