আমাৰ ঠাইখন তেনেই সৰু। ভৌগোলিকভাৱে হওক বা জনসংখ্যা - দুয়োফালৰ পৰা চাবলৈ গ’লে আমাতকৈ সৰু জেগাও ওলাব, কিন্তু মহকুমা হিচাপে আৰু যোগাযোগ ব্যৱস্থাৰ পৰা চাবলৈ গ’লে বেলেগৰ আগত নিজৰ ঠাইখনৰ কথা ক’বলৈ যাওঁতে আগতে প্ৰায়ে ‘আমাৰ তালৈ যোৱা ৰাস্তাটো কিন্তু বেয়া দেই আৰু বেছি দোকান-চোকান নাই’ এনেকৈ কৈ লৈছিলোঁ। ক’বলৈ মন নগৈছিল, কিন্তু আগতীয়াকৈ তেনেকৈ কৈ আচলতে নিজকে সান্ত্বনা দিছিলোঁ। তেতিয়ালৈকে হোৱা বন্ধু-বান্ধৱীবোৰো সৰহসংখ্যক আমাৰ দৰে সৰু ঠাইৰ পৰা অহা আছিলে, গতিকে কথাবোৰ নুবুজিছিলে যেন লগা নাছিল। অলপমান বন্ধুত্বৰ ভৌগোলিক সীমা বাঢ়ি যোৱালৈকে পিছে আমাৰ তালৈ ভাল ৰাস্তা আৰু ব্ৰহ্মপুত্ৰৰ পানীক ভেঁটা দিব পৰাকৈ ডাঙৰ মথাউৰি এটা - এই দুয়োটাই হৈছিল। দোকান-পোহাৰৰ সংখ্যা আৰু আকাৰ দুয়োটা বাঢ়িছিল। সৰু ঠাইখনত গাড়ী-মটৰৰ বৰ্ধিত সংখ্যাই নগৰ নগৰ যেন লগা ভাৱটো সম্পূৰ্ণ কৰি তুলিছিল।
এই সমস্যাবোৰ যে আছিল, তাৰ লগতে কিন্তু গৌৰৱ কৰিব পৰাকৈও আমাৰ হাতত কেইবাটাও কথা আছিল। যেনে ফাটবিহু বুলি ক’লে এতিয়া প্ৰায় মানুহে অলপ হ’লেও গম পায়, বগীবিলৰ দলং হোৱাৰ পাছত বাসুদেৱ থানত বহুত ভীৰ হয়, আৰু ‘তোমালোকৰ তাতে বৰগোহাঞিৰ ঘৰ আছে নহয় জানো?’ ইত্যাদি ইত্যাদি। দেধাৰ মানুহে আমাৰ ঠাইখন ভাল ঠাই, শৰৎচন্দ্ৰ গোস্বামীয়ে কৈ থৈ যোৱা অনুসৰি, ‘ভদ্ৰলোকৰ বাসস্থান’ হোৱাত অৰিহণা যোগাই থৈ গৈছে। পৃথিৱীৰ সকলো ঠাইকে ‘ভাল ঠাই এখন’ হিচাপে গঢ় দিবলৈ সৃষ্টিকৰ্তাই এনেকুৱা মানুহবোৰক সমভাৱে বিতৰণ কৰে যেন মোৰ বোধ হয়। আমাৰ ঠাইখনত সেইভাগেও অলপ মানুহ আছিলে, আৰু বহুতক ঠাইখনে নিজেও গঢ় দিলে। বহুতক ঠাইখনে গঢ় দিলে মানে কি? ঠাইখনে একো দিব নোৱাৰে, লগাৰ সময়ত ভাল কিতাপ পোৱাকৈ এখন ভাল দোকান নাথাকে, দ্য আসাম ট্ৰিবিউনখন পায়হি আবেলি, কেতিয়াবাটো পাছদিনা ৰাতিপুৱা - কিন্তু এই সকলোবোৰ কথা কোমলমতীয়া ল’ৰা-ছোৱালীবোৰৰ মনত একো একোটা সৰু প্ৰত্যাহ্বানৰ ৰূপত খোদিত হৈ থাকে। নিজৰ জিলাখনলৈ যাবলৈকো যেতিয়া তথৈবচ যোগাযোগ ব্যৱস্থাৰ বাবে বাছত হালি-জালি তিনিঘণ্টীয়া যাত্ৰা একোটা কৰিবলগীয়া হয়, তেতিয়াই বহুতে পণ লয়, এনেকুৱা কলিয়াপানীসদৃশ ঠাই এখনৰ পৰা যেতিয়া ভাল ফলাফল লৈ ওলাই যাম, নিজৰ ঠাইখনৰ বাবে ভাল কিবা কৰিম, নাম উজ্বলাম। বাহিৰৰ মানুহে যাতে ক’ৰ পৰা আহিছা বুলি সোধোতে নামটো ক’লে অন্ততঃ চিনি পায় - ঠিক তেনেকুৱাকৈ কিবা এটা কৰিম। হৈছেও, তেনেকুৱা উদাহৰণ বহুত আছে। নিজৰ জন্মভূমিক অন্তঃকৰণে ভালপোৱাৰ এনেকুৱা উদাহৰণো দেধাৰ আছে।
কিন্তু এনেকৈ সকলো ল’ৰা-ছোৱালীয়ে ভাবেনে? ভাবিছিল নে? অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ মাত্ৰ এখন বিদ্যালয়ৰ দশম শ্ৰেণী পাছ কৰা ল’ৰা-ছোৱালীবোৰৰ কথা চালে পৰিসংখ্যাটোৰ আভাস এটা পাব পাৰি। ধৰি ল’লোঁ বিশটা ল’ৰা-ছোৱালীৰ বিশটাই পাছ কৰিলে ( ধৰি ল’লোঁ যে ঠাইখন অনুন্নত যদিও শিক্ষাৰ মোল বুজে, গতিকে সকলোৱে শিক্ষাৰ কথাটো গুৰুত্বসহকাৰে লয়)। তাৰে ছাত্ৰ ‘ক’ৰ (ধৰি ল’লোঁ তেওঁৰ নাম ‘ক’) ফলাফল বাকী সকলতকৈ কিছু ভাল, গতিকে তেওঁ উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ যাবলৈ মন কৰিলে। ‘ক’ৰ লগতে ‘খ’ৰ ফলাফলো তুলনামূলকভাৱে ভাল, কিন্তু বাহিৰলৈ গৈ শিক্ষা গ্ৰহণ কৰিব পৰাকৈ আৰ্থিক অৱস্থা সন্তোষজনক নহয়। গতিকে তেওঁ নিজৰ ঠাইতে থকা মহাবিদ্যালয়খনতে শিক্ষা গ্ৰহণ কৰিবলৈ ল’লে। বাহিৰলৈ যাবলৈ নোপোৱাটো তেওঁৰ বাবে অভিশাপ স্বৰূপ হৈছে নেকি এই কথাটো মনলৈ আহিলে জোৰ কৰি আঁতৰাই পঠিয়াই তেওঁ নিজৰ কামখিনি কৰি গৈ থাকিল।। এটা সময় আহিল, তেওঁলোকে নিজৰ যোগ্যতা প্ৰতিপন্ন কৰাত সক্ষম হ’ল আৰু ঠাইৰে হায়াৰ চেকেণ্ডাৰী স্কুলখনত/হাইস্কুলখনত যোগ দিলে। তেওঁৰ প্ৰতি বিদ্যালয়ৰ ছাত্ৰসকলৰ মন্তব্য অতি উৎসাহজনক, ‘খ ছাৰে ইমান ধেমালি ধেমালিকৈ পঢ়ুৱাই গোটেই কথাখিনি বুজাই দিয়ে, আজিকালি তমুক বিষয়টো মোৰ অকণো টান নালাগে’। আৰু তাত তেওঁলোকৰ অভিভাৱকে যোগ দিয়ে, ‘খ বহুত চোকা আছিলে, ঘৰৰ অৱস্থা ভাল হোৱা হ’লে আৰু ওপৰলৈ গ’লহেতেন - পিছে বেয়াও হোৱা নাই, এতিয়া তহঁতৰ ভাল হৈছে ভাল মাষ্টৰ এটা পাইছ-- তাৰো চাকৰিটোৰ বাবে ঘৰখনৰ বাবে ভাল হৈছে’ ইত্যাদি ইত্যাদি।
