Skip to main content

Posts

আমুণ্ডচেন

That Philosophic Pose!     জীৱনৰ কিছুমান ঘটনা কেতিয়াবা হঠাতে , চকুৰ পচাৰতে এনেদৰে ঘটি যায় যে তাৰ প্ৰতি নিজৰ প্ৰতিক্ৰিয়া দেখুৱাবলৈ সাহসে নুলুকায় । তাতে যদি নলগা জেঙত লাগি ধৰাৰ দৰে কিছুমান তেনেই অপ্ৰত্যাশিত ঘটনাৰ লগত নিজে সাঙুৰ খাই পৰিবলগীয়া হয় , নিজৰ কৰ্মৰ ওপৰতে বিতৃষ্ণা জাগি কি কৰোঁ , কি নকৰোঁ এনে লাগে , চিন্তা কৰিব পৰা শক্তি লোপ পায় , ভৰিৰ তলৰ পৰা মূৰৰ একেবাৰে ওপৰলৈকে যেন গৰম তেজৰ সোঁত এটা বান্ধ ভগা বানপানীৰ দৰে বৈ যায় ।        ঠিক এইমাত্ৰ যে মই তেনে এক পৰিস্থিতিৰ   মোকাবিলা কৰিবলগীয়া হ ’ ব , মোৰ অলপসময়ৰ বাবে হলেও মূৰত খেলোৱা নাছিল । কলেজৰ শেষৰ পৰ্যায়ৰ ছাত্ৰ হিচাপে পঢ়াৰ দায়িত্ব বাঢ়িছিল , তাতে পৰীক্ষা চমু চাপি অহাৰ বাবে বুজা নুবুজা জটিল জালবোৰ ফালিবলৈ কলেজৰ ক্লাছবোৰত বেছিকৈ সময় দিবলগীয়া হৈছিল । এনেয়ে   মোৰ নিজৰ কামবোৰ খুব নিয়াৰিকৈ , শৃংখলাবদ্ধভাৱে - পৰিপাটিকৈ কৰাৰ এটা সুঅভ্যাস সৰুৰে পৰাই আছে বলি মাই বৰমা আৰু মাহীহঁতৰ আগত কেতিয়াবা কোৱা শুনিছিলোঁ । কিন্তু মোৰ বদঅভ্যাস এইয়াই যে বাকীবোৰে কিবা কাম কৰিবলৈ দিলে মই সিমান এটা গুৰুত্বস...

Q & A

কিতাপ পঢ়াৰ ভাল অভ্যাস এটা সৰুতে মা আৰু দেউতাৰ লগতে বাহঁতেও গঢ় লৈ তোলাত সহায় কৰিছিল যদিও ভাল অভ্যাসবোৰ সাধাৰণতে ৰাখিবলৈ নিজে কষ্ট নকৰিলে হাতৰ পৰা ওলাই যোৱাটোৱেই সবাতোকৈ অধিক সম্ভাৱনাযুক্ত । সৰুতে গধূলি যিয়ে কাম নাথাকক কিয় , দুঘণ্টামানৰ কাৰণে আমাৰ ঘৰৰ সকলোৱে কিতাপ কিম্বা দিনৰ বাতৰিকাকতখন লৈ অধ্যয়নত মগ্ন হৈছিল । মা গৃহিণী যদিও পঢ়াৰ প্ৰতি ধাউতি আৰু ভিন্ন কিতাপৰ প্ৰতি থকা আসক্তি বৈচিত্ৰপূৰ্ণ । সেই সময়কণত মায়েও নিজৰ আধৰুৱা কিতাপখনৰ অধ্যায়টো পঢ়িবলৈ লয় নহলে বাতৰি কাকতখনকে লুটিয়াই বগৰাই “ কিনা হাঁহৰ ঠোটলৈকে মঙহ ” ৰ নিচিনাকৈ সৰু - সুৰা সব বাতৰি পাত পাত কৰে । পিছে পঢ়িবলৈ ওলাই অহাৰ পাছত ঘৰৰ কিতাপৰ আলমাৰীটো তথা সেই পৰিৱেশটোৰ পৰাও বিচ্ছিন্ন হ ’ বলগীয়া হ ’ ল । বাহিৰত মই লগ পোৱা বেছিভাগ কিতাপ আছিল মই ইতিমধ্যে পঢ়া , নহলে দুখনমান মোৰ টেইষ্টৰ বাহিৰত । গতিকে লাহে লাহে সেই কিতাপ পঢ়াৰ ভাল অভ্যাসটো পুলুঙা মাৰিবলৈ আৰম্ভ কৰিলে আৰু মাত্ৰ কেইদিনমান আগত

