Photo Source: https://images.fineartamerica.com |
“অৱস্থা ভাল নোহোৱাৰ দৰেই হৈছে। শুই উঠিলোঁ ৫-৩০ বজাত। ৯-৩০ বজাত স্কুল।
বিশেষ নাই। বন্দনা গাবলগীয়া হ’ল।
ক্লাছ নহ’লেই। খেলা হৈছে। ২-৩০ বজাত ঘৰ। ভাত খায়েই শুবলগীয়াত পৰিলোঁ। কিয়নো
জ্বৰ। জ্বৰৰ বিহুৰ ঢোলৰ কোবৰ মোৰ মূৰটোত টিং টিং কৈ মাৰিছে”।
“লিখিব নোৱাৰো আৰু মই” নিজকে ক’লোঁ। জ্বৰে ভালদৰেই বিহু দেখুৱাই অৱশেষত
গলগৈ। হয়তু জ্বৰৰ বাবে ব’হাগ গ’ল।
ভয় লাগিল। প্ৰকাণ্ড ঘৰটোত মই অকলে। ভুল হ’ব অকলে বুলি ক’লে। কিয়নো বস্তুবোৰতো
আছে।
ভয়তে, মুখৰ পৰা ওলাই আহিল, “ঘৰত কোনো নাই”।
কথাষাৰ কৈ ৰ’লোঁ অলপ সময়। মানে?
ভয়ৰ মাজতো হাঁহি উঠিলে। তথাপি শুকান হাঁহি দমাবলৈ সময়নো লাগে কিমান। গতিকে
হাঁহি বন্ধ কৰি আগবাঢ়িলোঁ।
“ধেৎ ইমান ভয় খালোঁ। তই মাতিবতো পাৰ”
মই ক’লো মোৰ লগৰ বন্ধুক।
কিন্তু ই কি। দেখিবলে দেখোন মোৰ
দৰে একে এটা ল’ৰা। হঠাৎ ল' ৰাটো নাইকিয়া হৈ গ’ল। মোৰ কি হ’ল, মই কাক দেখিলোঁ তেন্তে।
“মৰিলোঁ” বুলি কোৱাৰ পাছত মোৰ একো নাই মনত।
‘অই উঠ। দেখা নাই বাজিল কেইটা” টোপনিৰ জালতে বাক সুধিলোঁ কেইটা বাজিল,”৮-১০”
চমুকৈ উত্তৰ দিলে বাই।
জাপ মাৰি উঠি বহিলোঁ। সঁচাকৈ ই সপোন আছিলতো? আইনালৈ চালোঁ। সপোন সঁচা নেকি!
হঠাৎ দূৰত বিহুৰ মাত শুনিলোঁ। কাৰ ঢোলৰ মাত?
জ্বৰৰ নেকি??
-------------------------------------------------------------------------------------------------------------------------