Skip to main content

মৰমৰ ভাইটি


(প্ৰকাশকালঃ ১৬ অক্টোবৰ, ২০১১, জোনাকী মেল, আমাৰ অসম)

চাৰিওফালে আন্ধাৰ। আন্ধাৰৰ চাদৰখন গাত লৈ মই কোঠাটোত অকলে বহি পাৰ কৰিছোঁ প্ৰতিটো মিনিট অযথা এসোপা চিন্তা কৰি। কিমান সময় মই এনেদৰে অকলে বহি নিৰ্জনতাক মোক গ্ৰাস কৰি পেলাবলৈ সুবিধা দিলোঁ, সেয়া মই নাজানো। ইমান সময়ে কি যে ভাবিলোঁ, তাৰো লেখ জোখ নাই। মাত্ৰ এটা বঞ্চিতানুভৱে মোক গ্ৰাস কৰি পেলাই মোৰ চিন্তাৰ কোষবোৰ কুটি কুটি খাই পেলাইছে। 
মোৰ এটা ভইটি আছে। মই জন্ম হোৱাৰ প্ৰায় দুবছৰ পিছতে তাৰ এই ঘৰখনলৈ চতুৰ্থ প্ৰাণী হিচাপে আগমন ঘটিছিল। দুটা ল’ৰাৰ সৈতে মোৰ মা-দেউতাক যথেষ্ট সুখী আৰু সন্তুষ্ট দেখা গৈছিল। মই বুজা হোৱাৰ পৰা গম পাইছিলো যে মোৰ সঁচাকৈয়ে এটা ভাইটিৰ প্ৰয়োজন আছিল আৰু ভগৱানে যেন আগতীয়াকৈ মোৰ মনোভাৱ বুজি তাক আমাৰ পৰিয়াললৈ যেন পঠিয়াইছিল। কি যে মৰম লগা মোৰ ভাইটো। তাৰ সৰু সৰু হাত দুখন, ভৰি, অকণ অকণ আঙুলিকেইটাত সংস্পৰ্শই মোক বাউলি কৰিছিল, তাক দাঙি ল’বলৈ চেষ্টা কৰিছিলোঁ। কিন্তু মাহীয়ে মানা কৰিছিল, কাৰণ ময়ো তেতিয়া সৰুয়েই হৈ আছিলো। মোৰ নিজে কাৰোবাৰ ভাইটি হ’বলৈ মন গৈছিল। 
লাহে লাহে ভাইটি ডাঙৰ হৈ আহিল, মোৰো পঢ়াশালিৰ জীৱন আৰম্ভ হ’ল। আণ ল’ৰাৰ দৰে ময়ো পঢ়া জীৱনৰ চক্ৰত সোমাই পৰিলোঁ। বিদ্যালয়লৈ যাওঁ, মনটো থাকে কিন্তু ভাইটি দীপৰ ওচৰত। মোৰ তাৰ প্ৰতি ইমান মৰম কেলেই বাৰু? মই নিজেই আচৰিত হওঁ। তাৰ নামটো মাহীয়ে দিয়া। প্ৰকৃততে সি তাৰ ককায়েকৰ তুলনাত যথেষ্ট সপ্ৰতিভ- মাহীয়ে ‘দীপ’ নাম দিয়াৰ সেয়াই উদ্দেশ্য। বিদ্যালয়ত কি শিকায়, গম নাপাওঁ, মনটোৱে বাৰে বাৰে দীপৰ লগত খেলা সময়খিনিলৈ ভুৰুংকৈ উৰা মাৰি গুচি আহে। বিদ্যালয় ছুটী হোৱা মানে মোক যেন কাৰাগাৰৰ পৰাহে মুক্তি দিয়ে। কোন সময়ত আহি ঘৰ পাওঁ, নিজে ক’ব নোৱাৰো। বিদ্যালয়লৈ নিয়া টিফিনৰ আধা তালৈ বুলি ৰাখোৱেই। ঘৰ পোৱাৰ পিছত তাৰ পিছৰ গোটেই সময়খিনি তাৰ সান্নিধ্যই মোলৈ আনে স্বৰ্গৰ অমিয়া সুখ। 
ডাঙৰ হৈ অহাৰ লগে লগে পঢ়া-শুনাৰ বোজা বাঢ়ি আহিল।  মোৰ বাবে আটাইতকৈ ভাল লগা কথা হ’ল যে দীপেো একেখন বিদ্যালয়ৰ ছাত্ৰ হ’ল। এতিয়া আৰু সুবিধাহে হ’ল। দুয়োটাই একেলগে যাওঁ, বিদ্যালয়ৰ পৰা একেলগে আহোঁ। সৰুতেই তাৰ সপ্ৰতিভ চেহেৰাই যি পৰিচয় দাঙি ধৰিছিল, সি সেয়া ষোল্ল অনাই সত্য প্ৰমাণিত কৰিলে। যিমান তাৰ সপ্ৰতিভ চেহেৰা, সিমান সপ্ৰতিচ তাৰ অধ্যয়ন। লাহে লাহে মেধাৱী ছাত্ৰ হিচাপে বিদ্যালয়ত সি জনাজাত হৈ পৰিল। কেৱল পঢ়া-শুনাতেই নে? কোনখন ক্ষেত্ৰত নাই হাত নাই তাৰ? কেনেদৰে সি যে ইমানবোৰ কাম কৰিব পাৰে! আনহাতে মই? শ্ৰেণীৰ শেষৰ বেঞ্চত বহা এটা গাধ। ঠিক মাহীয়ে তুলনা কৰাৰ দৰেই। তথাপি মোৰ এটা কথাত খুব জ্ঞাল লাগি থাকে, মোৰ চিনাকি মই যে আমাৰ বিদ্যালয়ৰ মেধাৱী ছাত্ৰ দীপৰ একমাত্ৰ ককায়েক। 
লাহে লাহে তাৰ প্ৰতিভাৰ স্ফুৰণ সকলোলৈ বিয়পিল। কেৱল বিদ্যালয়ৰ সীমাতে আৱদ্ধ নাথাকি আমাৰ সমগ্ৰ অঞ্চলতে তাৰ নাম সকলোৰে মুখে মুখে। এতিয়া ক’ৰবালৈ গ’লেও পৰিচয় সুধিলে মই নিজৰ নামটো কোৱাৰ আগেয়ে ‘দীপৰ ককায়েক’ বুলি ক’বলৈহে ভাল পোৱা হ’লোঁ। সম্বন্ধীয় দদাইদেউ, পেহা-পেহী সকলোৱে তাক মৰম-প্ৰশংসাৰে উপচাই পেলায়। মা-দেউতাৰটো কথাই নাই। 
কিন্তু এটা কতহা লাহে লাহে পৰিষ্কাৰ হৈ পৰিল যে দীপ যিমানে আগৰণুৱা, দীপৰ ককায়েক সিমান পিছপৰা। কথাটো মই জানো, কিন্তু বাৰুকৈয়ে উপলব্ধি কৰিলোঁ সেইদিনা, যিদিনা বিজ্ঞানৰ শ্ৰেণীত সামান্য প্ৰশ্ন এটাৰ উত্তৰ দিব নোৱাৰি ছাৰৰ তিৰস্কাৰ সহ্য কৰিবলগীয়া হ’ল। প্ৰকৃততে এইটো সঁচা কথা যে মই দীপৰ সমকক্ষ কেতিয়াও হ’ব নোৱাৰোঁ। প্ৰকৃততে তাক মই ইমান বেছি ভাল পাওঁ যে মোৰ দক্ষতা থকা হ’লেও মই তাৰ সমকক্ষ হোৱাৰ ইচ্ছা নকৰিলোঁহেতেন। গণিতৰ এলজেব্ৰা, ত্ৰিকোণমিতি, বিজ্ঞানৰ ৰাসায়নিক সমীকৰণ - এইবোৰ মোৰ বাবে জাবৰ। এইবোৰ মই  ডাষ্টবিনতহে পেলাবলৈ বিচাৰোঁ। তাৰ সলনি মোক যদি অলপ দীপৰ গুণানুকীৰ্তন কৰিবলৈ দিয়ে, মই কাকো আমনি নিদিয়াকৈ গাই থাহকিব পাৰিম আৰু ই শেষ নহ’ব কেতিয়াও। কিন্তু প্ৰশ্নৰ উত্তৰ দিব নোৱৰাত ছাৰে মোক গালি পাৰিলে দীপৰ গুণানুকীৰ্তন কৰি। প্ৰকৃততে ছাৰে সন্দেহ প্ৰকাশ কৰিলে যে মই তাৰ ককায়েক হয় নে নহয়। ছাৰৰ এনে কথাত মোৰ ইমান বেয়া লাগিল যে বাকী শ্ৰেণীকেইটাত মই কোনোপধ্যেই মন বহুৱাব নোৱাৰিলোঁ। 