এজনী ছোৱালী আৰু এডাল হাৰ

(ৰচনাকাল :  ২০০৩ প্ৰকাশ :  আমাৰ অসম ,  ৪ আগষ্ট ,  ২০০৩ ।   জোনাকী মেল) এখন গাঁৱত দুজনী বাই ভনী আছিল । ডাঙৰজনী আৰু সৰুজনীৰ মাজত স্বভাৱ চৰিত্ৰৰ প্ৰভেদ আছিল । ডাঙৰজনী অলপ হিংসাকুৰীয়া আছিল । সৰুজনী কিন্তু বৰ অসাধাৰণ ছোৱালী আছিল । তাইৰ জীৱনটো আছিল এডাল হাৰ ( অলংকাৰ ) ৰ মাত । সিহঁতৰ মাক দেউতাক সৰুজনীৰ দহ বছৰমান বয়স হওঁতে ঢুকাইছিল । মাক - দেউতাকৰ মৃত্যুত সৰুজনীয়ে বৰকৈ কান্দিছিল । মাক দেউতাকৰ মৃত্যুৰ পাছত গাঁৱৰ মানুহে ডাঙৰজনীতকৈ সৰুজনীকহে বেছি ভাল পাইছিল । তেওঁলোকে তাইৰ খোৱা বোৱাৰ খা - খবৰ কৰিছিল । তাকে দেখি বায়েকে হিংসাতে জ্বলি পুৰি মৰিছিল । বায়েকে এদিন ভনীয়েকক সুধিলে -‘ তোৰ জীৱনটো ক ’ ত আছে ক ?’ ভনীয়েকে কবলৈ মান্তি নহ ’ ল । তেতিয়া বায়েকে তাইক চোকা ছুৰীৰে প্ৰাণে মৰাৰ ভাবুকি দিলে । ভনীয়েকে বিতত হৈ নিজৰ জীৱনটো বচাবলৈ ক ’ লে

মোৰ নৱছাত্ৰাবাস

“ মই অহাৰ লগে লগে সাউতকৈ উঠি গৈ ফুল ছাৰ্টটো পিন্ধিলি যে ? হা ? গৰম উঠা নাই নেকি ?” “ ছাৰ হ ’ ব , একো নহয় । ইমান গৰমো   উঠা নাই ” “ অ , হ ’ ব বাৰু । ইয়াত থাকি পঢ়া শুনা কৰিবলে খালি নেপাহৰিবি । ঢকুৱাখনাৰ পৰা পঢ়িবলে আহিছ , পঢ়িবি , কিবা অসুবিধা পালে মোক কবি , ৰাকেশ পৰাণক কবি ” । ৰাকেশ পৰাণ মানে হোষ্টেলৰ সেইসময়ৰ মণিটৰ ৰাকেশদা আৰু পৰাণদা । ৰাকেশদা মোৰ ৰুমমেটো আছিল । নিজৰ কোঠাৰ পৰা বাহিৰলে ওলালেই তথা ৰূমলে কোনোবা ছিনিয়ৰ আহিলে যাতে আমাক ফুলছাৰ্ট আৰু লংপেণ্ট পিন্ধা দেখা পায় , তেনেকুৱা এটা কটকটীয়া নিয়মে আমাক সকলোক বান্ধি থৈছিল । জুন মাহৰ শেষ দিন । ইমান সময়ে যেনতেন সহ্য কৰি অধীক্ষক ড০ বিমান চেতিয়া ছাৰে কথাখিনি কৈ মোৰ ৰুমৰ দুৱাৰখন পাৰ হোৱাৰ লগে লগেই ছাৰ্টটো খুলি পেলাই ফেনৰ তলত বহি পৰিলোঁ ।

