মাজ ৰাতি কেতেকী বোলছবিখন চালোঁ। প্ৰথমবাৰ, যেতিয়া তেজপুৰৰ পৰা ঘৰলৈ বুলি বাছত আহি আছিলোঁ, তেতিয়া। ঘৰৰ পৰা গুৱাহাটীলৈ যাবলৈ ভাল, এটা নিশাৰ বাট। লখিমপুৰ যাবলৈও ভাল, ডেৰঘণ্টা সময়ৰ প্ৰয়োজন। কিন্তু তেজপুৰলৈ যাবলৈ আমুৱাই যায়। দিনৰ ভাগত যাবলৈ হ’লে ৰাতিপুৱাই ওলাব লাগে, তেজপুৰ পায়গৈ প্ৰায় আঢ়ৈৰ পৰা তিনি বজাৰ ভিতৰত। গৰম দিন হ’লে সহ্যৰ সীমা কেতিয়াবাই পাৰ হৈ যায়। তাতে যদি বাছত মানুহ উঠাবলৈ পদূলিয়ে পদূলিয়ে ৰখায়, তেতিয়া কি কৰোঁ কি নকৰোঁ যেন হয়। এয়া কেৱল মোৰ অভিজ্ঞতাই নহয়, ভূক্তভোগী বহুত। অৱশ্যে ৰেলগাড়ীত যাব পাৰি, বাছযাত্ৰাতকৈ আৰামী হোৱাৰ লগতে ইমান আমনি নালাগে। কিন্তু তাতো মানুহৰ যি ভীৰ, যি হেঁচা ঠেলা, তাৰ ওপৰত আকৌ অপৰিষ্কাৰ পৰিৱেশ আৰু বেগৰ বস্তু চুৰি হোৱাৰ ভয়। গতিকে একেলগে কেইবাটাও গ’লে ৰে’লত যোৱাই ঠিক। সেইদিনা অকলেই তেজপুৰৰ পৰা বাছত আহিবলগীয়া হ’ল, গতিকে চিনেমাখন ওলিয়াই ল’লোঁ।
এবছৰৰ পাছত ইউটিউবত চিনেমাখন “আহি গ’ল” আৰু তাতে ট্ৰেইলাৰটো চোৱাও মনত আছিলে, বিশেষকৈ এই “মই যেতিয়া সেউজীয়া ঘাঁহ আছিলোঁ, তেওঁ মোৰ বেলিটো আছিল” এই ডায়লগটো ভালদৰেই খাজ কাটি বহি লৈছিল। নতুন অসমীয়া চিনেমা বুলিলে চাবলৈ মন যায়েই, তাতে যদি চিনেমাখনৰ লগত জড়িত মানুহখিনিৰ নামটো দেখিলেই যদি মনলৈ প্ৰথমে এইটো ভাৱ আহে যে “আচ্ছা এইখন চিনেমা কিন্তু ভাল হ’ব লাগে কিন্তু দেই”, তেন্তে যিকোনো উপায়েৰে হ’লেও চাবলৈ চেষ্টা কৰোঁ। বেছিভাগ চিনেমা চিনেমাহলত চাবলৈ চেষ্টা কৰিলেও সকলো সময়তে সেয়া সম্ভৱ হৈ নুঠেগৈ বহু কাৰণত। কিছুমান চিনেমা গুৱাহাটীৰ হলবোৰতে মুক্তি পায়, কিছুমান আহিলেও দৰ্শক কম হোৱাৰ কাৰণে হলৰ মানুহে নচলায়, কেতিয়াবা আকৌ মুক্তি পোৱাৰ সময়ত ঘৰত থাকোঁ আৰু আমাৰ তাত শেষবাৰৰ কাৰণে চিনেমা হলত চিনেমা চোৱা