(ৰচনাকালঃ ২০১১)
বহুদিনৰ মূৰত মোৰ বাবে এটা আবেলি সম্পূৰ্ণ একান্ত ব্যক্তিগতভাৱে ওলাই পৰিল। স্কুলীয়া জীৱনৰ শেষ পৰীক্ষাটো দি উঠাৰ পাছত প্ৰকৃততে সকলোৰে ক’ত যাম, ক’ত নাযাম লাগে নেকি! মোৰো কাৰ্যতঃ একেই হৈছে। কি কৰোঁ কি নকৰোৰ উত্তেজনাত আৰু ঘৰৰ প্ৰৰোচনাত কেইদিনমানৰ বাবে খুড়াহঁতৰ ঘৰতে থাকি আহিলোগৈ। এতিয়া সেয়েহে বহুদিনৰ পিছত, বিহুৰ সময়তহে আজৰি হৈছোঁ আৰু সেই বাবে লগে লগেই মনজিতহঁতৰ ওচৰলৈ ঢাপলি মেলি আহিছোঁ।
বিহুৰ সময়। এইকেইদিন গাঁৱত নাথাকিলো বুলিয়েই ইমান পৰিৱৰ্তননো হ’ব পাৰেনে? মহেন্দ্ৰ খুড়াৰ ঘৰৰ আগৰ গছ দুজোপাৰ ওপৰৰ ডাল-পাত কাটি দি গোটেইখন মুকলি কৰি ল’লে, ডিম্পলহঁতৰ আধৰুৱা পকাঘৰটো এতিয়া ৰং দিছে, কণহঁতৰ ঘৰৰ ওচৰতে এটা ডাঙৰ মাছ পুহিবৰ বাবে পুখুৰী খান্দিছে আৰু গাঁৱৰ ৰাস্তাটোতে এটা কালভাৰ্ট নিৰ্মাণ হৈ আছিল, সেইটো সম্পূৰ্ণ হৈ উঠিছে। মুঠতে এক বিৰাট পৰিৱৰ্তন। লাহে লাহে মই ৰাণাহঁতৰ ঘৰ পালোগৈ। আগফালে তাৰ ভনীয়েকে খেলি থকাৰ পৰাই মাত লগালে যে সি ইতিমধ্যেই ঘৰৰ পৰা অন্তৰ্ধান হৈছে। এইবাৰ আৰু মই পোনে পোনে পথাৰ পালোগৈ। কিন্তু মোৰ দুৰ্ভাগ্য যে খেল ইতিমধ্যেই আৰম্ভ হৈ গ’ল আৰু খেলৰ মাজত নতুনকৈ সোমাই খেলিবলৈ নোপোৱাটো এই পথাৰখনত খেলা সকলোৰে বাবে অঘোষিত নিয়ম। অগত্যা পথাৰৰ আলি এটাতে বহি ল’লোঁ।
“কেতিয়া আহিলে?” সেইটো মইনা। ফিল্ডিং কৰি থকাৰ পৰাই মাত লগোৱাত মই চুটিকৈ “আজি” বুলি উত্তৰ দিলোঁ। তেনেতে ক’ৰ পৰানো দৌৰি ৰাণা আহিল, আহিয়ে ওচৰতে বহি ললেহি।
কিছু আচৰিত হোৱাৰ পাল। কিছু নহয়, বহুতেই। কাৰণ, ভনীয়েকে সি কেতিয়াবাই আহিলে বুলি ক’লে আৰু সি এতিয়াহে ফিল্ডত উপস্থিত হৈছে। মই কাৰণটো সোধাৰ আগেয়েই মইনাই সোধা একেটা প্ৰশ্নকে সিও সুধিলে। একে উত্তৰকে দি এইবাৰ তাক সি অথনিতে ঘৰৰ পৰা ওলাই আহি ইমান দেৰিকৈ ফিল্ডত অহাৰ কাৰণ সুধিলোঁ। হয়তু দৌৰি অহাৰ বাবে কিছু ভাগৰ লাগিছিলে ছাগৈ, গতিকে অলপ ৰৈ সি উত্তৰ দিলে, ‘আমাৰ ৰাধাকেইজনীৰ ওচৰলৈ গৈছিলোঁ’। মই জোকালো, ‘তই ঘৰত ফিল্ডলৈ আহোঁ বুলি কৈ বেলেগ কৰবাত হে মানে লাইন পোনাই আছগৈ ন?’