যিটো শ্ৰেণীৰ কথা আলোচনা কৰি আছিলোঁ, সেই শ্ৰেণীটোৰে আকৌ আন এজন ছাত্ৰ ‘গ’ই বুজি পালে কিতাপৰ দুনীয়াখনত লাগি থাকিলে তেওঁলোকৰ ভাল নালাগে, কিন্তু তেওঁ মন কৰিলে সেই অঞ্চলটোৰ বহুত মানুহে কিছুমান সা-সামগ্ৰী কিনিবলৈ জিলাখনলৈ যাব লাগে বা কাৰোবাৰ হতুৱাই বেলেগ ঠাইৰ পৰা অনোৱাব লাগে যিটো অত্যন্ত খৰচী কাম। বস্তুৰ দাম, চাবলৈ যাওঁতেও খৰচ, কঢ়িয়াই অনাৰ খৰচ কত কি! গতিকে তেওঁ আন দুজনমানৰ লগ হৈ সেই ব্যৱসায় আৰম্ভ কৰি গোটেই ঠাইখনৰ এটা অভাৱ পূৰণ কৰিলে। সিংহভাগ মানুহৰ বাবে স্বস্তিৰ নিশ্বাস - এতিয়া অন্ততঃ দূৰলৈ নদৌৰিলেও হৈ যাব। বাহিৰলৈ পঢ়িবলৈ ওলাই যোৱাৰ পাছত ‘ক’ই উভতি চাবলগীয়া নহ’ল, ফলাফল ভাল হৈ হৈ তেওঁ বাহিৰতে সংস্থাপন ল’লে। বাহিৰলৈ গৈও কিন্তু তেওঁ নিজৰ ঠাইখনৰ কথা নাপাহৰিলে। তেওঁ যেতিয়াই পাৰে তেতিয়াই নিজৰ ঠাইখনৰ কথা, নিজৰ বিদ্যালয়ৰ কথা, নিজৰ ঠাইৰ মানুহখিনিৰ কথা সুঁৱৰে, লিখা - মেলা কৰে। বহুত মানুহে এতিয়া তেওঁৰ বাবেই ঠাইখন চিনি পায়। ঘৰলৈ আহিলে তেওঁ পুৰণা বন্ধুসকলক লগ কৰে, কথা-বতৰাৰ মাজে মাজে নিজৰ জন্মভূমিখনত আৰু কি কি উন্নতি কৰিব পাৰি, সেই সম্পৰ্কে ক’বলৈ গৈ বাহিৰত কি চলি আছে তাৰ আভাস দিয়ে। আমাৰ নিজৰ ঠাইখনত থকা ‘খ’ আৰু ‘গ’ই সেইবোৰ শুনি, বিভিন্ন কাকত-আলোচনী পঢ়ি সেইবোৰৰ কিছু কিছু প্ৰয়োগ কৰিবলৈ যত্ন কৰে। কিয়? কাৰণ তেওঁলোকে বিচাৰে যাতে পাছৰ চামে তেওঁলোকে নোপোৱা সা-সুবিধাসমূহ পায়। যাতে আমাতকৈ বাহিৰৰ ছাত্ৰসকলে বেছি সুবিধা পাইছে, আমি ইমান পিছপৰা- এই ভাৱটো তেওঁলোকৰ পাছৰ চামৰ নাহে, সেইবাবে।
ঠিক আছে। এইখিনিলৈকে আমি বুজি পাইছোঁ দুই এটা সৰু-সুৰা কথাৰ বাদে আমাৰ কাহিনীটোত ইমান একো অসুবিধা নাই। সময় যোৱাৰ লগে লগে ঠাইখনৰো আগতকৈ উন্নতি হ’ল, যিটো শ্ৰেণীৰ কথা পাতি আছিলোঁ, সেই বিদ্যালয়খনে সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে। বিদ্যালয়খনৰ লগতে ঠাইখনৰ সন্মানৰ কথা জড়িত হৈ পৰিল। গোটেই অঞ্চলটোৰ ৰাইজে লাগি ভাগি অনু্ষ্ঠানভাগিৰ আয়োজন কৰিলে। ‘খ’ আৰু ‘গ’ - তেওঁলোক নিজৰ প্ৰাণৰ আপোন বিদ্যালয়খনৰ বাবে নিজৰ সমগ্ৰ সময় উচৰ্গা কৰিলে। দান -বৰঙণি তোলাৰ পৰা আৰম্ভ কৰি চিঠি পত্ৰ ছপোৱা, ৰভাৰ আয়োজন কৰিবলৈ দায়িত্ব দিয়া, কমিটি গঠন ইত্যাদি ইমানবিলাক কাম তেওঁলোকে নিয়াৰিকৈ সম্পন্ন কৰিলে।’