এনেয়েও মই ঘৰতেই হওক বা শ্ৰেণীতেই হওক, গালি খায়েই থাকোঁ। ঘৰৰ ডাঙৰ ল’ৰা বুলি মা-দেউতাৰ শাসন, মই যেন উশাহো ভালদৰে ল’বলৈ কষ্ট কৰিবলগীয়া হয়। ইটো নকৰিবি, সিটো নকৰ, পঢ়া-শুনা ভালকৈ কৰ, দীপক আমনি নকৰিবি আদি বাক্যবোৰ আগৰ দিনবোৰতকৈ বাঢ়িছিল যথেষ্ট। পঢ়াত মই এনেও বেয়া, তাতে ভাইটিয়ে যিমান নম্বৰ লৈ ঘৰত সোমায়, মোৰ তালৈ বৰ লাজ লাগে। মোৰ নম্বৰবোৰ যেন দেউতাই মোৰ মুখ দেখিয়েই গম পায় নেকি! গতিকে গালিৰ বৰষুণ মই বহী দেখুওৱাৰ আগেয়ে আৰম্ভ হয়। তাতে ছাৰৰ গালিকেইটাই যেন সেইদিনা মোক বেছিকৈ বিন্ধিলে। দীপৰ ককায়েক হোৱাৰ যিকণ যোগ্যতা, তাৰ ওপৰত ছাৰে সন্দেহ প্ৰকাশ কৰা কথাই মোক বেছি আঘাত কৰিলে। 
দীপ মজলীয়া বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰ ফলে যেন গোটেই ঘৰখনৰ লগতে অঞ্চলটোলৈকো আনন্দৰ সোঁত বোৱালে। যি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ যোগ্যতাকণো মোৰ নাছিল, সি সেই পৰীক্ষাত জিলাৰ ভিতৰতে দ্বিতীয় হৈছে। মই আনন্দৰ হাঁহিমেই নে কান্দিম। কিন্তু আলহী আগমনৰ লগে লগে মোৰ সমস্ত আনন্দত পানী পৰিল। ঘৰলৈ অহা মানুহবোৰে দীপৰ প্ৰশংসা কৰিলে যিমান, মোৰ ব্যৰ্থতাক সমালোচনাও কিৰলে সিমান। মোৰ বেয়া লগা নাছিল প্ৰথমতে। কাৰণ, সমালোচনা কৰিবই। তাতোকৈ ডাঙৰ কথা মই যে জিলাৰ দ্বিতীয় ল’ৰাটোৰ ককায়েক। কিন্তু বিদ্যালয়ৰ ছাৰসকল আহি যেতিয়া সেইদিনা প্ৰশ্নৰ উত্তৰ দিব নোৱৰাক লৈ মোক দীপৰ লগত তুলনা কৰি সমালোচনা কৰাত লাগিল, মোৰ এনে লাগিল যেন দীপৰ প্ৰতিভাৰ শলিতা জুয়ে মোক এফালৰ পৰা পৰু আনিছে। লাহে লাহে সকলো মোৰ শত্ৰস্বৰূপ হৈ পৰিল। পেহা-পেহী, মাহী সকলোৱে যেন মোৰ শত্ৰু। দেউতাই কেতিয়াবাই মোৰ দায়িত্ব এৰি দিছে। মায়েতো ভাইটিৰ খোৱা-বোৱা, বিভিন্ন ধৰঞৰ প্ৰতিযোগিতাবোৰত তাৰ সৈতে থকা এইবোৰ কাম ব্যস্ত হৈ ডাঙৰ পুতেক যে আছে, তাৰ খবৰ ল’বলৈ  যেন আহৰি নাই। মোৰ এনে লাগে যেন মোক কেতিয়াবা মায়ে যদি ভাত খাবলৈও মাতে,মোক ভুল কৰিহে মাতিলে যেন। দেউতাইতোো একান্ত প্ৰয়োজন নহ’লে মোক মাতিবই নোখোজে। হয়তো এজন শিক্ষকৰ ডাঙৰ পুতেকটো ইমান অধঃপতনে গ’লে কাৰনো বাৰু ভাল লাগিব? কিন্তু ভাইটোক লৈয়েই ইমান গালি খাওঁ, তাক কিন্তু  মই আগৰ দৰেই মৰম-স্নেহ দি থাকিলোঁ, এচিকুটো কম নহয়।হাজাৰ হ’লেও সি মোৰ ভাইটি। ইতিমধ্যে মই জীৱনৰ প্ৰথম পৰীক্ষাত অৱতীৰ্ণ হ’লোঁ। দীপ দশম শ্ৰেণীত। বাছনি পৰীক্ষাত যেনে-তেনেহে উত্তীৰ্ণ হৈ মই পৰীক্ষা দিয়াৰ যোগ্যতা অৰ্জন কৰিছিলোঁ। পঢ়া কামটো মোৰ বাবে সঁচায়ে এভাৰেষ্ট শৃংগ বগোৱাৰ দৰে। দুখোজ উঠি তিনিখোজ নামি আহিব লাগে। ফল ওলাল। আশা কৰা ধৰণেই মই তৃতীয় বিভাগত যেনেতেন উত্তীৰ্ণ হ’লোঁ। কোনো সন্দেহ নোহোৱাকৈ মোৰ মা-দেউতায়ো নিশ্চয় তেনে ফল এটাকে আশা কৰিছিলচাগে। মই আচৰিত হ’লো ৰিজাল্ট দিয়াৰ দিনা কোনো এজনেও বিশেষ একো প্ৰতিক্ৰিয়া নেদেখুৱালে। তাৰ বিপৰীতে দীপক কৃতী ছাত্ৰ-ছাত্ৰীৰ সাক্ষাৎকাৰ দেখুওৱাতহে ব্যস্ত হ’ল। 