“নহয় অ, বুজা নাই তই………..আহহ ঐ, ওহ ৰাম, শ্বটবোৰ ভালকৈ মাৰিব নোৱাৰ, একেবাৰে গাত লগাকৈ মাৰি পঠিয়াইছ যে” গালৈ অহা বলটো পুনৰ খেলৰ মাজলৈ দলিয়াই ওভতাই দি সি আকৌ কবলৈ আৰম্ভ কৰিলে, ‘চা, বিহু পালেহিয়ে আৰু সবেই ক্ৰিকেটৰ ধান্দাত মাথা মাৰি আছে। বিহু মাৰে নামাৰে, কাৰো ধান্দা নাই। সেইকাৰণে আজি সুলেখা, ৰুমী, ৰাখিহঁতক মাতি থৈ আহিলোঁ কাইলৈ ইয়ালৈ আহিবলৈ। তেতিয়াহে সকলোৰে গাত হুঁচ আহিব। নহ’লে বিহু গৈ বিদেশ পাবগৈ, আমি বেটছমেনে মাৰি পঠিওৱা বলৰ পাছতেই দৌৰি থাকিম’
ফটকৰে তাৰ শেষৰ কথাখিনি শুনি মোৰ হাঁহি উঠি গ’ল। যি ভংগীমাৰে সি কথাষাৰ ক’লে যেন সি একেবাৰে বুদ্ধিজীৱীহে।
‘আৰু তইও ইমানদিনে ক’ত সোমাই আছিলিগেনো, আজিহে আহিছ- মেট্ৰিক দিয়াৰ পাছত দেখা দেখিয়ে নাই । আৰু মই ভাল কাম কৰোঁতে মোক জোকাবলৈ আহিছ’ মই হাঁহি দিয়াত তাৰ হয়তু বাৰুকৈয়ে খং উঠিল আৰু খঙৰ ভমকত একেকোবে বহু কথা কৈ দিলে। মই যেনেতেনে হাঁহি ৰখাই তাক শান্ত কৰিবলৈ চেষ্টা কৰিলোঁ।
ৰাণাৰ দেউতাক অৰ্থাৎ মই যাক খুড়া বুলি সম্বোধন কৰোঁ, এই অঞ্চলৰ খ্যাতনামা বিহুৱা আৰু ঢুলীয়া।
গোটেই অঞ্চলটোৱেই তেওঁক ভালদৰেই চিনি পায় আৰু সন্মান কৰে। সেয়েহে যেনে পিতা, তেনে পুত্ৰ। ৰাণাই সৰুৰে পৰাই ভালদৰে ঢোল, পেঁপা বজাবলৈ শিকিছে আৰু এতিয়া সি ষ্টেজত বজালে ‘আহ ল’ৰাটো একদম বাপেকৰ দৰেই হ’লগে দেই’ এইবুলি শুনাটো নতুন কথা নহয়। এইডোখৰ ঠাইত আমি আৰু সমবয়সৰ যিকেইটা ল’ৰাই খেলিবলৈ লগ হওঁ, প্ৰত্যেক ৰঙালী বিহুতে বিহু মৰাৰ নিয়ম। সৰুতে ৰাণাৰ দেউতাকে আমাৰ লগতে গৈছিল, আমাৰ এনে লাগিছিল প্ৰত্যেক বিহুত ৰাণাৰ যেন পৰীক্ষাহে পাতিছিল দেউতাকে, সেইকাৰণে এক্সটাৰ্নেলৰ দৰে তেওঁ চাই ফুৰিছিল। কিন্ত ক্লাছ ছেভেন-এইটমানৰ পৰা আমি ৰাণাৰ নেতৃত্বত তথা ‘টীম স্পিৰিট’ৰ বলত এই নিয়ম চলাই আহিছোঁ। আৰু এইবাৰ যদি বিহু নহয়, আমি ৰাণাৰ অসহ্য তিৰষ্কাৰ শুনিব লাগিব আৰু সি দেউতাকৰ পৰা। কোনোবা এবাৰ এনেকুৱা হৈছিল যে ৰাণাই সাজি কাচি আহিল, কিন্তু বিহুৱা নাই। কি হ’ল? সবেই টিভিত ক্ৰিকেটৰ লগত ব্যস্ত। তাৰ খঙে চুলিৰ আগ পালেগৈ। সকলোৱে দেখিলে কথা বিষম। লগে লগে সকলো ওলাই মেলি, তাক কাকূতি মিনতি কৰি অনাতহে বিহু হলগৈ।