মনত আছে যতীন বৰাৰ প্ৰথম পৰিচালনাত মুক্তি পোৱা “অধিনায়ক”। সেইখন ওলোৱাৰ কিছুদিন আগৰে পৰা হলটো আচলতে বন্ধই হৈ আছিল, মাত্ৰ চিনেমাখনৰ গান এটাৰ সৰু অংশ এটি আমাৰ অঞ্চলত দৃশ্যগ্ৰহণ হোৱাৰ লগতে আমাৰ ঠাইৰে বিহুদল এটিও সেই গানটিত ওলাই কাৰণে “অধিনায়ক”খন দেখুৱাবৰ বাবেই হলটো ঠিক ঠাক কৰা হৈছিল। তিনি চাৰিদিনমানৰ পাছত “অধিনায়ক” গ’ল, চিনেমা হলটো ভাঙি তাত ভাড়াঘৰ হ’ল। অৱশ্যে তাৰপাছৰে পৰা অসমীয়া চিনেমাৰ দুৰ্দিন ইতিমধ্যে আৰম্ভ হৈছিলেই, যিকেইখন চিনেমা ওলাইছিল প্ৰায়বোৰেই নিৰাশ কৰিছিল। সেইকাৰণে ইউটিউবত উপলব্ধ হোৱা বুলি গম পালেই লগে লগে চাওঁ। মাজতে চিনেমাহল নথকাৰ কাৰণে প্ৰজেক্টৰৰ ব্যৱস্থা কৰিও চিনেমা দেখুৱাৰ ব্যৱস্থা হৈছিল, সেইবোৰো এৰা নাছিলোঁ।
অসমীয়া চিনেমা বুলি ক’লে লগে বহুতে নাক কোঁচায়, নোচোৱাকৈয়ে আমনিদায়ক হ’ব বুলি চাৰ্টিফিকেট এখনো দি দিয়ে। তাতে পুৰষ্কাৰপ্ৰাপ্ত চিনেমা বুলি ক’লে একেবাৰে কাষ চাপিবলৈ নিবিচাৰে। মাজ ৰাতি কেতেকী চাই থকাৰ সময়ত বাৰে বাৰে মনলৈ আহিছিলে এইখন চিনেমাই যদি পুৰষ্কাৰ পোৱা নাই, তেন্তে ইয়াৰ সমান দুৰ্ভাগ্যজনক কথা একো হ’বই নোৱাৰে। পাছত ৱিকিপেডিয়াত চাই দেখোঁ, কেইবাটাও সন্মানৰ লগত ৰাষ্ট্ৰীয় পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। চিনেমাখন চাই চাই আহি থাকোতে দুই ঘণ্টা সময় কেনেদৰে পাৰ হৈ গ’ল গম নাপালোঁ। মাজতে ক’ব নোৱাৰাকৈ তীব্ৰ শোক এটাইও খুন্দা মাৰি ধৰিলে, কোনোবা এখিনিত প্ৰাণ ভৰি যোৱা সুখৰ আবুৰ অলপো ছিটিকি পৰিল, কোনো সময়ত কিছুমান কথাৰ গভীৰ উপলব্ধি কৰিবলৈকো বাধ্য হৈ পৰিলোঁ। চিনেমাখনে মনত এনেকুৱা সাঁচ পেলাই গ’ল যে দ্বিতীয়বাৰৰ বাবে মই চাবলৈ বাধ্য হৈ পৰিলোঁ।
তৃতীয়বাৰ চালোঁ পৰিয়ালৰ সকলোৰে সৈতে বহি। চিনেমাখন চাই সকলো স্তব্ধ। what a masterpiece!