জীৱনত মা-দেউতাৰ সহায়-সহানুভূতিহীনভাৱে মই মোৰ দিনবোৰ কটাবলৈ ধৰিলোঁ। ইতিমধ্যে দীপ শেষ পৰীক্ষাৰ বাবে সাজু হৈছে। মা- দেউতাই বাকী কাম-বন প্ৰায় এৰি দিয়াৰ দৰে সম্পূৰ্ণ সময় তাৰ লগত ব্যয় কৰিছে। মই আমাৰ ঘৰত থকা এটা অপদাৰ্থৰ দৰে এটা চুকত জীৱন কটাবলগীয়া হৈছে। মই ডাষ্টবিনত দলিয়াব খোজা পৰিত্যক্ত গণিতৰ সূত্ৰবোৰৰ দৰে মোৰ জীৱনটো যেন এটা পাক লগা সাঁথৰ। 
দীপৰ ৰিজাল্ট ওলাল। মই বিশ্বাস কাৰ ধৰণেই সি স্থান লাভ কৰি উত্তীৰ্ণ হ’ল। আন দিন হোৱা হ’লে মই তাৰ সাফল্যত জঁপিয়াই ফুৰিলোঁহেতেন। কিন্ত স্থানপ্ৰাপ্ত কৃতী ছাত্ৰ এজনৰ ককায়েক যদি তৃতীয় বিভাগৰ ছাত্ৰ হয় তেন্তে বাকী মানুহে ভাবিব কি? সাংবাদিকে যদি মোক দেখি তাৰ কিবা প্ৰশ্ন কৰে, দীপে কি সতে ক’ব যে তাৰ ককায়েকে তাক মৰম-প্ৰেৰণা দিয়ে সঁচা, কিন্তু তাক আগবঢ়াই নিবলৈ যিদৰে পথ-প্ৰদৰ্শক হৈ থিয় দিব লাগিছিল, সেয়া পালন কৰাত চুড়ান্ত ব্যৰ্থ বুলি। তাক ইমান মিছা কথা ক’বলৈ কিন্তু শিকোৱা নাই। সি বিবুদ্ধিত নপৰিব জানো? 
গতিকে তাৰ ৰিজাল্ট পোৱাৰ পাছৰে পৰাই ঘৰৰ পিছফালে থকা বস্তু-বাহানি থোৱা ঘৰটোতে মই অথনিৰে পৰা সোমাই থাকিলোঁ। একমাত্ৰ মোৰ পোহনীয়া কুকুৰটোৰ কু-কুৱনিয়ে মোক বাস্তৱলৈ ঘূৰাই আনিলে। আদিত্যই মোৰ গাৰ গোন্ধ ভালদৰে চিনে। আদিত্য কুকুৰটোৰ নাম, মোৰ দদাইদেউৱে দিয়া। পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ দিনা তাৰ জন্ম বাবে তাৰ নাম আদিত্য ৰখা হৈছিল। ইমান পৰে মোক বিচাৰি কোনো নাহিল। হয়তু বিচাৰিছিল যদিও ৰিজাল্ট আৰু মানুহৰ সোঁতত মোৰ অস্তিত্ব তেনেই নগণ্য বাবে পাহৰি পেলালে ছাগে। একমাত্ৰ আদিত্যইহে মোক বিচাৰি পালেহি। তাৰ উপস্থিতিয়ে মোৰ শোক বেছিহে কৰিলে। প্ৰকৃততে আজি দীপৰ বাবে পোনপ্ৰথমবাৰৰ বাবে মোৰ ঈৰ্ষা উপজিছে। মোৰ এনে লাগিছে যেন তাৰ ককায়েক হৈ ওপজাটো মোৰ বাবে পাপ। মই তাৰ ককায়েক হৈ এইটো পৰিয়ালত জন্ম ল’বই নালাগিছিল। মোৰ উপস্থিতি সকলোৰে সহ্যৰ সীমাৰ বাহিৰত। সকলোৱে মই নোহোৱাটোকে বিছাৰে। মই কি কৰোঁ? শোক যিমানেই বাঢ়িছে, যিমানেই আন্ধাৰ বাঢ়ি আহিছে। আদিত্যলৈ চালোঁ। ইতিমধ্যে সি মোৰ গাৰ কাষৰ পৰা আঁতৰি গৈ কিবাকিবি বিচৰাত লাগিছে। মই তাক বিচাৰোঁ নে নিবিচাৰোঁ, সেয়া বাদ দি মোৰ উপস্থিতিক সম্পূৰ্ণ আওকাণ কৰি সি নিজৰ কামত ব্যস্ত হৈ পৰিছে। তাৰ বাবে মই তেনেই নগণ্য। গতিকে?
ময়ো লাহে লাহে আন্ধাৰে আৱৰি ধৰা পৃথিৱীখনৰ কোনোবা এটা চুকলৈ বুলি ওলাই আহিলোঁ, য’ত কেৱল মই নিজৰ কথা চিন্তা কৰিব পাৰোঁ, মোৰ মৰমৰ পোহনীয়া কুকুৰ আদিত্যৰ নিচিনাকৈ।