ৱাল্টাৰ লুইন

পাঠ্যক্ৰমৰ কেইটামান বিষয়বস্তু ইণ্টাৰনেটত সন্ধান কৰিবলৈ বহি মাছাছুছেটছ ইনষ্টিটিউটছ অৱ টেকনলজীৰ (MIT) অনলাইন মুক্ত শিক্ষাৰ (MIT OpenCourseWare) ব্যৱস্থাপ্ৰণালীৰ সোৱাদ পালোঁ। কেৱল এম আই টিয়েই নহয় , আন কেইবাখনো এনেধৰণৰ শিক্ষানুষ্ঠানৰ এই ব্যৱস্থাৰ জৰিয়তে বিভিন্ন বিষয়ৰ শিক্ষা পৃথিৱীৰ যিকোনো ঠাইৰ পৰা(ইণ্টাৰনেটৰ সংযোগ থকা) বিনামূলীয়াকৈ লাভ কৰিব পৰা যায়। ইয়াৰ শিক্ষণ প্ৰণালীসমূহৰ ভিতৰত শ্ৰেণীকোঠাৰ ভিডিঅ , নিৰ্দিষ্ট বিষয়সমূহৰ ওপৰত টোকা , প্ৰশ্ন-উত্তৰ ইত্যাদিৰ পিডিএফ সংস্কৰণ বিনামূল্যে উপলব্ধ। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুৰাগীসকলৰ বাবে এই ব্যৱস্থা যথেষ্ট সহায়ক হিচাপে বিবেচিত হৈছে। শেহতীয়াকৈ ভাৰতৰ কেইবাখনো শিক্ষানুষ্ঠান( আই আই টি , আই আই এচ চি) লগ হৈ এনপিটেল (NPTEL) শীৰ্ষক এলানি মুক্তশিক্ষাৰ পাঠ্যক্ৰম ইণ্টাৰনেটযোগে আৰম্ভ কৰিছে।

খোজ

অৱশেষত ছয়িদুল পালেহি। আমি কেইটাই সি অহালৈ বাট চাওঁতে চাওঁতে ডিঙিৰ হাড় বেঁকা কৰি দিলোঁ , সি আকৌ আহোতে এনেদৰে খোজ দিছে যেন এইমাত্ৰ ঘৰৰ পৰা নকইনাক উলিয়াই দিছে আৰু কান্দি কান্দি কইনাই যাওঁ নাযাওঁকৈহে খোজ দিছে। সি আহি আমি বহি থকা ডাষ্টবিনটোৰ ওচৰ পায়হি মানে আমি তিনিটাই অৰ্থাৎ মই , হলৌ আৰু ইস্মাইলে উঠি নিজৰ নিজৰ ঝাড়ু কেইডাল হাতত তুলি ল ' লো। ছয়িদুলেও সেই খোজতে আহি আমাৰ ওচৰ পাই নিজৰ ঝাড়ুডাল হাতত তুলি ল ' লে। আমি চাৰিওটাই বৰনগৰৰ ৱাৰ্ড নং দুইৰ এন ডি গলিৰ সকলো ডাষ্টবিন তথা নৰ্দমা পৰিষ্কাৰ কৰা একো একোটা দিন হাজিৰা কৰা শ্ৰমিক। আমাৰ এতিয়াও চৈধ্য বছৰ হোৱা নাই কাৰণে আমাৰ নামৰ আগত শিশু শ্ৰমিক বুলি উপনাম এটা লাগে। কিন্তু মই তাক কেতিয়াও মানি ল ' ব নিবিছাৰোঁ। বিশেষকৈ হলৌৰ ক্ষেত্ৰত সেই কথা কোনোমতেই খাপ খাব নোৱাৰে। সি আমাৰ গোটেই কেইটাতকৈ যথেষ্ট ওখ আৰু তাৰ পেশীবোৰ আটিল। গতিকে আমি এতিয়া শিশু হৈ থকা নাই আৰু। তাতে "শিশু শ্ৰমিক" ? অসম্ভৱ।

