সেইদিনা বন্দনাসভাৰ ঠিক শেষৰ ফাললৈ তেওঁ স্কুল আহি সোমালহি। ঘৰুৱাভাৱে চিনাকি এটা থাকিলেও চাইকেলখন লৈ তেওঁক সোমাই অহা দেখিলে এনেই কিবা এটা সন্ত্ৰষ্ট্ৰ হৈয়ে পৰিছিলোঁ। আমি তৃতীয় শ্ৰেণী মানত থাকোঁতেই (যিমানদূৰ মনত পৰে) তেওঁ স্কুলৰ সক্ৰিয় দায়িত্বৰ পৰা অব্যাহতি লৈছিল আৰু তাৰপাছত কেৱল ভূগোল পঢ়ুৱাবলৈ মাজে-মধ্যে চাইকেলখন লৈ ওলাইছিলহি। বাকী শিক্ষকৰ শ্ৰেণীসমূহত যদিও কেতিয়াবা খেলিমেলি কৰিছিলোঁ, ভূগোলৰ শ্ৰেণীত কিন্তু আমি আমাৰ সৰ্বোচ্চ মনোযোগ দিবলগীয়া হৈছিল। শ্ৰেণীলৈ আহোঁতে তেওঁ সদায় হাতত গ্ল’বটো, স্কেল এপাত বা এচাৰি এডাল লৈ আহিছিল (তেনেকুৱা এচাৰি এডাল বাৰু খেলিমেলি কৰাকেইটাক চিধা কৰিবলৈ প্ৰায়ে লৈ ফুৰিছিল)। তেওঁৰ সেই কাঢ়া শাসনৰ ৰূপটো দেখি সৰুতে ভাবিছিলোঁ তেওঁৰ ঘৰত তেনেকুৱাই এগালমান গ্ল’বেৰে ভৰ্তি হৈ আছে আৰু ঘৰতো ছাগৈ এনেকেই কাঢ়া ৰূপত থাকে। তেনেকুৱা ঠিক সেই সৰুকালৰে কোনোবা এদিন বলাই ঘাটৰ ফালে বা (নিচাদেউৰ ছোৱালী)-ৰ লগত ওলাই গৈছোঁ, আৰু যিহেতু সেইফালে মই গৈ পোৱা নাই, প্ৰথমবাৰৰ বাবে যাম আৰু ফুৰিবলৈ যাম; সেইবাবে বাই মোক তাইৰ হাতঘড়ীটোও পিন্ধিবলৈ দিছে। ময়ো একদম হাতঘড়ী, জোতা- মোজা পিন্ধি তমস্কাৰ হৈ ওলাইছোঁ, আৰু অলপ দূৰ গৈয়ে দেখিছোঁ সন্মুখত দেখোন তেওঁ। চুৰীয়া নে লুঙীৰ দৰে এখন আঁঠুলৈকে কোঁচাই পিন্ধি আছিল, ওপৰত ঘন ঘন দীঘলীয়া সৰলৰেখা থকা বেঙুনীয়া ৰঙৰ ছাৰ্ট। হাতত এছাৰিডাল আছে বাৰু, কিন্তু সন্মুখত এপাল গৰুহে। দেখা পাই মই মোৰ ঘড়ী পিন্ধা হাতখন লগালগ পিছফাললৈ কৰি দিলোঁ যাতে তেওঁ দেখা নাপায় মই যে ইমান ‘ধুন পেছ’ মাৰি আহিছোঁ। কিন্তু মোক দেখা পাই তেওঁ মোক মৰমেৰে মাতষাৰ দিলে, বাৰ লগতো কথা পাতিলে। অলপ পাছত তেওঁ গৰুখিনি লৈ গৈ ঘৰ সোমালগৈ আৰু ময়ো তেওঁলোকৰ ঘৰটো প্ৰথমবাৰৰ বাবে চিনি পালোঁ। তাৰপাছৰ পৰা অৱশ্যে তেওঁৰ সেই ঘৰুৱা ৰূপটো প্ৰায়ে দেখিবলৈ পাইছিলোঁ। কেতিয়াবা তেওঁ আমাৰ ঘৰলৈ আহিছিল আৰু দেউতাৰ লগত আগফালৰ বাৰান্দাতে বহি কথা পাতিছিল। গোটেই সময়খিনি মই সন্তৰ্পণে ৰৈ ভিতৰৰ পৰা শুনি থাকিছিলোঁ দেউতাৰ লগত আচলতে তেওঁ পাতিছে