১৯৬৯ চনত নিৰ্মিত ড° বেজবৰুৱা চিনেমাখন চোৱাৰ সৌভাগ্য হোৱা নাছিল যদিও ২০২৩ চনৰ ড° বেজবৰুৱা ২ চিনেমাখন চোৱাৰ সুবিধা পালোঁ। চিনেমাহলৰ পৰা ওলাই অহাৰ পাছত আলোচনা কৰিব পৰাকৈ বিশেষ একো সমল নাছিল যদিও এটা দিশত আমি চিনেমাখন চাবলৈ যোৱা গোটেইকেইজন বন্ধুৱে একমত হ'লোঁ যে বিৰতিৰ আগলৈকে চিনেমাখনৰ যেনেকুৱা সম্পাদনা; যেনে দৃশ্যৰ সঘন সালসলনি, দুটা দৃশ্যৰ মাজৰ transition-বোৰো basic cut to the other scene - এনেকুৱা নহৈ মাজে মাজে অলপ বেলেগ ধৰণৰ- মুঠৰ ওপৰত খুব যেন খৰতকীয়া (অৱশ্যে কথাটো কাহিনীৰ ওপৰতো নিৰ্ভৰশীল)। প্ৰথম ভাগ শেষ হৈ বিৰতিৰ পাছত দ্বিতীয় ভাগ আৰম্ভণিৰ আগত যিখিনি বিজ্ঞাপন চলি আছিল, এজন বন্ধুৰ মতে সেই বিজ্ঞাপনখিনিয়ে যেন চিনেমাৰ প্ৰথম ভাগতকৈ বেছি সময় চলি আছিল - তেনে লাগি গৈছিল। বলিউদৰ "পাঠান" নামৰ বোলছবিখনতো প্ৰায় একে কথাই লক্ষ্য কৰিছিলোঁ। এই সময়খিনিতে অসমীয়া আন এখন চিনেমাও মুক্তি পাইছিল, চাবলৈ যোৱা বন্ধুসকলৰ বেছিভাগেই কৈছিল, চিনেমাখন এনেই দীঘলীয়া কৰিলে, আজিৰ দিনত মানুহৰ হাতত ইমান সময় ক'তনো থাকে?
গতিকে এইখিনিতে কেনেবাকৈ আমি মন্থৰ গতিৰ "দীঘলীয়া" চিনেমা চাবলৈ বেয়া পোৱা হৈছো নেকি বুলি এটা প্ৰশ্নৰ অৱকাশ নুই কৰিব নোৱাৰি। অৱশ্যে প্ৰশ্নটোত মন্থৰ গতিৰ চিনেমাহে ভাল, বাকীবোৰ বেয়া - এইয়া ধৰি লোৱা হোৱা নাই। পিছে এটা দিশৰ পৰা যদি চোৱা যায়, চিনেমা শব্দটোৰ ঠাইত যদি আমি যিকোনো বেলেগ বস্তু ভৰাইও দিওঁ, তেতিয়াও হয়তু প্ৰশ্নটোৰ আনুসংগিকতা নোহোৱা হৈ নাযায়। গান এটা আজিকালি আমি সম্পূৰ্ণকৈ শুনোনে? দীঘলীয়া সভা এখন আৰম্ভণিৰ পৰা শেষলৈকে বহিব পাৰোঁনে? WhatsApp-ত অহা ১৫ ছেকেণ্ডৰ story এটা আমি ১৫ ছেকেণ্ডত চাওঁ নে তাৰ আগেয়ে বেলেগ আৰু কোনে কি দিছে, সেয়া চাবলৈ swipe কৰি দিওঁ?
যদি আমাৰ ইমানেই সময়ৰ অভাৱেই হৈছে, তেনেহ'লে আমি আচলতে কি কামত ব্যস্ত হৈ আছোঁ? আৰু ইমানখিনি সময় আমি ৰাহি কৰিছোঁ - আজি মই যদি WhatsApp-ৰ ১৫ ছেকেণ্ডৰ story এটা তাতোকৈ কম সময়তে চাইছোঁ; ধৰি ললোঁ আমি খুব বেছি ৪ ছেকেণ্ড সময় লৈছোঁ- তেনেহ'লে বাকী প্ৰায় ১০ ছেকেণ্ড সময় আমাৰ জমা হ'ল। তেনেদৰে দিনটোত যদি আমি ৫ মিনিট সময়ো যদি ৰাহি কৰিছোঁ, সেই সময়খিনি আমি কি কামত ব্যৱহাৰ কৰিছোঁ? আৰু তেনেদৰে যদি পৃথিৱীৰ প্ৰত্যেকজন মানুহে দিনে ৫ মিনিট সময়কৈ ৰাহিয়ে কৰিছে, তাৰ ফলত কিবা এটা পৰিৱৰ্তন আমি দেখা পাইছো নে? নে সেই ৫ মিনিট সময় কেৱল Productive waste বুলি নামাকৰণ কৰিয়ে কথাটো সামৰি থ'ব লাগে?
প্ৰাণকৃষ্ণ বৰগোহাঞি
বালিগাঁও, ঢকুৱাখনা - ৭৮৭০৫৫
ফোন- ৮৭৫১৯৪১৪০২
BANK A/C details:
NAME: PRANKRISHNA BORGOHAIN
A/C No: 30637440231
IFSC: SBIN0010760
Contact: 8751941402
Comments
Post a Comment