এইবাৰো তেন্তে সি এৰি দিয়াত নাই। নাচনী কাইলৈ আনি আলোচনা কৰি প্ৰেকটিছ কৰিবই। সি অলপ শান্ত হোৱা যেন দেখি এইবাৰ তাৰ মাষ্টাৰ প্লেননো কি, তাৰ বিষয়ে আলোচনা কৰিবলৈ ভালদৰে বহি ল’লোঁ। সি আৰম্ভ কৰিলে। তাৰ মতে এইবাৰ পোৱালি-পোৱালীবোৰক লোৱা নহ’ব, কেৱল সিহঁতৰ ঘৰত বিহু মাৰিবলৈহে যোৱা হ’ব। ডিম্পল, ৰাজুহঁতৰ ঘৰত বিহু মৰা নহ’ব, কিয়নো যোৱাবাৰ বহুত সময় গোৱাৰ পাছতো পাছতো মাত্ৰ ত্ৰিশ আৰু একচল্লিশ টকাহে পোৱা হৈছিল। যদি সময় হয়, শেষৰ দিনা চিন্তা কৰা হ’ব, কিন্তু আগতীয়া প্লেন নাই। একেবাৰে প্ৰথম বিহু যোৱাবাৰৰ দৰে নামঘৰত প্ৰদৰ্শন কৰা হ’ব। যিবোৰ ছোৱালীয়ে সোনকালে ঘৰলৈ যাওঁ বুলি পেনপেনায়, সেইবিলাকক পিছদিনা লোৱা নহ’ব আৰু সৰু ছোৱালীবোৰক ৰাতি আঠ বা চাৰে আঠ বজাত ঘৰলৈ পঠিয়াই দিয়া হ’ব। ঢোল তিনিটা, তাল তিনিযোৰ, পেঁপা ৰাণাই নিজেই বজাই আৰু ধনভঁৰালী হ’ব মনজিৎ। তেনেসময়তে মই মাত লগালোঁ যে ধনভৰালীৰ প্ৰসংগতো সকলোৰে লগত আলোচনা কৰা ভাল।
‘নহ’ব, সেইটো ছিক্স’
‘নহয়, ফ’ৰ হৈছে’
‘ছিক্স’
‘ফ’ৰ’
হুলস্থুলটো অলপ বেছিয়ে হৈছে। খেলৰ মাজত কাজিয়া হ’বই, তাতে ক্ৰিকেটৰ কথা, হুলস্থূল বেছি হোৱাৰ কথায়ে। গতিকে, ৰাণাৰ লগত আকৌ আলোচনাৰ প্ৰসংগলৈ উভটি আহিলোঁ।
‘কথা নকবি, হাৰিবি বুলি ভয় কৰিছ’
‘তোৰ নিচিনা নহয় বুজিছ, তইয়ে এতিয়াও গাখীৰ খাইয়ে আছ’
‘বাপেৰৰ মূৰটো’
‘অই দেউতাক লৈ কথা নকবি, পাবি কিন্তু’
‘কি দিবি হা, কি সাহসডাল আছে তোৰ?’
‘কি? মোৰ সাহস চাৱ?’
তেনেতে মনজিতক ফিল্ডৰ পৰা দৌৰি যোৱা দেখিলোঁ। সি আনকি আমাৰ কাষেদিয়েই দৌৰি গ’ল, আমাক মুখলৈকে নাচালে। আমি দুয়ো দৌৰি ল’ৰাৰ জুমটোৰ ওচৰ পালোগৈ। দেখিলোঁ ধনজিৎ কন্দনামুৱা হৈ মাটিত পৰি আছে আৰু আঁঠুৱে -বুকুৱে মাটিৰ দাগ। গম পালোঁ যে ধনজিতে বলটো উঠাই বাউণ্ডেৰীত পেলালেহি আৰু যিফালে গ’ল সেইফালে ফিল্ডিং কৰিছিল মনজিতে। বলটো এতিয়া বাউণ্ডেৰীত পৰিলে ঠিকেই,কিন্তু ওপৰেদি আহি পৰাৰ বাবে ছিক্স নে ফ’ৰ গণ্ডগোল লাগিল। গতিকে, অৱশেষত বেটছমেন ধনজিৎ আৰু ফিল্ডাৰ মনজিতৰ কথাৰ কটাকটি লাগি ডাঙৰ কাজিয়া হ’ল আৰু মনজিতে ধনজিতক সাহস দেখুৱাই দি ঠেলা এটা মাৰি পলায়ন কৰিলে আৰু ধনজিতে যুদ্ধত পৰাজিত সৈন্যৰ দৰে তলমুৱাকৈ কন্দনামুৱা হৈ মাটিতে বহি থাকিল।
‘মই সেইবাবে কওঁ, ক্ৰিকেট মানেই হাৰমাল। তহঁতে মোৰ কথা শুনিলেহে’ – ৰাণাৰ তিৰষ্কাৰ।
‘তথাপিও এইটো কিন্তু ছিক্স আছিল দেই, মনজিতদাই ইমান আৰু মিছা ক’ব নালাগিছিল’- অমৰে মতামত দিলে।
‘হ’ব, যি হ’ল, হ’ল আৰু, ব’ল, ষ্টাম্পকেইডাল ল আৰু ঘৰলৈ বল। কাইলৈ সব আহিবি বিশেষ কাম আছে, আহিবি। কি কাম সেইয়া ছাছপেঞ্চ’
শেষৰ কথাকেইটা ৰাণাই অলপ হিন্দী চিনেমাত কোৱাৰ দৰে ক’লে। ধনজিতক মাটিৰ পৰা উঠাত সহায় কৰিলোঁ আৰু ঘৰ পালোহি।