কি? তেওঁ অহাৰ উপৰিও মা-দেউতাও প্ৰায়ে তেওঁৰ ওচৰলৈ গৈছিল। লাহে লাহে গম পালোঁ তেওঁৰ ভূগোল পঢ়ুৱা কাঢ়া শিক্ষকজনে মেগামিক্স প্ৰকৃতি সংঘৰ কামখিনিৰো গুৰি ধৰে, জ্যোতি নাটঘৰৰ নাটকৰ কামতো দিহা-পৰামৰ্শ দিয়ে। লাহে লাহে স্থানীয় আলোচনীবোৰত তেওঁৰ লেখনিবোৰ পঢ়িবলৈ পালোঁ। কোনো আলোচনীত তেওঁৰ লেখা পালেই পঢ়িছিলোঁ, ঢকুৱাখনাৰ ভূগোল সম্বন্ধীয় লেখাবোৰৰ বাদেও ব্যক্তিগত অভিজ্ঞতামূলক বা পুৰণি কথাৰে ভৰা লেখনিবোৰ পঢ়ি খুব আমোদ পাইছিলোঁ। শ্ৰেণীত তেওঁ প্ৰায়ে ভূগোলৰ কঠিন ধাৰণা এটা বুজোৱাৰ পাছত ধেমেলীয়া কথা এটা কৈ পৰিস্থিতিটো অলপ পাতলাই সময়খিনি সহজ কৰি তুলিছিল। এইধৰণৰ লেখনিবোৰো ঠিক তেনেকুৱা ৰসেৰে ভৰা আছিল। এবাৰ বিধানসভাৰ নিৰ্বাচনৰ আগে আগে তেওঁ এটা লেখনি লিখিলে। লেখনি লিখি উঠাৰ পাছত তেওঁৰ অনুভৱ হ’ল লগতে যদি তেওঁ মনেৰে ভবাধৰণৰ ছবি এখন লগতে দিব পৰা যায়, তেতিয়া ক’ব খোজা কথাখিনি আৰু ফটফটীয়া হ’ব। মই ছবি অঁকাত ইমান ভালো নাছিলোঁ, বেয়াও নাছিলোঁ। লেখনিটো পঢ়িবলৈ দি তেওঁ মোক তেওঁৰ পৰিকল্পনাটো ক’লে - বাঘ এটা থাকিব, কিন্তু তাক চাৰিওফালৰ পৰা ঘেৰাও কৰি থাকিব মানুহে, আৰু সি যে এতিয়া অসহায়, সেইটো ফুটি উঠিব লাগিব। মই তেওঁৰ একান্ত বাধ্য ছাত্ৰ, গতিকে তেওঁ কোৱা অনুসৰি ছবিখন আঁকিবলৈ বিৰাট চেষ্টা কৰিছিলোঁ। কিন্তু মোৰ হাতখন পৰীক্ষাত অহা প্ৰাকৃতিক দৃশ্য, হাঁহ এটা, খৰাহি-ভৰ্তি ফল-মূলৰ ছবি- ইত্যাদিতে সীমাবদ্ধ আছিল। গতিকে মই অঁকা ছবিখন তেওঁৰ কল্পনানুসৰি হৈ উঠা নাছিল। তেওঁ নিজেও সেইবাবে মই প্ৰস্তুত কৰি অনা ছবিখনতে দুডাল-এডাল আঁক মাৰি চাইছিল। অৱশ্যে পিছলৈ ছবিখন বৰ মনঃপুত নহ’ল আৰু তেওঁৰ লেখনিটোৱে মাত্ৰ প্ৰকাশ পালে।
যি নহওক, ৰাতিপুৱাৰ প্ৰাৰ্থনাসভাৰ সময়খিনিত নিয়মীয়াকৈ তেওঁ বহুতদিন অহা নাছিল, গতিকে সেইদিনা সেইটো সময়তে অহাৰ বাবে মোৰ মনতো অলপ চোবাইছিল। প্ৰবোধ দিলোঁ যে নহয়, কাৰোবাৰ প্ৰথমটো পিৰিয়ডতে ভূগোল আছে, গতিকে পঢ়ুৱাবলৈহে সময়মতে আহিছে। গহীন খোজেৰে তেওঁ প্ৰাৰ্থনাস্থলীত প্ৰৱেশ কৰিলে। মই সেই সময়ত ছাত্ৰ-ভাৰতীৰ অধ্যক্ষৰ দায়িত্বত আছিলোঁ, গতিকে প্ৰাৰ্থনাৰ অন্তত সকলোকে নিজ শ্ৰেণীলৈ যাবৰ বাবে মাইক্ৰফ’নত ঘোষণা দিয়া ইত্যাদি কামৰ বাবে ঠিক সেইখিনিতে বহিবলগীয়া হৈছিল। তেওঁ আহিয়ে মোক দেখা পালে, আৰু মই তেওঁৰ মুখৰ ভাৱ-ভংগীমা দেখি লগালগ বুজি পালোঁ তেওঁ কি কাৰণত আজি স্কুললৈ আহিছে। তেওঁ আহিয়ে বনমালী আচাৰ্যক ক’লে, মোৰ কিবা এটা ঘোষণা কৰিবলগীয়া আছে। ল’ৰা-ছোৱালীবোৰক যাবলৈ নিদিবা। আচাৰ্যই তেওঁলৈ মাইক্ৰ’ফোনটো আগুৱাই দিলে। চিৰাচৰিত স্বৰত তেওঁ আৰম্ভ কৰিলে, ‘আমাৰ নিকেতনৰ ছাত্ৰসকলৰ শেহতীয়া আচাৰ-আচৰণবোৰ কিছু বেয়া হৈছে বুলি আমি খবৰ পাইছোঁ। সেইবাবে ৰাতিপুৱাৰ কাম-বনবোৰ এৰি থৈ সকলোকে ইয়াতে লগ পাম বুলিয়ে খৰধৰকৈ মই ওলাই আহিছোঁ। এনেকুৱা খবৰবোৰ আমি পাব নিবিচাৰোঁ আৰু ছাত্ৰৰ এনেকুৱা আচৰণ আমাৰ বাবে খুব দুখজনক কথা। তেওঁলোকৰ সৰুকালৰ যি অমায়িক স্বভাৱ, আচাৰ- আচৰণ, এইবোৰ এতিয়াও যদি ধৰি ৰাখে তেতিয়াহে নিজৰ লগতে আমাৰ নিকেতনৰো মান থাকিব। আশাকৰোঁ এই কথাটো যাতে সকলোৱে গুৰুত্ব সহকাৰে লয়..’
ঠিক আখৰে আখৰে তেওঁ কোৱা কথাখিনি মোৰ মনত নাই, কিন্তু মই বুজি পাইছিলোঁ আগদিনাৰ ঘটনাটোৰ বাবে তেওঁ কিমান দুখ পাই তেনেদৰে আহিবলগীয়া হৈছে। আগদিনা চাইকেলখন লৈ মই আবেলি ঘৰৰ পৰা ওলাইছোহে মাত্ৰ, একেলগতে যাবলগীয়া লগৰ ইহঁতকেইটামানো সেই সময়তে নিজৰ নিজৰ চাইকেলবোৰ লৈ ওলাইছিলহি। অৱশ্যে সিহঁতকেইটা মোৰ আবেলিৰ খেলাৰ লগৰহে আছিল, আমাৰ নিকেতনৰ ছাত্ৰ নাছিল। অষ্টম-নৱম শ্ৰেণীৰ কথা, চাইকেল লৈ ৰাস্তাৰ মাজেৰে গান গাই, সুহুৰি বজাই আৰু ইটোৱে সিটোক জোকাই মেলি ৰাস্তাটো নিজৰহে যেন এনে কৰি গৈ আছিলোঁ। তেনেতে মোৰ পিছে পিছে আহি থকা বন্ধু এজনে মোক উদ্দেশ্যি কিবা এটা ক’লে, ময়ো এক মুহুৰ্তও অপব্যয় নকৰি তাকো উদ্দেশ্য কৰি যথেষ্ট ডাঙৰকৈয়ে চিঞৰিলোঁ। ঠিক সেই সময়তে তেওঁ যে নিজৰ চাইকেলখন লৈ বিপৰীত দিশৰ পৰা আহি আছিল, মই গমেই পোৱা নাছিলোঁ। মই মোৰ বন্ধুজনক উদ্দেশ্যি কটু চিঞৰ এটা মাৰি কিবা এটা ক’লোঁ, তাৰপাছতহে দেখা পালোঁ তেওঁ ইতিমধ্যে মোক পাৰ কৰি গৈছেই। বুজিলোঁ যে মই যি ক’লোঁ সেয়া প্ৰধানাচাৰ্যই শুনাৰ লগতে গোটেই সময়খিনিত মই যে তেওঁৰ উপস্থিতিক অগ্ৰাহ্য কৰিলোঁ- কথাটো ঠিক তেনেকুৱাই হ’ল। বুকু কঁপি উঠিল, বাৰে বাৰে নিজকে ক’লোঁ যে নাই-নাই, তেওঁ শুনা নাই, কিন্তু অলপো আশ্বস্ত হ’ব নোৱাৰিলোঁ।