ভাইটি- তই মোক বেয়া নাপাবি।

image source: here

Comments

Popular posts from this blog

মাতৃভাষা আৰু আমাৰ দায়িত্ব

Photo Source:  www.bragitoff.com অসমীয়া ভাষাৰ ব্যৱহাৰ আৰু বিদ্যালয়ত অসমীয়া ভাষা শিক্ষণ মাধ্যম হোৱাৰ ক্ষেত্ৰত ইতিমধ্যে যথেষ্ট বাদানুবাদ আৰম্ভ হৈছে আৰু এই সন্দৰ্ভত সকলোৱে একমত হ ' ব পৰাকৈ যিকোনো এটা সিদ্ধান্ত এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই(হয়তু নহব) । অসমীয়া ভাষাৰ প্ৰচাৰ , ব্যৱহাৰ , অসমৰ শিক্ষাৰ মাধ্যম হিচাপে কেৱল অসমীয়া ভাষাৰ ব্যৱহাৰ কৰা আদিবোৰ সততে সংবাদ মাধ্যমৰ শীৰ্ষস্থান অধিকাৰ কৰা দেখিবলৈ পোৱা গৈছে।   প্ৰত্যেক বছৰে মেট্ৰিকৰ ফলাফল ঘোষণা কৰাৰ পাছত বাতৰিকাগজৰ শিৰোনামবোৰেও (উদাহৰণস্বৰূপে ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ জয়যাত্ৰা) এইক্ষেত্ৰত এক ভূমিকা বহন কৰা দেখা যায়। পোনপ্ৰথমে আমি ইংৰাজী ভাষাৰ আগ্ৰাসনৰ কথাকে যদি চাবলৈ যাওঁ , ইয়াৰ মূলতে হ ' ল ইংৰাজসকলৰ সমগ্ৰ বিশ্বত উপনিৱেশ স্থাপনৰ যি প্ৰক্ৰিয়া , তাৰ ফলত প্ৰায় সৰু বৰ সকলো দেশতে এই ভাষাৰ প্ৰচলন আৰু ফলাফলস্বৰূপে বিশ্বৰ প্ৰধান ভাষা হিচাপে এতিয়া ইংৰাজী ভাষাৰ সিংহাসন লাভ। প্ৰায়সংখ্যক দেশৰে প্ৰধান ভাষা( official language) হিচাপে ইংৰাজী ভাষা ব্যৱহাৰ হৈ আহিছে আৰু শেহতীয়া তথ্যমতে সমগ্ৰ বিশ্বৰ দুই মিলিয়ন লোকে তথ্যৰ আদান প্ৰদা