পিছদিনা আবেলি আমাৰ খেলপথাৰখন ঢোল, তালৰ মাতেৰে মুখৰিত হৈ উঠিল। যিমান হ’লেও বিহুৰ ঢোলৰ মাত শুনিলে কোনো অসমীয়াই ৰৈ থাকিব নোৱাৰে। গতিকে ৰাণাইও খেল আৰম্ভ হোৱাৰ আগেয়ে ঢোল বজাই সকলোৰে খেলৰ প্ৰতি মনোযোগ আঁতৰাবলৈ সক্ষম হ’ল।
সব অহাৰ পাছত আঁহত গছজোপাৰ তলতে বহি ল’লোঁ। ৰাণাই থিয় হৈ কোন কোন উপস্থিত চাই ল’লে। কণ, চন্দ্ৰ, মোহন, অমিয়, দেৱজিৎ, নিলয়, মইনা, অমৰ, সুলেখা, বনশ্ৰী, ৰুমী, ৰাখী, লীনা, জেচমিন, ধনজিৎ, মনজিৎ সকলোৱে উৎসুক হৈ ৰাণালৈ চালে। কালি সি মোৰ আগত কোৱা সকলোখিনিয়েই ৰাণাই কৈ গ’ল। লগতে আৰু ক’লে যে হুঁচৰি মাৰি পোৱা পইচাৰ কিছু নামঘৰলৈ উচৰ্গা কৰা হ’ব আৰু কিছু খেলৰ সামগ্ৰী কিনা হ’ব। যিহেতু গৰু বিহুৰ দিনাৰ পৰাই আৰম্ভ হ’ব, গতিকে প্ৰেকটিছ কাইলৈৰ পৰা আৰম্ভ। আবেলি চাৰে তিনি বজাত সকলো আহি খেলত নহয়, বিহুতহে যোগ দিব। তাৰপিছত ঢোল, পেঁপাৰ আলোচনা কৰি আমি ডাঙৰ কেইটামান থাকিলোঁ আৰু বাকীখিনি গলগৈ। কাইলৈৰ বাবে আগতীয়া বন্দোৱস্ত কৰি কিছুসময় খেলি পুনৰ ঘৰাঘৰি হ’লোঁ।
বাটতহে ৰাণাই আচল কথাটো উলিয়ালে, ‘তহঁতে মন কৰিলি নে নাই নাজানো, কিন্তু ইহঁত দুটাৰ যে মাত-বোল নাই গম পাইছনে। ইটোৱে সিটোৰ ছাঁটোও যেন নগচকিব। কথাটো বৰ ভাল হোৱা নাই। ইমান সাধাৰণ কথা এটাত নমতা নমতি কৰিলে কি হ’ব কচোন?’
“এই কালি কাজিয়া কৰিছেহে, আজিনো ক’ত মাতিব?” মই মনলে অহা কথাটো চিধা চিধি কৈ দিলোঁ।
‘সিহঁতেহে কাজিয়া কৰিছে। সিহঁতেহে মাতবোল কৰা নাই। আমাৰ নো কি……অ অ অহ, পিছে এটা কথা, সিহঁত দুইটাই নামাৰিলে আমাৰ অসুবিধা হ’ব কিন্তু। ধনজিতে ঢোল নবজালে দুটা ঢোলে কি বিহু পকিব?’ --- অমিয়ৰ মন্তব্য। অমিয় আমাৰ দলৰ ঢুলীয়া, গতিকে, তাৰ সেইটো চিন্তা হোৱাটো স্বাভাৱিক।
‘যি নহওক, সিহঁত দুটাক কিন্তু আগৰ অৱস্থালৈ ঘূৰাবই লাগিব। নহ’লে কচোন, লগৰ দুটাই কাজিয়া কৰি থাকিব আৰু আমি কি উপভোগ কৰিম?”- ৰাণাই ক’লে। সেইসময়তে ৰাণাৰ ঘৰ পোৱাৰ সেইদিনালৈ বিষয়টোৰ অন্ত পৰিল।
স্বৰ্গদেউ ওলালে বাটচৰাৰ মুখলৈ
দোলীয়াই পাতিলে দোলা
কান্ধত জিলিকিছে নৰা জাংফাই
গাতে গোমাচেঙৰ চোলা ||
আজি ৰিহাৰ্চেলৰ প্ৰথম দিন। এনেয় ঘৰে ঘৰে বিহু গাবলৈ কোনোৱে প্ৰেকটিছ নকৰে, নকৰিলেও হয়। কিন্তু, ৰাণাৰ মন, সি এটা সকলোফালৰ পৰা ‘পাৰফেক্ট’ বিহু দল উলিয়াবই। গতিকে জোৰদাৰ প্ৰেকটিছ চলিল। কিন্তু আটাইবোৰৰ মাজতে কালি ৰাণাই কোৱা কথাটো মই লক্ষ্য কৰিলোঁ সঁচায়ে সিহঁত দুটাৰ মাতবোল নাই। এটাই বিহু মাৰিলে হেনো ইটোৱে নামাৰে। ইফালে ৰাণাৰ চিন্তা-ল’ৰা কমিলে বিহুৰ স্বকীয় সৌন্দৰ্য নাথাকে। কিন্তু সিহঁতক মান্তি কৰাব পৰা নাই।