আদিল হুছেইন অভিনীত চিনেমা নোচোৱা নহয়, কিন্তু মাজ ৰাতি কেতেকীত তেওঁ অভিনয় কৰা ড০ প্ৰিয়েন্দু হাজৰিকা চৰিত্ৰটি তেওঁ ইমান সুন্দৰকৈ ৰূপায়ন কৰিছে যে এনে লাগে তেওঁৰ সেয়া নিজৰ জীৱনৰেই কাহিনী। তেওঁৰ উপস্থাপন, সংলাপ কোৱাৰ ধৰণ আনকি তেওঁৰ পোছাক পৰিচ্ছদো ইমান সুন্দৰকৈ খাপ খাই পৰিছে যে এক মূহুৰ্তও মানুহে বেলেগ কিবা ভাবিবলৈ অৱকাশ নাপাব। ইমান সুন্দৰ উচ্চাৰণ, ইমান সুন্দৰ অভিনয়। তেওঁৰ ল’ৰালিকালৰ অভিনয় কৰা শিশুশিল্পীগৰাকীয়েও আদিল হুছেইনৰেই যেন অন্য এটা ৰূপ। শান্ত, সমীহিত, নিষ্পাপ। সি লৈ ফুৰা লিচুগুটিৰ লাটুমটোৰ দৰেই সৰলমনৰ এটি শিশু।
কথাছবিখনত সমান্তৰালকৈ বৰ্তমান আৰু অতীতৰ কাহিনী দুটি গৈ থাকে, লগে লগে গৈ থাকোঁ আমি, আৰু পৰিচালিকাৰ চাতুৰ্যতাৰ বশ হৈ আৱিষ্কাৰ কৰোঁ তেওঁ বুজাব খোজা কথাটি। চহৰ সলনি হ’ব পাৰে, পুৰণা বিল্ডিং ভাঙি নতুন হ’ব পাৰে, হ’ব পাৰে চকু চাট মাৰি ধৰা আলোকসজ্জাৰ দোকান পোহাৰ, কিন্তু সেইবুলি জানো মানুহৰ মন, চৰিত্ৰ এইবোৰ সলনি হয়? নে প্ৰজন্মই প্ৰজন্মই এইবোৰো বাগৰি বাগৰি আহি থাকে? ক্ষমতাত থকা সকলো মানুহেই আন সহজ সৰল মানুহক নিজৰ তলতীয়া কৰি সুবিধা আদায় কৰি ল’ব বিচৰা কথাটো পুৰণা নহয়, মাত্ৰ এইক্ষেত্ৰত সলনি হয় ভুক্তভোগী মানুহবোৰ, সেয়া লাগিলে তেনেই নিৰ্জু ভোলাই নিজৰ মামা বুলি মতা মানুহজনৰ ঘৰত চাকৰ হিচাপে থাকিয়ে হওক, লাগিলে সেয়া সুমনাই নিজৰ কিতাপৰ প্ৰকাশকৰ ওচৰত নিজৰ প্ৰথম গ্ৰন্থখনৰ বাবেই হওক, লাগিলে নেইলপলিচৰ বাবে পেটলা দোকানীৰ লুলুপ দৃষ্টিৰ বলি হোৱা আদিল হুছেইনৰ ভনীয়েকেই হওক বা “ছিডিউল কাষ্ট”ৰ সূতাৰে নিজৰ লগৰীয়া প্ৰেমিক বন্ধুক ডিঙিত চিপজৰী লগাই দি নিজ স্বাৰ্থ সিদ্ধি কৰিব খোজা পাপৰি দেৱীয়েই হওক। কিন্তু সেইবুলি জানো মানুহৰ ৰূপ কেৱল বেয়ালৈহে সলনি হয়? কথাষাৰ পোনছাটেই নস্যাৎ কৰিছে শৰ্মা ককাই। বিদেশত থাকি খবৰ এটাও নকৰা পুত্ৰৰ স্নেহত ডুব গৈ তেওঁৰ আলপৈচান ধৰা ৰান্ধনিক সামান্য কথাতে কটু কথা শুনোৱা ককাই পাছত নীচ পুত্ৰই তেওঁকেই পাহৰি যোৱাৰ শোকত ৰাতিপুৱা হঠাতে কিছু সময় নাইকিয়া হওঁতে কাঞ্চাৰ চকুত চকুপানী দেখি বুজি উঠিছে তেওঁৰ জীৱনত আচলতে মূল্য কাৰ বেছি। তাৰপাছত তেওঁ আগতে জুঠা মিহলোৱা চাহ দিছ বুলি গালি পৰা কাঞ্চাৰ ন-বোৱাৰীৰ হাতৰ পকা মিঠৈ টকালি পাৰি খাইছে, অকণকো সোৱাদৰ ভাগ দিবলৈ মাতি আনিছে। ঠিক একেদৰে ফৰিদাৰ বিপদৰ সময়ত মন গ’লেও নিজৰ আৰ্থিক স্থিতি আৰু সমাজত ধৰ্মৰ ভিত্তিত সৃষ্টি হোৱা বিভেদকামী চিন্তা এটাই গা কৰি উঠাৰ ফলত কিংকৰ্তব্যবিমুখ হৈ পৰা অকণৰ মাকে কিন্তু ফৰিডাৰ শেষৰ সময়কণত এই সকলোবোৰ বাধা পাহৰি নিজৰ আলমাৰীৰ চুকত ৰখা সাঁচতীয়া গোটেইকেইটা টকা লৈ ওলাইছেগৈ। সেইখিনি পইচাকে ফৰিডাই বিচাৰি আহোঁতে হাতত পইচা নাই বুলি তাইক বিমুখ কৰিবলৈ অকণৰ মাকৰ যিমান কষ্ট হৈছিল, তাতকৈ বেছি কষ্ট হৈছিল ফৰিডা ঢুকোৱাৰ পাছত গিৰীয়েকে যাবলৈ লোৱাৰ সময়ত তেওঁক শেষবাৰৰ বাবে মাত দিবলৈ আহোঁতে ওলোৱা চকুপানীক বাধা দিবলৈ। শিক্ষামন্ত্ৰীয়ে ঘোচ লৈ কাৰোবাক চাকৰি দিয়াৰ বাবে আপত্তি কৰি নিজৰ চাকৰি হেৰুৱাব লগীয়া হোৱা অকণৰ দেউতাকেও শেষত নিজ পুতেকক ৰক্ষা কৰিবলৈ গৈ পুতেকৰ সাঁচতীয়া পইচা গোটাই থোৱা বাঁহৰ মাৰিডাল চিনি নাপাও বুলি কৈ ধৰ্ম যুধিষ্ঠিৰৰ ভূমিকা পালন কৰিবলগীয়া হৈছিল।
সকলোবোৰ কাহিনীৰেই এটা অন্ত থাকে, বা কোনো এটা সুখৰ মূহুৰ্তক লক্ষ্য হিচাপে বান্ধি লৈ সেই লক্ষ্যত উপনীত হ’লেও সেয়া কাহিনীটোৰ সুখদায়ক সমাপ্তি বুল ক’ব পৰা যায়। মাজ ৰাতি কেতেকীতো সৰ্বশেষত অকণৰ ককায়েকে বুজি পায় যে স্বাৰ্থজড়িত প্ৰেমৰ মায়াজালতকৈ নিজৰ শিক্ষা, কেৰিয়াৰৰ মূল্যৰ কথা, সুমনাই সন্ধান পায় নিজৰ প্ৰথম উপন্যাসৰ সঠিক প্ৰকাশকজনৰ, অকণৰ ভনীয়েকে গম পায় যে বেয়া কথা, অশ্লীল গালি গালাজেও যে কেতিয়াবা নিজৰ সতীত্ব ৰক্ষা কৰাৰ অস্ত্ৰ হৈ পৰিব পাৰে। ভোলাই লাভ কৰে চিৰমুক্তি। বন্ধু অকণৰ সাঁচতীয়া টকাকেইটাৰে সি নিজৰ ঘৰলৈ বুলি বাট লৈও অৱশেষত নিজৰ দেউতাকৰ সমাধিস্থল “যমঘাট”তে নিজকে সমৰ্পণ কৰে।
আৰু অকণ নিজে? ৰাষ্ট্ৰীয় পুৰষ্কাৰ প্ৰাপ্ত লেখক অকণৰ নিৰ্মম উপলব্ধিঃ আত্মজীৱনী লিখাৰ সাহস আচলতে তেওঁৰ নাই- “প্ৰিয়জনৰ বিষয়ে লিখিবলৈ ল’লে কলিজাত বৰফ গোট মাৰি ধৰে”।
মোৰ ব্যক্তিগত অনুভৱ- চিনেমাখন সকলোৱে চোৱা উচিত। চিনেমাটগ্ৰাফীৰ পৰা আৰম্ভ কৰি কালাৰ গ্ৰেডিং, সম্পাদনা, সংগীত সকলোবোৰ দিশেই ইমান সুন্দৰকৈ প্ৰতিফলিত হৈছে যে নিজে নোচোৱালৈকে অনুভৱ কৰিব পৰা নাযাব।
Borhia hoise.
ReplyDeleteপঢ়ি ভাল লাগিল।
ReplyDelete