মাতৃভাষা আৰু আমাৰ দায়িত্ব

Photo Source:  www.bragitoff.com অসমীয়া ভাষাৰ ব্যৱহাৰ আৰু বিদ্যালয়ত অসমীয়া ভাষা শিক্ষণ মাধ্যম হোৱাৰ ক্ষেত্ৰত ইতিমধ্যে যথেষ্ট বাদানুবাদ আৰম্ভ হৈছে আৰু এই সন্দৰ্ভত সকলোৱে একমত হ ' ব পৰাকৈ যিকোনো এটা সিদ্ধান্ত এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই(হয়তু নহব) । অসমীয়া ভাষাৰ প্ৰচাৰ , ব্যৱহাৰ , অসমৰ শিক্ষাৰ মাধ্যম হিচাপে কেৱল অসমীয়া ভাষাৰ ব্যৱহাৰ কৰা আদিবোৰ সততে সংবাদ মাধ্যমৰ শীৰ্ষস্থান অধিকাৰ কৰা দেখিবলৈ পোৱা গৈছে।   প্ৰত্যেক বছৰে মেট্ৰিকৰ ফলাফল ঘোষণা কৰাৰ পাছত বাতৰিকাগজৰ শিৰোনামবোৰেও (উদাহৰণস্বৰূপে ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ জয়যাত্ৰা) এইক্ষেত্ৰত এক ভূমিকা বহন কৰা দেখা যায়। পোনপ্ৰথমে আমি ইংৰাজী ভাষাৰ আগ্ৰাসনৰ কথাকে যদি চাবলৈ যাওঁ , ইয়াৰ মূলতে হ ' ল ইংৰাজসকলৰ সমগ্ৰ বিশ্বত উপনিৱেশ স্থাপনৰ যি প্ৰক্ৰিয়া , তাৰ ফলত প্ৰায় সৰু বৰ সকলো দেশতে এই ভাষাৰ প্ৰচলন আৰু ফলাফলস্বৰূপে বিশ্বৰ প্ৰধান ভাষা হিচাপে এতিয়া ইংৰাজী ভাষাৰ সিংহাসন লাভ। প্ৰায়সংখ্যক দেশৰে প্ৰধান ভাষা( official language) হিচাপে ইংৰাজী ভাষা ব্যৱহাৰ হৈ আহিছে আৰু শেহতীয়া তথ্যমতে সমগ্ৰ বিশ্বৰ দুই মিলিয়ন লোকে তথ্যৰ আদান প্ৰদ...

আকাশবাণী

     সৰুতে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি ভাত খোৱাৰ পৰলৈকে যদি কিবা এটা বস্তু একেৰাহে আমাৰ লগত লাগিয়ে থাকে বুলি কবলৈ যাওঁ , নিশ্চয়কৈ তাৰ ভিতৰত ৰেডিঅ ' ৰ নামটোও সংলগ্ন কৰিব লাগিব। আজিকালিৰ ছাত্ৰ-ছাত্ৰীসকলৰ কথা নাজানো , কিন্তু মই হোষ্টেল অহাৰ আগলৈকে নিয়মীয়াকৈ ৰেডিঅ ' ৰ অনুষ্ঠান উপভোগ কৰিছিলোঁ। প্ৰকৃততে ৰেডিঅ ' শুনাটো একপ্ৰকাৰৰ বাকীবোৰ দৈনন্দিন কামৰ দৰেই আছিল। আমাৰ অঞ্চলত গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ অনুষ্ঠানসমূহ সম্প্ৰচাৰিত হোৱাত অসুবিধা হৈছিল(দূৰত্বৰ বাবে) আৰু আমাৰ ৰাতিপুৱাবোৰ আৰম্ভ হৈছিল ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ পৰা সম্প্ৰচাৰিত ৰাতিপুৱাৰ অনুষ্ঠানসমূহৰ জৰিয়তে। এক বিশেষ সুৰ ধ্বনিৰ জৰিয়তে কেন্দ্ৰৰ প্ৰত্যেকখন অধিৱেশন আৰম্ভ হৈছিল।