পাছদিনা যেতিয়া তেওঁ আহি প্ৰাৰ্থনা সভাত মনৰ উষ্মা প্ৰকাশ কৰিলে, আচলতে খং উঠাতকৈ যে বেছি দুখহে পাইছিল, সেয়া বুজি পাবলৈ বেছি সময় নালাগিল। কথাৰ আৰম্ভণি কৰোঁতে মই ভাবিছিলোঁ হয়তু তেওঁ মোৰ নামটো সকলোৰে সন্মুখত কৈ কি কুকাৰ্য কৰিলোঁ বহলাই সকলোৰে আগত দৃষ্টান্তমূলক শাস্তি দিব, যাতে বেলেগ কোনোৱে তেনে কৰিবলৈ পাছলৈ সাহস নকৰে। কিন্তু তেওঁৰ কথাখিনি শেষ হোৱাৰ পাছত তেওঁৰ মুখত খঙতকৈ বেছি ছাত্ৰৰ কুকাৰ্যত হতাশ হোৱাৰ ৰূপটো ফুটি উঠা দেখি বাৰে বাৰে অনুশোচনাত পীড়িত হ’বলৈ ধৰিলোঁ। এনে লাগিল তেওঁ চিধাচিধিকৈ আহি মোক উধাই-মুধাই কোবাই দিয়া হ’লেই ছাগৈ ভাল আছিল।
কিছুদিনৰ পাছত মই ৰাতিপুৱাৰ টিউচনৰ পৰা বাহিৰে বাহিৰে তেওঁলোকৰ ঘৰৰ ভিতৰলৈ সোমাই চিধা তেওঁৰ কোঠালি পালোগৈ, তেওঁ প্ৰাণায়ম কৰি আছিল। মই উশাহ নুঘুৰোৱাকৈ মোৰ মনলৈ অহা গোটেই কথাবোৰ এফালৰ পৰা ব্যাখ্যা কৰি গ’লোঁ। অকণো লুকঢাক নকৰাকৈ মই কোৱা গোটেই কথাবোৰ শুনি শেষত তেওঁ মাত্ৰ মিচিকিয়াই হাঁহিলে আৰু ক’লে, লগৰ ল’ৰাৰ লগত এইবোৰ দেখোন হয়েই? মইতো তোমাক অকণো বেয়া পোৱা নাই - তাৰপাছত মোৰ মূৰত হাত থৈ সদায় দিয়াতকৈ অলপমান বেছিকৈ আশীৰ্বাদ দিলে।
বোধ হয়, সেই ঘটনাটোৰ পাছত আমাৰ সম্পৰ্কটো আৰু বেছি গাঢ় হৈছিল। তাৰপাছতো কেইবাবাৰো তেনেকৈ তেওঁৰ খবৰ ল’বলৈকে ঘৰ ওলাইছোগৈ, কথা পাতিছোঁ। ডায়েবেটিছ সূত্ৰে দেউতাৰ লগতো তেওঁৰ বন্ধুত্ব আছিল, কেতিয়াবা ময়ো দেউতাৰ সান্নিধ্যত শিকা কিছুমান কথা তেওঁক জনাইছিলোঁ। যিমানবাৰ লগ পাইছোঁ, কথা পাতি, নানান খবৰ আলোচনা কৰি ধন্য হৈছোঁ, তেওঁৰ আশীৰ্বাদ লাভ কৰিছোঁ। এতিয়া মন গ’লেও তেওঁক লগ পাব নোৱাৰিম, প্ৰকৃতিৰ নিয়ম। কিন্তু জীৱনৰ পাকচক্ৰত যদি কেতিয়াবা এনেকুৱা সময় আহে য’ত কাৰোবাৰ কৰাল গ্ৰাসত পৰি নিজকে হেৰুৱাই পেলোৱাৰ উপক্ৰম হ’ম- ঠিক তেতিয়াই মোৰ মূৰত লাগি থকা তেওঁৰ সেই আশীৰ্বাদখিনিৰ জোৰতেই নিজকে ঘূৰাই পাম।


Comments
Post a Comment