গৰু বিহুৰ দিনা আবেলি ৰাণাৰ ঘৰ পালোগৈ। সি ইতিমধ্যে যাবলৈ ওলাইছিলেই। গোটেইমখা নামঘৰতে গোট খোৱাৰ কথা। লগে লগে নামঘৰলৈ বাট পোনালোঁ। ইতিমধ্যেই গোটেইখিনি উপস্থিত হৈছেহি। বহুতে ঘৰতেই সাজি কাচি আহিছে যদিও কিছুমানে আনৰ সহায় লৈ পিন্ধাত লাগিছে। অৱশেষত নামঘৰত ডবা কোবোৱাৰ পাছত তাত বিহু হুঁচৰি প্ৰদৰ্শন কৰা হ’ল। লগে লগে বছৰটোৰ বিহুলৈ বুলি আমি আমাৰ প্ৰথম খোজ আগবঢ়ালোঁ।
সেইদিনাৰ পৰা চাৰি দিনলৈ আমি বিহু মাৰিয়েই থাকিলোঁ। মোৰ এটাই ভাল লাগিল যে সকলোৱে আমাক যথেষ্ট প্ৰশংসা কৰিলে আৰু আটাইতকৈ ডাঙৰ কথা প্ৰত্যেকদিনাই ৰাণাকো আগৰ বছৰবোৰৰ দৰে ইমান গালি গালাজ দিয়া বা অসন্তষ্ট হোৱাৰ দৰে দেখা নগ’ল। কিন্ত কেণা এটাই-ধনজিৎ-মনজিৎ। ধনজিতে য’ত ঢোল বজায়, তাত মনজিতে ধনভৰালী নহয়। য’ত মনজিতে বিহু মাৰিব, সেইখন বিহুত ভগৱানেও হয়তু ধনজিতক ঢোল বজাবলৈ বাধ্য কৰাব নোৱাৰে। ফলত অমিয় আৰু ৰাণাই দুটা ঢোলেৰেই বিহু ‘জমাব’লগীয়া হয়। তিনিদিনৰ দিনা অমিয়ই খঙতে দুয়োটাকে তিৰষ্কাৰো কৰিলে ভালদৰে।
“এটা কাম কৰ নেকি?” মনজিতহঁতৰ ঘৰত বিহু মাৰিবলৈ যোৱাৰ আগেয়ে অমিয়ই কৈছিল, “এইটো নিশ্চিত যে ইয়াৰ ঘৰত ধনজিতে কেতিয়াও নোসোমাব এইবাৰ বিহু মাৰিবলৈ। গতিকে, যেতিয়া আশীৰ্বাদ দিম, তেতিয়া ইহঁত দুটাৰ কাজিয়া ভংগ হ’ব লাগে বুলি ক’ম। মনজিতৰ মাক-দেউতাক থাকিব নহয়। তেওঁলোকেতো কথাটো শুনিব আৰু কিনো কাজিয়া বুলি জানিব বিচাৰিব। তেতিয়াই ডাঙৰ মানুহৰ উপস্থিতিত ইহঁতৰ মাতবোলো হ’ব, ভাল হ’ব”
অমিয় কিছু খঙাল আৰু কামবোৰ বৰ সহজকৈ ভাবে। গতিকে সিহঁতৰ কাজিয়া হৈছে বুলি গম পাই ‘তহঁতে মানে খেলিবলৈ গৈ কাজিয়া কৰিবলেহে শিকিছ, আজিৰ পৰা ইয়াক তহঁতৰ লগত থকা বন্ধ’ এইবুলি ক’লে কিমান ডাঙৰ অসুবিধা হ’ব, সেই কথাটো তাক আমাতকৈ সৰু মইনায়ে সুন্দৰকৈ বুজাই দিলে। আৰু সেইদৰেই বিহুৰ কেইদিনা সিহঁত দুটাক মকামিলা কৰাত আমি বেয়াকৈ ব্যৰ্থ হ’লোঁ।
বিহু শেষ। এতিয়া কেৱল লগে ভাগে এসাঁজ খোৱাৰ কথা। কিন্তু ইহঁত দুটাক এৰি পিকনিক উপভোগ কৰো কেনেকৈ? মাজতে ভাবো বনশ্ৰীয়ে ভবা কথাটোৱেই ঠিকেই আছিল নেকি? অমিয়ই তাৰ প্লেনটোৰ কথা কৈ থাকোতে তাই সিহঁত দুটাৰ কাজিয়াৰ কথা গম পাইছিল। তাই আকৌ ধনজিৎহঁতৰ ঘৰৰ ওচৰৰ। কিন্তু কাজিয়া লগাৰ কথাটো অকল সেইদিনা খেলিবলৈ যোৱাকেইটাইহে জানে। আৰু তাতে সেইবোৰ কথা ছোৱালীৰ আগত ক’লেতো সৰ্বনাশ। ছোৱালীমখাৰ ভিতৰত সুলেখা এনেকুৱা যে, কেনেবাকৈ যদি তাই এই বিষয়ে গম পায়, তেন্তে বিশেষ একো নকৰাকৈ প্ৰথমে সবকে জনাব আৰু তাৰপাছত তাইৰ যেন সিহঁতৰ কাজিয়া দেখি ঈৰ্ষাহে লাগিছে, তেনেকুৱা কৰি দুয়োঘৰতে লগাই দিবগৈ। তেতিয়া আমি ক্লাছ এইট নে কেতিয়া, দেৱজিতে মোহনৰ বেটখনেৰে শ্বট মাৰোতে নালটো এৰি গ’ল, মোহনে সেয়া নিজেই ঠিক কৰি ল’ম বুলি কলে। গ’ল কথা গুচিল। কিন্তু পথাৰত চৰি থকা ছাগলী পোৱালীজনী নিবলৈ আহি গোটেই ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী হৈ আছিল সুলেখা। গতিকে কথাটো দুয়োঘৰৰে কাণত পৰিল। দেৱজিতৰ দেউতাক আহিল বেটৰ পইচা দিবলৈ, কিন্তু মোহনৰ দেউতাকে নলয়হে নলয়। অৱশেষত দেৱজিতে এপাট নতুন বেট দেউতাকৰ নিৰ্দেশত কিনি আনি মোহনক উপহাৰ দিওঁতেহে শান্তি হ’ল। দুয়োঘৰ মানুহ ভাল আছিল বুলিহে। নহ’লে যে হিতে বিপৰীত হোৱা হ’লে আমাৰ খেলাই মুদা মৰিলেহেতেন।
সেইদিনাৰ পৰা আমি এই সম্পৰ্কে সচেতন। কিন্তু বনশ্ৰীয়ে যে কেনেকৈ গম পাই গ’ল। অৱশ্যে তাই সুলেখাৰ নিচিনা নহয়। তাই ওলোটাই আমাক সমিধান এটাহে দিলে। সেই অনুসৰি তাই ধনজিতৰ বায়েকক কথাটো ক’ব আৰু বায়েকে ধনিজতক বাপেক-মাকক কৈ দিম বুলি ভয় খুৱাই তাক মনজিতক মাতিবলো বাধ্য কৰাব। কিন্ত ৰাণাৰ মতে ধনজিতে সেইবোৰ ভয় খুওৱাৰ নিচিনা ল’ৰা ধেমালি কাৰবাৰবোৰ ভয় নকৰে। ৰাণাৰ কথাৰ পাছত ক’ত আৰু আমি আগবাঢ়িম। তাৰপাছত বনশ্ৰীক তিনিশপত, বিদ্যা সৰস্বতী খুৱাই মেলি কথাটো তল পেলোৱা হ’ল। আৰু এতিয়া ভাবি আছোঁ সেইটো কৰা হ’লে কিবা অলপটো হ’লহেতেন ছাগৈ।
ইফালে পিকনিকলৈ দুদিন বাকী আৰু আমি এনেকে দুটা ইমান ভাল লগৰ ল’ৰাৰ কাজিয়া চাই খাবলৈও মন নাই। অমিয়ইতো কৈয়ে দিছে লাগিলে সিহঁতে কাজিয়া লাগি পিকনিক মিছ কৰক, আমাৰ ইমান কি গৰজ পৰিছে লোকৰ কাজিয়াত সোমাই মাথা নষ্ট কৰিবলৈ।
“ৰচোন ৰহ। যিমান হ’লেও সিহঁত আমাৰ শৈশৱৰ বন্ধু আৰু বিহু সিহঁতে নমৰাকৈ থকা নাইতো। সাধাৰণ কথা এটাতে কাজিয়া লাগি ইমান দিনলৈ, চাচোন আজি এসপ্তাহৰ ওপৰ হ’ল, মাতবোল নাই। এয়া জানো ভাল কথা? পিকনিক খায়েই কি ভাল লাগিব কচোন?”
“তেন্তে আমি বনশ্ৰীৰ সহায় লোৱাই ভাল আছিল”- ৰাণাৰ কথাত মই প্ৰত্যুত্তৰ দিলোঁ।
‘ৰহ চিন্তা কৰোঁচোন’ ৰাণাই আলিটোত বহি ল’লে। আমিকেইটাৰ খেলিবলৈ ষ্টাম্প, বেট লৈ আগবাঢ়িলোঁ। আমি কথা পতা জেগাৰ পৰা ক্ৰিকেট পিটছখনলৈ কিছু দূৰ। মাজভাগ পাই পিটচৰ দুয়োফালে জোখত ভাঙি অনা জেওৰা খৰিকেইডাল পুতি শেষ কৰিছোহে, ৰাণাৰ বিকট চিঞৰ, “পাই গলোঁ”।
সি দৌৰি আহি আমাৰ ওচৰ পালেহি। “মজা আইডিয়া এটা পালোঁ বুজিছ”।
“কি কি?”
“ৰ কম। প্ৰথমে ক’, তহঁতে কি খেলিবি এতিয়া?”