প্ৰিয়বন্ধু

Photo source: http://srzimmartist.blogspot.com (ৰচনাকালঃ ২০০৯) ঘণ্টাটো পৰাৰ লগে লগে গোটেই শ্ৰেণীটোৱেই প্ৰাণ পাই উঠিল। সকলোৱে চিঞৰ বাখৰ কৰি বাহিৰলৈ ওলাই গ'ল যদিও এজন তাৰ ব্যতিক্ৰম। ভালকৈ লক্ষ্য কৰিলে দেখা যায় যে দুচকুত অশ্ৰুৰ জিলিকণি, উদাস মুখৰ ভাও দি থকা এজন ল'ৰা। কিছুসময় পাছতঐ তালৈ এজাক ছোৱালীৰ আগমণ ঘটিল। সিহঁতৰ উশৃংখল হাঁহি, মন্তব্যবোৰে ল'ৰাটোৰ চকুপানীৰ নৈখন খৰস্ৰোতা হোৱাতহে সহায় কৰিলে। নাম তাৰ বৰুণ। শ্ৰেণীৰ আটাইতকৈ শান্ত ল'ৰা। শান্ত মানে একেবাৰে মুখৰ পৰা মাত নোলায়েই। কিন্তু তাৰ মনটো বৰ বহল। শ্ৰেণীৰ সকলো শিক্ষকৰে প্ৰিয়পাত্ৰ সি। তাৰ নম্ৰ, ভদ্ৰ আচৰণে তাক বিপদত নেপেলোৱাও নহয়। বিশেষকৈ, শ্ৰেণীৰ উৎপতীয়া কেইবাটাও ল'ৰাই তাৰ চৰিত্ৰ নষ্ট কৰাৰ চেষ্টা চলায়েই থাকে। কিন্তু তৰোৱালতকৈ কলম সদায় শক্তিশালী। তাৰ চৰিত্ৰ নামে বগা কাজগখিলাত সি ধূলিকণা এটাও পৰিবলৈ নিদিয়ে। শ্ৰেণীত তাৰ স্থান চতুৰ্থ। স্থানক লৈ সি কোনোদিনে গৰ্ব কৰা নাই আৰু তাক দেখিলে এনে লাগে যেন সি সেয়া কৰাৰ প্ৰয়োজনবোধো কৰা নাই। সময়মতে স্কুললৈ আহি শিক্ষকৰ নিৰ্দেশানুসৰি নিয়মমাফিক কৰ্ত্তব্যসমাপন কৰি সি

আকাশবাণী

     সৰুতে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি ভাত খোৱাৰ পৰলৈকে যদি কিবা এটা বস্তু একেৰাহে আমাৰ লগত লাগিয়ে থাকে বুলি কবলৈ যাওঁ , নিশ্চয়কৈ তাৰ ভিতৰত ৰেডিঅ ' ৰ নামটোও সংলগ্ন কৰিব লাগিব। আজিকালিৰ ছাত্ৰ-ছাত্ৰীসকলৰ কথা নাজানো , কিন্তু মই হোষ্টেল অহাৰ আগলৈকে নিয়মীয়াকৈ ৰেডিঅ ' ৰ অনুষ্ঠান উপভোগ কৰিছিলোঁ। প্ৰকৃততে ৰেডিঅ ' শুনাটো একপ্ৰকাৰৰ বাকীবোৰ দৈনন্দিন কামৰ দৰেই আছিল। আমাৰ অঞ্চলত গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ অনুষ্ঠানসমূহ সম্প্ৰচাৰিত হোৱাত অসুবিধা হৈছিল(দূৰত্বৰ বাবে) আৰু আমাৰ ৰাতিপুৱাবোৰ আৰম্ভ হৈছিল ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ পৰা সম্প্ৰচাৰিত ৰাতিপুৱাৰ অনুষ্ঠানসমূহৰ জৰিয়তে। এক বিশেষ সুৰ ধ্বনিৰ জৰিয়তে কেন্দ্ৰৰ প্ৰত্যেকখন অধিৱেশন আৰম্ভ হৈছিল।

