Photo source:http://srzimmartist.blogspot.com |
(ৰচনাকালঃ ২০০৯)
ঘণ্টাটো পৰাৰ লগে লগে গোটেই শ্ৰেণীটোৱেই প্ৰাণ পাই উঠিল। সকলোৱে চিঞৰ বাখৰ কৰি বাহিৰলৈ ওলাই গ'ল যদিও এজন তাৰ ব্যতিক্ৰম। ভালকৈ লক্ষ্য কৰিলে দেখা যায় যে দুচকুত অশ্ৰুৰ জিলিকণি, উদাস মুখৰ ভাও দি থকা এজন ল'ৰা। কিছুসময় পাছতঐ তালৈ এজাক ছোৱালীৰ আগমণ ঘটিল। সিহঁতৰ উশৃংখল হাঁহি, মন্তব্যবোৰে ল'ৰাটোৰ চকুপানীৰ নৈখন খৰস্ৰোতা হোৱাতহে সহায় কৰিলে। নাম তাৰ বৰুণ। শ্ৰেণীৰ আটাইতকৈ শান্ত ল'ৰা। শান্ত মানে একেবাৰে মুখৰ পৰা মাত নোলায়েই। কিন্তু তাৰ মনটো বৰ বহল। শ্ৰেণীৰ সকলো শিক্ষকৰে প্ৰিয়পাত্ৰ সি। তাৰ নম্ৰ, ভদ্ৰ আচৰণে তাক বিপদত নেপেলোৱাও নহয়। বিশেষকৈ, শ্ৰেণীৰ উৎপতীয়া কেইবাটাও ল'ৰাই তাৰ চৰিত্ৰ নষ্ট কৰাৰ চেষ্টা চলায়েই থাকে। কিন্তু তৰোৱালতকৈ কলম সদায় শক্তিশালী। তাৰ চৰিত্ৰ নামে বগা কাজগখিলাত সি ধূলিকণা এটাও পৰিবলৈ নিদিয়ে।
শ্ৰেণীত তাৰ স্থান চতুৰ্থ। স্থানক লৈ সি কোনোদিনে গৰ্ব কৰা নাই আৰু তাক দেখিলে এনে লাগে যেন সি সেয়া কৰাৰ প্ৰয়োজনবোধো কৰা নাই। সময়মতে স্কুললৈ আহি শিক্ষকৰ নিৰ্দেশানুসৰি নিয়মমাফিক কৰ্ত্তব্যসমাপন কৰি সি
দিনটোৰ শিক্ষাগ্ৰহণৰ বাবে সাজু হয়। সাধাৰণতে, সি বেয়া কাম কৰা, বেয়া সংগত থকা দেখা নাযায় আৰু ঘৰৰ উপদেশমৰ্মে সি বেয়া সংগৰ পৰা আঁতৰিহে থাকে।
সি কবিতাও লিখে। ছন্দবিহীন আধুনিক কবিতা লিখাত সি পাকৈত। মাজে মাজে তত্ত্বগধুৰ প্ৰৱন্ধ, ৰচনাও তাৰ কলমৰ মাজেৰে বাহিৰ হয়। তাৰ কবিতাবোৰ পাঠ কৰিলে মসৃণ ৰাস্তাইদি গৈ থকা যেন বোধ হয়। স্কুলৰ বাৰ্ষিক অধিৱেশনৰ সাহিত্য শাখাত তাৰ নাম থাকিবই।
মাজে মাজে তালৈ মোৰ ঈৰ্ষা হয়। তাৰ শান্ত স্বভাৱৰ লগত মোৰ ৰাহি যোৰা নিমিলে। তাৰোপৰি, শ্ৰেণীৰ চতুৰ্থ স্থানে তাক মোৰ পৰা বহু আঁতৰত ৰাখিছে। মই হ'লো শ্ৰেণীৰ শেষৰ স্থানৰ এটা। গতিকে তাৰ লগত থাকিবলৈকে মোৰ ভয় লাগে। চোকা ল'ৰা, নম্ৰ, ভদ্ৰ ল'ৰা, ফটকৰে যদি কিবা এটা কৈ দিয়ে, মোৰ কি হ'ব বাৰু!
এটা কথাত তাক মই সদায় অনুসৰণ কৰিবলৈ চেষ্টা কৰোঁ। সেয়া হ'ল তাৰ স্বভাৱ চৰিত্ৰৰ অনুকৰণ। সি ইমান গম্ভীৰ, নম্ৰ, ভদ্ৰ, অমায়িক কিন্তু মোৰ চঞ্চল মনে সেয়া ৰূপায়ণ কৰাত সদায়েই বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়েহি। তাক মই সুধিব বিচাৰো কাৰ দ্বাৰা বা কি কৰি সি তাৰ মনটোক এই অস্থিৰ বয়ঃসন্ধি কালত বান্ধি ৰাখিছে? কিন্তু মোৰ সাহসে নুকুলায়।
এটা ঘটনা মোৰ মনত থাকিব চিৰদিনলৈ, যিটো ঘটনাই বৰুণৰ জীৱনৰ গতি সলাই দিছিল। আমাৰ অঞ্চলৰ বয়জ হায়াৰ চেকেণ্ডাৰীখনত জিলাভিত্তিক এখন তৰ্ক প্ৰতিযোগিতা হৈছিল। সি আৰু হোমেন্দ্ৰই আমাৰ স্কুলক প্ৰতিনিধিত্ব কৰিছিল। সেইসূত্ৰে আমাৰ ক্লাছে ছুটী পাইছিল আৰু আমি 'তৰ্ক প্ৰতিযোগিতা' চাবলৈ যাওঁ বুলি ষ্টেডিয়ামলৈ গৈ ক্ৰিকেট খেলি আছিলোগৈ। এফালে আমি খেলত হাৰিছোঁ আনফালে তৰ্ক প্ৰতিযোগিতাখন জিলাৰ মেধাৱী ছাত্ৰৰ সমন্বয়ত অতিকৈ উপভোগ্য আৰু ৰোমাঞ্চকৰ হৈ উঠিছে। এসময়ত আমাৰ স্কুলৰ হৈ হোমেন্দ্ৰই বক্তব্য ৰখাৰ পাছত বৰুণ মাইক্ৰ'ফনৰ সন্মুখলৈ আহিল। তৰ্কৰ ওপৰত তাৰ বিশেষ দখল আছে। গতিকে, নিজৰ কথন ভংগীৰে তাৰ সবল যুক্তিসমূহ আগবঢ়ালে। আমাৰেই ভাগ্য, ক্ৰিকেট খেলত পৰাজয়ৰ ফাকু সানি আহি বৰুণৰ শ্ৰুতিমধুৰ ভাষণ যে শুনিবলৈ পালোঁ। বৰুণৰ ভাষণ অতি সুন্দৰ, শ্ৰুতিমধুৰ। কিন্তু তাৰ সেইদিনাৰ ভাষণ শুনি মোৰ সৰুকালৰ ঘটনা এটি মনত পৰি গৈছিল।
মই তেতিয়া চতুৰ্থ শ্ৰেণীত।স্কুলৰ অধিৱেশন চলি আছিল। সভাত আছিল অঞ্চলটোৰ বহুকেইজন সন্মানীয় ব্যক্তি। তাৰে এজন ব্যক্তিৰ ভাষণে আমাক ইমান বেছি মুগ্ধ কৰিছিল যে কিবা সভা অনুষ্ঠিত হ'লে তেওঁৰ দৰে ভাষণ দিবলৈ আমাৰ ফুলকুমলীয়া মনটোৱে অনুপ্ৰেৰণা পাইছিলোঁ। কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে মোৰ আদৰ্শ পলাই ফাট মাৰিলে। বৰুণে কিন্তু তেওঁৰ আদৰ্শ অনুকৰণ কৰিলে আৰু সেয়েহে আজিৰ সমাজত এজন ভাল বক্তাৰূপেও সি পৰিচিত। যিদিনা সি এখন ৰাজহুৱা সভাত বক্তৃতা দিয়াৰ সুযোগ পাইছিল তাত সেই ব্যক্তিজনাও সভাৰ আসন শুৱনি কৰিছিল আৰু যেতিয়া তেওঁৰ ভাষণৰ পাল পৰিছিল আৰু তেওঁ বৰুণৰ বক্তৃতাৰ কথনভংগীক বহুত প্ৰশংসা কৰিছিল আৰু নিজৰ লগত তুলনা কৰিছিল। তেতিয়াৰ পৰাই সি আমাৰ মাজত সৰু-সুৰা এক কিংবদন্তীত পৰিণত হৈছিল।
যি কি নহওঁক, বৰুণৰ বক্তব্যই তৰ্ক প্ৰতিযোগিতাখনৰ বিচাৰকৰ মন মোহিবলৈ সক্ষম হৈছিল আৰু তাৰ প্ৰথম পুৰষ্কাৰে আমাৰ স্কুলক জিলিকাই তুলিছিল। ফলস্বৰূপে সি ৰাজ্যিক পৰ্যায়ত ভাগ ল'বলৈ সুবিধা পাইছিল। তাৰ পিছদিনা তাক প্ৰাৰ্থনা সভাত বিশেষভাবে সন্মানিত কৰা হৈছিল আৰু আমি মিছা কথা কোৱাৰ অপৰাধত আমাক বিশেষভাৱে শাস্তি দিয়া হৈছিল।
কিন্তু আজি যিটো ঘটনা ঘটি গ'ল, সেয়া তাৰ বাবে কল্পনাতীত। আনকি, মইও তাৰ সেই কথাটো বিশ্বাস কৰিব পৰা নাই। অন্ততঃ সেই কামতো কৰিব পৰাকৈ তাৰ সাহস নাই আৰু তেনেকুৱা চৰিত্ৰৰ ল'ৰাও সি নহয়। আনকি, ছাৰেও বিশ্বাস কৰিব পৰা নাই। সি বোলে পৰীক্ষাত নকল কৰিছিল। যিটো ল'ৰাই নকলৰ 'ন'টোকে বুজি নাপায় তেনেস্থলত! ছাৰে একো নকৰিলে কিন্তু এনেকুৱা এষাৰ কথা কেনেকৈ সৃষ্টি হ'ল, সেয়াও ছাৰে বুজি নাপালে। কমনৰুমত আজি সেইষাৰ কথাই নিশ্চয় ঠাই পাব।
ইতিমধ্যে, ছোৱালীবোৰৰ অসভ্য ঠাট্টা মস্কৰাই তাৰ মনটোক আৰু দুৰ্বল কৰি তুলিছে। মই আৰু দেৱই তাক সংগ দিবৰ বাবে আগবাঢ়িলোঁ। কিন্তু, তেনেসময়তে তাক হেডছাৰৰ ৰূমলৈ মাতি লৈ যোৱা হ'ল। বহুসমৰ পাছত তাৰ ৰঙা-চিঙা বিব্ৰত ভংগীৰ মুখখন আমাৰ আগত ধৰা পৰিল আৰু সি আমাৰ পৰা আঁতৰি থাকিল।
বৰুণ সেই ঘটনাটোৰ পৰা স্কুলত বেড বয় ৰূপে পৰিচিত হ'ল। আকস্মিক ঘটনাৰ চাপ সহ্য কৰিব নোৱাৰি তাৰ পৰীক্ষাৰ ফলাফলো নিম্নমানৰ হৈ পৰিল। তাৰ সাহিত্য সুলভ মনটো বক্তৃতাৰ স্পৃহা সকলোতে শূণ্যতাই বিৰাজ কৰিলে।
কিন্তু, সঁচা ঘটনা কেতিয়াও লুকাই নাথাকে। বৰুণৰ চজ চৰিত্ৰৰ ঈৰ্ষাত পৰা আমাৰ ক্লাছৰ কেইজনমান ছাত্ৰৰ কু-চক্ৰান্ত আছিল সেই ঘটনাটি। অৱশেষত সিহঁতে স্বীকাৰ কৰিলে। আমাৰ দ্বাৰা ঘটনাটি হেডছাৰৰ কৰ্ণগোচৰ কৰা হ'ল। হেডছাৰৰ কথাষাৰ শুনি চকু কপালত উঠিল। এনে এক সাংঘাটিক অপৰাধৰ বাবে হেডছাৰে স্কুলৰ পৰিচালনা সমিতিৰ লগত আলোচনা কৰি সিহঁত তিনিও কুচক্ৰান্তকাৰীক স্কুলৰ পৰাই বহিষ্কাৰ কৰিলে।
বৰুণ পুনৰ উজলি উঠিল। জুইত পুৰিলে সোণ উজ্জ্বল হৈ উঠাৰ দৰে তাৰ স্বভাৱ-চৰিত্ৰ, শিক্ষা-দীক্ষা আগতকৈ উন্নতি হ'ল। তাৰ ওপৰত কৰা অন্যায়ৰ প্ৰতিফল পোৱাৰ সি সুখী। আটাইতকৈ ডাঙৰ কথা, সকলোৱে তাৰ লগত সংগ দিয়া হ'ল আৰু সিও তাৰ সুঅভ্যাসবোৰ জগাই তুলিলে। পুনৰ তাৰ উদাত্ত কণ্ঠৰ বক্তৃতাৰ শব্দই সভা-সমিতিবোৰ পোহৰাই তুলিলে।
অন্ততঃ সেই ঘটনাটোৰ পৰা কাৰো একো উপকাৰ নহলেও মোৰ হ'ল। তাক তেনে এক বদনামৰ পৰা উদ্ধাৰ কৰি অনাৰ বাবে সি মোক তাৰ শ্ৰেষ্ঠ বন্ধুৰ মৰ্যাদা দিলে।
আজি মই সন্তুষ্ট, সুখী। কিয়নো মোৰ লগত আছে স্কুলৰ সু-চৰিত্ৰবান ছাত্ৰজন মোৰ প্ৰিয়বন্ধু হিচাপে। ইয়াতকৈ আৰু মোক প্ৰয়োজনেই বা কি?