ক’- ব্যস্ততাৰ বাবে তেওঁ দূৰে দূৰে থাকিবলগীয়া হ’ল, কিন্তু মনটো তেওঁৰ বাৰে বাৰে নিজৰ বিদ্যালয়খনলৈ আহি থাকিল। গতিকে তেওঁ জনালে যে মূলসভাৰ দিনা তেওঁ নিশ্চয়কৈ থাকিবই আৰু লগতে ইমানখিনি টকা তেওঁ অনুষ্ঠানটোৰ নামত দিব। ‘গ’ই লগে লগে প্ৰেছলৈ খবৰ দিলে মূল সভাৰ বিশিষ্ট অতিথি হিচাপে ‘ক’ ৰ নাম নিমন্ত্ৰণী পত্ৰত ছপা হ’বলৈ শুধৰণি এটা কৰা হৈছে।
সময় আহিল, ওলহ-মালহকৈ অনুষ্ঠানৰ আৰম্ভণি হ’ল। বিদ্যালয়খনৰ লগত জড়িত সকলো মানুহ যেনি য’ত আছিল, সকলো আহিল। প্ৰাক্তন শিক্ষক, ছাত্ৰ অতিথি, শিক্ষাবিদ, মন্ত্ৰী সকলোকে মতা হ’ল। মূল-সভাৰ বিশিষ্ট অতিথিৰ আসনত অইনবোৰৰ লগতে ‘ক’ও বহিল। সভাৰ আৰম্ভণি সমবেত সংগীতেৰে কৰা হ’ল, তাত ‘খ’ই আঁত ধৰিলে। তাৰপাছত সভাৰ উদ্বোধনী ভাষণ, আমন্ত্ৰিত অতিথিৰ ভাষণ ইত্যাদি ইত্যাদিৰ পাছত সভাৰ সভাপতিয়ে ঘোষণা কৰিলে, “ইয়াৰ পাছতে বিশিষ্ট অতিথিৰ ভাষণ আগবঢ়াব এই বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ, বৰ্তমান অমুকত কাৰ্যনিৰ্বাহ কৰি থকা, আমাৰ অঞ্চলৰ সুযোগ্য সন্তান ‘ক’ই….”
এই বাক্যশাৰী বিদ্যালয়খনৰ বৰ্তমানৰ ছাত্ৰসকলে মন দি যদি শুনে আৰু মনে প্ৰাণে বিশ্বাস কৰে, তেনেহ’লে অঞ্চলটোৰ পৰা ‘ক’ৰ নিচিনা আন এদল সুযোগ্য সন্তান ওলোৱাৰ বীজ সেই সভাপতিগৰাকীয়ে ইতিমধ্যে ৰোপন কৰিলে। এওঁলোকৰ বাবেই ঠাইখন বিখ্যাত হ’ব, বাহিৰৰ মানুহে ঠাইখনক চিনিও পাব। অৱশ্যে বাস্তৱিক ছবিখন চালে দেখা পাম, পাছৰ প্ৰজন্মৰ সকলো ছাত্ৰ হয়তু তেনেদৰে ‘সুযোগ্য সন্তান’ হ’ম বুলিয়েই বাহিৰলৈ গুচি নাযাবও পাৰে। ‘খ’ আৰু ‘গ’ ৰ নিচিনাকৈ এওঁলোকক আমি ‘খ প্ৰাইম’ আৰু ‘গ প্ৰাইম’ হিচাপে নামাকৰণ কৰিম। তেওঁলোকে নিজৰ ঠাইখনতে থাকিব, নিজৰ কামবোৰ কৰি থাকিব। কিন্তু ৰাজহুৱা অনুষ্ঠান এটা অনুষ্ঠিত কৰিবলৈ হয়তু আমি মাতি আনিব লাগিব কিছুমান ভাৰাতীয়া মানুহক। কাৰণ এনেকুৱা কিবা অনুষ্ঠানৰ দায়িত্ব ওলালে ‘খ প্ৰাইম’ বা ‘গ প্ৰাইম’-এ প্ৰশ্ন কৰিব, “কিয়? আমি ইয়াত আছোঁ বুলি আমাক কামবোৰ কৰিবলৈ দিছে নে কি? আমিও পইছা দিম। আমাৰোতো অফিছ থাকে…..”
Comments
Post a Comment