মোৰ নৱছাত্ৰাবাস

“ মই অহাৰ লগে লগে সাউতকৈ উঠি গৈ ফুল ছাৰ্টটো পিন্ধিলি যে ? হা ? গৰম উঠা নাই নেকি ?” “ ছাৰ হ ’ ব , একো নহয় । ইমান গৰমো   উঠা নাই ” “ অ , হ ’ ব বাৰু । ইয়াত থাকি পঢ়া শুনা কৰিবলে খালি নেপাহৰিবি । ঢকুৱাখনাৰ পৰা পঢ়িবলে আহিছ , পঢ়িবি , কিবা অসুবিধা পালে মোক কবি , ৰাকেশ পৰাণক কবি ” । ৰাকেশ পৰাণ মানে হোষ্টেলৰ সেইসময়ৰ মণিটৰ ৰাকেশদা আৰু পৰাণদা । ৰাকেশদা মোৰ ৰুমমেটো আছিল । নিজৰ কোঠাৰ পৰা বাহিৰলে ওলালেই তথা ৰূমলে কোনোবা ছিনিয়ৰ আহিলে যাতে আমাক ফুলছাৰ্ট আৰু লংপেণ্ট পিন্ধা দেখা পায় , তেনেকুৱা এটা কটকটীয়া নিয়মে আমাক সকলোক বান্ধি থৈছিল । জুন মাহৰ শেষ দিন । ইমান সময়ে যেনতেন সহ্য কৰি অধীক্ষক ড০ বিমান চেতিয়া ছাৰে কথাখিনি কৈ মোৰ ৰুমৰ দুৱাৰখন পাৰ হোৱাৰ লগে লগেই ছাৰ্টটো খুলি পেলাই ফেনৰ তলত বহি পৰিলোঁ ।

অসমীয়া ভূচিত্ৰাৱলী

---চন্দ্ৰমা দুৱৰী বৰগোহাঞি--- ২০১৮ চনৰ ৪ ফেব্ৰুৱাৰীৰ দেওবৰীয়া বিচিত্ৰাত ৰবেন্দ্ৰ কুমাৰ দাসদেৱৰ ভূচিত্ৰাৱলীৰ বৰ্ণনাই আমাকো লৈ গ'ল দূৰ অতীতৰ তৃতীয় চতুৰ্থ পঞ্চম শ্ৰেণীত অঁকা আমাৰ চিৰচেনেহী জন্মভূমি অসমৰ মানচিত্ৰখনলৈ। ১৯৬৭ চনত যেতিয়া ৩য় শ্ৰেণীৰ বৃত্তি পৰীক্ষা দিবলৈ বাচনিভুক্ত হলো, ভূগোল বিষয়ত নিজ জিলাৰ এখন মেপ আঁকি জিলাৰ সদৰ ঠাই, নদী আদি বহুৱাবলৈ আহিছিল। তাৰ পাছত অসমৰ মেপ খন আকিবলৈ আমাক শ্ৰ্দ্ধাৰ গগন চেতিয়া ছাৰে শিকাইছিল। দাসদেৱে কোৱাৰ দৰে প্ৰথমে মেপখনৰ চাৰিসীমা জুখি স্কেলৰ সহায়ত সমান সমান জোখত বৰ্গক্ষেত্ৰ  আঁচ দি মেপখন আঁকিবলৈ শিকাইছিল। তাৰপাছত জিলাৰ সদৰ ঠাই, তেলৰ পুঙ থকা ঠাই, নদী আদি বহুৱাবলৈ দেখুৱাই দিয়ে। বিদ্যালয়ত থকা অসমীয়া ভূচিত্ৰাৱলীখনৰ পৰা ছাৰে মেপত থকা জিলাৰ সদৰ ঠাই, উত্তৰবাহিনী-দক্ষিণবাহিনী নদীবোৰ, তেল শোধনাগাৰ থকা ঠাইৰ নামসমূহ লিখি মেপত বহুৱাই আনিবলৈ দিয়ে। ঘৰত আহি ককাইদেউহঁতক খাটনি ধৰোঁ ভূচিত্ৰাৱলী এখন লাগে নিজাকৈ। ককাইদেউ বাইদেউহঁতৰ ভূচিত্ৰাৱলী বিলাক সিহঁতক দৰকাৰ হোৱাৰ বাবে দেউতাই নতুনকৈ মোক এখন ভূচিত্ৰাৱলী কিনি দিছিল। বিদ্যালয়লৈ আনিলে ভূগোল পিৰিয়ডত আটাইয়ে লগ হৈ ভূ

প্ৰতিধ্বনি

পল্লৱীয়ে যদি আগতে স্কুললৈ যোৱাৰ আগতে মাকক কয় , মই বইল কৰা কণী খাবলৈ বেয়া পাওঁ , মোক ভাজি দে , মাকে ক ’ ব বায়েৰে দেখোন একোতে অজুহাত দেখুৱাই নেপায় , তইনো কেনেকৈ ইমান আলসুৱা স্বভাৱৰ হলি । আৰু তাৰ পাছত তাই বইল কৰা কণীটো খঙতে নি পকা মজিয়াত পেলাই দিলে কণীটো খাব পৰাও হৈ থাকে , মজিয়াখনো নাভাঙে আৰু অৱশেষত গৈ তাই ভাজি কৰা কণীও খাবলৈ নাপায় । পাছত বায়েক বসুন্ধৰাই নিজৰ ভাগৰটো তাইক দি দিয়ে আৰু তাই মজিয়াত পৰাটো খায় । কলেজ পোৱাৰ পাছত বজাৰলৈ অথবা ক ’ ৰবালৈ ওলাই যাবলৈ হ ’ লে মাকক নিবলৈ দেউতাকৰ স্কুটিখন কোনে চলাব ? পল্লৱীয়ে কেইবাদিনো মুখ ওন্দোলাই , পিন্ধিবলৈ বুলি আনি লোৱা চেণ্ডেল দলিয়াই মেলি চালে , কিন্তু মাক সদায় ডাঙৰ জীয়েক বসুন্ধৰাৰ লগতহে যাব । স্কুটি চলাব পাৰিলে বুলিয়ে কি হ ’ ল ? পল্লৱী সৰু ছোৱালী । বইল কৰা কণী খালে যে তেলত ভজাতকৈ বেছি শক্তি পোৱা যায় , সেয়া বুজি নোপোৱা সৰু ছোৱালী । বসুন্ধৰাই সেইবোৰ বুজি নাপায় । তাইৰ দীঘল চুলিকোছা দুডাল বেণী কৰি মাকে আঁচুৰি দিয়ে , তাই মাকৰ চৰণ চুই স্কুললৈ যায় । কলেজত নামভৰ্ত্তি কৰাৰ পিছত তাই বেণী গুঠিবলৈ এৰিলে , চুলিকোছা আৰু অলপ দীঘল হ ’ ল । তাইৰ

