বিপ্লৱৰ বতাহ আমাৰ দৰে কলেজৰ ছাত্ৰৰ গাটো
লাগিছিল। আমাৰ নিজৰ কম্পিউটাৰবোৰত লিপ অফিছ নামৰ অসমীয়া লিখিব পৰা সঁজুলিটোৰ
ঠাইত অভ্ৰৰ আগমণ ঘটিছিল আৰু স্বাভাৱিকতে ফেচবুকত অসমীয়া লিখিব পাৰি উৎফুল্লিত হৈ
পৰিছিলোঁ। লাহে লাহে সাহিত্য ডট অৰ্গ, অসমীয়াত কথা বতৰাৰ সংশ্পৰ্শলৈ আহি যেন আমাৰ সন্মুখত এক ন
দুৱাৰ খোল খাই গ'ল। ইণ্টাৰনেটৰ সুবাদত
আমি বিভিন্নজনৰ মনৰ ভাৱ জানিব পৰা হলো-তাকো আমাৰ নিজ মাতৃভাষাত। অসমীয়া
ই-আলোচনী,
অসমীয়া ব্লগসমূহৰ যোগেদি অন্য এক ধাৰাৰ জন্ম হ'ল। প্ৰকৃততে এয়া সকলোৰে
কাৰণেই আনন্দৰ কথা।
আখৰ ঠিক তেনে এক চেষ্টা মাথোঁ- কেইজনমান কলেজীয়া
ছাত্ৰই আজৰি সময়ত কৰা কাম অথবা ইণ্টাৰনেটত অসমীয়া ভাষাৰ প্ৰসাৰত হাত উজান দিয়া বা
সাহিত্য চৰ্চ্চা কৰা- এনেধৰণৰ কেইবাটাও কাৰণৰ সমষ্টি বুলিলেও
ভুল নহ'ব। ইয়াৰ আঁৰত নিসন্দেহে সাহিত্য ডট অৰ্গ আৰু
এনাজৰী ডট কম-ৰ আৰ্হি তথা অনুপ্ৰেৰণাই সৰ্বাধিক। ব্যক্তিগতভাৱে এই
কামৰ জৰিয়তে আমাৰ আজৰি সময়ৰ সুব্যৱহাৰ তথা নতুন বিভিন্নধৰণৰ নজনা কথা আৰু ধাৰণা
জনাৰ এক মঞ্চৰূপে তৈয়াৰ কৰি তোলাই হৈছে আমাৰ উদ্দেশ্য। "আখৰ প্ৰকল্প" হৈছে আমাৰ আন এক লক্ষ্য যাৰ জৰিয়তে আমি অসমীয়া সাহিত্যৰ "ই-জোনাকী যুগ"লৈ কিছু
অৱদান আগবঢ়াব পাৰোঁ, কিঞ্চিত পৰিমাণে হলেও।
লক্ষ্য সৰু অথচ উলাই কৰিব পৰাবিধৰো নহয়। আনহাতে কামৰ ধাৰাবাহিকতা
ৰক্ষা কৰিবলৈ পৰাটোহে আচল কথা। তাতে আমাৰ নিজৰ নিজৰ পঢ়া কাম, কেৰিয়াৰ ইত্যাদি আছেই। তাৰ মাজেৰেই আমি আখৰক
জীয়াই ৰাখিব পাৰিম বুলি বিশ্বাস ৰাখিছোঁ। সকলোৱে যেতিয়া আদৰি লব, সেয়া হ'ব আমাৰ বাবে আশীৰ্বাদস্বৰূপ। ভুল হোৱাটো
স্বাভাৱিক যদিও আমি যিমান পাৰোঁ ত্ৰুটিপূৰ্ণ কৰিবলৈ চেষ্টা কৰিম-সেয়া "ভূল"
বুলি লিখাধৰণৰ ভুলেই হওক বা "সি মোলৈ ৰখি
আছিল" ধৰণৰ ভুললৈকে। ভুল আঙুলিয়াই দিয়া
তথা সমালোচনাৰ বাবে আমি সদাপ্ৰস্তুত,কিয়নো "If you are not getting criticized at all, probably
you are doing nothing."
কিমধিকমিতি!