দিপাংকৰলৈ

দশম শ্ৰেণীৰ বিদায় সভাৰ পাছত আমাক পল্লৱী নেওগ আচাৰ্যাই বিজ্ঞানৰ আধৰুৱা পাঠ এটাৰ কিছু অংশ পঢ়ুৱাবৰ বাবে   বন্ধৰ দিন এটাত নিকেতনলৈ মাতিলে । আমাৰ মনত এটাই ধ্যান ধাৰণা - স্কুললৈ গৈ মুঠতে সময়খিনি কটাব লাগে , উৎপাত কৰিব লাগে । তাতে বিদায় সভাৰ স্মৃতিবোৰ ভালদৰে ৰাখিবলৈ এটা ডিজিটেল কেমেৰা ভাড়ালৈও অনা হৈছিল । গতিকে সেইটোৰ উপযুক্ত ব্যৱহাৰ কৰাৰ আন এক সুবিধা । আচাৰ্যাই নিৰ্ধাৰণ কৰি দিয়া সময়তকৈ যথেষ্ট আগেয়ে আমি স্কুললৈ গৈ আমাৰ ফটো তোলা , ভিডিঅ ’ ৰেকৰ্ডিং কৰা কামবোৰ কৰিবলৈ আৰম্ভ কৰিলোঁ । বন্ধৰ দিন , স্কুলত কেৱল আমি । সকলোৰে মুক্তমনে , হুলস্থুল কৰি ফটো তুলিবলৈ , ভিডিঅ ’ ত উঠিবলৈ হেতা - উপৰা । কিন্তু তাৰ মাজতো এটা ল ’ ৰা সম্পূৰ্ণ নিজৰ নিয়ন্ত্ৰণত থাকি আমাৰ নিচিনা উৎপতীয়াকেইটাৰ লগত একেলগে সেই পৰিবেশটোতে বৰ্তি আছে । উৎপাত সিও নকৰা নহয় , কিন্তু তাৰ খোজ - কাটলত , কথাত তথা আমাৰ লগত থাকোতেও যেন কিবা সহজ - সৰল ভাৱ এটাই অনবৰতে তাৰ লগ নেৰে । সৰল মুখৰ সেই ল ’ ৰাটোয়ে আছিল দিপাংকৰ -- চাপৰ...

হোষ্টেল পিকনিক ২০১৫

   অৱশেষত পিকনিকৰ তাৰিখটো ঠিক কৰা হ ’ ল ।         ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৫২ তম যুৱ মহোৎসৱ শেষ হৈছিল ৩০ জানুৱাৰী তাৰিখে আৰু তাৰ এদিন পাছতেই আমাৰ পিকনিকৰ তাৰিখ ঠিক কৰা হ ’ ল , একমাত্ৰ পিকনিক স্পট ঠিক কৰিবলৈ সকলোৰে ব হুত সময় লাগিল । তাৰ আগেয়ে পিকনিক সম্বন্ধীয় কথা , বাজেট আদিবোৰকে আৰম্ভ কৰি কথাবোৰ আলোচনা কৰিবলৈ যিখন মিটিং দিয়া হৈছিল , তাত তিনিখন ঠাই প্ৰাধান্য পাইছিল , হাৱাই কেম্প , দুলুংমুখ আৰু কিমিন । কিমিন পোনছাটেই নাকচ হৈছিল , মাত্ৰ হাৱাই কেম্প আৰু দুলুংমুখৰ মাজত আমাৰ মনবোৰ পেণ্ডুলামৰ দৰে দুলি আছিল । মিটিঙত একো সিদ্ধান্ত লোৱা নহল যদিও সকলোৰে যে হাৱাই কাম্প যোৱাৰ এটা প্ৰৱল ইচ্ছা আছে , সেয়া প্ৰকট হৈ উঠিছিল । কিন্তু তাৰ পাছতে হুৰামূৰাকৈ যুৱ মহোৎসৱ পালেহি আৰু যিহেতু ছাত্ৰ ছাত্ৰীৰ সহযোগ অবিহনে কলেজে অনুষ্ঠিত কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ ’ ব , তাতে হোষ্টেলকেইটাৰ সমূহ আবাসীয়ে লাগি মেলি সহায় কৰি নিদিলে কথাটো সম্পূৰ্ণ সহ্য সীমাৰ বাহ...