দ্য নিউ গাৰ্ল ইন দ্য চিটী

---প্ৰিয়ম দি জ্যোৎস্না---  (১)  "হাজাৰজনৰ দৰে ময়ো যেতিয়া মুম্বাইলৈ আহিছিলোঁ, তেতিয়া নিজৰ বয়-বস্তুবোৰৰ সৈতে কিছুমান সপোনো বান্ধি আনিছিলো। তাৰ ভিতৰত আটাইতকৈ ডাঙৰ সপোনটো আছিল--এগৰাকী লেখক হোৱাৰ সপোন। যেতিয়া মোক এই প্ৰৱন্ধটো লিখিবলৈ কোৱা হৈছিল, তেতিয়াই হয়তো মোৰ সপোনটো বাস্তৱলৈ ৰূপান্তৰিত হ'ল। কিন্তু অশেষ চেষ্টাৰ পিছতো মই এই প্ৰৱন্ধটো লিখিবলৈ পৰা নাছিলোঁ। প্ৰতিবাৰেই লিখিবলৈ লওঁতে এনেকুৱা লাগিছিল যেন বহু কথা থাকি গৈছে। এই চহৰখনৰ বিষয়ে এনেকুৱা কি ক'ম যি আজিলৈকে কোনেও কোৱা নাই! সেইকাৰণে জমা দিয়াৰ এৰাতিৰ আগত প্ৰৱন্ধটো মই ফালি পেলালো আৰু পুনৰ লিখিবলৈ আৰম্ভ কৰিলো।       কেৱল দুমাহতে এক অদ্ভুতধৰণৰ প্ৰেম হৈ গ'ল এই চহৰখনৰ সৈতে। চহৰখন মোৰ আপোন যেন লগা হ'ল। ইয়াৰ কাৰণ কি হ'ব পাৰে? মোৰ নতুন উৎসাহমূলক চাকৰিটো ,মোৰ সৰু ফ্লেটটো নে মোৰ স্বাধীনতা? এই চহৰখনে এনেকুৱা কি দিছে মোক , যি মোৰ আপোন হৈ পৰিছে? প্ৰকৃততে উত্তৰটো বহুদিন ধৰি মোৰ চকুৰ সন্মুখতে আছিল, কিন্তু মইহে ধৰিব পৰা নাছিলোঁ। মুম্বাইলৈ আহিয়েই প্ৰথম ৰাতি মই কাৰোবাক লগ পালো। এজন ল'ৰাক। বন্ধু, ৰূ

হৰ্ষাভোগলে অথবা ছেহৱাগহঁতৰ কথাৰে….

--- সুমন্ত সৌৰভ কাকতি --- অন্য জনপ্ৰিয় খেলতকৈ ক্ৰিকেট সময়ৰ দিশৰ পৰা কিছু দীঘলীয়া খেল , ছয়-চাৰি বা উইকেইৰ সঘন পতন নঘটিলে ক্ৰিকেট সাধাৰণতে বিৰক্তিকৰ আৰু আমনিদায়ক হৈ উঠে , কিন্ত সেইসময়তে পোনপটীয়া সম্প্ৰচাৰৰ হিন্দী ভাষাৰ কমেণ্ট্ৰি বস্কৰ মাইক্ৰফোণত বাজি উঠা ” চিপছ কা পেকেট অঔৰ ৰবীন্দ্ৰ জাডেজা কা অভাৰ কব খতম হো জ্যায়ে পতা নহী চলতা” “প্যায়াৰ মে ডুবা হুৱা লড়কা , চায় মে ডুবা হুৱা বিস্কুট অঔৰ বিনা ৰাণ কে বেটছমেন কিছি কাম কা নহী ” বা “ইয়ে ইতনা আছান কেটচ থা কি শ্বোলে কা ঠাকুৰ ভি ইছে পকড় চকতা থা ” ( শ্বোলে চিনেমাৰ ঠাকুৰৰ দুয়োখন হাতেই নাছিল ) ,”পাকিস্থান কো গোলী চে নহী কোহলী চে ডৰ লগতা হ্যায় ” খঙাল বিৰাট কোহলিৰ চমৎকাৰ প্ৰদৰ্শনত সন্মোহিত হৈ কোৱা ” বিৰাট কা তেৱৰ মানো সোণে কা জেবৰ ( অলংকাৰ) “ফটে কলাৰ অঔৰ পিতে হুৱে বলাৰ কো ক্যোয়ী ইজ্জত নহী দেতা ” বা চেতেশ্বৰ পূজাৰাক দীৰ্ঘসময় ক্ৰীজত অতিবাহিত কৰাৰ বাবে উদ্দেশ্যি কোৱা” ইয়ে জীয়েন্দী না মিলেগী পূজাৰা ” ইত্যাদি অনেক ধৰণৰ খুহুতীয়া আমোদজনক ওৱান লাইনাৰ বোৰে বিৰক্তিকৰ খেল এখনতো দৰ্শকক আনন্দ দিয়াৰ লগতে মনোযোগ পুনৰবাৰ আকৰ্ষণ কৰিবলৈ সক্ষম হয় । আৰম্ভণিৰ অভাৰট