“উইকেট, বেট বল আনিছো যেতিয়া লুকাভাকু খেলিম”—অমিয়ৰ কথাত ইতিকিঙৰ সুৰ।
“ভালকৈ ক, তাতে মোৰ প্লেনটো সোমাই আছে” অমিয়ই বেলেগদিনা এনেকৈ ইতিকিং কৰা হ’লে ৰাণাই কিবা এটা প্ৰত্যুত্তৰটো নিশ্চয় দিলে হেতেন। কিন্তু আজি সি সেইবোৰ মন কৰা নাই। আমাক ছাছপেঞ্চত ৰাখিবলৈ বিচাৰিছে।
‘ক্ৰিকেট আকৌ’ মইনাই উত্তৰ দিলে।
“অ সেইটোৱেই মোৰ প্লেন। সিহঁতক মাতবোল কৰাৰ একমাত্ৰ মাধ্যম হৈছে ক্ৰিকেট”
“প্ৰসংগ সংগতি লগাই ব্যাখ্যা কৰচোন” মই মুখ খুলিলোঁ। সিহঁতৰ কাজিয়াই হৈছিল ক্ৰিকেট খেলি আৰু এতিয়া ৰাণাই ক্ৰিকেটৰ জৰিয়তে সিহঁতৰ কাজিয়া ভাঙে! আমনিয়েই লাগিছিলে ভালকে খুলি নোকোৱাৰ কাৰণে, হ’ল বুলি আৰু ইমান ছাছপেঞ্চ অসহ্য।
“চা কাইলৈ আমি আমাৰ লগৰ দেৱাশিষহঁতৰ গাঁৱৰ টীমটোৰ লগত এখন ক্ৰিকেট খেলো পাতো। ক্ৰিকেট খেল বুলি কলেতো এটাইও নেখেলোঁ বুলি নকয়, বিহুতহে সেইবোৰ বেছি কৰি দেখুৱাইছিল। গতিকে, আমাৰ এটা কাম হ’ব আমি অনবৰতে ধনজিতৰ আগত মনজিতে ভাল বলিং কৰিছে দেই, ভাল বলাৰ আৰু মনজিতৰ আগত ধনজিতৰ বেটিং আৰু তহঁত দুটাৰ কাৰণেই আমি জিকিম, এনেকুৱা কথাবোৰ শুনাই থাকিম----”
“সেইটোতকৈ আৰু এটা ভাল আইডিয়া হ’ব সিহঁত দুটাক একেলগে বেটিং কৰিবলৈ পঠিয়াই দিয়াতো। ধৰি ল’ দুয়োটাকে যদি অপেনাৰ পঠিয়াই দিওঁ?” প্লেনটো অলপ ভাল লাগিছিলে কাৰণে ময়ো মোৰ ভোটা মগজুত ওলোৱা বুদ্ধি এটাকে কৈ চালোঁ। অৱশেষত সেইটোকে শেষ চেষ্টা বুলি ভাবি লৈ যি হয় দেখা যাব বুলি সেইদিনাৰ খেল বাদ দি গধূলি নহওঁতেই দেৱাশিষৰ ঘৰলৈ গৈ সবিশেষ বৰ্ণাই থৈ আহিলোগৈ।
পিছদিনা আবেলি ৰাণা আমাৰ ঘৰ পালেগৈ। কাৰণ, দেৱাশিষহঁতে আমাৰ ঘৰলৈ আহি একেলগে ফিল্ডলৈ যোৱাৰ কথা। দেৱাশিষ আমাৰ লগৰ আৰু পঢ়াত যথেষ্ট ভাল। একেলগে ফিল্ডলৈ গৈ থাকোঁতে তাক আমাৰ আঁচনিৰ কথা ক’ব পাৰিম, সেইটোহে আচলতে আমাৰ মুখ্য উদ্দেশ্য আছিল।
যি নহওঁক, আমি ফিল্ড পাওঁগৈ মানে বাকী সকলোখিনি আহি পাইছিলহি আৰু সময় অপব্যয় নকৰি খেলা আৰু আমাৰ প্লেন কাৰ্যকৰী কৰা দুয়োটা কামৰ বাবে তৎপৰ হৈ পৰিলোঁ। টছত হাৰিলোঁ, গতিকে ফিল্ডিং কৰিবলগীয়া হ’ল। ধনজিতে মোৰ যোগেদি মনজিতলৈ প্ৰথম অভাৰ বলিং কৰিবলৈ বলটো দি পঠালে। মনজিতে পিছে সঁচায়ে ভাল বলিং কৰে। অন্ততঃ আমি ধনজিতক শুনাবলৈ বুলি নহয়, সঁচায়ে ‘খুব ভাল বলিং’, ‘গুড বলিং’ স্বতঃস্ফূৰ্তভাৱে মুখৰ পৰা ওলাই আহিল। এপাকত ধনজিতে নিজেই চিঞৰি উঠিল, ‘বঢ়িয়া, চেইম বল’।
তাৰপাছত এক প্ৰত্যাহবান সন্মুখত লৈ ধনজিৎ আৰু দেৱজিৎ প্ৰথমে বেটিঙৰ বাবে গ’ল। ৰাণা আৰু মই ফিল্ডিঙৰ সময়ছোৱাত ঘটা সমগ্ৰ ঘটনাৱলী বিশ্লেষণ কৰাত লাগিলোঁ। ৰাণাৰ মতে ধনজিতৰ মন ঘূৰিছে অলপ, সি অলপ সদয় হৈছে। এতিয়া কেনেবাকৈ হ’লেও দু্য়োটাই বেটিঙৰ বাবে একেলগে সুবিধা পালে, কথা সম্পূৰ্ণ সিজিব।
