New Boys' Hostel
(১)
লাডেনদাৰ ফটো ফেচবুকত দেখি
সকলো আবাসী হাঁহিত পৰিল ফাটি
তাৰ বুকুৰ জংগল
তাৰ বুকুৰ জংগল
নোচো্ৱাই মংগল
দেচোন কেচীখন দিও আমি কাটি।
(২)
হোষ্টেললৈ নতুনকৈ আহিল টাটা স্কাই
সকলোৰে ফূৰ্ত্তি এতিয়া কোনে পায়
এক্সটেনচন বৰ্ড বিচাৰি
খাও আমি হাবাথুৰি
এতিয়াহে টিভি চাওতা কোনো নাই।
(৩)
পেপাৰ ষ্টেণ্ডৰ স্প্ৰিংডাল নিলে চুৰ কৰি
লাইব্ৰেৰীয়ান হয় গৰম, লয় পানী ঢালি
আহমেদ ছাৰ আহে
খঙত জ্বলি উঠে
" অ'ই তোমালোকে গাহৰিৰ দৰে থাকিবা নেকি?"
(৪)
বন্ধৰ ৰাতিপুৱা সদায় হয় ফুটবল
ফিল্ডৰ পৰা আহি
ভাতৰ কাহী
পেটত হজম হ'ল কেবাটাও গল।
(৫)
Mess Secy-ৰ মাথা গৰম, হিচাপ মিলা নাই
Store room in charge-য়ে নিগনি খেদি যায়
Social Service Secy-য়ে
ৰাতিপুৱা শুই নুঠে
Manager-ৰে ভাল, ডাবল বাটি খাবলৈ পায়।