ইত্যাদি

(ৰচনাকালঃ ২০ ১১ ) বহুদিনৰ মূৰত মোৰ বাবে এটা আবেলি সম্পূৰ্ণ একান্ত ব্যক্তিগতভাৱে ওলাই পৰিল। স্কুলীয়া জীৱনৰ শেষ পৰীক্ষাটো দি উঠাৰ পাছত প্ৰকৃততে সকলোৰে ক’ত যাম, ক’ত নাযাম লাগে নেকি! মোৰো কাৰ্যতঃ একেই হৈছে। কি কৰোঁ কি নকৰোৰ উত্তেজনাত আৰু ঘৰৰ প্ৰৰোচনাত কেইদিনমানৰ বাবে খুড়াহঁতৰ ঘৰতে থাকি আহিলোগৈ। এতিয়া সেয়েহে বহুদিনৰ পিছত, বিহুৰ সময়তহে আজৰি হৈছোঁ আৰু সেই বাবে লগে লগেই মনজিতহঁতৰ ওচৰলৈ ঢাপলি মেলি আহিছোঁ। বিহুৰ সময়। এইকেইদিন গাঁৱত নাথাকিলো বুলিয়েই ইমান পৰিৱৰ্তননো হ’ব পাৰেনে? মহেন্দ্ৰ খুড়াৰ ঘৰৰ আগৰ গছ দুজোপাৰ ওপৰৰ ডাল-পাত কাটি দি গোটেইখন মুকলি কৰি ল’লে, ডিম্পলহঁতৰ আধৰুৱা পকাঘৰটো এতিয়া ৰং দিছে, কণহঁতৰ ঘৰৰ ওচৰতে এটা ডাঙৰ মাছ পুহিবৰ বাবে পুখুৰী খান্দিছে আৰু গাঁৱৰ ৰাস্তাটোতে এটা কালভাৰ্ট নিৰ্মাণ হৈ আছিল, সেইটো সম্পূৰ্ণ হৈ উঠিছে। মুঠতে এক বিৰাট পৰিৱৰ্তন। লাহে লাহে মই ৰাণাহঁতৰ ঘৰ পালোগৈ। আগফালে তাৰ ভনীয়েকে খেলি থকাৰ পৰাই মাত লগালে যে সি ইতিমধ্যেই ঘৰৰ পৰা অন্তৰ্ধান হৈছে। এইবাৰ আৰু মই পোনে পোনে পথাৰ পালোগৈ। কিন্তু মোৰ দুৰ্ভাগ্য যে খেল ইতিমধ্যেই আৰম্ভ হৈ গ’ল আৰু খেলৰ মাজত নতুনকৈ সোমাই খেলি

মাজ ৰাতি কেতেকী (Not a film review)

মাজ ৰাতি কেতেকী বোলছবিখন চালোঁ। প্ৰথমবাৰ, যেতিয়া তেজপুৰৰ পৰা ঘৰলৈ বুলি বাছত আহি আছিলোঁ, তেতিয়া। ঘৰৰ পৰা গুৱাহাটীলৈ যাবলৈ ভাল, এটা নিশাৰ বাট। লখিমপুৰ যাবলৈও ভাল, ডেৰঘণ্টা সময়ৰ প্ৰয়োজন। কিন্তু তেজপুৰলৈ যাবলৈ আমুৱাই যায়। দিনৰ ভাগত যাবলৈ হ’লে ৰাতিপুৱাই ওলাব লাগে, তেজপুৰ পায়গৈ প্ৰায় আঢ়ৈৰ পৰা তিনি বজাৰ ভিতৰত। গৰম দিন হ’লে সহ্যৰ সীমা কেতিয়াবাই পাৰ হৈ যায়। তাতে যদি বাছত মানুহ উঠাবলৈ পদূলিয়ে পদূলিয়ে ৰখায়, তেতিয়া কি কৰোঁ কি নকৰোঁ যেন হয়। এয়া কেৱল মোৰ অভিজ্ঞতাই নহয়, ভূক্তভোগী বহুত। অৱশ্যে ৰেলগাড়ীত যাব পাৰি, বাছযাত্ৰাতকৈ আৰামী হোৱাৰ লগতে ইমান আমনি নালাগে। কিন্তু তাতো মানুহৰ যি ভীৰ, যি হেঁচা ঠেলা, তাৰ ওপৰত আকৌ অপৰিষ্কাৰ পৰিৱেশ আৰু বেগৰ বস্তু চুৰি হোৱাৰ ভয়। গতিকে একেলগে কেইবাটাও গ’লে ৰে’লত যোৱাই ঠিক। সেইদিনা অকলেই তেজপুৰৰ পৰা বাছত আহিবলগীয়া হ’ল, গতিকে চিনেমাখন ওলিয়াই ল’লোঁ।