ইতিমধ্যে, দেৱাশিষহঁতৰ নিয়ন্ত্ৰিত বলিঙত আমাৰ দলৰ বেটিং লাইন আপ খহি পৰিবলৈ ধৰোতেই মোৰ ঠাইত মই মনজিতকে পঠালোঁ। কাৰণ, ক্ৰীজত এতিয়াও ধনজিৎ আছে। মোৰ এই ‘সাহসী’ সিদ্ধান্তৰ বাবে ৰাণাহঁত সকলোৱে চাব্বাছ দিলে আৰু এইটোৱেই আমাৰ আঁচনি সফল হোৱাৰ একমাত্ৰ তথা অন্তিম চেষ্টাৰূপে বিবেচিত হ’ল।
কিন্তু সি যোৱাৰ পাছত মইনাৰ এষাৰ কথাই আমাক পুনৰ ভয় খুৱালে, “যদি ভুল বুজাবুজি হৈ ৰাণ আউট হৈ যায়? তেতিয়া?” কিন্তু ৰাণাৰ ভয় নাই। সি আমাক মাত্ৰ খেলখন নিৰ্ভয়ে উপভোগ কৰিবলৈ ক’লে। সঁচাকৈয়ে ভগৱানে আমাৰ প্ৰাৰ্থনা শুনিলে। সিহঁতে খেলাত অকণো ভুল নকৰিলে। কিন্তু, দুয়োটাই পৰস্পৰে মুখ ফুটাই অকণো মাতবোল নকৰেহে নকৰে। অৱশেষত, খেলখন এনে এক পৰ্যায়ত উপনীত হ’লহি যে আমাক জিকিবলৈ দুটা বলত দুই ৰাণৰ প্ৰয়োজন। ৫ম বলটো মনজিতে বেটত লগাবলৈকে নোৱাৰিলে। গতিকে, শেষ বলত আমাক যেনেতেনে দুই ৰাণ লাগেই। আমি গোটেইবোৰ বহাৰ পৰা উঠি ল’লোঁ। মনজিৎ কিন্তু নিৰ্বিকাৰ। সি আনকি ধনজিতক স্পীডত দৌৰিবি বুলি কবলৈকো নাহিলে। আমি প্ৰাৰ্থনা কৰিছোঁ যাতে অথনিৰে পৰা ক্ৰীজত একেলগে ইমান সময় থাকিও মাতবোল নকৰা ল’ৰা দুটাই এতিয়া এই অন্তিম মূহুৰ্তত অন্ততঃ এষাৰ কথা পাতিলেই সিহঁতৰ নমতা নমতি দুৱাৰখনো খোল খাব আৰু আমি খেলখন হাৰিলেও আমাৰ আঁচনি সফল হ’ব। কিন্তু কি হ’ল, দেৱাশিষে শেষ বল দিবলৈ বুলি নিজৰ স্থান ল’লে, সিহঁত দুয়োটা যেন একো হোৱাই নাই, তেনেকুৱা কিয় কৰিছে? খেলত হাৰিম বুলি সিহঁতৰ অকণো ভয় নাই? তেনেতে সকলোকে আচৰিত কৰি তুলি ধনজিতেই মনজিতৰ ওচৰ পালেগৈ আৰু ফুচফুচাই কিবা কলেগৈ। লগে লগে ৰাণা উৰুলীকৃত হৈ উঠিল। আমি ফিল্ডৰ বাহিৰত থকা গোটেইকেইটাই আমাৰ প্লেন সফল হোৱাৰ আনন্দ কৰিবলৈ ল’লোঁ। মুঠতে আমি আমাৰ নিজৰ খেলত জিকিলোঁ। এইবোৰৰ মাজতে দেৱাশিষে শেষৰ বলটো মাৰি পঠালে আৰু ধনজিতে মনজিতে কষ্টেৰে দুই ৰাণ সংগ্ৰহ কৰি আমাৰ আনন্দোৎসৱত সুৱগা চৰালে। জিকাৰ আনন্দত ৰাণ লৈ শেষ কৰাৰ পাছত ধনজিতে মনজিতক সাৱটি ধৰিলে। গোটেইগালে সিহঁত দুটাক আগুৰি ধৰিলে। ৰাণাৰ কাণত ছেগ বুজি মই ফুচফুচাই কলোঁ, ‘দেখিলি ক্ৰিকেটৰ মাহাত্ম্য’।
পাছদিনাৰ পিকনিকটো আছিল আমাৰ বাবে সবাতোকৈ আনন্দদায়ক আৰু সুন্দৰতম। বনভোজৰ আনন্দ, লগৰ ল’ৰা দুটাৰ কাজিয়া ভঙাৰ আনন্দ, ক্ৰিকেটত জিকাৰ আনন্দ এই সকলোবোৰ মিলি বিহুৰ আনন্দ দুগুণে বঢ়াই তুলিলে।
দেৱাশিষ প্ৰকৃততে কৃতজ্ঞতাৰ পাত্ৰ। খেলাৰ আগেয়ে ৰাণাই কোৱা কথাবোৰ সি সঁচায়ে বুজি পাইছিল আৰু মেচ ফিক্সিং কৰাৰ দৰে সি শেষ বলটো উজুকৈ মাৰি আমাক বিজয়ৰ সোৱাদ দিয়াৰ লগতে সিহঁতৰ মাতবোল কৰোৱাত আমাৰ প্লেনটো সমাধা কৰিছিল। গতিকে, তাৰ পুৰষ্কাৰ ---?
সি আৰু তাৰ ক্ৰিকেট টীমটো আমাৰ লগত বনভোজ খাই আছে।
Photo Source: Internet(https://blog.playo.co/10-gully-cricket-rules-that-most-of-us-played-with-during-our-childhood/)